বিশ্ব চৰকাৰ সন্মিলনত প্ৰধানমন্ত্ৰীৰ ভাষণ
February 14th, 02:30 pm
বিশ্ব চৰকাৰৰ শীৰ্ষ সন্মিলনত মূল ভাষণ দিয়াটো মোৰ বাবে এক বৃহৎ সন্মানৰ কথা, আৰু এই সৌভাগ্য মোৰ দ্বিতীয়বাৰৰ বাবে। এই আমন্ত্ৰণ আৰু অদ্ভুত আদৰণিৰ বাবে মহামহিম শ্বেখ মহম্মদ বিন ৰছিদ জীক মই অতিশয় কৃতজ্ঞতা জ্ঞাপন কৰিছো।লগতে মোৰ ভাই মহামহিম শ্বেখ মহম্মদ বিন জায়েদকো ধন্যবাদ জনাইছো। শেহতীয়াকৈ তেওঁক কেইবাবাৰো লগ পোৱাৰ সুযোগ পাইছিলোঁ। তেওঁলোক কেৱল দূৰদৰ্শী নেতা নহয় সংকল্প আৰু দায়বদ্ধতাৰ নেতাও।বিশ্ব চৰকাৰ শীৰ্ষ সন্মিলন ২০২৪ত প্ৰধানমন্ত্ৰীৰ অংশগ্ৰহণ
February 14th, 02:09 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৪ চনৰ ১৪ ফেব্ৰুৱাৰীত ডুবাইত অনুষ্ঠিত বিশ্ব চৰকাৰৰ সন্মিলনত সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰে। ইউএইৰ উপ-ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী, প্ৰতিৰক্ষা মন্ত্ৰী আৰু ডুবাইৰ শাসক মহামান্য শ্বেখ মহম্মদ বিন ৰছিদ অল মাকতুমৰ আমন্ত্ৰণত তেওঁ সন্মিলনৰ বিষয়বস্তু ভৱিষ্যত চৰকাৰক আকাৰ দিয়াৰ ওপৰত মূল ভাষণ প্ৰদান কৰে। প্ৰধানমন্ত্ৰীয়ে ২০১৮ চনত বিশ্ব চৰকাৰ শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰাৰ লগতে সন্মানীয় অতিথি হিচাপেও অংশগ্ৰহণ কৰিছিল। এইবাৰ অনুষ্ঠিত সন্মিলনত ১০ জন ৰাষ্ট্ৰপতি আৰু ১০ জন প্ৰধানমন্ত্ৰীকে ধৰি ২০ জন বিশ্ব নেতাই অংশগ্ৰহণ কৰে। আন্তৰ্জাতিক সন্মিলনখনত ১২০ খনতকৈও অধিক দেশৰ চৰকাৰ আৰু প্ৰতিনিধিসকলে অংশগ্ৰহণ কৰে।নতুন দিল্লীৰ ভাৰত মণ্ডপমত আয়োজিত ভাৰত মোবিলিটি গ্লোবেল এক্সপোত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
February 02nd, 04:31 pm
কেন্দ্ৰীয় মন্ত্ৰীসভাৰ মোৰ সহকৰ্মী শ্ৰী নীতিন গাডকাৰীজী, নাৰায়ণ ৰাণেজী, পীয়ুষ গোৱেলজী, হৰদীপ সিং পুৰীজী, মহেন্দ্ৰ নাথ পাণ্ডেজী, উদ্যোগটোৰ সকলো বিশিষ্ট ব্যক্তি, অন্যান্য গণ্যমান্য ব্যক্তি, মহিলা আৰু ভদ্ৰলোকসকল!ভাৰত ম’বিলিটী গ্লোবেল এক্সপো ২০২৪ সম্বোধন কৰে প্ৰধানমন্ত্ৰীয়ে
February 02nd, 04:30 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ‘ভাৰত মণ্ডপম’ত ভাৰতৰ সৰ্ববৃহৎ আৰু এই ধৰণৰ প্ৰথমখন গতিশীলতা সম্পৰ্কীয় প্ৰদৰ্শনী ‘ভাৰত ম’বিলিটী গ্লোবেল এক্সপো ২০২৪’ৰ এক কাৰ্যসূচীত সম্বোধন কৰে। তেওঁ পদব্ৰজে ‘এক্সপো’ৰ একাংশ পৰিভ্ৰমণ কৰে। ‘ভাৰত মোবিলিটী গ্লোবেল এক্সপো ২০২৪’-ত গতিশীলতা আৰু স্বয়ংচালিত মূল্য শৃংখলাত ভাৰতৰ সামৰ্থ্য প্ৰদৰ্শন কৰা হৈছে আৰু ইয়াত প্ৰদৰ্শনী, সন্মিলন, ক্ৰেতা-বিক্ৰেতাৰ সভা, ৰাজ্যিক অধিৱেশন, পথ সুৰক্ষা পেভিলিয়ন, আৰু ৰাইজক আৰ্কিষত কৰিব পৰা ‘গো-কাৰ্টিঙ’ৰ দৰে অনুষ্ঠানৰ দিহা কৰা হ'ব।১২ জানুৱাৰীত মহাৰাষ্ট্ৰ ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে
January 11th, 11:12 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১২ জানুৱাৰী, ২০২৪ তাৰিখে মহাৰাষ্ট্ৰ ভ্ৰমণ কৰিব। দুপৰীয়া প্ৰায় ১২:১৫ বজাত প্ৰধানমন্ত্ৰীগৰাকী নাচিকত উপস্থিত হ’ব, ইয়াত তেখেতে ২৭ সংখ্যক ৰাষ্ট্ৰীয় যুৱ মহোৎসৱ উদ্বোধন কৰিব। বিয়লি প্ৰায় ৩:৩০ বজাত, মুম্বাইত প্ৰধানমন্ত্ৰীগৰাকীয়ে অটল বিহাৰী বাজপায়ী সেতু উদ্বোধন কৰিব। বিয়লি প্ৰায় ৪:১৫ বজাত প্ৰধানমন্ত্ৰীগৰাকীয়ে নৱী মুম্বাইত এক ৰাজহুৱা কাৰ্য্যসূচীত অংশগ্ৰহণেৰে একাধিক উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন, ৰাষ্ট্ৰলৈ উৎসৰ্গা আৰু আধাৰশিলা স্থাপন কৰিব।