ৰোজগাৰ মেলাৰ অধীনত ৫১,০০০ৰো অধিক নিযুক্তি পত্ৰ বিতৰণ কৰি প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

ৰোজগাৰ মেলাৰ অধীনত ৫১,০০০ৰো অধিক নিযুক্তি পত্ৰ বিতৰণ কৰি প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

April 26th, 11:23 am

আজি কেন্দ্ৰীয় চৰকাৰৰ ভিন্ন বিভাগত ৫১ হাজাৰৰো অধিক যুৱক-যুৱতীক স্থায়ী চৰকাৰী পদৰ নিযুক্তি পত্ৰ প্ৰদান কৰা হৈছে। ইয়াৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰৰ বিভাগসমূহত আপোনালোকৰ দৰে যুৱ প্ৰজন্মৰ বাবে দায়িত্বৰ এক নতুন অধ্যায় আৰম্ভ হৈছে। ৰাষ্ট্ৰৰ অৰ্থনীতি সুদৃঢ় কৰাটো এতিয়া আপোনাৰ কৰ্তব্য; দেশৰ অভ্যন্তৰীণ নিৰাপত্তা শক্তিশালী কৰাটো আপোনাৰ কৰ্তব্য; ৰাষ্ট্ৰখনত আধুনিক আন্তঃগাঁথনি গঢ়ি তোলাটো আপোনাৰ কৰ্তব্য আৰু শ্ৰমিকসকলৰ জীৱনৰ মৌলিক অগ্ৰগতি সাধন কৰাটো আপোনালোকৰ কৰ্তব্য। আপোনাসৱে যিমানেই আন্তৰিকতাৰে আৰু সততাৰে কামবোৰ সম্পাদন কৰিব, সিমানেই ভাৰতৰ উন্নত ৰাষ্ট্ৰ হোৱাৰ যাত্ৰাত ইয়াৰ তাৎপৰ্য্যপূৰ্ণ আৰু ইতিবাচক প্ৰভাৱ পৰিব। মোৰ বিশ্বাস যে আপোনালোকে পৰম ভক্তিৰে নিজৰ দায়িত্ব পালন কৰিব।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰোজগাৰ মেলা সম্বোধন কৰে

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰোজগাৰ মেলা সম্বোধন কৰে

April 26th, 11:00 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে ৰোজগাৰ মেলাৰ কাৰ্য্যসূচী সম্বোধনেৰে ভিন্ন চৰকাৰী বিভাগ আৰু সংস্থাৰ নৱনিযুক্ত যুৱক-যুৱতীসকলৰ মাজত ৫১ হাজাৰৰো অধিক নিযুক্তি পত্ৰ বিতৰণ কৰে। ইয়াত সমবেতসকলক উদ্দেশ্যি তেখেতে কয় যে আজি ভাৰত চৰকাৰৰ ভিন্ন বিভাগত এই যুৱক-যুৱতীসকলৰ বাবে নতুন দায়িত্বৰ আৰম্ভণি ঘটিছে। তেখেতে কয় তেওঁলোকৰ কৰ্তব্যৰাজিৰ অন্যতম হৈছেঃ ৰাষ্ট্ৰৰ অৰ্থনৈতিক কাঠামোক সুদৃঢ়কৰণ, অভ্যন্তৰীণ নিৰাপত্তাক শক্তিশালীকৰণ, আধুনিক আন্তঃগাঁথনি নিৰ্মাণত অৰিহণা যোগোৱা, শ্ৰমিকৰ জীৱনৰ পৰিৱৰ্তন সাধন কৰা। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে তেওঁলোকে যি আন্তৰিকতাৰে নিজৰ দায়িত্ব পালন কৰে, সেই কাৰ্য্যই ভাৰতৰ উন্নত ৰাষ্ট্ৰ হোৱাৰ যাত্ৰাত ইতিবাচক প্ৰভাৱ পেলাব। তেখেতে আস্থা প্ৰকাশেৰে এই যুৱক-যুৱতীসকলে পৰম নিষ্ঠাৰে নিজৰ কৰ্তব্য পালন কৰিব বুলি উল্লেখ কৰে।

