বাবলিয়ালী ধামৰ এক কাৰ্য্যসূচীত প্ৰধানমন্ত্ৰীৰ বক্তব্যৰ পূৰ্ণ পাঠ
March 20th, 04:35 pm
প্ৰথমে ভৰৱদ সমাজৰ পৰম্পৰাৰ প্ৰতি আৰু সমগ্ৰ পৰম্পৰাৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰা সকলো শ্ৰদ্ধাৰ সন্ত, মহন্ত আৰু সকলো সমাজলৈ শ্ৰদ্ধা নিবেদন কৰিছোঁ। আজি আনন্দ বহুগুণ বৃদ্ধি পাইছে। এইবাৰ যি মহাকুম্ভ অনুষ্ঠিত হৈছিল, সেয়া ঐতিহাসিক আছিল যদিও সেয়া আমাৰ বাবে গৌৰৱৰ বিষয়ো। কাৰণ মহাকুম্ভৰ শুভ উপলক্ষত মহন্ত শ্ৰী ৰাম বাপু জীয়ে মহা মণ্ডলেশ্বৰ উপাধি লাভ কৰিছিল। এয়া যথেষ্ট বৃহৎ অনুষ্ঠান আৰু আমাৰ সকলোৰে বাবে অসীম আনন্দৰ অনুষ্ঠান। মই ৰাম বাপুজীৰ লগতে সমাজৰ সমূহ পৰিয়ালৰ সকলো সদস্যলৈ মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ।বাৱলিয়ালী ধাম কাৰ্যসূচীত ভাষণ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
March 20th, 04:30 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ ভৰৱাদ সম্প্ৰদায়ৰ সৈতে জড়িত বাৱলিয়ালি ধামৰ অনুষ্ঠানত ভিডিঅ’ বাৰ্তাৰ জৰিয়তে ভাষণ আগবঢ়ায়। সভাত আগবঢ়োৱা ভাষণত শ্ৰী মোদীয়ে সমাজৰ আগশাৰীৰ ব্যক্তি মহন্ত শ্ৰী ৰাম বাপুজী আৰু উপস্থিত সহস্ৰাধিক ভক্তক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে। ভৰৱাদ জনগোষ্ঠীৰ পৰম্পৰা আৰু এই পৰম্পৰা ৰক্ষাৰ বাবে নিজৰ জীৱন উচৰ্গা কৰা পূজনীয় সাধু-মহন্তসকলক সশ্ৰদ্ধ প্ৰণাম জনাই তেওঁ ভাষণ আৰম্ভ কৰে। ঐতিহাসিক মহাকুম্ভৰ লগত জড়িত অপৰিসীম আনন্দ আৰু গৌৰৱৰ কথা উল্লেখ কৰি শ্ৰী মোদীয়ে এই পবিত্ৰ অনুষ্ঠানত মহন্ত শ্ৰী ৰাম বাপু জীক মহামণ্ডলেশ্বৰ উপাধি প্ৰদান কৰাৰ উল্লেখযোগ্য অনুষ্ঠানত নিজৰ চিন্তা ব্যক্ত কৰি সকলোৰে বাবে এক বৃহৎ সাফল্য আৰু অপৰিসীম আনন্দৰ উৎস বুলি অভিহিত কৰে। তেওঁ মহন্ত শ্ৰী ৰাম বাপু জী আৰু সমাজৰ পৰিয়ালবৰ্গলৈ তেওঁলোকৰ অৱদান আৰু কৃতিত্বক লৈ সুখ প্ৰকাশ কৰি শুভেচ্ছা জ্ঞাপন কৰে।ৰিপাব্লিক প্লেনেৰী ছামিট ২০২৫ত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
March 06th, 08:05 pm
আপোনালোক সকলো নিশ্চয় ভাগৰি পৰিছে, অৰ্ণবৰ উচ্চ স্বৰত আপোনালোকৰ কাণ দুখন নিশ্চয় ভাগৰি পৰিছে, বহক অৰ্ণব, এতিয়াও নিৰ্বাচনৰ বতৰ হোৱা নাই। প্ৰথমে ৰিপাব্লিক টিভিক এই অভিনৱ অভিজ্ঞতাৰ বাবে অভিনন্দন জনাইছো। আপোনালোকে যুৱক-যুৱতীসকলক তৃণমূল পৰ্যায়ত জড়িত কৰি ইমান ডাঙৰ প্ৰতিযোগিতা আয়োজন কৰি ইয়ালৈ আনিছে। দেশৰ যুৱক-যুৱতীসকল যেতিয়া জাতীয় বক্তৃতাৰ লগত জড়িত হৈ পৰে তেতিয়া চিন্তাত নতুনত্বৰ সৃষ্টি হয়, ই সমগ্ৰ পৰিৱেশকে নতুন শক্তিৰে ভৰাই তোলে আৰু এই