
Prime Minister Narendra Modi to visit Republic of Cyprus, Canada and Croatia
June 14th, 11:58 am
PM Modi to visit Cyprus on 15-16 June, to Canada on June 16-17 for G-7 Summit and to Croatia on 18 June. PM Modi will hold talks with Cyprus President Christodoulides and address business leaders in Limassol. Later in Canada, at the G7 Summit, PM Modi will exchange views with leaders of G-7 countries. In Croatia, PM Modi will hold bilateral discussions with PM Plenković and meet the Croatian President Zoran Milanović.
India’s youth have made a mark globally, Our Yuva Shakti is associated with dynamism, innovation and determination: PM
June 06th, 10:42 am
The Prime Minister, Shri Narendra Modi today highlighted the global achievements of India’s youth, stating that India’s youth have made a mark globally. Describing them as symbols of dynamism, innovation, and determination, he said the nation’s growth in the last 11 years has been fuelled by the unmatched energy and conviction of Yuva Shakti.
পেৰাগুৱেৰ ৰাষ্ট্ৰপতিৰ সৈতে প্ৰতিনিধি পৰ্যায়ৰ আলোচনাৰ সময়ত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
June 02nd, 03:00 pm
ভাৰতলৈ আপোনাক আৰু আপোনাৰ প্ৰতিনিধি দলটোক আমি অতি উষ্ম আদৰণি জনাইছো। পেৰাগুৱে দক্ষিণ আমেৰিকাৰ এক গুৰুত্বপূৰ্ণ অংশীদাৰ। আমাৰ ভৈগলিক অৱস্থিতি বেলেগ হ’ব পাৰে, কিন্তু আমি একে গণতান্ত্ৰিক মূল্যবোধৰেই অংশীদাৰ আৰু মানুহৰ কল্যাণৰ বিষয়ত গুৰুত্ব দিও।প্ৰধানমন্ত্ৰীয়ে ২ জুনত নতুন দিল্লীত আন্তঃৰাষ্ট্ৰীয় বিমান পৰিবহণ সংস্থাৰ ৮১ সংখ্যক বাৰ্ষিক সাধাৰণ সভাত অংশগ্ৰহণ কৰিব
June 01st, 08:01 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে তেখেতৰ বিশ্ব-মানৰ বিমান আন্তঃগাথঁনি গঢ়ি তোলা আৰু যোগাযোগ ব্যৱস্থাৰ বৰ্ধনৰ অৰ্থে অংগীকাৰৰে সংগতি ৰাখি ২ জুনৰ বিয়লি প্ৰায় ৫ বজাত নতুন দিল্লীৰ ভাৰত মণ্ডপমত আন্তঃৰাষ্ট্ৰীয় বিমান পৰিবহণ সংস্থাৰ (IATA) ৮১ সংখ্যক বাৰ্ষিক সাধাৰণ সভাত (AGM) অংশগ্ৰহণ কৰিব। তেখেতে ইয়াত সমবেতসকলক সম্বোধনো কৰিব।We are making UP a state of industrial possibilities: PM Modi in Kanpur Nagar, Uttar Pradesh
May 30th, 03:29 pm
