
প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
April 27th, 11:30 am
নমস্কাৰ। আজি 'মন কী বাত'ত আপোনালোকৰ লগত কথা পাতি আছো যদিও মোৰ অন্তৰত এক গভীৰ দুখ অনুভৱ হৈ আছে। ২২ এপ্ৰিলত পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণে দেশৰ প্ৰতিজন নাগৰিকৰ মনত আঘাত দিছে। মৃতকৰ পৰিয়ালৰ প্ৰতি সমগ্ৰ ভাৰতীবাসীয়ে গভীৰ সমবেদনা জ্ঞাপন কৰিছে। তেওঁ যি ৰাজ্যৰেই নহওক বা যি ভাষা নকওক কিয়, এই আক্ৰমণত নিজৰ আপোনজনক হেৰুওৱা সেই লোকসকলৰ যন্ত্ৰণা ভুক্তভোগী লোকসকলেহে অনুভৱ কৰে। সন্ত্ৰাসবাদী আক্ৰমণৰ ছবি দেখি প্ৰতিজন ভাৰতীয়ৰ তেজ উতলি থকা যেন অনুভৱ হৈছে। পেহেলগামত এই আক্ৰমণে সন্ত্ৰাসবাদক পৃষ্ঠপোষকতা কৰা সকলৰ হতাশাৰ লগতে, তেওঁলোকৰ কাপুৰুষালি প্ৰদৰ্শন কৰিছে। কাশ্মীৰত শান্তি ঘূৰি আহিছিল, বিদ্যালয়-মহাবিদ্যালয়ত জীপাল হৈ উঠিছিল, নিৰ্মাণ কাৰ্য্যই অভূতপূৰ্ব গতি লাভ কৰিছিল, গণতন্ত্ৰ শক্তিশালী হৈ আহিছিল, পৰ্যটকৰ সংখ্যা অভিলেখ পৰিমাণৰ বৃদ্ধি পাইছিল, মানুহৰ আয় বাঢ়িছিল, যুৱক-যুৱতীসকলৰ বাবে নতুন সুযোগৰ সৃষ্টি হৈছিল। কিন্তু দেশ তথা জম্মু-কাশ্মীৰৰ শত্ৰুবোৰে এই কথাবোৰ ভাল নাপালে। সন্ত্ৰাসবাদী আৰু তেওঁলোকৰ পৃষ্ঠপোষকসকলে কাশ্মীৰ পুনৰ ধ্বংস হোৱাটো বিচাৰে আৰু সেয়েহে তেওঁলোকে ইমান ডাঙৰ ষড়যন্ত্ৰ ৰচনা কৰিছিল। দেশৰ ঐক্য, ১৪০ কোটি ভাৰতীয়ৰ একতা, সন্ত্ৰাসবাদৰ বিৰুদ্ধে এই যুদ্ধত আমাৰ সৰ্ববৃহৎ শক্তি। এই ঐক্যই সন্ত্ৰাসবাদৰ বিৰুদ্ধে আমাৰ নিৰ্ণায়ক যুঁজৰ আধাৰ। দেশৰ সন্মুখত দেখা দিয়া এই প্ৰত্যাহ্বান মোকাবিলা কৰিবলৈ আমি আমাৰ সংকল্প শক্তিশালী কৰিব লাগিব। দেশ হিচাপে আমি দৃঢ় ইচ্ছাশক্তি প্ৰদৰ্শন কৰিব লাগিব। এই ক্ষেত্ৰত আজি বিশ্বই দৃষ্টি ৰাখিছে আৰু সন্ত্ৰাসবাদী এই নৃশংস আক্ৰমণৰ পিছত সমগ্ৰ দেশে সমস্বৰে মাত মাতিছে।
ৰোজগাৰ মেলাৰ অধীনত ৫১,০০০ৰো অধিক নিযুক্তি পত্ৰ বিতৰণ কৰি প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
April 26th, 11:23 am
আজি কেন্দ্ৰীয় চৰকাৰৰ ভিন্ন বিভাগত ৫১ হাজাৰৰো অধিক যুৱক-যুৱতীক স্থায়ী চৰকাৰী পদৰ নিযুক্তি পত্ৰ প্ৰদান কৰা হৈছে। ইয়াৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰৰ বিভাগসমূহত আপোনালোকৰ দৰে যুৱ প্ৰজন্মৰ বাবে দায়িত্বৰ এক নতুন অধ্যায় আৰম্ভ হৈছে। ৰাষ্ট্ৰৰ অৰ্থনীতি সুদৃঢ় কৰাটো এতিয়া আপোনাৰ কৰ্তব্য; দেশৰ অভ্যন্তৰীণ নিৰাপত্তা শক্তিশালী কৰাটো আপোনাৰ কৰ্তব্য; ৰাষ্ট্ৰখনত আধুনিক আন্তঃগাঁথনি গঢ়ি তোলাটো আপোনাৰ কৰ্তব্য আৰু শ্ৰমিকসকলৰ জীৱনৰ মৌলিক অগ্ৰগতি সাধন কৰাটো আপোনালোকৰ কৰ্তব্য। আপোনাসৱে যিমানেই আন্তৰিকতাৰে আৰু সততাৰে কামবোৰ সম্পাদন কৰিব, সিমানেই ভাৰতৰ উন্নত ৰাষ্ট্ৰ হোৱাৰ যাত্ৰাত ইয়াৰ তাৎপৰ্য্যপূৰ্ণ আৰু ইতিবাচক প্ৰভাৱ পৰিব। মোৰ বিশ্বাস যে আপোনালোকে পৰম ভক্তিৰে নিজৰ দায়িত্ব পালন কৰিব।
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰোজগাৰ মেলা সম্বোধন কৰে
April 26th, 11:00 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে ৰোজগাৰ মেলাৰ কাৰ্য্যসূচী সম্বোধনেৰে ভিন্ন চৰকাৰী বিভাগ আৰু সংস্থাৰ নৱনিযুক্ত যুৱক-যুৱতীসকলৰ মাজত ৫১ হাজাৰৰো অধিক নিযুক্তি পত্ৰ বিতৰণ কৰে। ইয়াত সমবেতসকলক উদ্দেশ্যি তেখেতে কয় যে আজি ভাৰত চৰকাৰৰ ভিন্ন বিভাগত এই যুৱক-যুৱতীসকলৰ বাবে নতুন দায়িত্বৰ আৰম্ভণি ঘটিছে। তেখেতে কয় তেওঁলোকৰ কৰ্তব্যৰাজিৰ অন্যতম হৈছেঃ ৰাষ্ট্ৰৰ অৰ্থনৈতিক কাঠামোক সুদৃঢ়কৰণ, অভ্যন্তৰীণ নিৰাপত্তাক শক্তিশালীকৰণ, আধুনিক আন্তঃগাঁথনি নিৰ্মাণত অৰিহণা যোগোৱা, শ্ৰমিকৰ জীৱনৰ পৰিৱৰ্তন সাধন কৰা। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে তেওঁলোকে যি আন্তৰিকতাৰে নিজৰ দায়িত্ব পালন কৰে, সেই কাৰ্য্যই ভাৰতৰ উন্নত ৰাষ্ট্ৰ হোৱাৰ যাত্ৰাত ইতিবাচক প্ৰভাৱ পেলাব। তেখেতে আস্থা প্ৰকাশেৰে এই যুৱক-যুৱতীসকলে পৰম নিষ্ঠাৰে নিজৰ কৰ্তব্য পালন কৰিব বুলি উল্লেখ কৰে।প্ৰধানমন্ত্ৰীয়ে দৰিপল্লী ৰমাইয়াৰ বিয়োগত শোক প্ৰকাশ কৰে
April 12th, 01:09 pm
আজি প্ৰধানমন্ত্ৰী, শ্ৰী নৰেন্দ্ৰ মোদীয়ে দৰিপল্লী ৰমাইয়াৰ বিয়োগত শোক প্ৰকাশ কৰে। তেওঁ তেওঁক এজন স্থিৰতাৰ সমৰ্থক হিচাপে স্মৰণ কৰে যিয়ে নিজৰ জীৱন লাখ লাখ বৃক্ষ ৰোপণ আৰু সুৰক্ষাৰ বাবে সমৰ্পিত কৰিছিল।New India is moving ahead with the mantra of 'Development as well as Heritage': PM Modi in Anandpur Dham, Madhya Pradesh
April 11th, 03:37 pm
In line with his commitment to furthering the cultural and spiritual heritage of India, Prime Minister Modi visited Anandpur Dham in Madhya Pradesh. “India is a land of sages, scholars, and saints, who have always guided society during challenging times”, exclaimed the PM, highlighting that the life of Pujya Swami Advait Anand Ji Maharaj reflects this tradition.মধ্যপ্ৰদেশৰ আনন্দপুৰ ধামত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ বৃহৎ সমাৱেশক সম্বোধন
