প্ৰধানমন্ত্ৰীয়ে প্ৰতিৰক্ষা নিৰ্মাণত আত্মনিৰ্ভৰশীলতা আৰু বিশ্বজনীন নেতৃত্বৰ দিশত ভাৰতৰ যাত্ৰাৰ প্ৰশংসা কৰে
April 01st, 07:35 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি প্ৰতিৰক্ষা নিৰ্মাণত আত্মনিৰ্ভৰশীলতা আৰু বিশ্বজনীন নেতৃত্বৰ দিশত ভাৰতৰ যাত্ৰাৰ প্ৰশংসা কৰে।টিভি৯ সন্মিলন ২০২৫ত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
March 28th, 08:00 pm
শ্ৰীমান ৰামেশ্বৰ গাৰু জী, ৰামু জী, বৰুণ দাস জী, টিভি৯ৰ সমগ্ৰ দল, আপোনালোকৰ নেটৱৰ্কৰ সকলো দৰ্শক, ইয়াত উপস্থিত সকলো গণ্যমান্য ব্যক্তিক এই সন্মিলনৰ বাবে অভিনন্দন জনাইছো।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে টিভি৯ সন্মিলন, ২০২৫ সম্বোধন কৰে
March 28th, 06:53 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত টিভি৯ সন্মিলন, ২০২৫-ত অংশগ্ৰহণ কৰে। ইয়াত সমবেতসকলক সম্বোধনেৰে তেখেতে টিভি৯ৰ সমগ্ৰ টীমটো আৰু ইয়াৰ দৰ্শকসকললৈ শুভেচ্ছা জ্ঞাপন কৰে। তেখেতে কয় যে টিভি৯ৰ আঞ্চলিক দৰ্শক বিস্তৃত আৰু তেখেতে লগতে কয় যে এতিয়া বিশ্বৰ দৰ্শকো সাজু হৈছে। তেখেতে এই অনুষ্ঠানৰ সৈতে টেলিকনফাৰেন্সৰ জৰিয়তে সংযোগ স্থাপন কৰা প্ৰবাসী ভাৰতীয়সকলকো আদৰণি আৰু সম্ভাষণ জনায়।ৰিপাব্লিক প্লেনেৰী ছামিট ২০২৫ত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
March 06th, 08:05 pm
আপোনালোক সকলো নিশ্চয় ভাগৰি পৰিছে, অৰ্ণবৰ উচ্চ স্বৰত আপোনালোকৰ কাণ দুখন নিশ্চয় ভাগৰি পৰিছে, বহক অৰ্ণব, এতিয়াও নিৰ্বাচনৰ বতৰ হোৱা নাই। প্ৰথমে ৰিপাব্লিক টিভিক এই অভিনৱ অভিজ্ঞতাৰ বাবে অভিনন্দন জনাইছো। আপোনালোকে যুৱক-যুৱতীসকলক তৃণমূল পৰ্যায়ত জড়িত কৰি ইমান ডাঙৰ প্ৰতিযোগিতা আয়োজন কৰি ইয়ালৈ আনিছে। দেশৰ যুৱক-যুৱতীসকল যেতিয়া জাতীয় বক্তৃতাৰ লগত জড়িত হৈ পৰে তেতিয়া চিন্তাত নতুনত্বৰ সৃষ্টি হয়, ই সমগ্ৰ পৰিৱেশকে নতুন শক্তিৰে ভৰাই তোলে আৰু এই সময়ত আমিও ইয়াত একে শক্তি অনুভৱ কৰি আছো। এক প্ৰকাৰে যুৱক-যুৱতীসকলৰ জড়িততাৰে আমি প্ৰতিটো বান্ধোন ভাঙিবলৈ সক্ষম হৈছো, সীমাৰ ঊৰ্ধ্বলৈ যাব পাৰিছো, তথাপিও এনে কোনো লক্ষ্য নাই যিটো অসম্ভৱ। কোনো গন্তব্যস্থান নাই যিটোত উপনীত হ’ব নোৱাৰি। এই সন্মিলনৰ বাবে ৰিপাব্লিক টিভিয়ে নতুন ধাৰণা এটাৰ ওপৰত কাম কৰিছে। এই সন্মিলনৰ সফলতাৰ বাবে আপোনালোক সকলোকে অভিনন্দন জনাইছো আৰু সম্বৰ্ধনা জনাইছো। বাৰু, মোৰো এই বিষয়ে অলপ ন্যস্ত স্বাৰ্থ আছে প্ৰথমতে, মই যোৱা কেইদিনমানৰ পৰা ভাবি আহিছো যে মই এক লাখ যুৱকক ৰাজনীতিত আনিব লাগিব আৰু সেই এক লাখ যুৱক-যুৱতী এনে হ’ব লাগে যি পৰিয়ালৰ প্ৰথম ভোটাৰ, এক প্ৰকাৰে এনেধৰণৰ অনুষ্ঠানে মোৰ এই লক্ষ্যৰ বাবে আধাৰ সাজু কৰি তুলিছে। দ্বিতীয়তে, মোৰ ব্যক্তিগত লাভ আছে, সেয়া হৈছে ২০২৯ চনত ভোট দিবলৈ যাবলগীয়া সকলে নাজানে ২০১৪ চনৰ আগতে বাতৰি কাকতৰ শিৰোনাম কি আছিল, তেওঁলোকে নাজানে, আগতে ১০-১০, ১২-১২ লাখ কোটি টকাৰ কেলেংকাৰী হৈছিল, তেওঁলোকে নাজানে আৰু ২০২৯ চনত কেতিয়া ভোট দিবলৈ যাব, তুলনাৰ বাবে তেওঁলোকৰ আগত একো নাথাকিব আৰু গতিকে সেই পৰীক্ষাত উত্তীৰ্ণ হ’ব লাগিব আৰু মই নিশ্চিত যে যিখন আধাৰ নিৰ্মাণ কৰা হৈছে সেইখনে সেই কামক শক্তিশালী কৰি তুলিব।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰিপাব্লিক প্লেনেৰী ছামিট, ২০২৫ সম্বোধন কৰে
March 06th, 08:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত ৰিপাব্লিক প্লেনেৰী ছামিট, ২০২৫ত অংশগ্ৰহণ কৰে। ইয়াত সমবেতসকলক সম্বোধনেৰে তেখেতে ৰিপাব্লিক টিভিক তৃণমূল পৰ্য্যায়ত যুৱক-যুৱতীসকলক জড়িতকৰণৰ বাবে আৰু এক উল্লেখযোগ্য হেকাথন প্ৰতিযোগিতা আয়োজনৰ উদ্ভাৱনী পদ্ধতি অৱলম্বনৰ বাবে অভিনন্দন জনায়। তেখেতে কয় যে এখন ৰাষ্ট্ৰৰ যুৱক-যুৱতীসকল ৰাষ্ট্ৰীয় বিষয়ৰে জড়িত হৈ পৰা মাত্ৰেকে চিন্তা-ধাৰাৰ ক্ষেত্ৰত নতুনত্বৰ সঞ্চাৰ হয় আৰু সমগ্ৰ পৰিবেশকে তেওঁলোকৰ শক্তিৰে ভৰাই তোলে। তেখেতে কয় যে এই শক্তি আজিৰ সন্মিলনত অনুভূত হৈছে। তেখেতে আৰু কয় যে যুৱক-যুৱতীসকলৰ অংশগ্ৰহণে সকলো বাধা নেওচি সীমনালৈ যোৱাত সহায় কৰে, যাৰ ফলশ্ৰুতিত প্ৰতিটো লক্ষ্য সাধনযোগ্য আৰু প্ৰতিটো গন্তব্যস্থানত উপনীত হ’ব পৰা যায়। এই সন্মিলনৰ বাবে নতুন ধাৰণা এটাৰ ওপৰত কাম কৰাৰ বাবে তেখেতে ৰিপাব্লিক টিভিৰ শলাগ লয় আৰু ইয়াৰ সফলতাৰ বাবে শুভেচ্ছা জনায়। শ্ৰী মোদীয়ে কোনো ৰাজনৈতিক বেকগ্ৰাউণ্ড নথকা এক লাখ যুৱক-যুৱতীক ভাৰতৰ ৰাজনীতিলৈ অনাৰ ধাৰণাটোৰ কথা পুনৰ উল্লেখ কৰে।সমবায় খণ্ডৰ অগ্ৰগতি পৰ্যালোচনা কৰিবলৈ প্ৰধানমন্ত্ৰীয়ে এখন উচ্চ পৰ্যায়ৰ বৈঠকত সভাপতিত্ব কৰে