PM Modi laid the foundation stone, inaugurated various projects worth around Rs 47,600 crore at Kanpur. He expressed pride in UP's major contributions to achieving defence self-sufficiency. He highlighted the launch of Mission Manufacturing in this year’s budget, designed to bolster Make in India by promoting local industries and production.প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ প্ৰদেশৰ কানপুৰত প্ৰায় ৪৭,৬০০ কোটি টকা ব্যয়সাপেক্ষ এলানি প্ৰকল্পৰ আধাৰশিলা স্থাপন, উদ্বোধন কৰে
May 30th, 03:08 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰ প্ৰদেশৰ কানপুৰত প্ৰায় ৪৭,৬০০ কোটি টকাৰ এলানি প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ উপৰি একাংশ প্ৰকল্প উদ্বোধন কৰে। এই উপলক্ষে আয়োজিত এখন সভাত ভাষণ দি তেওঁ কয় যে, প্ৰথমে ২০২৫ চনৰ ২৪ এপ্ৰিলত নিৰ্ধাৰিত কানপুৰ ভ্ৰমণ পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ বাবে বাতিল কৰিবলগীয়া হৈছিল। এই বৰ্বৰ কাণ্ডৰ বলি হোৱা কানপুৰৰ সন্তান শ্ৰী শুভম দ্বিবেদীলৈ তেওঁ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে সমগ্ৰ দেশৰ ভগ্নী-কন্যাসকলৰ যন্ত্ৰণা, দুখ-কষ্ট, ক্ষোভ আৰু সামূহিক যন্ত্ৰণা তেওঁ গভীৰভাৱে হৃদয়ংগম কৰিছে। তেওঁ কয় যে এই সামূহিক ক্ৰোধ ‘অপাৰেশ্যন সিন্দূৰ’ৰ সূচনা হোৱাৰ লগে লগে বিশ্বজুৰি দেখিবলৈ পোৱা গৈছিল। তেওঁ ‘অপাৰেশ্যন সিন্দূৰ’ৰ সফলতাত গুৰুত্ব আৰোপ কৰে, যিটো অভিযানত পাকিস্তানত সন্ত্ৰাসবাদীয়ে আত্মগোপন কৰি থকা ঘাটিসমূহ ধ্বংস কৰা হয় আৰু পৰৱৰ্তি সময়ত পাকিস্তানী সেনাই সংঘাতৰ অন্ত পেলাবলৈ অনুৰোধ কৰিবলৈ বাধ্য হয়। প্ৰধানমন্ত্ৰীয়ে স্বাধীনতা সংগ্ৰামৰ ভূমিৰ পৰা দেশৰ সশস্ত্ৰ বাহিনীৰ সাহসক শ্ৰদ্ধাঞ্জলি জনোৱাত গুৰুত্ব আৰোপ কৰি তেওঁলোকৰ বীৰত্বক প্ৰণাম জনায়। তেওঁ পুনৰ দৃঢ়তাৰে কয় যে ‘অপাৰেশ্যন সিন্দূৰ’ৰ সময়ত দয়া ভিক্ষা কৰা শত্ৰুহঁত কোনো ভ্ৰমৰ মাজত থাকিব নালাগে, কাৰণ ‘অপাৰেশ্যন সিন্দূৰ’ এতিয়াও শেষ হোৱা নাই। প্ৰধানমন্ত্ৰীয়ে সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজত ভাৰতৰ তিনিটা স্পষ্ট নীতিৰ ৰূপৰেখা দাঙি ধৰে। প্ৰথমতে, প্ৰতিটো সন্ত্ৰাসবাদী আক্ৰমণৰ বিৰুদ্ধে ভাৰতে নিৰ্ণায়ক প্ৰতিক্ৰিয়া আগবঢ়াব। এই প্ৰতিক্ৰিয়াৰ সময়, পদ্ধতি আৰু চৰ্ত কেৱল ভাৰতীয় সশস্ত্ৰ বাহিনীয়ে নিৰ্ধাৰণ কৰিব। দ্বিতীয়তে, ভাৰতক আৰু পাৰমাণৱিক ভাবুকিৰে ভয় খুৱাব নোৱাৰিব, এনে সতৰ্কবাণীৰ ভিত্তিত সিদ্ধান্তও ল’ব নোৱাৰিব। তৃতীয়তে, ভাৰতে সন্ত্ৰাসবাদৰ ‘মাষ্টাৰমাইণ্ড’ আৰু সিহঁতক আশ্ৰয় দিয়া চৰকাৰ দুয়োটাকে একে দৃষ্টিৰেহে চাব। পাকিস্তানৰ ৰাষ্ট্ৰ আৰু ‘অনা-ৰাষ্ট্ৰীয় অভিনেতা’হঁতৰ মাজত থকা পাৰ্থক্য আৰু মানি লোৱা নহ’ব। প্ৰধানমন্ত্ৰীয়ে নিৰ্দ্বিধাই দৃঢ়তাৰে কয় যে শত্ৰু য’তেই নাথাকক কিয়, ইয়াক নিৰ্মূল কৰাই হ’ব।গুজৰাটৰ ভুজত উন্নয়নমূলক কাম-কাজৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
