উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত গ্লোবেল ইনভেষ্টৰ্ছ ছামিট ২০২৩ ত প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠ
February 10th, 11:01 am
উত্তৰ প্ৰদেশৰ ৰাজ্যপাল শ্ৰীমতী ড. আনন্দিবেন পেটেল, উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ জী, উপ-মুখ্যমন্ত্ৰী কেশৱ প্ৰসাদ মৌৰ্য জী আৰু ব্ৰজেশ পাঠক জী, কেন্দ্ৰীয় কেবিনেটত মোৰ জ্যেষ্ঠ সহকৰ্মী তথা লক্ষ্ণৌৰ প্ৰতিনিধি শ্ৰী ৰাজনাথ সিং জী, বিভিন্ন দেশৰ সন্মানীয় ব্যক্তিসকল, উত্তৰ প্ৰদেশৰ সকলো মন্ত্ৰী আৰু উদ্যোগটোৰ সন্মানীয় সদস্যসকল, গ্ল'বেল ইনভেষ্টাৰ ফ্ৰেটাৰ্নিটি, নীতি নিৰ্ধাৰক, কৰ্প’ৰেট নেতাসকল, লগতে গ্ল'বেল ইনভেষ্টৰ্ছ ছামিটত অংশগ্ৰহণ কৰা সকলো সুধীবৃন্দ!প্ৰধানমন্ত্ৰীয়ে লক্ষ্ণৌত উত্তৰ প্ৰদেশ গ্লোবেল ইনভেষ্টৰ্ছ ছামিট ২০২৩ উদ্বোধন কৰে
February 10th, 11:00 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি লক্ষ্ণৌত উত্তৰ প্ৰদেশ গ্লোবেল ইনভেষ্টৰছ ছামিট ২০২৩ উদ্বোধন কৰে। তেওঁ গ্লোবেল ট্ৰেড শ্ব'ৰ উদ্বোধন কৰে আৰু কাৰ্যসূচীটোৰ সময়ত ইনভেষ্ট ইউপি ২.০ মুকলি কৰে। উত্তৰ প্ৰদেশ গ্লোবেল ইনভেষ্টৰ্ছ ছামিট ২০২৩ হৈছে উত্তৰ প্ৰদেশ চৰকাৰৰ মুখ্য বিনিয়োগ সন্মিলন যিয়ে সমগ্ৰ বিশ্বৰ নীতি নিৰ্মাতা, উদ্যোগৰ নেতা, শিক্ষাবিদ, থিংক টেংক আৰু নেতাসকলক একত্ৰিত কৰি সামূহিকভাৱে ব্যৱসায়ৰ সুযোগ অন্বেষণ কৰিব আৰু অংশীদাৰীত্ব গঢ়ি তুলিব। প্ৰধানমন্ত্ৰীয়ে প্ৰদৰ্শনীখনো পৰিদৰ্শন কৰে।কেন্দ্ৰীয় মন্ত্ৰীসভাই ৰাষ্ট্ৰীয় খাদ্য তেল মিছন-পাম অইলৰ ৰূপায়ণক মঞ্জুৰী দিয়
August 18th, 11:54 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেন্দ্ৰীয় মন্ত্ৰীসভাৰ বৈঠকত বীজৰ তেলৰ (পাম অইল) বাবে এক নতুন মিছনৰ আৰম্ভণিক মঞ্জুৰী দিয়া হৈছে, যাৰ নাম হৈছে ৰাষ্ট্ৰীয় খাদ্য তেল- পাম অইল মিছন (এনএমইঅ'-অ'পি)। ই কেন্দ্ৰৰ দ্বাৰা পৰিকল্পিত এটা নতুন যোজনা আৰু ইয়াৰ ফ'কাছ উত্তৰ-পূৰ্বাঞ্চল তথা আন্দামান আৰু নিকোবাৰ দ্বীপপুঞ্জ। খাদ্য তেলৰ নিৰ্ভৰতা বৃহৎ পৰিমাণৰ আমদানিৰ ওপৰত চলি আছে, সেয়ে এইটো আৱশ্যকীয় যে দেশতে খাদ্য তেলৰ উৎপাদনত গতি আনিব লাগে। ইয়াৰ বাবে পাম অইলৰ কৃষি ক্ষেত্ৰ আৰু উৎপাদন বৃদ্ধি কৰা দৰকাৰ।