‘হিন্দুস্তান টাইমছ লিডাৰশ্বিপ ছামিট ২০২৪’-ত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ
November 16th, 10:15 am
১০০ বছৰ আগতে ‘হিন্দুস্তান টাইমছ’-ৰ উন্মোচন পুজ্য বাপুয়ে কৰিছিল... তেওঁ গুজৰাটী ভাষী আছিল, আৰু ১০০ বছৰৰ পিছত আপোনালোকে আন এজন গুজৰাটীক আমন্ত্ৰণ কৰিছে। মই ‘হিন্দুস্তান টাইমছ’ক এই ঐতিহাসিক যাত্ৰাৰ বাবে অভিনন্দন জনাইছোঁ আৰু যিসকলে ১০০ বছৰীয়া যাত্ৰাত এই কাকতৰ সৈতে জড়িত হৈ আহিছে, যিসকলে প্ৰতিপালনৰ কাম কৰিছে, সংগ্ৰাম কৰিছে, সংকটৰ সন্মুখীন হৈছে, কিন্তু অধ্যৱসায় অব্যাহত ৰাখিছে... তেওঁলোক সকলোৱেই আজি অভিনন্দনৰ পাত্ৰ, তেওঁলোক সকলোৱেই অভিনন্দনৰ যোগ্য। আপোনালোক সকলোকে, ১০০ বছৰীয়া যাত্ৰা নিতান্তই এক বৃহত্ সাফল্য হয় জাঙৰীয়া। আপোনালোক সকলোৱেই এই সাফল্যৰ বাবে অভিনন্দনৰ পাত্ৰ, আৰু মই আপোনালোকক আগত ভৱিষ্যতৰ বাবেও বহুত বহুত শুভেচ্ছা জনাইছোঁ। মই যেতিয়া ইয়ালৈ আহিছোঁ, মই পৰিয়ালৰ সদস্যসকলৰেতো মিলিত হৈছোৱেই হৈছোঁ, ইয়াৰ লগতে মই ১০০ বছৰীয়া যাত্ৰাৰ এক সুন্দৰ প্ৰদৰ্শনীও চাবলৈ সুযোগ পাইছোঁ। মই আপোনালোক সকলোক ক'ম যে যদি সময় থাকে, তেন্তে তাত কিছু সময় কটাই নিশ্চয় যাব। এয়া কেৱল এক প্ৰদৰ্শনীয়েই নহয়, মই কওঁ যে এয়া আক্ষৰিক অৰ্থতে এক অনন্য অভিজ্ঞতাও। এনেকুৱা লাগিছিল যেন আমাৰ চকুৰ আগৰে ১০০ বছৰৰ ইতিহাস পাৰ হৈ গৈছিল। মই সেই দিনবোৰৰ বাতৰি কাকত দেখিছিলোঁ যিবোৰ দেশৰ স্বাধীনতা আৰু সংবিধান গ্ৰহণ কৰাৰ দিনবোৰত মুদ্ৰিত হৈছিল। ‘হিন্দুস্তান টাইমছ’-ৰ বাবে একাধিক প্ৰবীণ ব্যক্তিয়ে লিখিছিল। মাৰ্টিন লুথাৰ কিং, নেতাজী সুভাষ বাবু, ড০ শ্যামা প্ৰসাদ মুখাৰ্জী, অটল বিহাৰী বাজপেয়ী, ড০ এম এছ স্বামীনাথন। এইসকল পুৰোধাৰ লিখনিসমূহে আপোনালোকৰ বাতৰি কাকতৰ সৌষ্ঠৱ বৃদ্ধি কৰিছিল। সঁচাকৈয়ে আমি এক দীঘলীয়া যাত্ৰাৰ পিছত ইয়াত আহি উপস্থিত হৈছোহি। স্বাধীনতাৰ বাবে যুঁজ দিয়াৰ পৰা স্বাধীনতাৰ পিছত আশাৰ অতল সাগৰৰ লহৰত উপৱিষ্ট হৈ আমি আগবাঢ়িছো। এই যাত্ৰা নিতান্তই অভূতপূৰ্ব, ই আশ্চৰ্যজনকো। ১৯৪৭ চনৰ অক্টোবৰত কাশ্মীৰৰ অধিগ্ৰহণৰ পিছত মই আপোনালোকৰ কাকতৰ বাতৰিত সেই উৎসাহ অনুভৱ কৰিছিলোঁ যি প্ৰতিগৰাকী ভাৰতীয়ৰ মনত উদ্বেলিত হৈছিল। অৱশ্যে, সেইটো মুহূৰ্ততে মই এইটোও উপলব্ধি কৰিছিলোঁ কেনেকৈ সিদ্ধান্তহীনতাৰ পৰিস্থিতিয়ে কাশ্মীৰক সাত দশক ধৰি হিংসাই আৱৰি ধৰিছিল। আজি আপোনালোকৰ কাকতখনে জম্মু আৰু কাশ্মীৰত অভিলেখ হাৰত হোৱা ভোটদানৰ দৰে বাতৰি প্ৰকাশ কৰিছে, এয়া হৈছে এক বৈপৰিত্য। এফালে বাতৰি কাকতৰ ছপা, এক প্ৰকাৰে সকলোৰে চকু তালৈ যাবই, আপোনালোকৰ দৃষ্টি ৰৈ যাব। ইয়াৰ এফালে অসমক অশান্ত অঞ্চল ঘোষণা কৰাৰ খবৰ ওলাইছিল যদি আনফালে অটলজীয়ে বিজেপিৰ ভেটি স্থাপন কৰাৰ খবৰ ওলাইছিল। আৰু কি সুখৰ সংযোগ যে বিজেপিয়ে আজি অসমলৈ স্থায়ী শান্তি অনাৰ ক্ষেত্ৰত এক ডাঙৰ ভূমিকা পালন কৰি আহিছে।নতুন দিল্লীত হিন্দুস্তান টাইমছ লীডাৰশ্বিপ সন্মিলন ২০২৪ সম্বোধন প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