সময়ত আমিও ইয়াত একে শক্তি অনুভৱ কৰি আছো। এক প্ৰকাৰে যুৱক-যুৱতীসকলৰ জড়িততাৰে আমি প্ৰতিটো বান্ধোন ভাঙিবলৈ সক্ষম হৈছো, সীমাৰ ঊৰ্ধ্বলৈ যাব পাৰিছো, তথাপিও এনে কোনো লক্ষ্য নাই যিটো অসম্ভৱ। কোনো গন্তব্যস্থান নাই যিটোত উপনীত হ’ব নোৱাৰি। এই সন্মিলনৰ বাবে ৰিপাব্লিক টিভিয়ে নতুন ধাৰণা এটাৰ ওপৰত কাম কৰিছে। এই সন্মিলনৰ সফলতাৰ বাবে আপোনালোক সকলোকে অভিনন্দন জনাইছো আৰু সম্বৰ্ধনা জনাইছো। বাৰু, মোৰো এই বিষয়ে অলপ ন্যস্ত স্বাৰ্থ আছে প্ৰথমতে, মই যোৱা কেইদিনমানৰ পৰা ভাবি আহিছো যে মই এক লাখ যুৱকক ৰাজনীতিত আনিব লাগিব আৰু সেই এক লাখ যুৱক-যুৱতী এনে হ’ব লাগে যি পৰিয়ালৰ প্ৰথম ভোটাৰ, এক প্ৰকাৰে এনেধৰণৰ অনুষ্ঠানে মোৰ এই লক্ষ্যৰ বাবে আধাৰ সাজু কৰি তুলিছে। দ্বিতীয়তে, মোৰ ব্যক্তিগত লাভ আছে, সেয়া হৈছে ২০২৯ চনত ভোট দিবলৈ যাবলগীয়া সকলে নাজানে ২০১৪ চনৰ আগতে বাতৰি কাকতৰ শিৰোনাম কি আছিল, তেওঁলোকে নাজানে, আগতে ১০-১০, ১২-১২ লাখ কোটি টকাৰ কেলেংকাৰী হৈছিল, তেওঁলোকে নাজানে আৰু ২০২৯ চনত কেতিয়া ভোট দিবলৈ যাব, তুলনাৰ বাবে তেওঁলোকৰ আগত একো নাথাকিব আৰু গতিকে সেই পৰীক্ষাত উত্তীৰ্ণ হ’ব লাগিব আৰু মই নিশ্চিত যে যিখন আধাৰ নিৰ্মাণ কৰা হৈছে সেইখনে সেই কামক শক্তিশালী কৰি তুলিব।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰিপাব্লিক প্লেনেৰী ছামিট, ২০২৫ সম্বোধন কৰে
March 06th, 08:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত ৰিপাব্লিক প্লেনেৰী ছামিট, ২০২৫ত অংশগ্ৰহণ কৰে। ইয়াত সমবেতসকলক সম্বোধনেৰে তেখেতে ৰিপাব্লিক টিভিক তৃণমূল পৰ্য্যায়ত যুৱক-যুৱতীসকলক জড়িতকৰণৰ বাবে আৰু এক উল্লেখযোগ্য হেকাথন প্ৰতিযোগিতা আয়োজনৰ উদ্ভাৱনী পদ্ধতি অৱলম্বনৰ বাবে অভিনন্দন জনায়। তেখেতে কয় যে এখন ৰাষ্ট্ৰৰ যুৱক-যুৱতীসকল ৰাষ্ট্ৰীয় বিষয়ৰে জড়িত হৈ পৰা মাত্ৰেকে চিন্তা-ধাৰাৰ ক্ষেত্ৰত নতুনত্বৰ সঞ্চাৰ হয় আৰু সমগ্ৰ পৰিবেশকে তেওঁলোকৰ শক্তিৰে ভৰাই তোলে। তেখেতে কয় যে এই শক্তি আজিৰ সন্মিলনত অনুভূত হৈছে। তেখেতে আৰু কয় যে যুৱক-যুৱতীসকলৰ অংশগ্ৰহণে সকলো বাধা নেওচি সীমনালৈ যোৱাত সহায় কৰে, যাৰ ফলশ্ৰুতিত প্ৰতিটো লক্ষ্য সাধনযোগ্য আৰু প্ৰতিটো গন্তব্যস্থানত উপনীত হ’ব পৰা যায়। এই সন্মিলনৰ বাবে নতুন ধাৰণা এটাৰ ওপৰত কাম কৰাৰ বাবে তেখেতে ৰিপাব্লিক টিভিৰ শলাগ লয় আৰু ইয়াৰ সফলতাৰ বাবে শুভেচ্ছা জনায়। শ্ৰী মোদীয়ে কোনো ৰাজনৈতিক বেকগ্ৰাউণ্ড নথকা এক লাখ যুৱক-যুৱতীক ভাৰতৰ ৰাজনীতিলৈ অনাৰ ধাৰণাটোৰ কথা পুনৰ উল্লেখ কৰে।ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে এমএছএমই খণ্ডৰ ওপৰত বাজেট পৰৱৰ্তী তিনিখন ৱেবিনাৰত প্ৰধানমন্ত্ৰীৰ ভাষণ