সমগ্ৰ ভাৰতত জীৱিকা বৃদ্ধি, তৃণমূল পৰ্যায়ৰ নিযুক্তি আৰু অৰ্থনৈতিক বিকাশ নিশ্চিত কৰাৰ বাবে জিইএমক প্ৰশংসা কৰে প্ৰধানমন্ত্ৰীয়ে

সমগ্ৰ ভাৰতত জীৱিকা বৃদ্ধি, তৃণমূল পৰ্যায়ৰ নিযুক্তি আৰু অৰ্থনৈতিক বিকাশ নিশ্চিত কৰাৰ বাবে জিইএমক প্ৰশংসা কৰে প্ৰধানমন্ত্ৰীয়ে

April 01st, 07:38 pm

সমগ্ৰ ভাৰতত জীৱিকা বৃদ্ধি, তৃণমূল পৰ্যায়ৰ নিযুক্তি আৰু অৰ্থনৈতিক বিকাশ নিশ্চিত কৰাৰ বাবে আজি ‘চৰকাৰী ই-মাৰ্কেটপ্লেচ’ (জিইএম) পৰ্টেল-ৰ প্ৰশংসা কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।

টিভি৯ সন্মিলন ২০২৫ত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

March 28th, 08:00 pm

শ্ৰীমান ৰামেশ্বৰ গাৰু জী, ৰামু জী, বৰুণ দাস জী, টিভি৯ৰ সমগ্ৰ দল, আপোনালোকৰ নেটৱৰ্কৰ সকলো দৰ্শক, ইয়াত উপস্থিত সকলো গণ্যমান্য ব্যক্তিক এই সন্মিলনৰ বাবে অভিনন্দন জনাইছো।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে টিভি৯ সন্মিলন, ২০২৫ সম্বোধন কৰে

March 28th, 06:53 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত টিভি৯ সন্মিলন, ২০২৫-ত অংশগ্ৰহণ কৰে। ইয়াত সমবেতসকলক সম্বোধনেৰে তেখেতে টিভি৯ৰ সমগ্ৰ টীমটো আৰু ইয়াৰ দৰ্শকসকললৈ শুভেচ্ছা জ্ঞাপন কৰে। তেখেতে কয় যে টিভি৯ৰ আঞ্চলিক দৰ্শক বিস্তৃত আৰু তেখেতে লগতে কয় যে এতিয়া বিশ্বৰ দৰ্শকো সাজু হৈছে। তেখেতে এই অনুষ্ঠানৰ সৈতে টেলিকনফাৰেন্সৰ জৰিয়তে সংযোগ স্থাপন কৰা প্ৰবাসী ভাৰতীয়সকলকো আদৰণি আৰু সম্ভাষণ জনায়।

লোকসভাত ৰাষ্ট্ৰপতিৰ ভাষণৰ ওপৰত ধন্যবাদসূচক প্ৰস্তাৱৰ উত্তৰত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ অসমীয়া অনুবাদ

