প্ৰধানমন্ত্ৰীয়ে চি. বি. এছ. ই.ৰ দ্বাদশ আৰু দশম শ্ৰেণীৰ পৰীক্ষাত উত্তীৰ্ণ সকলোকে অভিনন্দন জ্ঞাপন কৰে

প্ৰধানমন্ত্ৰীয়ে চি. বি. এছ. ই.ৰ দ্বাদশ আৰু দশম শ্ৰেণীৰ পৰীক্ষাত উত্তীৰ্ণ সকলোকে অভিনন্দন জ্ঞাপন কৰে

May 13th, 02:36 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি চি. বি. এছ. ই.ৰ দ্বাদশ আৰু দশম শ্ৰেণীৰ পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলোকে অভিনন্দন জনায়। শ্ৰী মোদীয়ে লগতে কয়, এয়া তোমালোকৰ সংকল্প, অনুশাসন আৰু কঠোৰ পৰিশ্ৰমৰ ফল। আজি এই কৃতিত্বত অৰিহণা যোগোৱা পিতৃ-মাতৃ, শিক্ষক আৰু আন সকলোৱে পালন কৰা ভূমিকাক স্বীকৃতি দিয়াৰো দিন ।

লেক্স ফ্ৰিডমেনৰ সৈতে এক পডকাষ্টত প্ৰধানমন্ত্ৰীৰ কথোপকথনৰ পাঠ

লেক্স ফ্ৰিডমেনৰ সৈতে এক পডকাষ্টত প্ৰধানমন্ত্ৰীৰ কথোপকথনৰ পাঠ

March 16th, 11:47 pm

প্ৰধানমন্ত্ৰী- মোৰ যি সামৰ্থ্য সেয়া মোদীৰ নহয়, এয়া হৈছে ১৪০ কোটি দেশবাসীৰ, হাজাৰ হাজাৰ বছৰৰ মহান সংস্কৃতি, পৰম্পৰা, সেয়াই হৈছে মোৰ সামৰ্থ্য। সেয়েহে, মই য'লৈকে যাওঁ, মোদীয়েই নাযায়, বৰঞ্চ মই বেদৰ পৰা বিবেকানন্দলৈ মহান পৰম্পৰাক, ১৪০ কোটি লোকৰ সপোন আৰু আকাংক্ষাকো কঢ়িয়াই নিছোঁ। গতিকে মই যেতিয়া পৃথিৱীৰ কোনো নেতাৰ সৈতে হাত মিলাওঁ, এয়া মোদীয়েই কেৱল হাত নিমিলাই, এয়া হৈছে ১৪০ কোটি লোকৰ হাত। গতিকে এই সামৰ্থ্য মোদীৰ নহয়, এই সামৰ্থ্য হৈছে ভাৰতৰ। যেতিয়াই আমি শান্তিৰ কথা কওঁ, পৃথিৱীয়ে আমাৰ কথা শুনে। কিয়নো এয়া হৈছে বুদ্ধৰ দেশ, এয়া হৈছে মহাত্মা গান্ধীৰ দেশ, সেয়েহে বিশ্বই আমাৰ কথা শুনিছে আৰু আমিতো সংঘাতৰ পক্ষপাতীয়েই নহয়। আমি হৈছোঁ সমন্বয়ৰ পক্ষপাতী। না আমি প্ৰকৃতিৰ সৈতে সংঘাত কৰিব বিচাৰো, না আমি ৰাষ্ট্ৰসমূহৰ মাজত সংঘৰ্ষ বিচাৰো; আমি হৈছোঁ সমন্বয় বিচৰা মানুহ। আৰু যদি আমি ইয়াৰ বাবে কোনো ভূমিকা পালন কৰিব পাৰোঁ, আমি নিৰন্তৰভাৱে এনে কৰিবলৈ চেষ্টা কৰি আহিছোঁ। মোৰ জীৱন চৰম দাৰিদ্ৰ্যৰ মাজেৰে উন্মেষিত হৈছিল। কিন্তু আমি কেতিয়াও দাৰিদ্ৰ্যৰ বোজা অনুভৱ কৰা নাছিলো, কিয়নো ভাল জোতা পিন্ধি ফুৰা এগৰাকী ব্যক্তিয়েহেজোতাযোৰ নথকা পৰিস্থিতি এটাত অনুভৱ কৰিব যে এৰাটো, এইটোতো এক ডাঙৰ কথা।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে লেক্স ফ্ৰিডমেনৰ সৈতে প’ডকাষ্টত মত বিনিময় কৰে

