‘জিপিএআই শীৰ্ষ সন্মিলন, ২০২৩’ উদ্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ

December 12th, 05:20 pm

‘গ্লোবেল পাৰ্টানাৰশ্বিপ অন আৰ্টিফিচিয়েল ইণ্টেলিজেন্স’- ‘কৃত্ৰিম বুদ্ধিমত্তা প্ৰসংগত গোলকীয় অংশীদাৰিত্ব সম্পৰ্কীয় শীৰ্ষ সন্মিলন’লৈ মই আপোনালোক সকলোকে আদৰণি জনাইছো। মই সুখী যে অহা বছৰ ভাৰতে এই সন্মিলনৰ সভাপতিত্ব কৰিবলৈ আগবাঢ়িছে। এই সন্মিলনখন এনে এটা সময়ত অনুষ্ঠিত হৈছে যেতিয়া ‘এআই’-ক লৈ সমগ্ৰ বিশ্বতে এক বৃহৎ বিতৰ্ক চলি আছে। এই বিতৰ্কৰ জৰিয়তে ইতিবাচক আৰু নেতিবাচক সকলো ধৰণৰ দিশ উন্মোচিত হৈছে। সেয়েহে, এই সন্মিলনৰ সৈতে জড়িত প্ৰতিখন দেশৰ ওপৰত এক বৃহৎ দায়িত্ব আছে। শেহতীয়াকৈ, মই বহুতো ৰাজনৈতিক আৰু উদ্যোগক্ষেত্ৰৰ নেতাক লগ কৰাৰ সুযোগ পাইছো। মই তেওঁলোকৰ সৈতে হোৱা বৈঠকত এই সন্মিলনৰ বিষয়েও আলোচনা কৰিছো। ‘এআই’-ৰ প্ৰভাৱৰ পৰা বৰ্তমান আৰু ভৱিষ্যত প্ৰজন্ম কোনোৱেই বাদ বাদ পৰি নাথাকিব। আমি অতি সতৰ্কতাৰে, অতি সাৱধানে আগবাঢ়িব লাগিব। আৰু সেয়েহে মই বিশ্বাস কৰোঁ যে এই সন্মিলনৰ পৰা উদ্ভৱ হোৱা ধাৰণা আৰু পৰামৰ্শসমূহে সমগ্ৰ মানৱতাৰ মৌলিক মূল্যবোধক সুৰক্ষা আৰু দিশ প্ৰদানৰ বাবে কাম কৰিব।

প্ৰধানমন্ত্ৰীয়ে গ্লবেল পাৰ্টনাৰশ্বিপ অন আৰ্টিফিচিয়েল ইণ্টেলিজেন্স ছামিট (জিপিএআই) উদ্বোধন কৰে

December 12th, 05:00 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত গ্লবেল পাৰ্টনাৰশ্বিপ অন আৰ্টিফিচিয়েল ইণ্টেলিজেন্স (জিপিএআই)শীৰ্ষ সন্মিনল শুভাৰম্ভ কৰে। প্ৰধানমন্ত্ৰীয়ে গ্লবেল এআই এক্সপোতো অংশ লয়। গ্লবেল পাৰ্টনাৰশ্বিপ অন আৰ্টিফিচিয়েল ইণ্টেলিজেন্স হৈছে এক বহু অংশীদাৰী পদক্ষেপ, যাৰ লক্ষ্য ২৯খন সদস্য দেশে এআই সম্পৰ্কিত অগ্ৰাধিকাৰসমূহৰ ওপৰত অত্যাধুনিক গৱেষণা আৰু প্ৰয়োগমূলক কাৰ্যকলাপসমূহক সমৰ্থন কৰি এআই সম্পৰ্কিত তত্ত্ব আৰু অনুশীলনৰ মাজৰ ব্যৱধান দূৰ কৰা। ভাৰত ২০২৪ বৰ্ষত গ্লবেল পাৰ্টনাৰশ্বিপ অন আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ প্ৰধান অধ্যক্ষ।

দ্বিতীয় ভইচ অফ গ্ল’বেল ছাউথ ছামিটৰ সময়ত প্ৰধানমন্ত্ৰীৰ উদ্বোধনী বক্তব্যৰ অসমীয়া অনুবাদ

