গুজৰাটৰ গান্ধীনগৰত ভাইব্ৰেণ্ট গুজৰাট সন্মিলন ২০২৪ৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠ
January 10th, 10:30 am
আপোনালোক সকলোলৈ ২০২৪ চনৰ বহুত বহুত শুভেচ্ছা! শেহতীয়াকৈ ভাৰতৰ স্বাধীনতাৰ ৭৫ বছৰ সম্পূৰ্ণ হৈছে। আৰু এতিয়া ভাৰতে আগন্তুক ২৫ বছৰৰ লক্ষ্যত কাম কৰি আছে। যেতিয়া ভাৰতে স্বাধীনতাৰ ১০০ বছৰ উদযাপন কৰিব, সেই সময়লৈকে আমি ভাৰতক বিকশিত কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছোঁ। আৰু সেয়ে, এই ২৫ বছৰৰ কাৰ্যকাল ভাৰতৰ অমৃত কাল। এয়া নতুন সপোন, নতুন সংকল্প আৰু নিত্য নতুন সিদ্ধিৰ কাৰ্যকাল। এই অমৃতকালত এই প্ৰথম ভাইব্ৰেণ্ট গুজৰাট গ্ল’বেল ছামিট অনুষ্ঠিত হৈছে। আৰু সেয়েহে, ইয়াৰ গুৰুত্ব আৰু বৃদ্ধি পাইছে। এই সন্মিলনলৈ অহা ১০০ৰো অধিক দেশৰ প্ৰতিনিধি ভাৰতৰ এই উন্নয়ন যাত্ৰাৰ গুৰুত্বপূৰ্ণ মিত্ৰ। মই আপোনালোক সকলোকে আদৰণি জনাইছোঁ আৰু অভিনন্দন জনাইছোঁ।ভাইব্ৰেন্ট গুজৰাট গ্ল’বেল ছামিটৰ ১০ম সংস্কৰণ উদ্বোধন প্ৰধানমন্ত্ৰীৰ
January 10th, 09:40 am
আজি গান্ধীনগৰৰ মহাত্মা মন্দিৰত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাইব্ৰেন্ট গুজৰাট গ্ল’বেল ছামিট, ২০২৪ৰ ১০ম সংস্কৰণ উদ্বোধন কৰে। এইবাৰৰ সন্মিলনৰ বিষয়বস্তু হৈছে ‘ভৱিষ্যতৰ দুৱাৰমুখ’ (Gateway to the Future) আৰু ইয়াত ৩৪ খন অংশীদাৰ দেশ আৰু ১৬ টা অংশীদাৰ সংস্থাই অংশগ্ৰহণ কৰিছে। উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়ন মন্ত্ৰালয়েও এই সন্মিলনখনক মঞ্চ হিচাপে ব্যৱহাৰেৰে উত্তৰ-পূৰ্বাঞ্চলত বিনিয়োগৰ সুযোগ প্ৰদৰ্শন কৰিছে।ভাৰ্চুৱেল জি-২০ শীৰ্ষ সন্মিলনত প্ৰধানমন্ত্ৰীৰ সামৰণি বক্তব্য (২২ নৱেম্বৰ, ২০২৩)
November 22nd, 09:39 pm
মই আকৌ এবাৰ আপোনালোক সকলৰে বহুমূলীয়া বিচাৰৰ শলাগ লৈছোঁ। আপোনালোক সকলোৱে, যি মুক্ত মনেৰে নিজৰ কথা উপস্থাপন কৰিলে, তাৰ বাবে মই হৃদয়ৰ পৰা কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ।ভাৰ্চুৱেল জি-২০ সন্মিলনত প্ৰধানমন্ত্ৰীৰ উদ্বোধনী ভাষণ
November 22nd, 06:37 pm
মোৰ আমন্ত্ৰণ গ্ৰহণ কৰি আজি এই সন্মিলনত যোগদান কৰাৰ বাবে আপোনালোক সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰিছো। ১৪০ কোটি ভাৰতীয়ৰ হৈ আপোনালোক সকলোকে আন্তৰিকতাৰে আদৰণি জনোৱা হ'ল।ভাৰতৰ জি-২০ নেতৃত্বৰ বাবে লোগো, থীম আৰু ৱেবছাইট উন্মোচন অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অনুবাদ
November 08th, 07:31 pm
জি-২০ হৈছে এনে দেশসমূহৰ এটা গোট যাৰ অৰ্থনৈতিক সম্ভাৱনাবিশ্বৰ জিডিপিৰ ৮৫ শতাংশ প্ৰতিনিধিত্ব কৰে। জি-২০ হৈছে বিশখন দেশৰ এটা গোট যি বিশ্বৰ বাণিজ্যৰ ৭৫ শতাংশ প্ৰতিনিধিত্ব কৰে। জি-২০ হৈছে ২০ খন দেশৰ এটা গোট যি বিশ্বৰ জনসংখ্যাৰ দুই-তৃতীয়াংশ। আৰু ভাৰতে, এতিয়া এই জি-২০ গোটৰ নেতৃত্ব দিবলৈ গৈ আছে, ইয়াত সভাপতিত্ব কৰিবলৈ গৈ আছে।প্ৰধানমন্ত্ৰীয়ে ভিডিঅ' কনফাৰেঞ্চৰ জৰিয়তে ভাৰতৰ জি-২০ অধ্যক্ষতাৰ ল’গ’, থীম আৰু ৱেবছাইট উন্মোচন কৰে
November 08th, 04:29 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' কনফাৰেঞ্চৰ জৰিয়তে ভাৰতৰ জি-২০ অধ্যক্ষতাৰ ল’গ’, থীম আৰু ৱেবছাইট উন্মোচন কৰে।