March 06th, 05:30 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ‘৭ লোক কল্যাণ মাৰ্গ’ত সমবায় খণ্ডৰ অগ্ৰগতি পৰ্যালোচনা কৰিবলৈ এক উচ্চ পৰ্যায়ৰ বৈঠকত সভাপতিত্ব কৰে। খণ্ডটোত প্ৰযুক্তিগত উন্নতিৰ জৰিয়তে পৰিৱৰ্তন অনা সহকাৰ চে’ সম্ৰুদ্ধি, সমবায়সমূহত যুৱ আৰু মহিলাসকলৰ অংশগ্ৰহণ বৃদ্ধি কৰাৰ পৰিকল্পনা আৰু সমবায় মন্ত্ৰালয়ৰ বিভিন্ন পদক্ষেপ সন্দৰ্ভত আলোচনা অনুষ্ঠিত হয়।ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে এমএছএমই খণ্ডৰ ওপৰত বাজেট পৰৱৰ্তী তিনিখন ৱেবিনাৰত প্ৰধানমন্ত্ৰীৰ ভাষণ
March 04th, 01:00 pm
মোৰ কেবিনেটৰ সকলো সহকৰ্মী, বিত্ত আৰু অৰ্থনীতি বিশেষজ্ঞ, অংশীদাৰ, মহিলা আৰু ভদ্র লোকসকল!প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বাজেট-পৰৱৰ্তি ‘ৱে’বিনাৰ’সমূহ সম্বোধন কৰে
March 04th, 12:30 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ‘ভিডিঅ' কনফাৰেন্স’ৰ জৰিয়তে বাজেট-পৰৱৰ্তি ‘ৱে’বিনাৰ’সমূহ সম্বোধন কৰে। ৱে’বিনাৰকেইখন বিকাশৰ ইঞ্জিন হিচাপে এমএছএমই; নিৰ্মাণ, ৰপ্তানি আৰু পাৰমাণৱিক শক্তি অভিযান; নিয়ামক, বিনিয়োগ আৰু ব্যৱসায় কৰাৰ স্বাচ্ছন্দ্য সম্পৰ্কীয় সংস্কাৰ শীৰ্ষক বিষয়বস্তুৰে অনুষ্ঠিত কৰা হৈছিল। অনুষ্ঠানত উপস্থিত সকলক সম্বোধন কৰি তেওঁ মন্তব্য কৰে যে নিৰ্মাণ আৰু ৰপ্তানিৰ ক্ষেত্ৰত বাজেটৰ পিছৰ ৱেবিনাৰসমূহ হৈছে যথেষ্ট গুৰুত্বপূৰ্ণ। এই বাজেট চৰকাৰৰ তৃতীয়টো কাৰ্যকালৰ প্ৰথমখন পূৰ্ণ বাজেট বুলি উল্লেখ কৰি তেওঁ গুৰুত্ব আৰোপ কৰে যে এই বাজেটৰ আটাইতকৈ উল্লেখযোগ্য দিশটো হৈছে ইয়াৰ বিতৰণ, যি প্ৰত্যাশাকো অতিক্ৰম কৰিছে। শ্ৰী মোদীয়ে উল্লেখ কৰে যে কেবাটাও ক্ষেত্ৰত চৰকাৰে বিশেষজ্ঞসকলে আশা কৰাতকৈ অধিক পদক্ষেপ গ্ৰহণ কৰিছে। তেওঁ এইটোও উল্লেখ কৰে যে এই বাজেটত উৎপাদন আৰু ৰপ্তানি সন্দৰ্ভত গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হৈছে।প্ৰধানমন্ত্ৰীয়ে বাজেট-পৰৱৰ্তী তিনিখন ৱেবিনাৰত ৪ মাৰ্চত অংশগ্ৰহণ কৰিব
