১৮খন ৰাজ্য আৰু ২টা কেন্দ্ৰ শাসিত অঞ্চলত ৯১টা এফ এম ট্ৰেন্সমিটাৰৰ উদ্বোধনী অনুষ্ঠানত দিয়া প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠ
April 28th, 10:50 am
আজিৰ এই কাৰ্যক্ৰমত পদ্ম সন্মান পোৱা অনেক ব্যক্তিত্বও আমাৰ সৈতে সংযুক্ত আছে। মই তেওঁলোককো আদৰণি জনাইছো, অভিনন্দন জনাইছো। আজি অল ইণ্ডিয়া ৰেডিঅ'ৰ এফ এম সেৱাৰ এই সম্প্ৰসাৰণ অল ইণ্ডিয়া এফ এম হোৱাৰ দিশত এটা ডাঙৰ আৰু গুৰুত্বপূৰ্ণ পদক্ষেপ। অল ইণ্ডিয়া ৰেডিঅ'ৰ ৯১ এফ এম ট্ৰেন্সমিটাৰৰ এই আৰম্ভণি দেশৰ ৮৫খন জিলাৰ ২ কোটি মানুহৰ বাবে উপহাৰ স্বৰূপ। একপ্ৰকাৰে এই আয়োজনত ভাৰতৰ বিবিধতা আৰু বেলেগ বেলেগ ৰঙৰ এটা ৰেঙনিও। যিসমূহ জিলাক সামৰি লোৱা হৈছে তাত এস্পিৰেচনেল ডিষ্ট্ৰিক্ট, এস্পিৰেচনেল ব্লক তেওঁলোকেও এই সেৱাৰ লাভ পাই আছে। মই অল ইণ্ডিয়া ৰেডিঅ'ক এই প্ৰাপ্তিৰ বাবে বহুত বহুত অভিনন্দন জনাইছো। ইয়াৰ যথেষ্ট লাভ আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ ভাতৃ ভগ্নীসকলৰ হ'ব, যুৱক-যুৱতী মিত্ৰসকলৰ হ'ব। ইয়াৰ বাবে তেওঁলোকক মই বিশেষভাৱে অভিনন্দন জনাইছো।দেশত ‘এফএম’-ৰ সংযোগ বৃদ্ধিৰ বাবে ৯১ টা নতুন ‘১০০ ৱাট এফএম ট্ৰেন্সমিটাৰ’ উদ্বোধন কৰে প্ৰধানমন্ত্ৰীয়ে
April 28th, 10:30 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ‘ভিডিঅ' কনফাৰেন্স’ ব্যৱস্থাৰে ৯১ টা নতুন ‘১০০ ৱাট ক্ষমতা সম্পন্ন এফএম ট্ৰেন্সমিটা’ৰ উদ্বোধন কৰে। এই উদ্বোধনে দেশৰ ৰেডিঅ' সংযোগক আৰু অধিক উৎসাহিত কৰিব।The South Asian Satellite – Some highlights
May 05th, 07:45 pm
Space diplomacy has touched new heights with Prime Minister Narendra Modi’s unique gift in the sky to South Asian neighbours. The gift of a communications satellite for use by neighbours at no cost has perhaps no precedent worldwide. It will provide critical communication links in times of natural disasters.