May 26th, 05:00 pm
গুজৰাটৰ মুখ্যমন্ত্ৰী শ্ৰীযুত ভূপেন্দ্ৰভাই পেটেল, কেন্দ্ৰীয় মন্ত্ৰীসভাৰ মোৰ সহকৰ্মী শ্ৰী মনোহৰ লাল জী, কেবিনেটৰ আন সকলো সদস্য, সাংসদ, বিধায়ক, আন সকলো সন্মানীয় বিশিষ্ট ব্যক্তি আৰু মোৰ মৰমৰ কচ্চৰ ভাই-ভনীসকল!প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গুজৰাটৰ ভূজত ৫৩,৪০০ কোটি টকাৰো অধিক মূল্যৰ উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে
May 26th, 04:45 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ ভূজত ৫৩,৪০০ কোটি টকাৰো অধিক মূল্যৰ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন, উদ্বোধন আৰু ৰাষ্ট্ৰক সমৰ্পিত কৰে। এই উপলক্ষে সভাত ভাষণ দি তেওঁ কচ্ছবাসীলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে আৰু বিশেষকৈ মহান স্বাধীনতা সংগ্ৰামী শ্যামজী কৃষ্ণ বাৰ্মাসহ ক্ৰান্তিকাৰী আৰু শ্বহীদৰ প্ৰতি গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰীয়ে তেওঁলোকৰ স্থিতিস্থাপকতা আৰু অৱদানক স্বীকাৰ কৰি কচ্ছৰ পুত্ৰ-কন্যাসকলৰ প্ৰতি শ্ৰদ্ধা প্ৰকাশ কৰে।ৰাইজিং নৰ্থ ইষ্ট ইনভেষ্টৰ্ছ ছামিটত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
May 23rd, 11:00 am
কেন্দ্ৰীয় কেবিনেটৰ মোৰ সতীৰ্থ জ্যোতিৰাদিত্য সিন্ধিয়া জী, সুকান্ত মজুমদাৰ জী, মণিপুৰৰ ৰাজ্যপাল অজয় ভল্লা জী, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা জী, অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু জী, ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মানিক সাহা জী, মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা জী, ছিক্কিমৰ মুখ্যমন্ত্ৰী প্ৰেম সিং তামাং জী, নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ' জী, মিজোৰামৰ মুখ্যমন্ত্ৰী লালদুহোমা জী, সকলো উদ্যোগৰ নেতা, বিনিয়োগকাৰী, ভদ্ৰমহিলা আৰু সুধী সমাজ!প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাইজিং নৰ্থ-ইষ্ট ইনভেষ্টৰ্ছ ছামিট, ২০২৫ উদ্বোধন কৰে