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে লেক্স ফ্ৰিডমেনৰ সৈতে প’ডকাষ্টত মত বিনিময় কৰে

March 16th, 05:30 pm

আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে লেক্স ফ্ৰিডমেনৰ সৈতে বিভিন্ন বিষয়ৰ ওপৰত প’ডকাষ্টত মত বিনিময় কৰে। এক স্পষ্ট বাৰ্তালাপত, তেওঁ কিয় উপবাস কৰে আৰু কেনেকৈ পৰিচালনা কৰে সেই বিষয়ে সোধাত, প্ৰধানমন্ত্ৰীয়ে তেওঁৰ প্ৰতি সন্মানৰ চিন হিচাপে উপবাসৰ ইংগিত দিয়াৰ বাবে লেক্স ফ্ৰিডমেনক কৃতজ্ঞতা প্ৰকাশ কৰে। “ভাৰতত ধৰ্মীয় পৰম্পৰা দৈনন্দিন জীৱনৰ সৈতে গভীৰভাৱে জড়িত হৈ আছে”, শ্ৰী মোদীয়ে কয়, তেওঁ লগতে কয় যে হিন্দু ধৰ্ম কেৱল আচাৰ-অনুষ্ঠানৰ বিষয় নহয়, বৰঞ্চ ভাৰতৰ সন্মানীয় উচ্চতম ন্যায়ালয়ে ব্যাখ্যা কৰা জীৱনৰ পথ প্ৰদৰ্শক দৰ্শন। তেওঁ জোৰ দি কয় যে উপবাস হৈছে অনুশাসনৰ কৰ্ষণ আৰু অন্তৰ্নিহিত আৰু বাহ্যিক আত্মাৰ ভাৰসাম্য ৰক্ষাৰ এক আহিলা। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে উপবাসে ইন্দ্ৰিয়সমূহক উচ্চ কৰি তোলে, ইন্দ্ৰিয়ক অধিক সংবেদনশীল আৰু সচেতন কৰি তোলে। তেওঁ লক্ষ্য কৰিছিল যে উপবাসৰ সময়ত আনকি সূক্ষ্ম সুগন্ধি আৰু সবিশেষো অধিক স্পষ্টভাৱে অনুভৱ কৰিব পাৰি। তেওঁ লগতে আলোকপাত কৰে যে উপবাসে চিন্তা প্ৰক্ৰিয়া ত্বৰান্বিত কৰে, সতেজ দৃষ্টিভংগী প্ৰদান কৰে আৰু প্ৰসাৰিত চিন্তাধাৰাক উৎসাহিত কৰে। শ্ৰী মোদীয়ে স্পষ্ট কৰি দিয়ে যে উপবাস কেৱল খাদ্যৰ পৰা বিৰত থকা নহয়; ইয়াৰ লগত প্ৰস্তুতি আৰু বিষমুক্তকৰণৰ বৈজ্ঞানিক প্ৰক্ৰিয়া জড়িত হৈ থাকে। তেওঁ আগতীয়াকৈ কেইবাদিনো আয়ুৰ্বেদিক আৰু যোগাভ্যাস পালন কৰি শৰীৰটো উপবাসৰ বাবে প্ৰস্তুত কৰা বুলি জোৰ দি এই সময়ছোৱাত হাইড্ৰেচনৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে। উপবাস আৰম্ভ হ’লেই তেওঁ ইয়াক ভক্তি আৰু আত্ম-অনুশাসনৰ কাৰ্য্য হিচাপে লয়, যাৰ ফলত গভীৰ আত্মনিৰীক্ষণ আৰু মনোনিৱেশৰ সুবিধা হয়। প্ৰধানমন্ত্ৰীয়ে শ্বেয়াৰ কৰে যে তেওঁৰ উপবাসৰ প্ৰথা ব্যক্তিগত অভিজ্ঞতাৰ পৰাই উদ্ভৱ হৈছিল, যিটো তেওঁৰ স্কুলীয়া দিনত মহাত্মা গান্ধীৰ পৰা অনুপ্ৰাণিত হৈ এক আন্দোলনৰ পৰা আৰম্ভ হৈছিল। প্ৰথম উপবাসৰ সময়ত তেওঁ শক্তি আৰু সচেতনতাৰ লহৰ অনুভৱ কৰিছিল, যিয়ে তেওঁক ইয়াৰ পৰিৱৰ্তনশীল শক্তিৰ বিষয়ে পতিয়ন নিয়াইছিল। তেওঁ আলোকপাত কৰে যে উপবাসে তেওঁক লেহেমীয়া নকৰে; বৰঞ্চ ই প্ৰায়ে তেওঁৰ উৎপাদনশীলতা বৃদ্ধি কৰে। তেওঁ লক্ষ্য কৰিছিল যে উপবাসৰ সময়ত তেওঁৰ চিন্তাবোৰ অধিক মুক্ত আৰু সৃষ্টিশীলভাৱে প্ৰবাহিত হয়, যাৰ ফলত ই নিজকে প্ৰকাশ কৰাৰ বাবে এক অবিশ্বাস্য অভিজ্ঞতা হৈ পৰে।