April 11th, 03:26 pm
ভাৰতৰ সাংস্কৃতিক আৰু আধ্যাত্মিক ঐতিহ্যক আগুৱাই নিয়াৰ প্ৰতি থকা দায়বদ্ধতাৰ সৈতে সংগতি ৰাখি প্ৰধানমন্ত্ৰীয়ে আজি মধ্যপ্ৰদেশৰ অশোকনগৰ জিলাৰ ইছাগড় তহচিলৰ আনন্দপুৰ ধাম ভ্ৰমণ কৰে। গুৰুজী মহাৰাজ মন্দিৰত দৰ্শন আৰু পূজা কৰাৰ লগতে আনন্দপুৰ ধামৰ মন্দিৰ কমপ্লেক্স পৰিভ্ৰমণ কৰে। সভাত ভাষণ দি তেওঁ দিল্লী, হাৰিয়ানা, পঞ্জাৱ, দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা বৃহৎ সংখ্যক ভক্তক আদৰণি জনায়। শ্ৰী আনন্দপুৰ ধাম ভ্ৰমণ কৰি তেওঁ সুখ প্ৰকাশ কৰি গুৰুজী মহাৰাজৰ মন্দিৰত প্ৰাৰ্থনা কৰাৰ অভিজ্ঞতা প্ৰকাশ কৰে আৰু কয় যে গুৰুজী মহাৰাজৰ মন্দিৰত প্ৰাৰ্থনা কৰিলে তেওঁৰ হৃদয় গভীৰ শান্তি আৰু আনন্দৰে ভৰি পৰে।Navkar Mahamantra is not just a mantra, it is the core of our faith: PM Modi
April 09th, 08:15 am
PM Modi inaugurated Navkar Mahamantra Divas at Vigyan Bhawan, highlighting the spiritual depth and universal message of the Navkar Mantra. Calling it a path to peace, purity, and inner light, PM Modi urged all to embrace its teachings. He also proposed nine resolutions for a harmonious, sustainable, and united India rooted in faith and tradition.PM Modi inaugurates the Navkar Mahamantra Divas
April 09th, 07:47 am
PM Modi inaugurated Navkar Mahamantra Divas at Vigyan Bhawan, highlighting the spiritual depth and universal message of the Navkar Mantra. Calling it a path to peace, purity, and inner light, PM Modi urged all to embrace its teachings. He also proposed nine resolutions for a harmonious, sustainable, and united India rooted in faith and tradition.৩০.০৩.২০২৫ত ‘মন কী বাত’ৰ ১২০সংখ্যক খণ্ডত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
March 30th, 11:30 am