May 23rd, 10:30 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত ৰাইজিং নৰ্থ-ইষ্ট ইনভেষ্টৰ্ছ ছামিট, ২০২৫ উদ্বোধন কৰে। ইয়াত সমবেত সকলো গণ্যমান্য ব্যক্তিক উষ্ম আদৰণি জনাই প্ৰধানমন্ত্ৰীগৰাকীয়ে উত্তৰ-পূৰ্বাঞ্চলৰ ভৱিষ্যতক লৈ গৌৰৱ আৰু গভীৰ আস্থা প্ৰকাশ কৰে। শেহতীয়াকৈ ভাৰত মণ্ডপমত অনুষ্ঠিত অষ্টলক্ষ্মী মহোৎসৱৰ কথা স্মৰণেৰে তেখেতে কয় যে আজি এই অনুষ্ঠানত উত্তৰ-পূৰ্বাঞ্চলত বিনিয়োগক উদযাপন কৰা হৈছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে এই সন্মিলনত একাধিক উদ্যোগপতিয়ে অংশগ্ৰহণ কৰাৰ কথা উল্লেখেৰে অঞ্চলটোৰ সুযোগৰাজিক কেন্দ্ৰ কৰি বিৰাজ কৰা উৎসাহ-উদ্দীপনাত আলোকপাত কৰে। তেখেতে সকলো মন্ত্ৰালয় আৰু ৰাজ্য চৰকাৰলৈ অভিনন্দন জ্ঞাপনেৰে এটি বিনিয়োগ-অনুকূল পৰিবেশ গঢ়ি তোলাৰ ক্ষেত্ৰত তেওঁলোকে গ্ৰহণ কৰা প্ৰচেষ্টাৰাজিৰ শলাগ লয়। সকলোকে শুভেচ্ছা জ্ঞাপনেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে ৰাইজিং নৰ্থ-ইষ্ট ইনভেষ্টৰ্ছ ছামিটক প্ৰশংসাৰে অঞ্চলটোৰ অবিৰত বিকাশ আৰু সমৃদ্ধিৰ প্ৰতি স্বকীয় দায়বদ্ধতাৰ কথা দোহাৰে।প্ৰধানমন্ত্ৰীয়ে ২৩ মে'ত নতুন দিল্লীত ৰাইজিং নৰ্থ ইষ্ট ইনভেষ্টাৰ্ছ সন্মিলন উদ্বোধন কৰিব
May 22nd, 04:13 pm
উত্তৰ-পূব অঞ্চলক সুযোগৰ দেশ হিচাপে চিহ্নিত কৰা, বৈশ্বিক আৰু ঘৰুৱা বিনিয়োগক আকৰ্ষিত কৰা, আৰু মুখ্য অংশীদাৰ, বিনিয়োগকাৰী তথা নীতি নিৰ্ধাৰকসকলক একেখন মঞ্চতে একত্ৰিত কৰাৰ লক্ষ্যৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৩ মে'ত নতুন দিল্লীৰ ভাৰত মণ্ডপমত পুৱা প্ৰায় ১বজাত ৰাইজিং নৰ্থ ইষ্ট ইনভেষ্টাৰ্ছ সন্মিলন উদ্বোধন কৰিব।ড0 এম আৰ শ্ৰীনিবাসনৰ মৃত্যুত প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ
May 20th, 01:47 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভাৰতৰ পাৰমাণৱিক শক্তি কাৰ্যসূচীৰ এগৰাকী বলিষ্ঠ নেতা ড0 এম আৰ শ্ৰীনিবাসনৰ মৃত্যুত শোক প্ৰকাশ কৰিছে।এংগোলাৰ ৰাষ্ট্ৰপতিৰ সৈতে যুটীয়া প্ৰেছ বিজ্ঞপ্তিৰ সময়ত প্ৰধানমন্ত্ৰীৰ প্ৰেছ বিজ্ঞপ্তি
May 03rd, 01:00 pm
মই ৰাষ্ট্ৰপতি ল’ৰেঞ্চো আৰু তেওঁৰ প্ৰতিনিধি দলক ভাৰতলৈ আন্তৰিকতাৰে আদৰণি জনাইছোঁ। এয়া এক ঐতিহাসিক মুহূৰ্ত। ৩৮ বছৰৰ পাছত, এংগোলাৰ ৰাষ্ট্ৰপতি ভাৰত ভ্ৰমণলৈ আহিছে। তেওঁৰ এই ভ্ৰমণে, কেৱল ভাৰত-এংগোলাৰ সম্পৰ্কক নতুন দিশ আৰু গতি প্ৰদান কৰাই নহয়, বৰং ভাৰত-আফ্ৰিকাৰ অংশীদাৰিত্বও শক্তিশালী কৰিছে।মুম্বাইত অনুষ্ঠিত ‘ৱেভছ’ সন্মিলনত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ
May 01st, 03:35 pm
আজি গুজৰাটৰো প্ৰতিষ্ঠা দিৱস, সমগ্ৰ বিশ্বতে বিয়পি থকা সকলো গুজৰাটী ভাই-ভনীলৈকো ‘গুজৰাট প্ৰতিষ্ঠা দিৱস’ৰ শুভকামনা জনাইছোঁ।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৱেভছ, ২০২৫ উদ্বোধন কৰে