২৩.০২.২০২৫ত ‘মন কী বাত’ৰ ১১৯সংখ্যক খণ্ডত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

February 23rd, 11:30 am

মন কী বাতলৈ সকলোকে স্বাগতম জনাইছো। বৰ্তমান চেম্পিয়নছ ট্ৰফী চলি আছে আৰু সকলোতে ক্ৰিকেটৰ এক পৰিৱেশ বিৰাজ কৰিছে। ক্ৰিকেটত এটা শতকৰ ৰোমাঞ্চৰ কথা আমি সকলোৱে কম বেছি পৰিমাণে জানো, কিন্তু আজি আমি ক্ৰিকেটৰ কথা নকওঁ, মহাকাশত ভাৰতে যি অসাধাৰণ শতক অৰ্জন কৰিছে, সেই অসাধাৰণ শতকৰ কথাহে আলোচনা কৰিম। যোৱা মাহত ইছৰোৰ ১০০সংখ্যক ৰকেট উৎক্ষেপণৰ সাক্ষী হৈছিল দেশবাসী। এয়া কেৱল এক সংখ্যা নহয়, ই মহাকাশ বিজ্ঞানত দৈনিক নতুন উচ্চতাত উপনীত হোৱাৰ আমাৰ সংকল্পক প্ৰতিফলিত কৰিছে। আমাৰ মহাকাশ যাত্ৰা অতি সহজভাৱে আৰম্ভ হৈছিল। প্ৰতিটো খোজতে প্ৰত্যাহ্বান আহিছিল যদিও আমাৰ বিজ্ঞানীসকলে সেই সকলোবোৰ বাধা অতিক্ৰম কৰি আগবাঢ়ি গ’ল। সময়ৰ লগে লগে এই মহাকাশ অভিযানসমূহত আমাৰ সফলতাৰ তালিকাখন দীঘলীয়া হৈ আহিল। উৎক্ষেপণ বাহনৰ নিৰ্মাণেই হওক, চন্দ্ৰযান, মংগল অৰ্বিটাৰ, আদিত্য এল-১ৰ সফলতাই হওক বা এটা ৰকেট ব্যৱহাৰ কৰি একে সময়তে ১০৪টা উপগ্ৰহ মহাকাশলৈ প্ৰেৰণৰ অভূতপূৰ্ব অভিযানেই হওক– ইছৰোৰ সাফল্য দিনক দিনে বাঢ়িছে। কেৱল যোৱা দহ বছৰত আন দেশৰ বহু উপগ্ৰহকে ধৰি প্ৰায় ৪৬০টা উপগ্ৰহ উৎক্ষেপণ কৰা হৈছে। শেহতীয়া সময়ৰ আন এটা বৈশিষ্ট্য হ’ল আমাৰ মহাকাশ বিজ্ঞানীৰ দলত মহিলাৰ অংশগ্ৰহণ অহৰহ বৃদ্ধি পাইছে। মহাকাশৰ ক্ষেত্ৰখন আজি আমাৰ যুৱক-যুৱতীসকলৰ বাবে অতি আকৰ্ষণীয় হৈ পৰা দেখি মই অতিশয় আনন্দিত হৈছো।

শ্ৰেষ্ঠ বিশেষজ্ঞ, ‘পৰীক্ষা যোদ্ধা’সকলৰ পৰা শুনক যিসকলে পৰীক্ষাৰ চাপ আৰু উদ্বেগ সফলতাৰে অতিক্ৰম কৰিব পাৰিছে: প্ৰধানমন্ত্ৰী