November 17th, 04:03 pm

যোৱা বছৰৰ ডিচেম্বৰ মাহত যেতিয়া ভাৰতে জি-২০ৰ অধ্যক্ষতাৰ দায়িত্ব গ্ৰহণ কৰিছিল, তেতিয়া আমি এই মঞ্চত গ্ল’বেল ছাউথৰ দেশসমূহৰ কণ্ঠ বৃদ্ধি কৰাটো আমাৰ দায়িত্ব বুলি বিবেচনা কৰিছিলোঁ। আমাৰ অগ্ৰাধিকাৰ আছিল জি-২০ক বিশ্ব সৰ্বাংগীন আৰু মানৱকেন্দ্ৰিক কৰি তোলা। আমাৰ প্ৰচেষ্টা এই যে জি-২০ৰ কেন্দ্ৰবিন্দু হ’ব লাগে-জনসাধাৰণৰ, জনসাধাৰণৰ দ্বাৰা আৰু জনসাধাৰণৰ বাবে উন্নয়ন। এই উদ্দেশ্যৰেই আমি চলিত বৰ্ষৰ জানুৱাৰী মাহত প্ৰথমবাৰৰ বাবে ভইচ অৱ গ্ল’বেল ছাউথ ছামিটৰ আয়োজন কৰিলোঁ। ভাৰতৰ বিভিন্ন ৰাজ্যত অনুষ্ঠিত ২০০ৰো অধিক জি-২০ বৈঠকত আমি গ্ল’বেল ছাউথৰ অগ্ৰাধিকাৰক প্ৰাধান্য দিলোঁ। ফলত আমি নতুন দিল্লী নেতাসকলৰ ঘোষণা পত্ৰত গ্ল’বেল ছাউথৰ বিষয়সমূহত সকলোৰে সন্মতি লাভ কৰাত সফল হ’লোঁ।

‘জি২০ ইউনিভাৰ্চিটি কানেক্ট ফিনালে’ত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

September 26th, 04:12 pm

দুসপ্তাহৰ আগতে এই একেখন ভাৰত মণ্ডপমতে যথেষ্ট ক্ৰিয়া-কলাপ চলিছিল। এই ভাৰত মণ্ডপমটো একেবাৰে ‘চৰ্চাৰ কেন্দ্ৰবিন্দু’ত পৰিণত হৈছিল। আৰু মই আনন্দিত যে আজি মোৰ ভৱিষ্যতৰ ভাৰতখন একেটা ভাৰত মণ্ডপমত উপস্থিত হৈছে। ভাৰতে জি-২০ অনুষ্ঠানটোক কিমান উচ্চতালৈ লৈ গৈছে সেয়া দেখি বিশ্বই সঁচাকৈয়ে চমকিত হৈছে। কিন্তু সঁচা কথা ক’বলৈ গ’লে, মই একেবাৰে আচৰিত হোৱা নাই। হয়তো আপুনি ভাবিছে যে ইয়াৰ অপ্ৰতীম ভৱিষ্যৎ সত্ত্বেও মই কিয় আচৰিত হোৱা নাই? কাৰণ কি জানেনে? কাৰণ আপোনাৰ দৰে যুৱ ছাত্ৰ-ছাত্ৰীয়ে যদি কাৰ্যসূচীটো সফল কৰাৰ দায়িত্ব লয়, এনে অনুষ্ঠানত যদি যুৱক-যুৱতীসকল জড়িত হয়, তেন্তে ই সফল হোৱাটো তেনেই স্বাভাৱিক কথা।

