বাৰাণসীত কাশী তামিল সংগমৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

November 19th, 07:00 pm

উত্তৰ প্ৰদেশৰ ৰাজ্যপাল আনন্দীবেন পেটেল, মুখ্যমন্ত্ৰী যোগী আদিত্যনাথজী, কেন্দ্ৰীয় কেবিনেটত মোৰ সহকৰ্মী শ্ৰী ধৰ্মেন্দ্ৰ প্ৰধানজী, শ্ৰী এল মুৰুগানজী, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পান ৰাধাকৃষ্ণন জী, বিশ্ব বিখ্যাত সংগীতজ্ঞ তথা ৰাজ্যসভাৰ সদস্য ইলাইৰাজাজী, বিএইচইউৰ উপাচাৰ্য সুধীৰ জৈন, আইআইটি মাদ্ৰাজৰ সঞ্চালক অধ্যাপক কামকোট্টি জী, তামিলনাডুৰ পৰা মোৰ কাশীলৈ অহা আন সকলো গণ্যমান্য ব্যক্তি আৰু মোৰ সকলো সন্মানীয় অতিথি, ভদ্ৰমহিলা আৰু ভদ্ৰলোকসকল,

উত্তৰ প্ৰদেশৰ বাৰাণসীত ‘কাশী তামিল সংগমম’ উদ্বোধন প্ৰধানমন্ত্ৰীৰ

November 19th, 02:16 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰ প্ৰদেশৰ বাৰাণসীত আয়োজিত মাহজোৰা ‘কাশী তামিল সংগমম’ কাৰ্যসূচী উদ্বোধন কৰে। এই কাৰ্যসূচীৰ উদ্দেশ্য হৈছে দেশৰ দুখন গুৰুত্বপূৰ্ণ আৰু প্ৰাচীন শিক্ষণ আসন তামিলনাডু আৰু কাশীৰ মাজৰ যুগ যুগ ধৰি চলি অহা সংযোগক উদযাপন, পুনৰ দৃঢ়তাপূৰ্ণ কৰি তোলা আৰু নতুনকৈ আৱিষ্কাৰ কৰা। এই উপলক্ষে তামিলনাডুৰ ২৫০০ৰো অধিক প্ৰতিনিধিয়ে কাশী ভ্ৰমণ কৰিব। এই কাৰ্যসূচীৰ সময়ত প্ৰধানমন্ত্ৰীয়ে ১৩টা ভাষালৈ অনুবাদ কৰা ‘তিৰুক্কুৰাল’ নামৰ এখন গ্ৰন্থও উন্মোচন কৰে। তেওঁ সাংস্কৃতিক অনুষ্ঠানৰ লগতে আৰতিও প্ৰত্যক্ষ কৰে৷

কৰ্ণাটকৰ বেংগালুৰুত ৰাজহুৱা অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ

November 11th, 12:32 pm

আজি এই মহান ব্যক্তিসকলক সন্মান জনাই আমি কৰ্ণাটকৰ বেংগালুৰুৰ উন্নয়ন আৰু ঐতিহ্য দুয়োটাকে শক্তিশালী কৰিছো। আজি, কৰ্ণাটকে প্ৰথম মেড ইন ইণ্ডিয়া বন্দে ভাৰত ৰে’ল লাভ কৰিছে। ৰে'লখনে দেশৰ ষ্টাৰ্ট-আপ ৰাজধানী চেন্নাই, বেংগালুৰু আৰু ঐতিহ্যবাহী চহৰ মহীশূৰক সংযোগ কৰিছে। কৰ্ণাটকৰ লোকসকলক অযোধ্যা, প্ৰয়াগৰাজ আৰু কাশীলৈ লৈ যোৱা ভাৰত গৌৰৱ কাশী দৰ্শন ৰে’লো আজিৰ পৰা আৰম্ভ হৈছে। কেম্পেগৌড়া আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ দ্বিতীয় টাৰ্মিনেলটোও আজি উদ্বোধন কৰা হৈছে। মই বিমানবন্দৰৰ নতুন টাৰ্মিনেলৰ কেইখনমান ফটো ছচিয়েল মিডিয়াত পোষ্ট কৰিছিলো। আৰু আজি, তালৈ গৈ, মই অনুভৱ কৰিছিলো যে নতুন টাৰ্মিনেলটো ছবিবোৰত দেখাতকৈ অধিক বিশাল, আধুনিক। এইটো বেংগালুৰুৰ জনসাধাৰণৰ এটা অতি পুৰণি দাবী আছিল যিটো আমাৰ চৰকাৰে এতিয়া পূৰণ কৰি আছে।

PM Modi attends a programme at inauguration of 'Statue of Prosperity' in Bengaluru

November 11th, 12:31 pm

PM Modi addressed a public function in Bengaluru, Karnataka. Throwing light on the vision of a developed India, the PM said that connectivity between cities will play a crucial role and it is also the need of the hour. The Prime Minister said that the new Terminal 2 of Kemepegowda Airport will add new facilities and services to boost connectivity.