গুজৰাটৰ ভুজত উন্নয়নমূলক কাম-কাজৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

গুজৰাটৰ ভুজত উন্নয়নমূলক কাম-কাজৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

May 26th, 05:00 pm

গুজৰাটৰ মুখ্যমন্ত্ৰী শ্ৰীযুত ভূপেন্দ্ৰভাই পেটেল, কেন্দ্ৰীয় মন্ত্ৰীসভাৰ মোৰ সহকৰ্মী শ্ৰী মনোহৰ লাল জী, কেবিনেটৰ আন সকলো সদস্য, সাংসদ, বিধায়ক, আন সকলো সন্মানীয় বিশিষ্ট ব্যক্তি আৰু মোৰ মৰমৰ কচ্চৰ ভাই-ভনীসকল!

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গুজৰাটৰ ভূজত ৫৩,৪০০ কোটি টকাৰো অধিক মূল্যৰ উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গুজৰাটৰ ভূজত ৫৩,৪০০ কোটি টকাৰো অধিক মূল্যৰ উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে

May 26th, 04:45 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ ভূজত ৫৩,৪০০ কোটি টকাৰো অধিক মূল্যৰ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন, উদ্বোধন আৰু ৰাষ্ট্ৰক সমৰ্পিত কৰে। এই উপলক্ষে সভাত ভাষণ দি তেওঁ কচ্ছবাসীলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে আৰু বিশেষকৈ মহান স্বাধীনতা সংগ্ৰামী শ্যামজী কৃষ্ণ বাৰ্মাসহ ক্ৰান্তিকাৰী আৰু শ্বহীদৰ প্ৰতি গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰীয়ে তেওঁলোকৰ স্থিতিস্থাপকতা আৰু অৱদানক স্বীকাৰ কৰি কচ্ছৰ পুত্ৰ-কন্যাসকলৰ প্ৰতি শ্ৰদ্ধা প্ৰকাশ কৰে।

প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী

প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী

April 27th, 11:30 am

নমস্কাৰ। আজি 'মন কী বাত'ত আপোনালোকৰ লগত কথা পাতি আছো যদিও মোৰ অন্তৰত এক গভীৰ দুখ অনুভৱ হৈ আছে। ২২ এপ্ৰিলত পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণে দেশৰ প্ৰতিজন নাগৰিকৰ মনত আঘাত দিছে। মৃতকৰ পৰিয়ালৰ প্ৰতি সমগ্ৰ ভাৰতীবাসীয়ে গভীৰ সমবেদনা জ্ঞাপন কৰিছে। তেওঁ যি ৰাজ্যৰেই নহওক বা যি ভাষা নকওক কিয়, এই আক্ৰমণত নিজৰ আপোনজনক হেৰুওৱা সেই লোকসকলৰ যন্ত্ৰণা ভুক্তভোগী লোকসকলেহে অনুভৱ কৰে। সন্ত্ৰাসবাদী আক্ৰমণৰ ছবি দেখি প্ৰতিজন ভাৰতীয়ৰ তেজ উতলি থকা যেন অনুভৱ হৈছে। পেহেলগামত এই আক্ৰমণে সন্ত্ৰাসবাদক পৃষ্ঠপোষকতা কৰা সকলৰ হতাশাৰ লগতে, তেওঁলোকৰ কাপুৰুষালি প্ৰদৰ্শন কৰিছে। কাশ্মীৰত শান্তি ঘূৰি আহিছিল, বিদ্যালয়-মহাবিদ্যালয়ত জীপাল হৈ উঠিছিল, নিৰ্মাণ কাৰ্য্যই অভূতপূৰ্ব গতি লাভ কৰিছিল, গণতন্ত্ৰ শক্তিশালী হৈ আহিছিল, পৰ্যটকৰ সংখ্যা অভিলেখ পৰিমাণৰ বৃদ্ধি পাইছিল, মানুহৰ আয় বাঢ়িছিল, যুৱক-যুৱতীসকলৰ বাবে নতুন সুযোগৰ সৃষ্টি হৈছিল। কিন্তু দেশ তথা জম্মু-কাশ্মীৰৰ শত্ৰুবোৰে এই কথাবোৰ ভাল নাপালে। সন্ত্ৰাসবাদী আৰু তেওঁলোকৰ পৃষ্ঠপোষকসকলে কাশ্মীৰ পুনৰ ধ্বংস হোৱাটো বিচাৰে আৰু সেয়েহে তেওঁলোকে ইমান ডাঙৰ ষড়যন্ত্ৰ ৰচনা কৰিছিল। দেশৰ ঐক্য, ১৪০ কোটি ভাৰতীয়ৰ একতা, সন্ত্ৰাসবাদৰ বিৰুদ্ধে এই যুদ্ধত আমাৰ সৰ্ববৃহৎ শক্তি। এই ঐক্যই সন্ত্ৰাসবাদৰ বিৰুদ্ধে আমাৰ নিৰ্ণায়ক যুঁজৰ আধাৰ। দেশৰ সন্মুখত দেখা দিয়া এই প্ৰত্যাহ্বান মোকাবিলা কৰিবলৈ আমি আমাৰ সংকল্প শক্তিশালী কৰিব লাগিব। দেশ হিচাপে আমি দৃঢ় ইচ্ছাশক্তি প্ৰদৰ্শন কৰিব লাগিব। এই ক্ষেত্ৰত আজি বিশ্বই দৃষ্টি ৰাখিছে আৰু সন্ত্ৰাসবাদী এই নৃশংস আক্ৰমণৰ পিছত সমগ্ৰ দেশে সমস্বৰে মাত মাতিছে।