November 16th, 10:00 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত হিন্দুস্তান টাইমছ লীডাৰশ্বিপ সন্মিলন ২০২৪ত ভাষণ প্ৰদান কৰে। ভাষণত প্ৰধানমন্ত্ৰীয়ে ১০০ বছৰ পূৰ্বে মহাত্মা গান্ধীয়ে প্ৰতিষ্ঠা কৰা হিন্দুস্তান টাইমছৰ বিষয়ে আলোকপাত কৰি কাকতখনক শতিকাজোৰা অনবদ্য যাত্ৰাৰ বাবে অভিনন্দন জনায়। লগতে প্ৰকাশন প্ৰতিষ্ঠানটোৰ সমগ্ৰ ইতিহাসৰ লগত জড়িত প্ৰতিগৰাকী ব্যক্তিলৈও তেওঁ শুভেচ্ছা জ্ঞাপন কৰে। সভাস্থলীত হিন্দুস্তান টাইমছৰ প্ৰদৰ্শনী পৰিদৰ্শন কৰাৰ পিছত শ্ৰী মোদীয়ে ই এক অপ্ৰতীম অভিজ্ঞতা বুলি অভিহিত কৰি সকলো প্ৰতিনিধিকে সময় উলিয়াই ইয়াক অন্বেষণ কৰিবলৈ আহ্বান জনায়। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আৰু কয় যে প্ৰদৰ্শনীখন ভ্ৰমণৰ সময়ত ভাৰতে স্বাধীনতা লাভ কৰাৰ সময়ৰ আৰু সংবিধান প্ৰণয়নৰ সময়ৰ পুৰণি বাতৰি কাকত দেখা পাইছিল। তেওঁ স্বীকাৰ কৰে যে মাৰ্টিন লুথাৰ কিং, নেতাজী সুভাষ চন্দ্ৰ বসু, ড° শ্যামা প্ৰসাদ মুখাৰ্জী, অটল বিহাৰী বাজপেয়ী, ড° এম এছ স্বামীনাথনকে ধৰি বহু প্ৰভাৱশালী নেতাই হিন্দুস্তান টাইমছত প্ৰবন্ধ লিখিছিল। স্বাধীনতা সংগ্ৰাম আৰু স্বাধীনতাৰ পিছৰ সময়খিনিক সামৰি লোৱা কাকতখনৰ উল্লেখযোগ্য যাত্ৰাৰ ওপৰত প্ৰধানমন্ত্ৰীয়ে চিন্তা-চৰ্চা কৰি ইয়াক সঁচাকৈয়ে অসাধাৰণ আৰু প্ৰেৰণাদায়ক বুলি অভিহিত কৰে। শ্ৰী মোদীয়ে ১৯৪৭ চনৰ অক্টোবৰ মাহত কাশ্মীৰৰ ভাৰতৰ সৈতে একত্ৰীকৰণৰ কথা পঢ়ি এজন যুৱ নাগৰিক হিচাপে অনুভৱ কৰা উত্তেজনাৰ কথাও মনত পেলাইছিল। অৱশ্যে তেওঁ এইটোও লক্ষ্য কৰিছিল যে কেনেকৈ, সেই মুহূৰ্তত, তেওঁ উপলব্ধি কৰিছিল যে কিদৰে সাত দশক ধৰি অতীতৰ অনিশ্চয়তাই কাশ্মীৰক হিংসাৰ মাজত আবদ্ধ কৰি ৰাখিছিল। তেওঁ আশাবাদ প্ৰকাশ কৰি আঙুলিয়াই দিয়ে যে আজি জম্মু-কাশ্মীৰৰ নিৰ্বাচনত অভিলেখ সৃষ্টিকাৰী ভোটাৰৰ ভোটদানৰ খবৰ নিয়মীয়াকৈ প্ৰকাশ পাইছে, যিটো অগ্ৰগতি আৰু পৰিৱৰ্তনৰ লক্ষণ। প্ৰধানমন্ত্ৰীয়ে তেওঁৰ সন্মুখীন হোৱা এটা বিশেষ বাতৰি কাকতৰ সংখ্যাৰ কথাও উল্লেখ কৰে, য’ত এফালে অসমক অশান্ত অঞ্চল হিচাপে ঘোষণা কৰাৰ খবৰ আছিল, আনফালে ভাৰতীয় জনতা পাৰ্টিৰ ভেটি স্থাপন কৰা অটল বিহাৰী বাজপেয়ীৰ প্ৰতিবেদন আছিল। আজি অসমলৈ স্থায়ী শান্তি অনাৰ ক্ষেত্ৰত বিজেপিয়ে মূল ভূমিকা পালন কৰি অহা সুন্দৰ কাকতালীয় দিশৰ ওপৰতো তেওঁ মন্তব্য কৰে।‘ই-সঞ্জীৱনী এপ’ৰ জৰিয়তে ১০ কোটি ‘টেলি-পৰামৰ্শ’ প্ৰদানৰ অভিলেখ ৰচনা কৰা কাৰ্যক প্ৰধানমন্ত্ৰীৰ প্ৰশংসা
February 17th, 11:20 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ‘ই-সঞ্জীৱনী এপ’ৰ জৰিয়তে ১০ কোটি ‘টেলি-পৰামৰ্শ’ প্ৰদানৰ অভিলেখ ৰচনা কৰা কাৰ্যক প্ৰশংসা কৰে।