উত্তৰ প্ৰদেশৰ গ্ৰেটাৰ নয়ডাত অনুষ্ঠিত ছেমিকন ইণ্ডিয়া ২০২৪ত ভাৰত আৰু প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বক প্ৰশংসা অৰ্ধপৰিবাহী খণ্ডৰ আগশাৰীৰ চিইঅ’সকলৰ

September 11th, 04:28 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰ প্ৰদেশৰ গ্ৰেটাৰ নয়ডাৰ ইণ্ডিয়া এক্সপো মাৰ্টত ছেমিকন ইণ্ডিয়া ২০২৪ উদ্বোধন কৰে। ১১ ছেপ্টেম্বৰৰ পৰা ১৩ ছেপ্টেম্বৰলৈ অনুষ্ঠিত ছেমিকন ইণ্ডিয়া ২০২৪ বিষয়বস্তু হৈছে ‘অৰ্ধপৰিবাহী ভৱিষ্যত গঢ় দিয়া’। তিনিদিনীয়া এই সন্মিলনত ভাৰতৰ অৰ্ধপৰিবাহী কৌশল আৰু নীতি প্ৰদৰ্শন কৰা হৈছে যিয়ে ভাৰতক অৰ্ধপৰিবাহীৰ বাবে বৈশ্বিক কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ কল্পনা কৰিছে। বিশ্বৰ অৰ্ধপৰিবাহী খণ্ডৰ আগশাৰীৰ প্ৰতিষ্ঠানে এই সন্মিলনত অংশগ্ৰহণ কৰিছে যিয়ে বিশ্বৰ নেতা, কোম্পানী আৰু অৰ্ধপৰিবাহী উদ্যোগৰ বিশেষজ্ঞসকলক একত্ৰিত কৰিব। ২৫০ জনতকৈ অধিক প্ৰদৰ্শক আৰু ১৫০জন বক্তাইও এই সন্মিলনত অংশগ্ৰহণ কৰিছে।

১১ ছেপ্তেম্বৰত প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিব ছেমিকণ (SEMICON) ইণ্ডিয়া ২০২৪

September 09th, 08:08 pm

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ১১ ছেপ্টেম্বৰ, ২০২৪ তাৰিখে পুৱা ১০:৩০ বজাত উত্তৰ প্ৰদেশৰ গ্ৰেটাৰ নয়ডাৰ ইণ্ডিয়া এক্সপ’ মাৰ্টত SEMICON India 2024 উদ্বোধন কৰিব। এই অনুষ্ঠানত তেওঁ ভাষণো আগবঢ়াব।