ষষ্ঠ বিমষ্টেক সন্মিলনৰ সময়ত প্ৰধানমন্ত্ৰীৰ বক্তব্যৰ অসমীয়া অনুবাদ

April 04th, 12:59 pm

আৰম্ভণিতে এই সন্মিলনৰ উৎকৃষ্ট আয়োজনৰ বাবে প্ৰধানমন্ত্ৰী মহামহিম শ্বিনাৱাত্ৰা আৰু থাইলেণ্ড চৰকাৰলৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছো।

প্ৰধানমন্ত্ৰীয়ে থাইলেণ্ডত অনুষ্ঠিত ৬ষ্ঠ বিমষ্টেক সন্মিলনত অংশগ্ৰহণ কৰে

April 04th, 12:54 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বৰ্তমানৰ অধ্যক্ষ থাইলেণ্ডৰ উদ্যোগত আয়োজিত ৬ষ্ঠ বিমষ্টেক (BIMSTEC-বে’ অৱ বেংগল ইনিচিয়েটিভ ফৰ মাল্টি-ছেক্টৰেল টেকনিকেল এণ্ড ইকনমিক ক’অপাৰেচন) সন্মিলনত অংশগ্ৰহণ কৰে। এই সন্মিলনৰ বিষয়বস্তু হৈছে - বিমষ্টেকঃ সমৃদ্ধিশালী, স্থিতিস্থাপক আৰু মুকলি। এই বিষয়বস্তুৱে বিমষ্টেক অঞ্চলৰ নেতাসকলৰ অগ্ৰাধিকাৰ আৰু জনসাধাৰণৰ আকাংক্ষাৰাজিৰ লগতে বিশ্বজুৰি অনিশ্চয়তাৰ সময়তে সহভাজিত বিকাশ নিশ্চিতকৰণৰ ক্ষেত্ৰত বিমষ্টেকৰ প্ৰচেষ্টাক প্ৰতিফলিত কৰিছে।

প্ৰধানমন্ত্ৰীয়ে বিমষ্টেক ৰাষ্ট্ৰসমূহৰ মাজত সহযোগিতাৰ ভিন্ন দিশ সামৰি ২১-দফীয়া কাৰ্য্য পৰিকল্পনাৰ প্ৰস্তাৱ আগবঢ়ায়

April 04th, 12:53 pm

আজি থাইলেণ্ডৰ বেংককত অনুষ্ঠিত ৬ষ্ঠ বিমষ্টেক সন্মিলনত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিমষ্টেক ৰাষ্ট্ৰসমূহৰ মাজত সহযোগিতাৰ ভিন্ন দিশ সামৰি এক ২১-দফীয়া কাৰ্য্য পৰিকল্পনাৰ প্ৰস্তাৱ আগবঢ়ায়। তেখেতে বিমষ্টেক দেশসমূহৰ ব্যৱসায় বৃদ্ধি আৰু আইটি খণ্ডৰ চহকী সম্ভাৱনাক ব্যৱহাৰৰ পোষকতা কৰে। শেহতীয়াকৈ ম্যানমাৰ আৰু থাইলেণ্ডক প্ৰভাৱিত কৰা ভূমিকম্পৰ পৰিপ্ৰেক্ষিতত দুৰ্য্যোগ ব্যৱস্থাপনাৰ ক্ষেত্ৰত একেলগে কাম কৰাৰ প্ৰয়োজনীয়তাৰ বাবেও তেখেতে আহ্বান জনায়। শ্ৰী মোদীয়ে মহাকাশ জগতত কাম কৰাৰ লগতে নিৰাপত্তা ব্যৱস্থাৰ সুদৃঢ়কৰণত গুৰুত্ব আৰোপ কৰে। বিমষ্টেকক সামূহিকভাৱে শক্তিশালী কৰিবলৈ আহ্বান জনাই আৰু নেতৃত্ব ল’ব পৰা যুৱক-যুৱতীসকলৰ ভূমিকাত আলোকপাতেৰে তেখেতে আশা প্ৰকাশ কৰে যে সাংস্কৃতিক সংযোগে বিমষ্টেক ৰাষ্ট্ৰসমূহক অধিক ওচৰ চপাই আনিব।