নমস্কাৰ। আজি এটা অতি পবিত্ৰ দিনত আপোনালোকৰ লগত মোৰ চিন্তাধাৰা ব্যক্ত কৰাৰ সুযোগ পালোঁ। আজি চ’ত মাহৰ শুক্ল পক্ষৰ প্ৰতিপদ তিথি। আজিৰ পৰা আৰম্ভ হৈছে চৈত্ৰ নৱৰাত্ৰি। আজি ভাৰতীয় নৱবৰ্ষৰো আৰম্ভণি। এইবাৰ বিক্ৰম সংম্বাত ২০৮২ আৰম্ভ হৈছে। এই সময়ত মোৰ সন্মুখত আপোনালোকে পঠোৱা বহু চিঠি আছে। কোনোবাখন বিহাৰৰ, কোনোবাখন বংগৰ, কোনোবাখন তামিলনাডুৰ, কোনোবাখন গুজৰাটৰ। এই চিঠিসমূহত মানুহে নিজৰ চিন্তাবোৰ অতি আনন্দদায়ক ৰূপত লিখিছে। কেইবাখনো চিঠিত শুভেচ্ছা আৰু অভিনন্দন বাৰ্তাও আছে। আজি আপোনালোকৰ সৈতে কিছু বাৰ্তা শ্বেয়াৰ কৰিব ওলাইছোঁ-বাবলিয়ালী ধামৰ এক কাৰ্য্যসূচীত প্ৰধানমন্ত্ৰীৰ বক্তব্যৰ পূৰ্ণ পাঠ
March 20th, 04:35 pm
প্ৰথমে ভৰৱদ সমাজৰ পৰম্পৰাৰ প্ৰতি আৰু সমগ্ৰ পৰম্পৰাৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰা সকলো শ্ৰদ্ধাৰ সন্ত, মহন্ত আৰু সকলো সমাজলৈ শ্ৰদ্ধা নিবেদন কৰিছোঁ। আজি আনন্দ বহুগুণ বৃদ্ধি পাইছে। এইবাৰ যি মহাকুম্ভ অনুষ্ঠিত হৈছিল, সেয়া ঐতিহাসিক আছিল যদিও সেয়া আমাৰ বাবে গৌৰৱৰ বিষয়ো। কাৰণ মহাকুম্ভৰ শুভ উপলক্ষত মহন্ত শ্ৰী ৰাম বাপু জীয়ে মহা মণ্ডলেশ্বৰ উপাধি লাভ কৰিছিল। এয়া যথেষ্ট বৃহৎ অনুষ্ঠান আৰু আমাৰ সকলোৰে বাবে অসীম আনন্দৰ অনুষ্ঠান। মই ৰাম বাপুজীৰ লগতে সমাজৰ সমূহ পৰিয়ালৰ সকলো সদস্যলৈ মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ।বাৱলিয়ালী ধাম কাৰ্যসূচীত ভাষণ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
March 20th, 04:30 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ ভৰৱাদ সম্প্ৰদায়ৰ সৈতে জড়িত বাৱলিয়ালি ধামৰ অনুষ্ঠানত ভিডিঅ’ বাৰ্তাৰ জৰিয়তে ভাষণ আগবঢ়ায়। সভাত আগবঢ়োৱা ভাষণত শ্ৰী মোদীয়ে সমাজৰ আগশাৰীৰ ব্যক্তি মহন্ত শ্ৰী ৰাম বাপুজী আৰু উপস্থিত সহস্ৰাধিক ভক্তক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে। ভৰৱাদ জনগোষ্ঠীৰ পৰম্পৰা আৰু এই পৰম্পৰা ৰক্ষাৰ বাবে নিজৰ জীৱন উচৰ্গা কৰা পূজনীয় সাধু-মহন্তসকলক সশ্ৰদ্ধ প্ৰণাম জনাই তেওঁ ভাষণ আৰম্ভ কৰে। ঐতিহাসিক মহাকুম্ভৰ লগত জড়িত অপৰিসীম আনন্দ আৰু গৌৰৱৰ কথা উল্লেখ কৰি শ্ৰী মোদীয়ে এই পবিত্ৰ অনুষ্ঠানত মহন্ত শ্ৰী ৰাম বাপু জীক মহামণ্ডলেশ্বৰ উপাধি প্ৰদান কৰাৰ উল্লেখযোগ্য অনুষ্ঠানত নিজৰ চিন্তা ব্যক্ত কৰি সকলোৰে বাবে এক বৃহৎ সাফল্য আৰু অপৰিসীম আনন্দৰ উৎস বুলি অভিহিত কৰে। তেওঁ মহন্ত শ্ৰী ৰাম বাপু জী আৰু সমাজৰ পৰিয়ালবৰ্গলৈ তেওঁলোকৰ অৱদান আৰু কৃতিত্বক লৈ সুখ প্ৰকাশ কৰি শুভেচ্ছা জ্ঞাপন কৰে।ফলাফলৰ সবিশেষঃ নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰী শ্ৰীযুত ক্ৰিষ্টোফাৰ লাক্সনৰ ভাৰত ভ্ৰমণ