March 04th, 01:00 pm
মোৰ কেবিনেটৰ সকলো সহকৰ্মী, বিত্ত আৰু অৰ্থনীতি বিশেষজ্ঞ, অংশীদাৰ, মহিলা আৰু ভদ্র লোকসকল!প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বাজেট-পৰৱৰ্তি ‘ৱে’বিনাৰ’সমূহ সম্বোধন কৰে
March 04th, 12:30 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ‘ভিডিঅ' কনফাৰেন্স’ৰ জৰিয়তে বাজেট-পৰৱৰ্তি ‘ৱে’বিনাৰ’সমূহ সম্বোধন কৰে। ৱে’বিনাৰকেইখন বিকাশৰ ইঞ্জিন হিচাপে এমএছএমই; নিৰ্মাণ, ৰপ্তানি আৰু পাৰমাণৱিক শক্তি অভিযান; নিয়ামক, বিনিয়োগ আৰু ব্যৱসায় কৰাৰ স্বাচ্ছন্দ্য সম্পৰ্কীয় সংস্কাৰ শীৰ্ষক বিষয়বস্তুৰে অনুষ্ঠিত কৰা হৈছিল। অনুষ্ঠানত উপস্থিত সকলক সম্বোধন কৰি তেওঁ মন্তব্য কৰে যে নিৰ্মাণ আৰু ৰপ্তানিৰ ক্ষেত্ৰত বাজেটৰ পিছৰ ৱেবিনাৰসমূহ হৈছে যথেষ্ট গুৰুত্বপূৰ্ণ। এই বাজেট চৰকাৰৰ তৃতীয়টো কাৰ্যকালৰ প্ৰথমখন পূৰ্ণ বাজেট বুলি উল্লেখ কৰি তেওঁ গুৰুত্ব আৰোপ কৰে যে এই বাজেটৰ আটাইতকৈ উল্লেখযোগ্য দিশটো হৈছে ইয়াৰ বিতৰণ, যি প্ৰত্যাশাকো অতিক্ৰম কৰিছে। শ্ৰী মোদীয়ে উল্লেখ কৰে যে কেবাটাও ক্ষেত্ৰত চৰকাৰে বিশেষজ্ঞসকলে আশা কৰাতকৈ অধিক পদক্ষেপ গ্ৰহণ কৰিছে। তেওঁ এইটোও উল্লেখ কৰে যে এই বাজেটত উৎপাদন আৰু ৰপ্তানি সন্দৰ্ভত গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হৈছে।এন এক্স টি কনক্লেভত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ
March 01st, 11:00 am
আইটিভি নেটৱৰ্কৰ প্ৰতিষ্ঠাপক তথা সংসদত মোৰ সতীৰ্থ শ্ৰীযুত কাৰ্তিকেয়া শৰ্মা জী, নেটৱৰ্কৰ সমগ্ৰ দল, দেশ-বিদেশৰ সকলো অতিথি, অন্যান্য বিশিষ্ট ব্যক্তিবৃন্দ, নিউজএক্স ৱৰ্ল্ডৰ শুভ আৰম্ভণিৰ বাবে আপোনালোক সকলোকে আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছো আৰু ইয়াৰ সফলতাৰ বাবে শুভেচ্ছা জনাইছো। আজি হিন্দী আৰু ইংৰাজীকে ধৰি আপোনাৰ নেটৱৰ্কৰ সকলো আঞ্চলিক চেনেলে বিশ্বমুখী যাত্ৰাৰ দিশত এক উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰিছে। ইয়াৰ উপৰিও আজি কেইবাটাও ফেল’শ্বিপ আৰু বৃত্তিও আৰম্ভ কৰা হৈছে। এই কাৰ্যসূচীসমূহৰ বাবে আৰু তেওঁলোকৰ ভৱিষ্যতৰ প্ৰচেষ্টাৰ বাবে আপোনালোক সকলোকে শুভেচ্ছা জনাইছো।এনএক্সটি কনক্লেভত অংশগ্ৰহণ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