February 17th, 07:41 pm

‘পৰীক্ষা পে’ চৰ্চা ২০২৫’-ৰ এটা বিশেষ খণ্ড ১৮ ফেব্ৰুৱাৰীৰ পুৱা ১১ বজাত সম্প্ৰচাৰিত হ'ব, য'ত যুৱ পৰীক্ষা যোদ্ধাসকল থাকিব যি সকলে সফলতাৰে পৰীক্ষাৰ চাপ আৰু উদ্বেগ অতিক্ৰম কৰিছে। খণ্ডটোত পৰীক্ষাৰ চাপ, উদ্বেগ আৰু চাপৰ মাজতো উদ্বিগ্ন নোহোৱাকৈ থকা তেওঁলোকৰ অভিজ্ঞতা, ৰণনীতি আৰু অন্তৰ্দৃষ্টি প্ৰদৰ্শন কৰিব।

পৰীক্ষাৰ সময়ত পৰীক্ষা যোদ্ধাৰ অন্যতম ডাঙৰ মিত্ৰ হৈছে ধনাত্মকতাঃ প্ৰধানমন্ত্ৰী

February 15th, 05:58 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱাৰ সময়ত ছাত্ৰ-ছাত্ৰীৰ বাবে এক গুৰুত্বপূৰ্ণ মিত্ৰ হিচাপে ধনাত্মকতাৰ গুৰুত্বৰ ওপৰত জোৰ দি কাইলৈৰ ‘পৰীক্ষা পে চৰ্চা’ৰ খণ্ডটো চাবলৈ সকলোকে আহ্বান জনাইছে।

সুস্থতা আৰু মানসিক শান্তিৰ কথা আহিলে সদগুৰু জাগী বাসুদেৱ সদায় আটাইতকৈ প্ৰেৰণাদায়ক ব্যক্তিত্বৰ ভিতৰত অন্যতমঃ প্ৰধানমন্ত্ৰী

February 14th, 08:15 pm

সুস্থতা আৰু মানসিক শান্তিৰ কথা আহিলে সদগুৰু জাগী বাসুদেৱ সদায় আটাইতকৈ প্ৰেৰণাদায়ক ব্যক্তিত্বৰ ভিতৰত অন্যতম বুলি মন্তব্য কৰি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ ​​পৰীক্ষা পে চৰ্চাৰ চতুৰ্থ খণ্ড চাবলৈ সকলোকে আহ্বান জনায়।

সুস্থতা বৃদ্ধি আৰু মেদবহুলতাৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত নীৰজ চোপ্ৰাৰ প্ৰচেষ্টাক প্ৰধানমন্ত্ৰীৰ প্ৰশংসা

February 12th, 02:00 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অলিম্পিকৰ স্বৰ্ণ পদক বিজয়ী নীৰজ চোপ্ৰাৰ সুস্থতা বৃদ্ধি আৰু মেদবহুলতাৰ বিৰুদ্ধে যুঁজ দিয়াৰ প্ৰচেষ্টাক প্ৰশংসা কৰিছে। শ্ৰী মোদীয়ে মেদবহুলতাৰ বিৰুদ্ধে যুঁজ দিয়া আৰু স্বাস্থ্যকৰ জীৱনশৈলী বজাই ৰখাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

‘পৰীক্ষা পে’ চৰ্চা’ৰ আটাইকেইটা খণ্ড চাবলৈ সকলোলৈকে আহ্বান জনাইছে প্ৰধানমন্ত্ৰীয়ে

February 11th, 02:57 pm

‘পৰীক্ষা পে’ চৰ্চা, ২০২৫’ৰ আটাইকেইটা খণ্ড চাবলৈ আৰু আমাৰ ‘পৰীক্ষা যোদ্ধা’সকলক উৎসাহিত কৰিবলৈ সকলোৰে প্ৰতি আহ্বান জনায় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।

‘পৰীক্ষা পে’ চৰ্চা’ত ১২ ফেব্ৰুৱাৰীত ‘মানসিক স্বাস্থ্য আৰু সুস্থতা’ সন্দৰ্ভত বিশেষ খণ্ড প্ৰস্তুত কৰা হ'ব: প্ৰধানমন্ত্ৰী