March 17th, 02:27 pm
ভাৰত আৰু নিউজিলেণ্ডৰ মাজত মুক্ত বাণিজ্য চুক্তি (এফটিএ) সন্দৰ্ভত আলোচনা আৰম্ভ কৰাপ্ৰধানমন্ত্ৰীয়ে ছাৰ চিউছাগুৰ ৰামগুলাম আৰু ছাৰ অনেৰুদ জুগনৌথৰ সমাধিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে
March 11th, 03:04 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পামপ্লেমৌচেত অৱস্থিত ছাৰ চিউছাগুৰ ৰামগুলাম বোটানিক গাৰ্ডেনত ছাৰ চিউছাগুৰ ৰামগুলাম আৰু ছাৰ অনেৰুদ জুগনৌথৰ সমাধিস্থলত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। এই পুষ্পাঞ্জলী তর্পণ অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ সৈতে মৰিছাছৰ প্ৰধানমন্ত্ৰী মাননীয় নবীনচন্দ্ৰ ৰামগুলাম উপস্থিত আছিল । এই উপলক্ষে প্ৰধানমন্ত্ৰী মোদীয়ে মৰিচাছৰ প্ৰগতি আৰু ভাৰত-মৰিছাছ সম্পৰ্কৰ বাবে এক শক্তিশালী ভেটি গঢ়ি তোলাৰ ক্ষেত্ৰত দুয়োগৰাকী নেতাৰ স্থায়ী উত্তৰাধিকাৰক স্মৰণ কৰে।জীৱ-জন্তুৰ সুৰক্ষাৰ ক্ষেত্ৰত ভাৰত সদায় সকলোৰে আগত থাকিব: প্ৰধানমন্ত্ৰী
March 09th, 12:10 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ভাৰত বন্যপ্ৰাণী বৈচিত্ৰ্য আৰু বন্যজীৱক উদযাপন কৰা সংস্কৃতিৰে আশীৰ্বাদপু্ষ্ট। আমি সদায় জীৱ-জন্তুৰ সুৰক্ষা আৰু এক বহনক্ষম গ্ৰহৰ প্ৰতি অৰিহণা যোগোৱাৰ ক্ষেত্ৰত সকলোৰে আগত থাকিম, শ্ৰী মোদীয়ে লগতে কয়।যোৱা দশকত বাঘ, নাহৰফুটুকী, গঁড়ৰ জনসংখ্যাও বৃদ্ধি পাইছে, ইয়াৰ পৰা বুজা যায় যে আমি বন্যপ্ৰাণীক কিমান গভীৰভাৱে লালন-পালন কৰোঁ আৰু জীৱ-জন্তুৰ বাবে বহনক্ষম বাসস্থান নিৰ্মাণৰ বাবে কাম কৰি আছো: প্ৰধানমন্ত্ৰী
March 03rd, 12:36 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মন্তব্য কৰে যে যোৱা দশকত বাঘ, নাহৰফুটুকী, গঁড়ৰ জনসংখ্যাও বৃদ্ধি পাইছে, ইয়াৰ পৰা বুজা যায় যে আমি বন্যপ্ৰাণীক কিমান গভীৰভাৱে লালন-পালন কৰোঁ আৰু জীৱ-জন্তুৰ বাবে বহনক্ষম বাসস্থান নিৰ্মাণৰ বাবে কাম কৰি আছো।আজি পুৱা বিশ্ব বন্যপ্ৰাণী দিৱসত মই গিৰত ছাফাৰীত উঠিলোঁ, যিটো আমি সকলোৱে জনা এছিয়াৰ মহিমাণ্ডিত সিংহৰ বাসভূমি; গিৰ ভ্ৰমণ কৰি গুজৰাটৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰা সময়ত কৰা সামূহিক কামৰ বহু স্মৃতিও মনত পৰিল: প্ৰধানমন্ত্ৰী
