ৱাৰ্ধা, মহাৰাষ্ট্ৰত ৰাষ্ট্ৰীয় ‘পিএম বিশ্বকৰ্মা’ কাৰ্যসূচীত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ অসমীয়া অনুবাদ
September 20th, 11:45 am
মাত্ৰ দুদিন আগতে আমি সকলোৱে বিশ্বকৰ্মা পূজাৰ উৎসৱ পালন কৰিলোঁ। আৰু আজি, ৱাৰ্ধাৰ পৱিত্ৰ ভূমিত আমি পিএম বিশ্বকৰ্মা যোজনাৰ সফলতাৰ উৎসৱ উদযাপন কৰিছোঁ। আজি এই দিনটো এইবাবেও বিশেষ, কাৰণ ১৯৩২ চনৰ আজিৰ দিনটোতে মহাত্মা গান্ধীয়ে অস্পৃশ্যতাৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছিল। এনে পৰিস্থিতিত বিশ্বকৰ্মা যোজনাৰ এবছৰ সম্পূৰ্ণ হোৱাৰ এই উদযাপন, বিনোৱা ভৱেৰ এই সাধনাস্থলী, মহাত্মা গান্ধীৰ এই কৰ্মস্থলী, ৱাৰ্ধাৰ এই ভূমি, এই অভিজ্ঞতা আৰু প্ৰেৰণাৰ এনে সংগম, যিয়ে বিকশিত ভাৰতৰ আমাৰ সংকল্পক নতুন শক্তি প্ৰদান কৰিব। বিশ্বকৰ্মা যোজনাৰ জৰিয়তে আমি শ্ৰমৰ জৰিয়তে সমৃদ্ধি, ইয়াৰ দক্ষতাৰ জৰিয়তে উন্নত ভৱিষ্যতৰ যি সংকল্প লৈছোঁ, ৱাৰ্ধাত বাপুৰ প্ৰেৰণাই আমাৰ সেই সংকল্পবোৰক পূৰ্ণতালৈ লৈ যোৱাৰ মাধ্যম হৈ পৰিব। মই এই আঁচনিৰ সৈতে জড়িত সকলো লোককে, সমগ্ৰ দেশৰ সকলো হিতাধিকাৰীকে এই উপলক্ষে অভিনন্দন জনাইছোঁ।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ মহাৰাষ্ট্ৰৰ ৱাৰ্ধাত ৰাষ্ট্ৰীয় প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা কাৰ্যসূচী সম্বোধন
September 20th, 11:30 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মহাৰাষ্ট্ৰৰ ৱাৰ্ধাত ৰাষ্ট্ৰীয় প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা কাৰ্যসূচীত ভাষণ দিয়ে। প্ৰধানমন্ত্ৰীয়ে 'আচাৰ্য চাণক্য দক্ষতা বিকাশ' আঁচনি আৰু 'পুণ্যশ্লোক অহিল্যদেৱী হোলকাৰ মহিলা ষ্টাৰ্টআপ আঁচনি' মুকলি কৰে। তেওঁ প্ৰধানমন্ত্ৰী বিশ্বকৰ্মাৰ হিতাধিকাৰীসকলৰ প্ৰমাণপত্ৰ আৰু ঋণ মুকলি কৰাৰ লগতে প্ৰধানমন্ত্ৰী বিশ্বকৰ্মাৰ অধীনত এবছৰৰ প্ৰগতি উপলক্ষে উৎসৰ্গিত এটা স্মাৰক ডাকটিকটো মুকলি কৰে। শ্ৰী মোদীয়ে মহাৰাষ্ট্ৰৰ অমৰাৱতীত প্ৰধানমন্ত্ৰী মেগা ইণ্টিগ্ৰেটেড টেক্সটাইল ৰিজিয়ন এণ্ড এপাৰেল (পিএম মিত্ৰ) উদ্যানৰ আধাৰশিলাও স্থাপন কৰে। প্ৰধানমন্ত্ৰীয়ে অনুষ্ঠানটোত প্ৰদৰ্শিত প্ৰদৰ্শনীখনৰ কিছু অংশ পদব্ৰজে ভ্ৰমণ কৰে।নতুন দিল্লীৰ ভাৰত টেক্স ২০২৪ত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
February 26th, 11:10 am
কেবিনেটত থকা মোৰ সহকৰ্মী পীয়ুষ গোৱেলজী, দৰ্শনা জাৰ্দোশজী, বিভিন্ন দেশৰ ৰাষ্ট্ৰদূত, জ্যেষ্ঠ কূটনীতিবিদ, কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ বিষয়া, ফেশ্বন আৰু বস্ত্ৰ জগতৰ সৈতে জড়িত সকলো সহকৰ্মী, যুৱ উদ্যোগী, শিক্ষাৰ্থী, আমাৰ শিপিনী আৰু আমাৰ শিল্পী বন্ধু, মহিলা আৰু ভদ্ৰলোকসকল! ভাৰত মণ্ডপমত চলি থকা ভাৰত টেক্সলৈ আপোনালোক সকলোকে অভিনন্দন! আজিৰ এই অনুষ্ঠানটো নিজেই অতি বিশেষ। বিশেষ এইবাবেই যে ই ভাৰতৰ দুটা বৃহৎ প্ৰদৰ্শনী কেন্দ্ৰ, ভাৰত মণ্ডপম আৰু যশোভুমিত দুয়োটা একেলগে হৈ আছে। আজি, ৩,০০০ ৰো অধিক প্ৰদৰ্শক... ১০০ খন দেশৰ প্ৰায় ৩,০০০ ক্ৰেতা... ৪০,০০০ৰো অধিক বাণিজ্য দৰ্শনাৰ্থী... একেলগে এই অনুষ্ঠানটোৰ সৈতে জড়িত। এই অনুষ্ঠানটোৱে বস্ত্ৰ পৰিৱেশতন্ত্ৰৰ সকলো অংশীদাৰ আৰু সেই লোকসকলক সমগ্ৰ মূল্য শৃংখলাটোৰ বাবে একত্ৰিত হ'বলৈ এখন মঞ্চ প্ৰদান কৰিছে।নতুন দিল্লীত ভাৰত টেক্স ২০২৪ উদ্বোধন প্ৰধানমন্ত্ৰীৰ
February 26th, 10:30 am
এই উপলক্ষে সভাত আগবঢ়োৱা ভাষণত প্ৰধানমন্ত্ৰীয়ে ভাৰত টেক্স ২০২৪লৈ সকলোকে আদৰণি জনাই কয় যে আজিৰ এই অনুষ্ঠানটো বিশেষ কাৰণ ভাৰতৰ দুটা বৃহৎ প্ৰদৰ্শনী কেন্দ্ৰ ক্ৰমে ভাৰত মণ্ডপম আৰু যশোভূমিত এই অনুষ্ঠান অনুষ্ঠিত হৈছে। তেওঁ প্ৰায় ১০০খন দেশৰ ৩০০০ৰো অধিক প্ৰদৰ্শক আৰু ব্যৱসায়ী আৰু প্ৰায় ৪০,০০০ দৰ্শনাৰ্থীৰ সংগঠনক স্বীকাৰ কৰে, কিয়নো ভাৰত টেক্সে তেওঁলোক সকলোকে এক মঞ্চ প্ৰদান কৰিছে৷Exchange of MoUs in the presence of Prime Minister, on the sidelines of the inauguration of Make in India Centre
February 13th, 04:27 pm