May 01st, 11:15 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মুম্বাইৰ জিঅ’ ৱৰ্ল্ড চেন্টাৰত ভাৰতৰ প্ৰথম বিশ্ব অডিঅ’-ভিজুৱেল আৰু এন্টাৰটেইনমেন্ট সন্মিলন (WAVES 2025) উদ্বোধন কৰে। এই উপলক্ষে সমবেতসকলক সম্বোধনেৰে তেখেতে আজি উদযাপন কৰা মহাৰাষ্ট্ৰ দিৱস আৰু গুজৰাট দিৱস উপলক্ষে সকলোকে সম্ভাষণ জনায়। সৃষ্টিশীল উদ্যোগৰ সকলো আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ৰ গণ্যমান্য ব্যক্তি, ৰাষ্ট্ৰদূত আৰু নেতৃবৃন্দৰ উপস্থিতিৰ কথা উল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে এই সমাৱেশৰ তাৎপৰ্য্যত আলোকপাতেৰে কয় যে ইয়াত ১০০ খনৰো অধিক দেশৰ শিল্পী, উদ্ভাৱক, বিনিয়োগকাৰী, নীতি নিৰ্ধাৰকসকল একত্ৰিত হৈ প্ৰতিভা আৰু সৃষ্টিশীলতাৰ এক বৈশ্বিক বাতাবৰণৰ ভেটি স্থাপন কৰিছে। “ৱেভছ কেৱল এক সংক্ষিপ্ত ৰূপেই নহয়, বৰঞ্চ এয়া সংস্কৃতি, সৃষ্টিশীলতা আৰু সৰ্বজনীন সংযোগৰ ঢৌ”, তেখেতে কয়। প্ৰধানমন্ত্ৰীগৰাকীয়ে আৰু কয় যে এই সন্মিলনে চলচ্চিত্ৰ, মিউজিক, গেমিং, এনিমেচন আৰু কাহিনী কথনৰ বিস্তৃত জগতখনক প্ৰদৰ্শন কৰিছে। শিল্পী আৰু ক্ৰিয়েটৰসকলক সংযোগ আৰু তেওঁলোকৰ মাজত সহযোগিতাৰ অৰ্থে এখনি বৈশ্বিক মঞ্চ প্ৰশস্ত কৰিছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে এই ঐতিহাসিক অনুষ্ঠানত ভাগ লোৱা সকলো অংশগ্ৰহণকাৰীকে অভিনন্দন জ্ঞাপনৰ লগতে ভাৰত আৰু বিদেশৰ বিশিষ্ট অতিথিসকলক উষ্ম আদৰণি জনায়।ইণ্ডিয়া ষ্টীল ২০২৫ অনু্ষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
April 24th, 02:00 pm
আজি আৰু অহা ২ দিনত আমি ভাৰতৰ উদিত খণ্ড, তীখা খণ্ডৰ সামৰ্থ্য আৰু সম্ভাৱনাৰ ওপৰত বিস্তৃত আলোচনা কৰিবলৈ ওলাইছো। যিটো খণ্ড ভাৰতৰ প্ৰগতিৰ আধাৰ, যিটো উন্নত ভাৰতৰ শক্তিশালী ভেটি আৰু যিয়ে ভাৰতত বৃহৎ পৰিৱৰ্তনৰ নতুন কাহিনী লিখিছে। মই আপোনালোক সকলোকে ইণ্ডিয়া ষ্টীল ২০২৫ লৈ আদৰণি জনাইছো। মই নিশ্চিত যে এই অনুষ্ঠানে নতুন ধাৰণা ভাগ-বতৰা, নতুন অংশীদাৰিত্ব গঢ়ি তোলা আৰু উদ্ভাৱনক প্ৰসাৰিত কৰাৰ বাবে এক নতুন সুযোগৰ থলী হিচাপে কাম কৰিব। ইয়াৰ দ্বাৰা তীখা খণ্ডত নতুন অধ্যায়ৰ আৰম্ভণিৰ আধাৰ হিচাপে গঢ় লৈ উঠিব।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ‘ইণ্ডিয়া ষ্টীল ২০২৫’ কাৰ্যসূচীত ভাষণ দিয়ে