March 01st, 10:34 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ভাৰত মাণ্ডপামত অনুষ্ঠিত এনএক্সটি কনক্লেভত অংশগ্ৰহণ কৰে। সভাত ভাষণ দি তেওঁ নিউজএক্স ৱৰ্ল্ডৰ শুভ উন্মোচনৰ বাবে আন্তৰিক অভিনন্দন জ্ঞাপন কৰে। তেওঁ আলোকপাত কৰে যে নেটৱৰ্কটোৱে হিন্দী, ইংৰাজী, আৰু বিভিন্ন আঞ্চলিক ভাষাৰ চেনেলসমূহক সামৰি লৈছে, আৰু আজি, ই বিশ্বব্যাপী হোৱাৰ দিশত এক উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰিছে। প্ৰধানমন্ত্ৰীয়ে কেইবাটাও ফেল’শ্বিপ আৰু ফেল’শ্বিপৰ আৰম্ভণিৰ কথাও উল্লেখ কৰি এই কাৰ্যসূচীসমূহৰ সফলতাৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে।গুৱাহাটীত এডভান্টেজ আছাম ২.০ বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলন, ২০২৫ উদ্বোধন কৰি প্ৰধানমন্ত্ৰীৰ ভাষণৰ পূৰ্ণপাঠ
February 25th, 11:10 am
পূব ভাৰত আৰু উত্তৰ-পূৰ্বাঞ্চলত আজিৰেপৰা এক নতুন ভৱিষ্যতৰ আৰম্ভ হ’ব। এডভান্টেজ আছাম হৈছে সমগ্ৰ বিশ্বক অসমৰ সম্ভাৱনা আৰু প্ৰগতিৰ সৈতে সংযোগ কৰাৰ এক বৃহৎ অভিযান। ইতিহাস সাক্ষী যে ইয়াৰ পূৰ্বেও ভাৰতৰ সমৃদ্ধিৰ ক্ষেত্ৰত পূব ভাৰতে এটি মুখ্য ভূমিকা পালন কৰিছিল। আজি ভাৰত উন্নয়নৰ দিশে ধাৱমান হোৱাৰ সময়তে আকৌ এবাৰ পূব ভাৰত, আমাৰ উত্তৰ-পূৰ্বাঞ্চলে নিজৰ শক্তি প্ৰদৰ্শন কৰিবলৈ আগবাঢ়িছে। মই এডভান্টেজ অসমক এই মনোভাৱৰ প্ৰতিফলন হিচাপে প্ৰত্যক্ষ কৰিছোঁ। এই বিশাল অনুষ্ঠান আয়োজনৰ বাবে অসম চৰকাৰ আৰু হিমন্ত ডাঙৰীয়াৰ সমগ্ৰ টীমটোক অভিনন্দন জনাইছোঁ। মোৰ আজি মনত পৰিছে, ২০১৩ত মই নিৰ্বাচনী প্ৰচাৰৰ বাবে অসম ভ্ৰমণ কৰোঁতে, এখন সভাত মোৰ মনৰপৰা মাত্ৰ এটা শব্দ ওলাই আহিছিল। মই তেতিয়া কৈছিলোঁ, জনসাধাৰণে বৰ্ণমালা পঢ়োঁতে “এ ফৰ আছাম” বুলি ক’বলৈ বেছি দিন নাই।এডভাণ্টেজ আছাম ২.০ বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলন ২০২৫ উদ্বোধন প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
February 25th, 10:45 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অসমৰ গুৱাহাটীত এডভাণ্টেজ আছাম ২.০ বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলন-২০২৫ উদ্বোধন কৰে। অনুষ্ঠানত উপস্থিত সকলো গণ্যমান্য ব্যক্তিক আদৰণি জনাই শ্ৰী মোদীয়ে কয়, “পূব ভাৰত আৰু উত্তৰ-পূব ভাৰতে আজি ভৱিষ্যতৰ এক নতুন যাত্ৰাত অগ্ৰসৰ হৈছে আৰু এডভাণ্টেজ আছাম হৈছে অসমৰ অবিশ্বাস্য সম্ভাৱনা আৰু প্ৰগতি বিশ্বৰ সৈতে সংযোগ কৰাৰ এক বৃহৎ পদক্ষেপ।” তেওঁ লগতে কয় যে ভাৰতৰ সমৃদ্ধিৰ ক্ষেত্ৰত পূব ভাৰতৰ মূল ভূমিকা সম্পৰ্কে ইতিহাস সাক্ষী। প্ৰধানমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে, “আজি আমি উন্নত ভাৰতৰ দিশে আগবাঢ়ি যোৱাৰ লগে লগে পূব ভাৰত আৰু উত্তৰ-পূবৰ দেশসমূহে নিজৰ প্ৰকৃত সম্ভাৱনা প্ৰদৰ্শন কৰিব।” এডভাণ্টেজ আছামে একে মনোভাৱক প্ৰতিনিধিত্ব কৰে বুলি উল্লেখ কৰি এই বৃহৎ অনুষ্ঠান আয়োজন কৰাৰ বাবে অসম চৰকাৰ আৰু মুখ্যমন্ত্ৰীক অভিনন্দন জ্ঞাপন কৰে। তেওঁ ২০১৩ চনৰ বক্তব্য স্মৰণ কৰে, যেতিয়া তেওঁ কৈছিল যে ‘এ ফৰ আছাম’-এ মান্যতাৰ পোৱাৰ সেই দিন বেছি দূৰত নহয়৷ইটি নাও গ্ল’বেল বিজনেছ ছামিটত প্ৰধানমন্ত্ৰীৰ ভাষণৰ লিখিত পাঠ