March 03rd, 09:43 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দিনৰ প্ৰায় ১২:৩০ বজাত ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে তিনিখন বাজেট-পৰৱৰ্তী ৱেবিনাৰত অংশগ্ৰহণ কৰিব। বাজেট-পৰৱৰ্তী পৰামৰ্শৰ অংশ হিচাপে এই ৱেবিনাৰসমূহ তলত উল্লেখ কৰা বিষয়বস্তুসমূহৰ ওপৰত আয়োজন কৰা হৈছে - বিকাশৰ ইঞ্জিন হিচাপে এমএছএমই; নিৰ্মাণ, ৰপ্তানি আৰু পাৰমাণৱিক শক্তি অভিযান; নিয়ামক, বিনিয়োগ আৰু ব্যৱসায় কৰাত সহজতা সম্পৰ্কীয় সংস্কাৰ। এই উপলক্ষে প্ৰধানমন্ত্ৰীয়ে সভাত ভাষণো দিব।কৃষি আৰু গ্ৰাম্য সমৃদ্ধিৰ ওপৰত বাজেট-পৰৱৰ্তী ৱেবিনাৰত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ অসমীয়া অনুবাদ
March 01st, 01:00 pm
বাজেটৰ পিছত বাজেটৰ সৈতে জড়িত ৱেবিনাৰত আপোনালোক সকলোৰে উপস্থিতি অতি গুৰুত্বপূৰ্ণ। এই কাৰ্যসূচীত যোগদান কৰাৰ বাবে আপোনালোক সকলোকে ধন্যবাদ।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কৃষি আৰু গ্ৰাম্য সমৃদ্ধিৰ ওপৰত বাজেট-পৰৱৰ্তী ৱেবিনাৰত ভাষণ দিয়ে
March 01st, 12:30 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে কৃষি আৰু গ্ৰাম্য সমৃদ্ধিৰ ওপৰত বাজেট-পৰৱৰ্তী ৱেবিনাৰত ভাষণ দিয়ে। বাজেট-পৰৱৰ্তী ৱেবিনাৰত অংশগ্ৰহণৰ গুৰুত্বৰ ওপৰত জোৰ দি প্ৰধানমন্ত্ৰীয়ে অনুষ্ঠানটোত যোগদান কৰাৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰে আৰু এই কথাৰ ওপৰত আলোকপাত কৰে যে এই বছৰৰ বাজেট চৰকাৰৰ তৃতীয় কাৰ্যকালৰ প্ৰথমখন পূৰ্ণাংগ বাজেট, যিয়ে নীতিসমূহৰ ধাৰাবাহিকতা আৰু বিকশিত ভাৰতৰ দৃষ্টিভংগীৰ নতুন সম্প্ৰসাৰণ প্ৰতিফলিত কৰে। বাজেটৰ পূৰ্বে সকলো অংশীদাৰৰ পৰা লাভ কৰা মূল্যৱান তথ্য আৰু পৰামৰ্শক তেওঁ স্বীকাৰ কৰে, যিবোৰ অতি উপযোগী আছিল। তেওঁ জোৰ দি কয় যে এই বাজেটখনক অধিক ফলপ্ৰসূ কৰি তোলাৰ ক্ষেত্ৰত অংশীদাৰসকলৰ ভূমিকা আৰু অধিক গুৰুত্বপূৰ্ণ হৈ পৰিছে।এন এক্স টি কনক্লেভত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ
March 01st, 11:00 am
আইটিভি নেটৱৰ্কৰ প্ৰতিষ্ঠাপক তথা সংসদত মোৰ সতীৰ্থ শ্ৰীযুত কাৰ্তিকেয়া শৰ্মা জী, নেটৱৰ্কৰ সমগ্ৰ দল, দেশ-বিদেশৰ সকলো অতিথি, অন্যান্য বিশিষ্ট ব্যক্তিবৃন্দ, নিউজএক্স ৱৰ্ল্ডৰ শুভ আৰম্ভণিৰ বাবে আপোনালোক সকলোকে আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছো আৰু ইয়াৰ সফলতাৰ বাবে শুভেচ্ছা জনাইছো। আজি হিন্দী আৰু ইংৰাজীকে ধৰি আপোনাৰ নেটৱৰ্কৰ সকলো আঞ্চলিক চেনেলে বিশ্বমুখী যাত্ৰাৰ দিশত এক উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰিছে। ইয়াৰ উপৰিও আজি কেইবাটাও ফেল’শ্বিপ আৰু বৃত্তিও আৰম্ভ কৰা হৈছে। এই কাৰ্যসূচীসমূহৰ বাবে আৰু তেওঁলোকৰ ভৱিষ্যতৰ প্ৰচেষ্টাৰ বাবে আপোনালোক সকলোকে শুভেচ্ছা জনাইছো।এনএক্সটি কনক্লেভত অংশগ্ৰহণ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