April 24th, 01:30 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ‘ভিডিঅ' বাৰ্তা’ৰ জৰিয়তে মুম্বাইত ‘ইণ্ডিয়া ষ্টীল ২০২৫’ কাৰ্যসূচীৰ সময়ত তেওঁৰ মন্তব্য আগবঢ়ায়। সমবেত সকলক সম্বোধন কৰি তেওঁ কয় যে অহা দুদিনৰ আলোচনাত ভাৰতৰ ‘সূৰ্যোদয় খণ্ড’- তীখা উদ্যোগৰ সম্ভাৱনা আৰু সুযোগ সন্দৰ্ভত গুৰুত্ব দিয়া হ'ব। তেওঁ মন্তব্য কৰে যে এই খণ্ডই ভাৰতৰ প্ৰগতিৰ ভেটি গঢ়ি তুলিছে, উন্নত ভাৰতৰ আধাৰ শক্তিশালী কৰিছে আৰু দেশত ৰূপান্তৰৰ এক নতুন অধ্যায় ৰচনা কৰিছে। প্ৰধানমন্ত্ৰীয়ে ‘ইণ্ডিয়া ষ্টীল ২০২৫’লৈ সকলোকে আদৰণি জনায় আৰু বিশ্বাস ব্যক্ত কৰে যে এই অনুষ্ঠানটোৱে নতুন ধাৰণা সহভাগ কৰা, নতুন অংশীদাৰিত্ব গঢ়ি তোলা আৰু উদ্ভাৱনক উদগণি দিয়াৰ বাবে এক উত্ক্ষেপন মঞ্চ হিচাপে কাম কৰিব। তেওঁ গুৰুত্ব আৰোপ কৰি কয় যে এই অনুষ্ঠানটোৱে তীখা খণ্ডত এক নতুন অধ্যায়ৰ ভেটি স্থাপন কৰিব।ছৌদি আৰৱলৈ প্ৰধানমন্ত্ৰীৰ ৰাজ্যিক ভ্ৰমণৰ সামৰণিত যৌথ বিবৃতি
April 23rd, 12:44 pm
এক ঐতিহাসিক বন্ধুত্ব; প্ৰগতিৰ বাবে এক অংশীদাৰিত্ব।” ছৌদি আৰব ৰাজ্যৰ ক্ৰাউন প্ৰিন্স আৰু প্ৰধানমন্ত্ৰী, ভাৰত গণৰাজ্যৰ মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীয়ে ২০২৫ চনৰ ২২ এপ্ৰিলত ছৌদি আৰৱ ৰাজ্যত ৰাজ্যিক ভ্ৰমণ কৰে। এয়া আছিল প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ তৃতীয়টো ছৌদি আৰৱ ভ্ৰমণ। ২০২৩ চনৰ ছেপ্টেম্বৰ মাহত ছৌদি আৰৱৰ ক্ৰাউন প্ৰিন্স আৰু প্ৰধানমন্ত্ৰী প্ৰিন্স মহম্মদ বিন ছালমান বিন আব্দুলজিজ আল চৌদৰ ভাৰত ভ্ৰমণৰ পিছত জি-২০ শীৰ্ষ সন্মিলনত অংশগ্ৰহণ আৰু ভাৰত-ছৌদি আৰব কৌশলগত অংশীদাৰিত্ব পৰিষদৰ প্ৰথমখন বৈঠকৰ সহ-অধ্যক্ষতা।ফলাফলৰ তালিকা: প্ৰধানমন্ত্ৰীৰ ছৌদি আৰৱ ভ্ৰমণ
April 23rd, 02:25 am
ভাৰত-চৌদি আৰব কৌশলগত অংশীদাৰিত্ব পৰিষদৰ দ্বিতীয়খন নেতৃবৰ্গৰ বৈঠক ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী আৰু ছৌদি আৰৱৰ ক্ৰাউন প্ৰিন্স আৰু প্ৰধানমন্ত্ৰী হিজ ৰয়েল হাইনেছ প্ৰিন্স মহম্মদ বিন ছালমানে ২০২৫ চনৰ ২২ এপ্ৰিলত জেদ্দাত অনুষ্ঠিত হয়। পৰিষদে এছপিচিৰ অধীনত ৰাজনৈতিক, প্ৰতিৰক্ষা, নিৰাপত্তা, বাণিজ্য, বিনিয়োগ, শক্তি, প্ৰযুক্তি, কৃষি, সংস্কৃতি আৰু দুয়োখন দেশৰ জনসাধাৰণৰ সম্পৰ্কক সামৰি লোৱা বিভিন্ন সমিতি, উপসমিতি আৰু কৰ্মগোটৰ কাম-কাজৰ পৰ্যালোচনা কৰে। আলোচনাৰ অন্তত দুয়োগৰাকী নেতাই কাৰ্য্যবিৱৰণীত স্বাক্ষৰ কৰে।ৰাজকুমাৰ তথা ছৌদি আৰৱৰ প্ৰধানমন্ত্ৰীক সাক্ষাৎ আৰু ভাৰত-চৌদি আৰব কৌশলগত অংশীদাৰিত্ব পৰিষদৰ সহ-অধ্যক্ষতা প্ৰধানমন্ত্ৰীৰ
April 23rd, 02:20 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২২ এপ্ৰিল, ২০২৫ত চৌদি আৰৱ ভ্ৰমণ কৰে। জেদ্দাৰ ৰয়েল পেলেচত চৌদি আৰৱৰ ৰাজকুমাৰ আৰু প্ৰধানমন্ত্ৰী প্ৰিন্স মহম্মদ বিন ছলমানে প্ৰধানমন্ত্ৰীক আনুষ্ঠানিকভাৱে আদৰণি জনায়।