February 15th, 08:30 pm
যোৱাবাৰ যেতিয়া মই ইটি নাও সন্মিলনত অংশ লৈছিলো তেতিয়া নিৰ্বাচনৰ সময় ওচৰ চাপিছিল। সেই সময়ত মই বিনম্ৰভাৱে কৈছিলোঁ যে আমাৰ তৃতীয় কাৰ্যকালত ভাৰতে নতুন গতিৰে কাম কৰিব। মই সন্তুষ্ট যে এই গতি আজি দেখা গৈছে আৰু দেশেও ইয়াক সমৰ্থন কৰিছে। নতুন চৰকাৰ গঠনৰ পিছত দেশৰ বহু ৰাজ্যত ৰাইজৰ আশীৰ্বাদ ধাৰাবাহিকভাৱে লাভ কৰি আছে বিজেপি-এনডিএ!জুন মাহত ওড়িশাৰ জনসাধাৰণে উন্নত ভাৰতৰ সংকল্পক গতি প্ৰদান কৰিছিল, তাৰ পিছত হাৰিয়ানাৰ জনসাধাৰণে সমৰ্থন কৰে আৰু এতিয়া দিল্লীৰ জনসাধাৰণে আমাক সম্পূৰ্ণ সমৰ্থন দিছে। আজি দেশৰ জনসাধাৰণে যে কান্ধত কান্ধ মিলাই উন্নত ভাৰতৰ লক্ষ্যৰ দিশে আগবাঢ়িছে, তাৰ প্ৰমাণ পোৱা গৈছে।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ‘ইটি নাও গ্লোবেল বিজনেছ ছামিট ২০২৫’ ত ভাষণ প্ৰদান কৰে
February 15th, 08:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত অনুষ্ঠিত ‘ইটি নাও গ্লোবেল বিজনেছ ছামিট ২০২৫’ত উপস্থিত সকলক সম্বোধন কৰি স্মৰণ কৰে যে ‘ইটি নাও সন্মিলন’ৰ অন্তিম সংস্কৰণত তেওঁ বিনয়ৰে কৈছিল যে তেওঁলোকৰ তৃতীয়টো কাৰ্যকালত ভাৰতে এক নতুন গতিত কাম কৰিব। তেওঁ সন্তুষ্টি ব্যক্ত কৰে যে এই গতি এতিয়া স্পষ্ট হৈ উঠিছে আৰু দেশৰ পৰা সমৰ্থন লাভ কৰিছে। তেওঁ উৰিষ্যা, মহাৰাষ্ট্ৰ, হাৰিয়ানা আৰু নতুন দিল্লীৰ জনসাধাৰণক ‘বিকশিত ভাৰত’ৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ প্ৰতি অপৰিসীম সমৰ্থন দেখুওৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। তেওঁ ইয়াক এক উন্নত ভাৰতৰ লক্ষ্যৰ দিশত দেশৰ নাগৰিকসকলে কেনেদৰে কান্ধত কান্ধ মিলাই আগবাঢ়িছে তাৰ স্বীকৃতি বুলিয়ে স্বীকাৰ কৰে।The foundation of India - France friendship is based on the spirit of deep trust, innovation, & public welfare: PM at India-France CEO Forum, Paris
February 12th, 12:45 am
Giving a boost to business ties between India and France, PM Modi and President Macron attended the CEO Forum in Paris. The PM highlighted India's rise as a global economic powerhouse fueled by stability, reforms and innovation.Governance is not a platform for nautanki: PM slams AAP-da after BJP sweeps Delhi