February 04th, 07:00 pm

সন্মানীয় ৰাষ্ট্ৰপতি মহোদয়াৰ ভাষণ সন্দৰ্ভত কৃতজ্ঞতা জ্ঞাপন কৰিবলৈ মই উপস্থিত হৈছোঁ। কালি আৰু আজি তো গভীৰ নিশালৈকে সকলো সন্মানীয় সাংসদে নিজৰ চিন্তাৰে এই ধন্যবাদ প্ৰস্তাৱক সমৃদ্ধ কৰিলে। বহু মাননীয় অভিজ্ঞ সংসদ সদস্যইও নিজৰ মতামত প্ৰকাশ কৰিলে, আৰু স্বাভাৱিকতে গণতন্ত্ৰৰ পৰম্পৰাও আছে, য’ত প্ৰয়োজন আছিল, তাত প্ৰশংসা হ’ল, য’ত অসুবিধা আছিল, তাত কিছুমান নেতিবাচক কথাও হ’ল, কিন্তু এয়া অতি স্বাভাৱিক! অধ্যক্ষ মহোদয়, মোৰ বাবে বহুত ডাঙৰ সৌভাগ্য যে দেশৰ জনসাধাৰণে মোক ১৪ সংখ্যক বাৰৰ বাবে এই স্থানত বহি ৰাষ্ট্ৰপতি মহোদয়াৰ ভাষণৰ কৃতজ্ঞতা প্ৰকাশ কৰাৰ সুযোগ দিছে আৰু সেয়ে মই আজি জনতা জনাৰ্দনৰো অতি সন্মানেৰে কৃতজ্ঞতা প্ৰকাশ কৰিব বিচাৰোঁ আৰু সদনত আলোচনাত যিসকল লোকে অংশগ্ৰহণ কৰিলে, আলোচনাক সমৃদ্ধ কৰিলে, সেইসকলৰ প্ৰতিও মই মোৰ কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ।

লোকসভাত ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদসুচক প্ৰস্তাৱৰ বিতৰ্কত উত্তৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ

February 04th, 06:55 pm

লোকসভাত আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সংসদত ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদসুচক প্ৰস্তাৱৰ উত্তৰ দিয়ে। সদনত ভাষণ প্ৰসংগত প্ৰধানমন্ত্ৰীয়ে কালি আৰু আজি আলোচনাত অংশগ্ৰহণ কৰা সকলো সন্মানীয় সাংসদৰ অৱদানৰ শলাগ লৈ গণতন্ত্ৰৰ পৰম্পৰাত প্ৰয়োজনত প্ৰশংসা আৰু প্ৰয়োজনত কিছু নেতিবাচক মন্তব্য দুয়োটাকে অন্তৰ্ভুক্ত কৰা বুলি উল্লেখ কৰে, যিটো স্বাভাৱিক। চতুৰ্দশ বাৰৰ বাবে ৰাষ্ট্ৰপতিৰ ভাষণৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰাৰ সুযোগ পোৱাৰ মহান সৌভাগ্যৰ ওপৰত আলোকপাত কৰি তেওঁ সকলো নাগৰিকক শ্ৰদ্ধা জনোৱাৰ লগতে আলোচনাত অংশগ্ৰহণ কৰা সকলোকে প্ৰস্তাৱটোক নিজৰ চিন্তাৰে সমৃদ্ধ কৰাৰ বাবে প্ৰশংসা কৰে।

India - Sri Lanka Joint Statement: Fostering Partnerships for a Shared Future

December 16th, 03:26 pm

Prime Minister of India His Excellency Shri Narendra Modi and President of Sri Lanka His Excellency Anura Kumara Dissanayake had comprehensive and fruitful discussions at their meeting in New Delhi on 16 December 2024, during the latter’s State Visit to the Republic of India.

ৰাজস্থানৰ জয়পুৰত ৰাইজিং ৰাজস্থান বিশ্ব বিনিয়োগ সন্মিলন-২০২৪ উদ্বোধন কৰি প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

December 09th, 11:00 am

ৰাজস্থানৰ ৰাজ্যপাল শ্ৰী হৰিভৌ বাগদে ডাঙৰীয়া, ইয়াৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী শ্ৰী ভজনলাল শৰ্মা ডাঙৰীয়া, ৰাজস্থান চৰকাৰৰ মন্ত্ৰী, সাংসদ, বিধায়ক, উদ্যোগৰ বন্ধু, ভিন্ন ৰাষ্ট্ৰদূত, দূতাবাসৰ প্ৰতিনিধি, আন-আন বিশিষ্ট ব্যক্তি, ভদ্ৰলোক আৰু মহিলাসকল।

ৰাইজিং ৰাজস্থান গ্ল’বেল ইনভেষ্টমেণ্ট ছামিট উদ্বোধন প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ

December 09th, 10:34 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাজস্থানৰ জয়পুৰৰ জয়পুৰ প্ৰদৰ্শনী আৰু সন্মিলন কেন্দ্ৰত অনুষ্ঠিত ৰাইজিং ৰাজস্থান গ্লোবেল ইনভেষ্টমেণ্ট ছামিট ২০২৪ আৰু ৰাজস্থান গ্লোবেল বিজনেছ এক্সপো উদ্বোধন কৰে।সমবেত লোকসকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ৰাজস্থানৰ সফলতাৰ যাত্ৰাত আজি আন এটা বিশেষ দিন। তেওঁ পিংক চিটি- জয়পুৰত অনুষ্ঠিত ৰাইজিং ৰাজস্থান গ্লোবেল ইনভেষ্টমেণ্ট ছামিট ২০২৪লৈ সকলো উদ্যোগ আৰু বাণিজ্যৰ নেতৃত্ব, বিনিয়োগকাৰী, প্ৰতিনিধিসকলক অভিনন্দন জনায়। তেওঁ ৰাজস্থান চৰকাৰকো এই বিশাল অনুষ্ঠান আয়োজনৰ বাবে অভিনন্দন জনায়।

দ্বিতীয় ভাৰত-কেৰিকম সন্মিলনত প্ৰধানমন্ত্ৰীৰ মুকলি ভাষণৰ লিখিত ৰূপ

November 21st, 02:15 am

মোৰ বন্ধু ৰাষ্ট্ৰপতি ইৰফান আলী আৰু প্ৰধানমন্ত্ৰী ডিকন মিচেলৰ সৈতে দ্বিতীয় ভাৰত-কেৰিকম সন্মিলন আয়োজন কৰি মই অপৰিসীম আনন্দ লাভ কৰিছো। কেৰিকম পৰিয়ালৰ সকলো সদস্যক আন্তৰিকতাৰে আদৰণি জনাইছো আৰু বিশেষকৈ এই সন্মিলনৰ উৎকৃষ্ট আয়োজনৰ বাবে ৰাষ্ট্ৰপতি ইৰফান আলীক ধন্যবাদ জনাইছো।

PM Modi attends Second India CARICOM Summit

November 21st, 02:00 am

PM Modi and Grenada PM Dickon Mitchell co-chaired the 2nd India-CARICOM Summit in Georgetown. PM Modi expressed solidarity with CARICOM nations for Hurricane Beryl's impact and reaffirmed India's commitment as a reliable partner, focusing on development cooperation aligned with CARICOM's priorities.

ৱাৰ্ধা, মহাৰাষ্ট্ৰত ৰাষ্ট্ৰীয় ‘পিএম বিশ্বকৰ্মা’ কাৰ্যসূচীত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ অসমীয়া অনুবাদ

September 20th, 11:45 am

মাত্ৰ দুদিন আগতে আমি সকলোৱে বিশ্বকৰ্মা পূজাৰ উৎসৱ পালন কৰিলোঁ। আৰু আজি, ৱাৰ্ধাৰ পৱিত্ৰ ভূমিত আমি পিএম বিশ্বকৰ্মা যোজনাৰ সফলতাৰ উৎসৱ উদযাপন কৰিছোঁ। আজি এই দিনটো এইবাবেও বিশেষ, কাৰণ ১৯৩২ চনৰ আজিৰ দিনটোতে মহাত্মা গান্ধীয়ে অস্পৃশ্যতাৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছিল। এনে পৰিস্থিতিত বিশ্বকৰ্মা যোজনাৰ এবছৰ সম্পূৰ্ণ হোৱাৰ এই উদযাপন, বিনোৱা ভৱেৰ এই সাধনাস্থলী, মহাত্মা গান্ধীৰ এই কৰ্মস্থলী, ৱাৰ্ধাৰ এই ভূমি, এই অভিজ্ঞতা আৰু প্ৰেৰণাৰ এনে সংগম, যিয়ে বিকশিত ভাৰতৰ আমাৰ সংকল্পক নতুন শক্তি প্ৰদান কৰিব। বিশ্বকৰ্মা যোজনাৰ জৰিয়তে আমি শ্ৰমৰ জৰিয়তে সমৃদ্ধি, ইয়াৰ দক্ষতাৰ জৰিয়তে উন্নত ভৱিষ্যতৰ যি সংকল্প লৈছোঁ, ৱাৰ্ধাত বাপুৰ প্ৰেৰণাই আমাৰ সেই সংকল্পবোৰক পূৰ্ণতালৈ লৈ যোৱাৰ মাধ্যম হৈ পৰিব। মই এই আঁচনিৰ সৈতে জড়িত সকলো লোককে, সমগ্ৰ দেশৰ সকলো হিতাধিকাৰীকে এই উপলক্ষে অভিনন্দন জনাইছোঁ।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ মহাৰাষ্ট্ৰৰ ৱাৰ্ধাত ৰাষ্ট্ৰীয় প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা কাৰ্যসূচী সম্বোধন