February 11th, 01:53 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মন্তব্য কৰে যে 'পৰীক্ষা যোদ্ধাসকলে' সততে আলোচনা কৰিব বিচৰা বিষয়সমূহৰ এটা হৈছে মানসিক স্বাস্থ্য আৰু সুস্থতা। সেয়েহে, এই বছৰৰ ‘পৰীক্ষা পে’ চৰ্চা’ত এই বিষয়টোৰ প্ৰতি বিশেষভাৱে উৎসৰ্গিত এটা খণ্ড যুগুতোৱা হৈছে যিটো কাইলৈ, ১২ ফেব্ৰুৱাৰীত সম্প্ৰচাৰিত কৰা হ’ব, শ্ৰী মোদীয়ে লগতে কয়।

‘পৰীক্ষা পে চৰ্চা’ আকৌ পালেহি আৰু সেয়াও নতুন আৰু সজীৱ ৰূপত!:প্ৰধানমন্ত্ৰী

February 06th, 01:18 pm

সকলো #ExamWarriors, তেওঁলোকৰ পিতৃ-মাতৃ আৰু শিক্ষক-শিক্ষয়িত্ৰীসকলক #PPC2025 চাবলৈ আহ্বান জনাইছোঁ, চাপ-মুক্ত পৰীক্ষাৰ ভিন্ন দিশ সামৰি লোৱা ৮টা অতিশয় আকৰ্ষণীয় খণ্ডৰে ইয়াৰ আয়োজন কৰা হৈছে!: প্ৰধানমন্ত্ৰী

‘পৰীক্ষা-যোদ্ধাসকলৰ কলা মহোৎসৱ’ৰ প্ৰশংসা কৰে প্ৰধানমন্ত্ৰীয়ে

January 07th, 07:33 pm

কলাৰ জৰিয়তে পৰীক্ষাৰ চাপৰ পৰা মুক্ত হ’বলৈ পৰীক্ষা-যোদ্ধাসকলে অনুষ্ঠিত কৰা কলা মহোৎসৱৰ প্ৰশংসা কৰে।

The bond between students and teachers must be beyond syllabus and curriculum: PM Modi

January 29th, 11:26 am

PM Modi interacted with students, teachers and parents at Bharat Mandapam in New Delhi today during the 7th edition of Pariksha Pe Charcha (PPC). PM Modi urged the students to prepare themselves in advance to deal with stress and pressure situations. He said that students should possess the ability of standing firm against adverse situations and challenges.

PM interacts with students, teachers and parents during Pariksha Pe Charcha 2024

January 29th, 11:25 am

PM Modi interacted with students, teachers and parents at Bharat Mandapam in New Delhi today during the 7th edition of Pariksha Pe Charcha (PPC). PM Modi urged the students to prepare themselves in advance to deal with stress and pressure situations. He said that students should possess the ability of standing firm against adverse situations and challenges.

পৰীক্ষা পে চৰ্চাই মানসিক চাপক সফলতালৈ ৰূপান্তৰিত কৰাৰ লক্ষ্য ৰাখিছে, যাৰ ফলত পৰীক্ষা যোদ্ধাসকলে হাঁহি হাঁহি পৰীক্ষাৰ সন্মুখীন হ'ব পাৰে: প্ৰধানমন্ত্ৰী

December 14th, 11:22 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে পৰীক্ষা পে চাৰ্চাৰ লক্ষ্য হৈছে মানসিক চাপক সফলতালৈ ৰূপান্তৰিত কৰা, যাৰ ফলত পৰীক্ষা যোদ্ধাসকলে হাঁহি হাঁহি পৰীক্ষাৰ সন্মুখীন হ'ব পাৰে।

প্ৰধানমন্ত্ৰীয়ে চিবিএছইৰ ১২শ শ্ৰেণীৰ পৰীক্ষা সফলতাৰে উত্তীৰ্ণ হোৱা সকলো ছাত্ৰ-ছাত্ৰীক অভিনন্দন জনায়

May 12th, 04:15 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে চিবিএছইৰ ১২শ শ্ৰেণীৰ পৰীক্ষা সফলতাৰে উত্তীৰ্ণ হোৱা সকলো পৰীক্ষা যোদ্ধা (এগ্জাম ৱাৰিয়ৰ্ছ)ক অভিনন্দন জনাইছে।

এক্সাম ৱাৰিঅ’ৰ্ছ পুস্তিকাখনিৰ উদ্দেশ্য হৈছে ছাত্ৰ-ছাত্ৰীসকলক পৰীক্ষা সম্পৰ্কীয় সকলো ধৰণৰ চাপৰ পৰা মুক্ত কৰাঃ প্ৰধানমন্ত্ৰী