February 08th, 07:00 pm
In a landmark victory, the BJP emerged victorious in the national capital after 27 years. Addressing enthusiastic Karyakartas at the BJP headquarters, PM Modi hailed the triumph as a win for development, vision and trust. “Today, the people of Delhi are filled with both enthusiasm and relief. The enthusiasm is for victory, and the relief is from freeing Delhi from the AAP-da”, PM Modi declared, emphasising that Delhi has chosen progress over an era of chaos.PM Modi addresses BJP Karyakartas at Party Headquarters after historic victory in Delhi
February 08th, 06:30 pm
In a landmark victory, the BJP emerged victorious in the national capital after 27 years. Addressing enthusiastic Karyakartas at the BJP headquarters, PM Modi hailed the triumph as a win for development, vision and trust. “Today, the people of Delhi are filled with both enthusiasm and relief. The enthusiasm is for victory, and the relief is from freeing Delhi from the AAP-da”, PM Modi declared, emphasising that Delhi has chosen progress over an era of chaos.ৰাজ্যসভাত ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদসুচক প্ৰস্তাৱৰ বিতৰ্কত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰত্যুত্তৰৰ অসমীয়া অনুবাদ
February 06th, 04:21 pm
মাননীয় ৰাষ্ট্ৰপতি মহোদয়াই তেওঁ ভাষণত ভাৰতৰ সাফল্য, ভাৰতৰ পৰা বিশ্বৰ আশা, ভাৰতৰ সাধাৰণ মানুহৰ আত্মবিশ্বাস আৰু ভাৰতক উন্নত দেশ হিচাপে গঢ়ি তোলাৰ সংকল্পৰ বিষয়ে বিতংভাৱে আলোচনা কৰাৰ লগতে দেশখনক ভৱিষ্যতৰ দিশটোও দেখুৱাইছে। মাননীয় ৰাষ্ট্ৰপতিৰ ভাষণ আছিল প্ৰেৰণাদায়ক, ফলপ্ৰসূ আৰু লগতে আমাৰ সকলোৰে বাবে ভৱিষ্যতৰ কামৰ বাবে এক নিৰ্দেশনা। সন্মানীয় ৰাষ্ট্ৰপতিগৰাকীক তেওঁৰ ভাষণৰ বাবে ধন্যবাদ জনাছো!ৰাজ্যসভাত ৰাষ্ট্ৰপতিৰ ভাষণৰ প্ৰতি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ ধন্যবাদসূচক প্ৰস্তাৱৰ উত্তৰ