September 20th, 11:30 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মহাৰাষ্ট্ৰৰ ৱাৰ্ধাত ৰাষ্ট্ৰীয় প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা কাৰ্যসূচীত ভাষণ দিয়ে। প্ৰধানমন্ত্ৰীয়ে 'আচাৰ্য চাণক্য দক্ষতা বিকাশ' আঁচনি আৰু 'পুণ্যশ্লোক অহিল্যদেৱী হোলকাৰ মহিলা ষ্টাৰ্টআপ আঁচনি' মুকলি কৰে। তেওঁ প্ৰধানমন্ত্ৰী বিশ্বকৰ্মাৰ হিতাধিকাৰীসকলৰ প্ৰমাণপত্ৰ আৰু ঋণ মুকলি কৰাৰ লগতে প্ৰধানমন্ত্ৰী বিশ্বকৰ্মাৰ অধীনত এবছৰৰ প্ৰগতি উপলক্ষে উৎসৰ্গিত এটা স্মাৰক ডাকটিকটো মুকলি কৰে। শ্ৰী মোদীয়ে মহাৰাষ্ট্ৰৰ অমৰাৱতীত প্ৰধানমন্ত্ৰী মেগা ইণ্টিগ্ৰেটেড টেক্সটাইল ৰিজিয়ন এণ্ড এপাৰেল (পিএম মিত্ৰ) উদ্যানৰ আধাৰশিলাও স্থাপন কৰে। প্ৰধানমন্ত্ৰীয়ে অনুষ্ঠানটোত প্ৰদৰ্শিত প্ৰদৰ্শনীখনৰ কিছু অংশ পদব্ৰজে ভ্ৰমণ কৰে।

GeM portal completes 8 years; PM congratulates stakeholders

August 09th, 01:40 pm

The Prime Minister Shri Narendra Modi today congratulated all the stakeholders of Government e Marketplace (GeM) platform on completing 8 years.

PM Modi attends News18 Rising Bharat Summit

March 20th, 08:00 pm

Prime Minister Narendra Modi attended and addressed News 18 Rising Bharat Summit. At this time, the heat of the election is at its peak. The dates have been announced. Many people have expressed their opinions in this summit of yours. The atmosphere is set for debate. And this is the beauty of democracy. Election campaigning is in full swing in the country. The government is keeping a report card for its 10-year performance. We are charting the roadmap for the next 25 years. And planning the first 100 days of our third term, said PM Modi.

নতুন দিল্লীৰ ভাৰত মণ্ডপমত ষ্টাৰ্ট-আপ মহাকুম্ভত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

March 20th, 10:40 am

বহুতে ষ্টাৰ্টআপ আৰম্ভ কৰে আৰু ৰাজনীতিত ই আৰু অধিক আৰু সেইবোৰ বাৰে বাৰে আৰম্ভ কৰিবলগীয়া হয়। আপোনালোক আৰু তেওঁলোকৰ মাজৰ পাৰ্থক্যটো হ’ল আপোনালোকে পৰীক্ষামূলক, যদি এটা সফল নহয়, তেন্তে আপোনালোকে লগে লগে আনটোলৈ আগবাঢ়ি যায়। এতিয়া ইয়াৰ দেৰি হৈ আহিছে।