February 25th, 09:44 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে এক্সাম ৱাৰিঅ’ৰ্ছ পুস্তিকাখনিৰ উদ্দেশ্য হৈছে ছাত্ৰ-ছাত্ৰীসকলক পৰীক্ষা সম্পৰ্কীয় সকলো ধৰণৰ চাপৰপৰা মুক্ত কৰা। শ্ৰী মোদীয়ে কেন্দ্ৰীয় শিক্ষা ৰাজ্যিক মন্ত্ৰী শ্ৰীমতী অন্নপূৰ্ণা দেৱীৰ এটি টুইটলৈ সঁহাৰি জনাই এইদৰে কয়। শ্ৰীমতী অন্নপূৰ্ণা দেৱীয়ে টুইটটোৰ জৰিয়তে ঝাৰখণ্ডৰ কোদাৰমাৰ এখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে এক্সাম ৱাৰিঅ’ৰ্ছ পুস্তিকাখনি পঢ়ি পৰীক্ষা সম্পৰ্কীয় চিন্তাৰপৰা সকাহ অনুভৱ কৰাৰ কথা জনাইছিল।

"পৰীক্ষা পে চৰ্চা-২০২৩"ত শিক্ষাৰ্থী, শিক্ষক আৰু অভিভাৱকৰ সৈতে বাৰ্তালাপৰ সময়ত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ লিখিত পাঠ

January 27th, 11:15 am

হয়তো এই ঠাণ্ডাৰ মাজত প্ৰথমবাৰৰ বাবে পৰীক্ষা পে চৰ্চা অনুষ্ঠিত হৈছে। সাধাৰণতে ফেব্ৰুৱাৰী মাহত অনুষ্ঠানটো আয়োজন কৰা হয়। কিন্তু এইবাৰ চিন্তা কৰিলো যে আপোনালোক সকলোৱে ২৬ জানুৱাৰীৰ সুবিধাও পাব লাগে, বাহিৰৰ পৰা অহাসকলেও সুবিধা ল’লে নহয়নে? কৰ্তব্য পথত গণৰাজ্য দিৱসৰ অনুষ্ঠান উপভোগ কৰিলে। কেনেকুৱা আছিল অভিজ্ঞতা? নিশ্চয় বৰ ভাল লাগিল। ঘৰলৈ যোৱাৰ পিছত কি ক’ব?

পৰীক্ষা পে চৰ্চা ২০২৩ ত শিক্ষাৰ্থী, শিক্ষক আৰু অভিভাৱক আৰু অভিভাৱকৰ সৈতে মত বিনিময় প্ৰধানমন্ত্ৰীৰ

January 27th, 11:00 am

পৰীক্ষা পে চৰ্চাৰ ষষ্ঠ সংস্কৰণত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ তালকাটোৰা ষ্টেডিয়ামত ছাত্ৰ-ছাত্ৰী, শিক্ষক আৰু অভিভাৱকৰ সৈতে বাৰ্তালাপ কৰে। তেওঁ বাৰ্তালাপৰ আগতে অনুষ্ঠানস্থলীত প্ৰদৰ্শিত শিক্ষাৰ্থীসকলৰ প্ৰদৰ্শনীও প্ৰত্যক্ষ কৰিছিল। পৰীক্ষা পে চৰ্চাপ্ৰধানমন্ত্ৰীয়ে ধাৰণা কৰিছে য'ত শিক্ষাৰ্থী, অভিভাৱক আৰু শিক্ষকসকলে তেওঁৰ সৈতে জীৱন আৰু পৰীক্ষা সম্পৰ্কীয় বিভিন্ন বিষয়ত বাৰ্তালাপ কৰে। এই বছৰ পিপিচিৰ এই বছৰৰ সংস্কৰণত ১৫৫ খন দেশৰ পৰা প্ৰায় ৩৮.৮০ লাখ পঞ্জীয়ন হৈছে।

‘এগজাম ৱাৰিয়ৰ্ছ’ এতিয়া ১৩টা ভাষাত উপলব্ধ

January 21st, 07:08 pm

প্ৰধানমন্ত্ৰীশ্ৰী নৰেন্দ্ৰ মোদীৰ পৰীক্ষা সম্পৰ্কীয় গ্ৰন্থ এগজাম ৱাৰিয়ৰ্ছ' এতিয়া ১৩টা ভাষাত উপলব্ধ।