March 01st, 10:34 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ভাৰত মাণ্ডপামত অনুষ্ঠিত এনএক্সটি কনক্লেভত অংশগ্ৰহণ কৰে। সভাত ভাষণ দি তেওঁ নিউজএক্স ৱৰ্ল্ডৰ শুভ উন্মোচনৰ বাবে আন্তৰিক অভিনন্দন জ্ঞাপন কৰে। তেওঁ আলোকপাত কৰে যে নেটৱৰ্কটোৱে হিন্দী, ইংৰাজী, আৰু বিভিন্ন আঞ্চলিক ভাষাৰ চেনেলসমূহক সামৰি লৈছে, আৰু আজি, ই বিশ্বব্যাপী হোৱাৰ দিশত এক উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰিছে। প্ৰধানমন্ত্ৰীয়ে কেইবাটাও ফেল’শ্বিপ আৰু ফেল’শ্বিপৰ আৰম্ভণিৰ কথাও উল্লেখ কৰি এই কাৰ্যসূচীসমূহৰ সফলতাৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে।বিহাৰৰ ভাগলপুৰত উন্নয়নমূলক কামৰ শুভাৰম্ভ কৰাৰ সময়ত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
February 24th, 02:35 pm
মহৰ্ষি মেহীৰ তপস্যাস্থলী, ভগৱান বাসুপুজ্যৰ ভূমি, য'ত বিশ্ববিখ্যাত বিক্ৰমশিলা মহাবিহাৰ অৱস্থিত, আৰু বাবা বুধনাথৰ পবিত্ৰ ভূমি অংগৰাজ দানবীৰ কৰ্ণৰ এই ভূমিৰ পৰা সকলো ভাই-ভনীলৈ মোৰ শুভেচ্ছা!পিএম কিষাণৰ ১৯তম কিস্তিৰ মুকলি, বিহাৰৰ ভগলপুৰৰ পৰা উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
February 24th, 02:30 pm
কৃষকৰ কল্যাণ নিশ্চিত কৰাৰ প্ৰতি নিজৰ দায়বদ্ধতাৰ সৈতে সংগতি ৰাখি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিহাৰৰ ভগলপুৰৰ পৰা পিএম কিষাণৰ ১৯সংখ্যক কিস্তি মুকলি কৰে। এই উপলক্ষে তেওঁ বহু উন্নয়নমূলক প্ৰকল্পও শুভাৰম্ভ কৰে। শ্ৰী মোদীয়ে ভাৰ্চুৱেলী অনুষ্ঠানত যোগদান কৰা সকলো গণ্যমান্য ব্যক্তি আৰু ৰাইজক আদৰণি জনায়। মহাকুম্ভৰ পবিত্ৰ কালত মন্দাচল ভূমিত ভৰি দিয়াটো এক বৃহৎ সৌভাগ্যৰ কথা বুলিও তেওঁ কয়। তেওঁ লগতে কয় যে এই স্থানত আধ্যাত্মিকতা, ঐতিহ্যৰ লগতে বিকশিত ভাৰতৰ সম্ভাৱনাও আছে। শ্ৰী মোদীয়ে মন্তব্য কৰে যে ই শ্বহীদ তিলকা মাঝিৰ ভূমি হোৱাৰ লগতে ৰেচম চহৰ হিচাপেও বিখ্যাত। তেওঁ লগতে কয় যে বাবা আজগৈবিনাথৰ পবিত্ৰ ভূমিতো আগন্তুক মহা শিৱৰাত্ৰীৰ প্ৰস্তুতি চলি আছে। তেওঁ কয় যে এনে এক পূণ্য মুহূৰ্তত পিএম কিষাণৰ ১৯সংখ্যক কিস্তি মুকলি কৰাৰ সৌভাগ্য হৈছিল আৰু ডাইৰেক্ট বেনিফিট ট্ৰেন্সফাৰৰ জৰিয়তে প্ৰায় ২২,০০০ কোটি টকা পোনপটীয়াকৈ কৃষকৰ বেংক একাউণ্টত জমা হৈছিল।ভাৰত টেক্স ২০২৫ত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ অসমীয়া অনুবাদ