ভূমিকম্পৰ শোকাৱহ পৰিস্থিতিৰ মাজতে ম্যানমাৰৰ ছিনিয়ৰ জেনেৰেল মিন আং লেইঙৰ সৈতে বাৰ্তালাপ প্ৰধানমন্ত্ৰীৰ

March 29th, 01:41 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ম্যানমাৰত ভূমিকম্পৰ ফলত সৃষ্টি হোৱা শোকাৱহ পৰিস্থিতিৰ মাজতে ম্যানমাৰৰ ছিনিয়ৰ জেনেৰেল মিন আং লেইঙৰ সৈতে বাৰ্তালাপ কৰে। প্ৰধানমন্ত্ৰীয়ে এই প্ৰত্যাহ্বানমূলক সময়ত ম্যানমাৰৰ সৈতে ঐক্যবদ্ধভাৱে থিয় দিয়াৰ এক ঘনিষ্ঠ বন্ধু আৰু প্ৰতিবেশী হিচাপে ভাৰতৰ দৃঢ় প্ৰতিশ্ৰুতিৰ কথা পুনৰবাৰ উল্লেখ কৰে। এই দুৰ্যোগৰ প্ৰতি সঁহাৰি জনাই ভাৰত চৰকাৰে ক্ষতিগ্ৰস্ত অঞ্চলসমূহত তাৎক্ষণিক সাহায্য আৰু সাহায্য প্ৰদানৰ বাবে অপাৰেচন ব্ৰহ্ম আৰম্ভ কৰিছে।

ম্যানমাৰ আৰু থাইলেণ্ডত হোৱা ভূমিকম্পক লৈ প্ৰধানমন্ত্ৰীৰ উদ্বেগ প্ৰকাশ

March 28th, 02:18 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ম্যানমাৰ আৰু থাইলেণ্ডত সংঘটিত বিধ্বংসী ভূমিকম্পক লৈ উদ্বেগ প্ৰকাশ কৰে।

দিল্লীত ভূমিকম্পৰ পিছত সকলোকে শান্ত হৈ থাকিবলৈ আৰু সুৰক্ষাৰ নিয়ম মানি চলিবলৈ পৰামৰ্শ প্ৰধানমন্ত্ৰীৰ

February 17th, 08:08 am

দিল্লীত ভূমিকম্প অনুভৱ কৰাৰ পিছত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সকলোকে শান্ত হৈ থাকিবলৈ আৰু সুৰক্ষা ব্যৱস্থা মানি চলিবলৈ পৰামৰ্শ আগবঢ়াইছে। শ্ৰী মোদীয়ে কয় যে চৰকাৰে পৰিস্থিতি নিৰীক্ষণ কৰি আছে।

Institutional service has the ability to solve big problems of the society and the country: PM at the Karyakar Suvarna Mahotsav

December 07th, 05:52 pm

PM Modi addressed the Karyakar Suvarna Mahotsav in Ahmedabad via video conferencing. He highlighted the Karyakar Suvarna Mahotsav as a key milestone in 50 years of service by BAPS. He praised the initiative of connecting volunteers to service work, which began five decades ago and applauded the dedication of lakhs of BAPS workers.

Prime Minister Shri Narendra Modi addresses Karyakar Suvarna Mahotsav in Ahmedabad

December 07th, 05:40 pm

PM Modi addressed the Karyakar Suvarna Mahotsav in Ahmedabad via video conferencing. He highlighted the Karyakar Suvarna Mahotsav as a key milestone in 50 years of service by BAPS. He praised the initiative of connecting volunteers to service work, which began five decades ago and applauded the dedication of lakhs of BAPS workers.

