
প্ৰধানমন্ত্ৰীয়ে বাৰাণসীত বিভিন্ন প্ৰকল্পৰ উদ্বোধনী আৰু আধাৰশিলা স্থাপন অনুষ্ঠানত দিয়া ভাষণৰ অসমীয়া অনুবাদ
April 11th, 11:00 am
মঞ্চত বিৰাজমান উত্তৰ প্ৰদেশৰ ৰাজ্যপাল আনন্দীবেন পেটেল, মুখ্যমন্ত্ৰী শ্ৰী যোগী আদিত্যনাথ, উপ মুখ্যমন্ত্ৰী কেশৱ প্ৰসাদ মৌৰ্য, ব্ৰজেশ পাঠক, উপস্থিত মন্ত্ৰীসকল, অন্যান্য জনপ্ৰতিনিধিসকল, বানাস দুগ্ধ বিভাগৰ অধ্যক্ষ শংকৰ ভাই চৌধুৰী আৰু ইমান বৃহৎ সংখ্যাত আশীৰ্বাদ দিবলৈ অহা মোৰ সকলো পৰিয়ালৰ সদস্য,
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ প্ৰদেশৰ বাৰাণসীত ৩,৮৮০ কোটি টকা ব্যয়সাপেক্ষ উন্নয়নমূলক কামৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন কৰে
April 11th, 10:49 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰ প্ৰদেশৰ বাৰাণসীত ৩,৮৮০ কোটি টকাতকৈও অধিক মূল্যৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন কৰে। সমাৱেশত ভাষণ দি কাশীৰ সৈতে তেওঁৰ গভীৰ সম্পৰ্কৰ ওপৰত আলোকপাত কৰি এই আশীৰ্বাদৰ বাবে তেওঁৰ পৰিয়াল আৰু অঞ্চলটোৰ জনসাধাৰণৰ প্ৰতি আন্তৰিক কৃতজ্ঞতা প্ৰকাশ কৰাৰ লগতে তেওঁক আগবঢ়োৱা মৰম আৰু সমৰ্থন স্বীকাৰ কৰে। এই প্ৰেমৰ প্ৰতি তেওঁ ঋণী বুলি উল্লেখ কৰি কয় যে কাশী তেওঁৰ আৰু তেওঁ কাশীৰ। কাইলৈ হনুমান জন্মোৎসৱৰ শুভ উপলক্ষ বুলি উল্লেখ কৰি শ্ৰী মোদীয়ে কাশীৰ সংকট মোচন মহাৰাজক সাক্ষাৎ কৰাৰ সুযোগ পোৱাতো তেওঁৰ সৌভাগ্য বুলি প্ৰকাশ কৰে। তেওঁ হনুমান জন্মোৎসৱৰ পূৰ্বে কেনেদৰে কাশীৰ জনসাধাৰণে উন্নয়নৰ উৎসৱ উদযাপন কৰিবলৈ একত্ৰিত হৈছে সেই বিষয়েও আলোকপাত কৰে।
বাবলিয়ালী ধামৰ এক কাৰ্য্যসূচীত প্ৰধানমন্ত্ৰীৰ বক্তব্যৰ পূৰ্ণ পাঠ
March 20th, 04:35 pm
প্ৰথমে ভৰৱদ সমাজৰ পৰম্পৰাৰ প্ৰতি আৰু সমগ্ৰ পৰম্পৰাৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰা সকলো শ্ৰদ্ধাৰ সন্ত, মহন্ত আৰু সকলো সমাজলৈ শ্ৰদ্ধা নিবেদন কৰিছোঁ। আজি আনন্দ বহুগুণ বৃদ্ধি পাইছে। এইবাৰ যি মহাকুম্ভ অনুষ্ঠিত হৈছিল, সেয়া ঐতিহাসিক আছিল যদিও সেয়া আমাৰ বাবে গৌৰৱৰ বিষয়ো। কাৰণ মহাকুম্ভৰ শুভ উপলক্ষত মহন্ত শ্ৰী ৰাম বাপু জীয়ে মহা মণ্ডলেশ্বৰ উপাধি লাভ কৰিছিল। এয়া যথেষ্ট বৃহৎ অনুষ্ঠান আৰু আমাৰ সকলোৰে বাবে অসীম আনন্দৰ অনুষ্ঠান। মই ৰাম বাপুজীৰ লগতে সমাজৰ সমূহ পৰিয়ালৰ সকলো সদস্যলৈ মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ।বাৱলিয়ালী ধাম কাৰ্যসূচীত ভাষণ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
March 20th, 04:30 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ ভৰৱাদ সম্প্ৰদায়ৰ সৈতে জড়িত বাৱলিয়ালি ধামৰ অনুষ্ঠানত ভিডিঅ’ বাৰ্তাৰ জৰিয়তে ভাষণ আগবঢ়ায়। সভাত আগবঢ়োৱা ভাষণত শ্ৰী মোদীয়ে সমাজৰ আগশাৰীৰ ব্যক্তি মহন্ত শ্ৰী ৰাম বাপুজী আৰু উপস্থিত সহস্ৰাধিক ভক্তক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে। ভৰৱাদ জনগোষ্ঠীৰ পৰম্পৰা আৰু এই পৰম্পৰা ৰক্ষাৰ বাবে নিজৰ জীৱন উচৰ্গা কৰা পূজনীয় সাধু-মহন্তসকলক সশ্ৰদ্ধ প্ৰণাম জনাই তেওঁ ভাষণ আৰম্ভ কৰে। ঐতিহাসিক মহাকুম্ভৰ লগত জড়িত অপৰিসীম আনন্দ আৰু গৌৰৱৰ কথা উল্লেখ কৰি শ্ৰী মোদীয়ে এই পবিত্ৰ অনুষ্ঠানত মহন্ত শ্ৰী ৰাম বাপু জীক মহামণ্ডলেশ্বৰ উপাধি প্ৰদান কৰাৰ উল্লেখযোগ্য অনুষ্ঠানত নিজৰ চিন্তা ব্যক্ত কৰি সকলোৰে বাবে এক বৃহৎ সাফল্য আৰু অপৰিসীম আনন্দৰ উৎস বুলি অভিহিত কৰে। তেওঁ মহন্ত শ্ৰী ৰাম বাপু জী আৰু সমাজৰ পৰিয়ালবৰ্গলৈ তেওঁলোকৰ অৱদান আৰু কৃতিত্বক লৈ সুখ প্ৰকাশ কৰি শুভেচ্ছা জ্ঞাপন কৰে।