February 16th, 04:15 pm
আজি ভাৰত মণ্ডপম, ভাৰত টেক্স (Bharat Tex)ৰ দ্বিতীয় সংস্কৰণৰ সাক্ষী হৈ আছে। ইয়াত আমাৰ পৰম্পৰাৰ সমান্তৰালকৈ বিকশিত ভাৰতৰ সম্ভাৱনীয়তাও দেখিবলৈ পোৱা গৈছে। এয়া দেশৰ বাবে সন্তুষ্টিৰ বিষয় যে আমি যি বীজ ৰোপণ কৰিছিলোঁ, আজি সি বট বৃক্ষ হোৱাৰ পথত দ্ৰুতগতিত বাঢ়িছে। ভাৰত টেক্স এতিয়া এক মেগা গ্ল’বেল টেক্সটাইলছ ইভেণ্টত পৰিণত হৈছে। এইবাৰ মূল্য শৃংখলৰ সমগ্ৰ বৰ্ণালী, ইয়াৰ সৈতে জড়িত ১২টা গোটে ইয়াত একেলগে অংশগ্ৰহণ কৰিছে। আনুষংগিক সামগ্ৰী, কাপোৰ, যন্ত্ৰপাতি, ৰাসায়নিক পদাৰ্থ আৰু ৰং আদিও প্ৰদৰ্শন কৰা হৈছে। ভাৰত টেক্স সমগ্ৰ বিশ্বৰ নীতি নিৰ্ধাৰক, চিইঅ’, আৰু উদ্যোগৰ নেতাসকলৰ বাবে নিয়োজন, সহযোগিতা, আৰু অংশীদাৰিত্বৰ বাবে এক অতি শক্তিশালী মঞ্চত পৰিণত হৈছে। এই অনুষ্ঠানৰ বাবে সকলো অংশীদাৰৰ প্ৰচেষ্টা অতি প্ৰশংসনীয়, এই কামৰ লগত জড়িত সকলো লোককে আন্তৰিকতাৰে অভিনন্দন জনাইছোঁ।ভাৰত টেক্স ২০২৫ত ভাষণ প্ৰদান প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
February 16th, 04:00 pm
আজি নতুন দিল্লীৰ ভাৰত মণ্ডপামত অনুষ্ঠিত ভাৰত টেক্স ২০২৫ অনুষ্ঠানত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দৰ্শকক সম্বোধন কৰাৰ লগতে অনুষ্ঠানৰ লগত সংগতি ৰাখি প্ৰদৰ্শনীখনো ভ্ৰমণ কৰে। ভাষণত প্ৰধানমন্ত্ৰীয়ে ভাৰত মাণ্ডপামত আয়োজিত এই অনুষ্ঠানৰ দ্বিতীয় সংস্কৰণ বুলি উল্লেখ কৰি সকলো উপস্থিতসকলক উষ্ম আদৰণি জনায়। ভাৰত টেক্স ২০২৫ য়ে ভাৰতৰ চহকী ঐতিহ্যক উদযাপন কৰাই নহয়, জাতিটোৰ বাবে অপৰিসীম গৌৰৱৰ উৎস, উন্নত ভাৰতৰ দৃষ্টিভংগীও প্রদর্শন কৰা বুলি তেওঁ গুৰুত্ব আৰোপ কৰে৷ তেওঁ মন্তব্য কৰে যে ভাৰত টেক্স এক উল্লেখযোগ্য বিশ্বব্যাপী বস্ত্ৰ অনুষ্ঠান হিচাপে আত্মপ্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰীয়ে আলোকপাত কৰে যে এইবাৰৰ অনুষ্ঠানত বস্ত্ৰ উদ্যোগৰ বাৰটা খণ্ডকে সামৰি লোৱা হৈছে, য’ত আছে আনুষংগিক সামগ্ৰী, কাপোৰ, যন্ত্ৰপাতি, ৰাসায়নিক পদাৰ্থ, ৰং আদি। তেওঁ জোৰ দি কয় যে ভাৰত টেক্স বিশ্ব নীতি নিৰ্ধাৰক, চিইঅ’, আৰু উদ্যোগৰ নেতাসকলৰ বাবে নেটৱৰ্ক, সহযোগিতা আৰু অংশীদাৰিত্ব গঢ়ি তোলাৰ বাবে এক গুৰুত্বপূৰ্ণ মঞ্চলৈ বিকশিত হৈছে। ইয়াৰ উপৰিও তেওঁ অনুষ্ঠানটোৰ আয়োজনৰ লগত জড়িত সকলোৰে প্ৰচেষ্টাক প্ৰশংসা কৰে।