চৰকাৰৰ মুৰব্বী হিচাপে ২৩ বছৰ সম্পূৰ্ণ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ : সকলোকে আন্তৰিক ধন্যবাদ জ্ঞাপন

October 07th, 09:06 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে চৰকাৰৰ মুৰব্বী হিচাপে ২৩ বছৰ সম্পূৰ্ণ কৰাৰ বাবে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছে। গুজৰাটৰ মুখ্যমন্ত্ৰী হিচাপে থকা কাৰ্যকালৰ কথা স্মৰণ কৰি তেওঁ কয় যে কেনেকৈ ৰাজ্যখন ‘সবকা সাথ, সবকা বিকাশ’ৰ আৰ্হি হৈ পৰিল, সমাজৰ সকলো শ্ৰেণীৰ বাবে সমৃদ্ধিৰ প্ৰসাৰ ঘটিল। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে বিগত দশকলৈ উভতি চালে দেখা যায় যে ভাৰতৰ উল্লেখযোগ্য উন্নয়নমূলক অগ্ৰগতিয়ে দেশখনক বিশ্বজুৰি আশাবাদৰ অভিকেন্দ্ৰ হিচাপে স্থান দিছে। তেওঁ নাগৰিকসকলক আশ্বস্ত কৰি কয় যে তেওঁ অক্লান্তভাৱে, জিৰণি নোহোৱাকৈ, এখন ‘বিকশিত ভাৰত’ৰ সামূহিক লক্ষ্য বাস্তৱায়িত নোহোৱালৈকে কাম কৰি যাব।

Today's 21st century India is moving ahead on the path of development, proud of its old values ​​and heritage : PM Modi in Poland

August 21st, 11:45 pm

Prime Minister Narendra Modi addressed the Indian Diaspora in Warsaw, Poland. The PM expressed that India's current global strategy emphasizes building strong international relationships and fostering peace. India’s approach has shifted to actively engaging with each nation. The focus is on enhancing global cooperation and leveraging India’s historical values of unity and compassion.

পোলেণ্ডত প্ৰধানমন্ত্ৰীয়ে ভাৰতীয় সম্প্ৰদায়ক সম্বোধন কৰে

August 21st, 11:30 pm

প্ৰবাসী ভাৰতীয়সকলে প্ৰধানমন্ত্ৰীক পৰম উচ্ছ্বাসেৰে উষ্ণ আদৰণি জনায়। এই উপলক্ষে প্ৰদান কৰা ভাষণত প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে ভাৰতৰ কোনো এগৰাকী প্ৰধানমন্ত্ৰীৰ পোলেণ্ড ভ্ৰমণ সুদীৰ্ঘ ৪৫ বছৰৰ পিছত হৈছে আৰু তেওঁ ভাৰত-পোলেণ্ড সম্পৰ্ক শক্তিশালী কৰাৰ বাবে ৰাষ্ট্ৰপতি আন্দ্ৰজেজ ডুডা আৰু প্ৰধানমন্ত্ৰী ডনাল্ড টাস্কক সাক্ষাৎ কৰিবলৈ আগ্ৰহেৰে অপেক্ষা কৰি আছে। তেওঁ কয় যে ‘গণতন্ত্ৰৰ মাতৃ’ হিচাপে ভাৰত আৰু পোলেণ্ডৰ সৈতে ইয়াৰ অংশীদাৰী মূল্যবোধে দুয়োখন দেশক ঘনিষ্ঠ কৰি আহিছে।

প্ৰধানমন্ত্ৰীয়ে প্ৰিক্স ভাৰ্চাইলছ সংগ্ৰহালয়, ২০২৪ৰ বাবে বিশ্ব বাছনিত স্মৃতিবনক অন্তৰ্ভুক্ত কৰাত আনন্দ প্ৰকাশ কৰিছে

June 15th, 06:23 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি প্ৰিক্স ভাৰ্চাইলছ সংগ্ৰহালয়, ২০২৪ৰ বাবে বিশ্ব বাছনিত কচ্ছস্থিত স্মৃতিবনক অন্তৰ্ভুক্ত কৰাত সন্তুষ্টি প্ৰকাশ কৰে। ২০০১ চনৰ শোকাৱহ ভূমিকম্পত প্ৰাণ হেৰুওৱা লোকসকলৰ প্ৰতি শ্ৰদ্ধা জনাই কচ্ছস্থিত স্মৃতিবন নিৰ্মাণ কৰা হৈছিল।

Narendra Modi: The Go-To Man in Times of Crises

November 29th, 09:56 pm

“I salute the determination of all those involved in this rescue campaign. Their courage and resolve have given a new life to our fellow workers. Everyone involved in this mission has set a remarkable example of humanity and teamwork,” PM Modi said in a telephonic conversation with the rescued workers who were successfully pulled out of a collapsed tunnel in Uttarakhand.

