ফাষ্ট ৰিটেইলিং কোম্পানী লিমিটেডৰ অধ্যক্ষ তথা মুখ্য কাৰ্যবাহী বিষয়া শ্ৰীযুত তাদাশী য়ানাইৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক

May 23rd, 12:29 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৩ মে, ২০২২ তাৰিখে টকিঅ'ত ইউনিক্ল'ৰ মূল কোম্পানী ফাষ্ট ৰিটেইলিং কোম্পানী লিমিটেডৰ অধ্যক্ষ তথা মুখ্য কাৰ্যবাহী বিষয়া তাদাশী য়ানাইক সাক্ষাৎ কৰে। বৈঠকত তেওঁলোকে ভাৰতত দ্ৰুতগতিত বৰ্ধিত বস্ত্ৰ আৰু পোছাকৰ বজাৰ আৰু ভাৰতত বস্ত্ৰ প্ৰকল্পৰ বাবে উৎপাদন সংযোজিত ইনচেণ্টিভ (পিএলআই) আঁচনিৰ অধীনত বিনিয়োগৰ সুযোগ সম্পৰ্কে আলোচনা কৰে। তেওঁলোকে ভাৰতৰ বিদেশী বিনিয়োগকাৰীসকলৰ বাবে ব্যৱসায় কৰাৰ সুচলতা সম্পৰ্কীয় বিভিন্ন সংস্কাৰৰ বিষয়েও আলোচনা কৰে, যাৰ ভিতৰত আছে ঔদ্যোগিক বিকাশ, আন্তঃগাঁথনি, কৰ আৰু শ্ৰমিক শক্তিৰ ক্ষেত্ৰসমূহ।