জি-২০ ইউনিভাৰ্চিটি কানেক্ট ফাইনেলৰ কাৰ্য্যসূচী সম্বোধন প্ৰধানমন্ত্ৰীৰ

September 26th, 04:11 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত জি-২০ ইউনিভাৰ্চিটি কানেক্ট ফাইনেলৰ কাৰ্য্যসূচী সম্বোধন কৰে। ভাৰতৰ যুৱক-যুৱতীসকলৰ মাজত ভাৰতৰ জি-২০ৰ অধ্যক্ষতা সম্পৰ্কে এটি ধাৰণা গঢ় দিয়া আৰু জি-২০ৰ ভিন্ন অনুষ্ঠানত তেওঁলোকৰ অংশগ্ৰহণ বৃদ্ধিৰ লক্ষ্যৰে জি-২০ ইউনিভাৰ্চিটি কানেক্ট পদক্ষেপ গ্ৰহণ কৰা হয়। প্ৰধানমন্ত্ৰীগৰাকীয়ে এই উপলক্ষে ৪ পাব্লিকেচনো উন্মোচন কৰে যথাঃ জি-২০ৰ ভাৰতৰ অধ্যক্ষতাৰ অপাৰ সফলতাঃ দূৰদৰ্শী নেতৃত্ব, অন্তৰ্ভুক্ত পদ্ধতি (The Grand Success of G20 Bharat Presidency: Visionary Leadership, Inclusive Approach); ভাৰতৰ জি-২০ৰ অধ্যক্ষতাঃ বসুধৈৱ কুটুম্বকম (India's G20 Presidency: Vasudhaiva Kutumbakam); জি-২০ ইউনিভাৰ্চিটি কানেক্ট কাৰ্য্যক্ৰমৰ সংক্ষিপ্ত ৰূপ (Compendium of G20 University Connect Programme) আৰু জি-২০ত ভাৰতীয় সংস্কৃতিক থূপাই প্ৰদৰ্শন (Showcasing Indian Culture at G20)।

সংসদৰ বিশেষ অধিৱেশনত প্ৰদান কৰা প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠ

September 18th, 11:52 am

মাননীয় অধ্যক্ষ মহদয়, আমি দেশৰ ৭৫ বছৰ জোৰা সংসদীয় যাত্ৰাৰ লগতে নতুন সদনলৈ যোৱাৰ আগতে ইতিহাসৰ সেই অনুপ্ৰেৰণাদায়ক মুহূৰ্তসমূহ স্মৰণ কৰি আগবাঢ়ি যোৱাৰ বাবে সকলোৱে এই ঐতিহাসিক ভৱনটোৰ পৰা বিদায় লবলৈ সাজু হৈছো। স্বাধীনতাৰ আগতে, এই ভৱনটো ‘ইম্পেৰিয়েল লেজিলটিভ কাউন্সিল’ৰ স্থান আছিল। স্বাধীনতাৰ পিছত ই ‘সংসদ ভৱন’ হিচাপে স্বীকৃতি লাভ কৰে। এইটো কথা সঁচা যে এই ভৱনটো নিৰ্মাণৰ সিদ্ধান্ত বিদেশী সাংসদসকলে লৈছিল, কিন্তু আমি এইটো কথাও কেতিয়াও পাহৰিব নোৱাৰো, আৰু আমি গৌৰৱেৰে ক'ব পাৰোঁ যে এই ভৱনটো নিৰ্মাণত মোৰ দেশবাসীৰ দেহৰ ঘাম সৰিছিল, মোৰ দেশবাসীৰ কঠোৰ পৰিশ্ৰম আৰু ইয়াত বিনিয়োজিত ধন মোৰ দেশৰ জনসাধাৰণৰ আছিল।

লোকসভাত সংসদৰ বিশেষ অধিৱেশনত প্ৰধানমন্ত্ৰীৰ ভাষণ

September 18th, 11:10 am

সদনক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰি কয় যে পুৰণি সংসদ ভৱনৰ পৰা নতুন সংসদ ভৱনলৈ কাৰ্যভাৰ যোৱাৰ আগতে আজি হৈছে এক বিশেষ দিন যি দিনটোত আমি ভাৰতৰ ৭৫ বছৰীয়া সংসদীয়া যাত্ৰাৰ কথা ৰোমন্থন কৰিব লাগে। পুৰণি সংসদ ভৱন সম্পৰ্কত মন্তব্য কৰি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে এই ভৱন ভাৰতৰ স্বাধীনতাৰ পূৰ্বে ইমপেৰিয়েল লেজিছলেটিভ কাউন্সিলৰ কাৰ্যক্ৰমণিকা চলিছিল আৰু ভাৰতৰ স্বাধীনতাৰ পাছত এয়া দেশৰ সংসদ ভৱন হিচাপে পৰিচয় লাভ কৰিছিল। তেওঁ আঙুলিয়াই দিয়ে যে যদিওবা সংসদ ভৱনটো নিৰ্মাণৰ সিদ্ধান্ত বিদেশী শাসকে গ্ৰহণ কৰিছিল কিন্তু সেইটো নিৰ্মাণৰ আঁৰত ভাৰতীয় মানুহৰ শ্ৰম, ত্যাগ আৰু ধন বিনিয়োগ হৈছিল। শ্ৰী মোদীয়ে কয় যে ৭৫বছৰীয়া যাত্ৰাত এই সংসদ ভৱনে কেতবোৰ ধাৰা আৰু পৰম্পৰা সৃষ্টি কৰিছে যিবোৰে দেশৰ বিকাশত অৰিহনা যোগাইছে আৰু সেয়া সকলোৱে প্ৰত্যক্ষ কৰিছে।তেওঁ কয়, “আমি যদিওবা নতুন ভৱনলৈ স্থানান্তৰিত হম তথাপি এই ভৱনে আগন্তুক প্ৰজন্মক প্ৰেৰণা দি যাব। ভাৰতীয় গণতন্ত্ৰৰ সোণালী অধ্যায় হিচাপে সেই প্ৰেৰণা সদায় থাকিব।”