হিমাচল প্ৰদেশৰ লেপচাত নিৰাপত্তাৰক্ষীৰ সৈতে দীপাৱলী উদযাপন কৰাৰ সময়ত দিয়া প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠ

November 12th, 03:00 pm

ভাৰত মাতৃৰ জয়গানৰ এই প্ৰতিধ্বনি, ভাৰতীয় সেনা আৰু নিৰাপত্তা বাহিনীৰ বীৰত্বৰ এই ঘোষণা, এই ঐতিহাসিক ভূমি, আৰু এই পৱিত্ৰ দীপাৱলী উৎসৱ। এইটো এটা আচৰিত সংযোগ, এইটো এটা আচৰিত মিলন। সন্তুষ্টি আৰু আনন্দৰে ভৰা এই মুহূৰ্তটোৱে মোৰ, আপোনালোকৰ লগতে দেশবাসীৰ বাবে দীপাৱলীলৈ নতুন পোহৰ কঢ়িয়াই আনিব বুলি মোৰ বিশ্বাস। যেতিয়া মই আপোনালোক সকলোৰে সৈতে, সকলো দেশবাসীৰ সৈতে, সীমান্তৰ পৰা, শেষ গাঁওখনৰ পৰা, যাক মই এতিয়া প্ৰথম গাঁও বুলি কওঁ, তাত নিয়োজিত আমাৰ নিৰাপত্তা বাহিনীৰ বন্ধুসকলৰ সৈতে যেতিয়া দীপাৱলী উদযাপন কৰি আছোঁ, তেতিয়া সকলো দেশবাসীলৈ দীপাৱলীৰ এই শুভেচ্ছাও বহুত বিশেষ হৈ পৰে। দেশবাসীলৈ মোৰ আন্তৰিক অভিনন্দন আৰু দীপাৱলীৰ শুভেচ্ছা।

হিমাচল প্ৰদেশৰ লেপচাত সাহসী জোৱানসকলৰ সৈতে দীপাৱলী উদযাপন প্ৰধানমন্ত্ৰীৰ

November 12th, 02:31 pm

জোৱানসকলক সম্বোধনেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে দীপাৱলী উৎসৱ আৰু জোৱানসকলৰ সাহসৰ প্ৰশংসাৰ প্ৰতিধ্বনিৰ সমন্বয় দেশৰ প্ৰতিজন নাগৰিকৰ বাবে এক উজ্জ্বল মুহূৰ্ত। জোৱানসকলৰবাবেই ভাৰতৰ সীমান্তৱৰ্তী অঞ্চলৰ,দেশৰ অন্তিমখন গাঁওক বৰ্তমান প্ৰথমখন গাঁও বুলি গণ্য কৰা হৈছে।

নেপালৰ ভূমিকম্পত প্ৰাণ হানিৰ লগতে হোৱা ক্ষতিৰ বাবে দুখ প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰীয়ে

November 04th, 10:30 am

নেপালত হোৱা ভূমিকম্পত প্ৰাণ হেৰুওৱাসকলৰ বাবে গভীৰ শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।

ভাইব্ৰেণ্ট গুজৰাট গ্ল’বেল ছামিটৰ ২০ বছৰীয়া উদযাপনত প্ৰধানমন্ত্ৰীৰ ভাষণৰ লিখিত পাঠ

September 27th, 11:00 am

মঞ্চত বহি থকা গুজৰাটৰ ৰাজ্যপাল আচাৰ্য দেৱব্ৰত মহোদয়, জনপ্ৰিয় মুখ্যমন্ত্ৰী শ্ৰীযুত ভূপেন্দ্ৰভাই পেটেল, সংসদত মোৰ সহযোগী শ্ৰীযুত চি.আৰ.পাটিল, গুজৰাট চৰকাৰৰ মন্ত্ৰীসকল, উদ্যোগ জগতৰ সকলো জ্যেষ্ঠ সহকৰ্মী, অন্যান্য বিশিষ্ট ব্যক্তি আৰু ইয়াত উপস্থিত মোৰ পৰিয়ালৰ সকলো সদস্য।