February 06th, 04:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাজ্যসভাত সংসদত ৰাষ্ট্ৰপতিৰ ভাষণৰ প্ৰতি ধন্যবাদসূচক প্ৰস্তাৱৰ উত্তৰ দিয়ে। সদনত ভাষণ প্ৰদানেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ৰাষ্ট্ৰপতিৰ সম্বোধনে ভাৰতৰ সাফল্য, ভাৰতৰপৰা বিশ্বৰ প্ৰত্যাশা আৰু এখনি উন্নত ভাৰত গঢ়াৰ ক্ষেত্ৰত সাধাৰণ লোকৰ আত্মবিশ্বাসক সামৰি লৈছে। তেখেতে কয় যে ৰাষ্ট্ৰপতিৰ ভাষণ প্ৰেৰণাদায়ক, প্ৰভাৱশালী আৰু এই ভাষণে ভৱিষ্যতৰ কাৰ্য্যপন্থাৰ বাবে পথ প্ৰদৰ্শন কৰিছে। তেখেতে এই ভাষণৰ বাবে ৰাষ্ট্ৰপতিৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে।কেন্দ্ৰীয় বাজেট সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ মন্তব্যৰ অসমীয়া অনুবাদ
February 01st, 03:00 pm
আজি ভাৰতৰ উন্নয়ন যাত্ৰাৰ এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি! এয়া ১৪০ কোটি ভাৰতীয়ৰ আকাংক্ষাৰ বাজেট, প্ৰতিজন ভাৰতীয়ৰ সপোন পূৰণ কৰা বাজেট। আমি যুৱক-যুৱতীসকলৰ বাবে বহু খণ্ড মুকলি কৰিছো। সাধাৰণ নাগৰিকেই উন্নত ভাৰতৰ অভিযানক আগুৱাই নিব। এই বাজেটে বিকাশত অপৰিসীম শক্তি যোগাব। এই বাজেটে সঞ্চয় বৃদ্ধি, বিনিয়োগ বৃদ্ধি, ব্যয় বৃদ্ধি কৰাৰ লগতে বিকাশৰ গতিও ত্বৰান্বিত কৰিব। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ আৰু তেওঁৰ সমগ্ৰ দলটোক এই জনমুখী বাজেট প্ৰস্তুত কৰাৰ বাবে অভিনন্দন জনাইছো।২০২৫-২৬ চনৰ কেন্দ্ৰীয় বাজেট সন্দৰ্ভত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ মন্তব্য
February 01st, 02:30 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' বাৰ্তাৰ জৰিয়তে ২০২৫-২৬ চনৰ কেন্দ্ৰীয় বাজেট সন্দৰ্ভত নিজৰ মন্তব্য আগবঢ়ায়। আজি উথ্থাপিত বাজেটখন ভাৰতৰ উন্নয়নৰ যাত্ৰাত এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে চিহ্নিত হোৱা বুলি উল্লেখ কৰি শ্ৰী মোদীয়ে কয় যে এই বাজেটে ১৪০ কোটি ভাৰতীয়ৰ আশা-আকাংক্ষা প্ৰতিফলিত কৰিছে আৰু প্ৰতিগৰাকী নাগৰিকৰ সপোন পূৰণ কৰিব। তেওঁ উল্লেখ কৰে যে যুৱ-প্ৰজন্মৰ বাবে কেবাটাও খণ্ড মুকলি কৰা হৈছে আৰু সাধাৰণ নাগৰিকে বিকশিত ভাৰত (উন্নত ভাৰত)ৰ অভিযান চলাব। প্ৰধানমন্ত্ৰীয়ে জোৰ দি কয় যে এইখন বাজেট হৈছে এক শক্তি গুণক, যি সঞ্চয়, বিনিয়োগ, উপভোগ আৰু বিকাশৰ হাৰ বৃদ্ধি কৰিব। তেওঁ কেন্দ্ৰীয় বিত্ত আৰু কৰ্পোৰেট পৰিক্ৰমা মন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমণ আৰু তেওঁৰ দলটোক এই 'পিপলছ বাজেট'ৰ বাবে অভিনন্দন জনায়।আজি ৰাষ্ট্ৰপতি মহোদয়ে সংসদৰ দুয়োটা সদনত দিয়া ভাষণে আমাৰ দেশৰ বিকশিত ভাৰত লাভৰ দিশত কৰা যাত্ৰাৰ এক শক্তিশালী ৰূপৰেখা দাঙি ধৰিলে। - প্ৰধানমন্ত্ৰী
January 31st, 02:43 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সংসদৰ দুয়োটা সদনত সন্মানীয় ৰাষ্ট্ৰপতিৰ ভাষণক প্ৰশংসা কৰি ভাৰতৰ বিকশিত ভাৰত হোৱাৰ পথৰ বাবে এক ব্যাপক দৃষ্টিভংগী বুলি অভিহিত কৰিছে।