March 03rd, 12:03 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মহিমামণ্ডিত এছিয়াটিক সিংহৰ বাসভূমি বুলি বিখ্যাত গিৰত ছাফাৰী কৰিলোঁ।PM Modi calls to protect and preserve the biodiversity on the occasion of World Wildlife Day
March 03rd, 08:37 am
The Prime Minister Shri Narendra Modi reiterated the commitment to protect and preserve the incredible biopersity of our planet today on the occasion of World Wildlife Day.কৃষি আৰু গ্ৰাম্য সমৃদ্ধিৰ ওপৰত বাজেট-পৰৱৰ্তী ৱেবিনাৰত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ অসমীয়া অনুবাদ
March 01st, 01:00 pm
বাজেটৰ পিছত বাজেটৰ সৈতে জড়িত ৱেবিনাৰত আপোনালোক সকলোৰে উপস্থিতি অতি গুৰুত্বপূৰ্ণ। এই কাৰ্যসূচীত যোগদান কৰাৰ বাবে আপোনালোক সকলোকে ধন্যবাদ।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কৃষি আৰু গ্ৰাম্য সমৃদ্ধিৰ ওপৰত বাজেট-পৰৱৰ্তী ৱেবিনাৰত ভাষণ দিয়ে
March 01st, 12:30 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে কৃষি আৰু গ্ৰাম্য সমৃদ্ধিৰ ওপৰত বাজেট-পৰৱৰ্তী ৱেবিনাৰত ভাষণ দিয়ে। বাজেট-পৰৱৰ্তী ৱেবিনাৰত অংশগ্ৰহণৰ গুৰুত্বৰ ওপৰত জোৰ দি প্ৰধানমন্ত্ৰীয়ে অনুষ্ঠানটোত যোগদান কৰাৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰে আৰু এই কথাৰ ওপৰত আলোকপাত কৰে যে এই বছৰৰ বাজেট চৰকাৰৰ তৃতীয় কাৰ্যকালৰ প্ৰথমখন পূৰ্ণাংগ বাজেট, যিয়ে নীতিসমূহৰ ধাৰাবাহিকতা আৰু বিকশিত ভাৰতৰ দৃষ্টিভংগীৰ নতুন সম্প্ৰসাৰণ প্ৰতিফলিত কৰে। বাজেটৰ পূৰ্বে সকলো অংশীদাৰৰ পৰা লাভ কৰা মূল্যৱান তথ্য আৰু পৰামৰ্শক তেওঁ স্বীকাৰ কৰে, যিবোৰ অতি উপযোগী আছিল। তেওঁ জোৰ দি কয় যে এই বাজেটখনক অধিক ফলপ্ৰসূ কৰি তোলাৰ ক্ষেত্ৰত অংশীদাৰসকলৰ ভূমিকা আৰু অধিক গুৰুত্বপূৰ্ণ হৈ পৰিছে।থাইলেণ্ডত অনুষ্ঠিত সংবাদ কাৰ্য্যসূচীত প্ৰধানমন্ত্ৰীৰ বক্তব্যৰ পূৰ্ণপাঠ
February 14th, 08:30 am
থাইলেণ্ডত অনুষ্ঠিত সংবাদৰ (SAMVAD) এই সংস্কৰণত আপোনালোক সকলোৰে সৈতে যোগদান কৰিবলৈ পোৱাটো সন্মানৰ কথা। ভাৰত, জাপান আৰু থাইলেণ্ডৰ একাধিক বিশিষ্ট প্ৰতিষ্ঠান আৰু ব্যক্তিয়ে এই অনুষ্ঠানটো সাফল্যমণ্ডিত কৰি তুলিবলৈ কাম কৰি আছে। তেওঁলোকৰ এই প্ৰচেষ্টাৰ বাবে মই সকলোৰে শলাগ লৈছোঁ আৰু সকলো অংশগ্ৰহণকাৰীলৈ মোৰ শুভেচ্ছা জনাইছোঁ।