সংসদৰ বিশেষ অধিৱেশন আৰম্ভ হোৱাৰ পূৰ্বে প্ৰধানমন্ত্ৰীয়ে দিয়া বিবৃতি

September 18th, 10:15 am

চন্দ্ৰ অভিযানৰ সফলতা, চন্দ্ৰযান-৩য়ে আমাৰ তিনিৰঙী পতাকাক উৰুৱাইছে। শিৱশক্তি পইন্ট নতুন প্ৰেৰণাৰ কেন্দ্ৰস্থল হৈ পৰিছে, ত্ৰিৰঙ্গা পইন্ট আমাৰ গৌৰৱৰ কেন্দ্ৰ হৈ পৰিছে। সমগ্ৰ বিশ্বত যেতিয়া এইধৰণৰ সফলতা পোৱা যায় তেতিয়া সেয়া আধুনিকতাৰে, বিজ্ঞানৰে তথা প্ৰযুক্তিৰে সংযুক্ত কৰি চোৱা হয়। আৰু যেতিয়া এই সামৰ্থ সমগ্ৰ বিশ্বৰ সম্মুখত উপস্থাপিত হয় তেতিয়া দেশৰ সম্মুখত অনেক সম্ভাৱনা, অনেক সুবিধা আমাৰ দুৱাৰমুখত আহি থিয় দিয়ে। জি-২০ৰ অভূতপূৰ্ব সফলতা তথা ৬০খনৰো অধিক স্থানত বিশ্বৰ শীৰ্ষস্থানীয় নেতাক আদৰণি, সম্ভাষণ তথা মন্থন আৰু প্ৰকৃত ভাৱনাৰে সংযুক্ত গাঁথনিৰ এক জীৱন্ত অনুভৱে ভাৰতৰ বিচিত্ৰতা, ভাৰতৰ বিশেষতাই জি-২০ক নিজৰ মাজতেই দেশৰ বৈচিত্ৰতাক উদযাপন কৰিছে। আৰু জি-২০ত ভাৰতে এই কথাটোক লৈ সদায় গৰ্ব কৰিব যে গ্লোবেল ছাউথৰ বাবে আমি স্বয়ং কণ্ঠ হৈ পৰিছোঁ। আফ্ৰিকান ইউনিয়নৰ স্থায়ী সদস্যপদ আৰু জি-২০ত সৰ্বসন্মতিৰে গ্ৰহণযোগ্যতাই ভাৰতৰ বাবে উজ্জ্বল ভৱিষ্যতৰ ইংগিত বহন কৰিছে।

নতুন দিল্লী নেতৃবৰ্গৰ ঘোষণা পত্ৰ গ্ৰহণেৰে ইতিহাস গঢ়িলেঃ প্ৰধানমন্ত্ৰী

September 09th, 06:50 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লী নেতৃবৰ্গৰ ঘোষণা পত্ৰ গ্ৰহণৰ প্ৰশংসা কৰাৰ লগতে জি-২০ৰ সকলো সতীৰ্থ সদস্যক তেওঁলোকৰ সমৰ্থন আৰু সহযোগিতাৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰে।

নতুন দিল্লীত জি-২০ নেতাসকলৰ ঘোষণা-পত্ৰ

September 09th, 05:04 pm

আজি নতুন দিল্লীত গৃহীত হোৱা জি-২০ নেতাসকলৰ ঘোষণা-পত্ৰখনি নিম্ন-উল্লেখিক লিংকটোত উপলব্ধ হৈছেঃ