ৰাজ্যসভাত ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদসুচক প্ৰস্তাৱৰ বিতৰ্কত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰত্যুত্তৰৰ অসমীয়া অনুবাদ
February 06th, 04:21 pm
মাননীয় ৰাষ্ট্ৰপতি মহোদয়াই তেওঁ ভাষণত ভাৰতৰ সাফল্য, ভাৰতৰ পৰা বিশ্বৰ আশা, ভাৰতৰ সাধাৰণ মানুহৰ আত্মবিশ্বাস আৰু ভাৰতক উন্নত দেশ হিচাপে গঢ়ি তোলাৰ সংকল্পৰ বিষয়ে বিতংভাৱে আলোচনা কৰাৰ লগতে দেশখনক ভৱিষ্যতৰ দিশটোও দেখুৱাইছে। মাননীয় ৰাষ্ট্ৰপতিৰ ভাষণ আছিল প্ৰেৰণাদায়ক, ফলপ্ৰসূ আৰু লগতে আমাৰ সকলোৰে বাবে ভৱিষ্যতৰ কামৰ বাবে এক নিৰ্দেশনা। সন্মানীয় ৰাষ্ট্ৰপতিগৰাকীক তেওঁৰ ভাষণৰ বাবে ধন্যবাদ জনাছো!ৰাজ্যসভাত ৰাষ্ট্ৰপতিৰ ভাষণৰ প্ৰতি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ ধন্যবাদসূচক প্ৰস্তাৱৰ উত্তৰ
February 06th, 04:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাজ্যসভাত সংসদত ৰাষ্ট্ৰপতিৰ ভাষণৰ প্ৰতি ধন্যবাদসূচক প্ৰস্তাৱৰ উত্তৰ দিয়ে। সদনত ভাষণ প্ৰদানেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ৰাষ্ট্ৰপতিৰ সম্বোধনে ভাৰতৰ সাফল্য, ভাৰতৰপৰা বিশ্বৰ প্ৰত্যাশা আৰু এখনি উন্নত ভাৰত গঢ়াৰ ক্ষেত্ৰত সাধাৰণ লোকৰ আত্মবিশ্বাসক সামৰি লৈছে। তেখেতে কয় যে ৰাষ্ট্ৰপতিৰ ভাষণ প্ৰেৰণাদায়ক, প্ৰভাৱশালী আৰু এই ভাষণে ভৱিষ্যতৰ কাৰ্য্যপন্থাৰ বাবে পথ প্ৰদৰ্শন কৰিছে। তেখেতে এই ভাষণৰ বাবে ৰাষ্ট্ৰপতিৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে।অতুলনীয় অগ্ৰগতিঃ অৰ্থনীতি, আন্তঃগাঁথনি আৰু বিশ্ব নেতৃত্বৰ কৃতিত্ব
January 17th, 02:14 pm
ভাৰতৰ ভাৰতে বিভিন্ন খণ্ডত উল্লেখযোগ্য কৃতিত্ব অৰ্জন কৰি পুনৰবাৰ নিজৰ গতিশীল বিকাশ, সুস্থিৰতা আৰু বিশ্ব নেতৃত্ব প্ৰদৰ্শন কৰিছে। অৰ্থনৈতিক অগ্ৰগতি আৰু আন্তঃৰাষ্ট্ৰীয় অংশীদাৰিত্বৰ পৰা আৰম্ভ কৰি ডিজিটেল উদ্ভাৱন আৰু আন্তঃগাঁথনিৰ উন্নতিলৈকে দেশখনে বিশ্ব মহাশক্তি হিচাপে নিজৰ স্থান দৃঢ় কৰি তুলিছে।