প্ৰধানমন্ত্ৰীয়ে নতুন দিল্লীৰ ভাৰত মণ্ডপমত ষ্টাৰ্ট-আপ মহাকুম্ভ উদ্বোধন কৰে

March 20th, 10:36 am

ইয়াত সমবেতসকলক সম্বোধনেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে ষ্টাৰ্ট-আপ মহাকুম্ভৰ গুৰুত্ব সম্পৰ্কে আলোকপাতেৰে ২০৪৭ৰ ভিতৰত এখনি বিকশিত ভাৰতৰ বাবে কামৰ ৰোডমেপত গুৰুত্ব আৰোপ কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে বিগত কেইটামান দশকত তথ্য-প্ৰযুক্তি আৰু চফ্টৱেৰ খণ্ডত ভাৰতে নিজৰ নাম উজলাই তোলাৰ ওপৰত আলোকপাত কৰে তথা উদ্ভাৱন আৰু ষ্টাৰ্ট-আপ সংস্কৃতিৰ উদীয়মান ধাৰাসমূহৰ কথা উল্লেখ কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ষ্টাৰ্ট-আপ জগতৰ লোকসকলৰ উপস্থিতিয়ে আজিৰ এই অনুষ্ঠানৰ গুৰুত্ব সম্পৰ্কে আলোকপাত কৰিছে। দেশৰ ষ্টাৰ্ট-আপৰ সফলতাৰ ওপৰত গুৰুত্ব আৰোপেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে এইসমূহক সফল কৰি তোলা প্ৰতিভাৰ উপাদানটোৰ প্ৰতি দৃষ্টি আকৰ্ষণ কৰে। তেখেতে বিনিয়োগকাৰী, ইনকিউবেটৰ, শিক্ষাবিদ, গৱেষক, উদ্যোগৰ সদস্য তথা বৰ্তমান আৰু ভৱিষ্যতৰ উদ্যোগীসকলৰ উপস্থিতি স্বীকাৰেৰে কয়, “এয়া সঁচাকৈয়ে এক অভূতপূৰ্ব শক্তি আৰু অনুভূতি সৃষ্টিকাৰী সঠিক ৰূপৰ এক মহাকুম্ভ।” প্ৰধানমন্ত্ৰীগৰাকীয়ে ক্ৰীড়া আৰু প্ৰদৰ্শনীৰ ষ্টলসমূহ ভ্ৰমণৰ সময়তো অনুভূত একে অনুভৱৰ কথা উল্লেখেৰে ইয়াত নিজ-নিজ উদ্ভাৱনসমূহ অতি গৌৰৱেৰে প্ৰদৰ্শন কৰা হৈছে বুলি কয়। “ষ্টাৰ্ট-আপ মহাকুম্ভলৈ অহা সকলো ভাৰতীয়ই ভৱিষ্যতৰ ইউনিকৰ্ণ আৰু ডেকাকৰ্ণক প্ৰত্যক্ষ কৰিব”, প্ৰধানমন্ত্ৰী মোদীয়ে কয়।

When it comes to disruption, development & diversification everybody can agree that this is India's time: PM Modi

February 09th, 08:30 pm

Prime Minister Narendra Modi addressed the ET Now Global Business Summit 2024 at Hotel Taj Palace in New Delhi. The Prime Minister highlighted the significance of the theme of ‘Disruption, Development and Diversification chosen by the Global Business Summit 2024. “When it comes to disruption, development and persification, everybody can agree that this is India’s time”, the PM remarked noting the growing trust towards India in the world.

PM Modi addresses The Times Group Global Business Summit 2024

February 09th, 08:12 pm

Prime Minister Narendra Modi addressed the ET Now Global Business Summit 2024 at Hotel Taj Palace in New Delhi. The Prime Minister highlighted the significance of the theme of ‘Disruption, Development and Diversification chosen by the Global Business Summit 2024. “When it comes to disruption, development and persification, everybody can agree that this is India’s time”, the PM remarked noting the growing trust towards India in the world.