১৩ মাৰ্চত ‘ইণ্ডিয়াজ টেকেড: চিপছ ফৰ বিকশিত ভাৰত’ কাৰ্যক্ৰমত অংশগ্ৰহণ কৰাৰ লগতে প্ৰায় ১.২৫ লাখ কোটি টকাৰ অৰ্ধপৰিবাহী সম্পৰ্কীয় তিনিটা প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰীয়ে

March 12th, 03:40 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ‘ভিডিঅ' কনফাৰেন্স’ৰ জৰিয়তে ১৩ মাৰ্চ, ২০২৪ তাৰিখে পুৱা ১০:৩০ বজাত 'ভাৰতৰ টেকেড: চিপছ ফৰ বিকশিত ভাৰত' কাৰ্যক্ৰমত অংশগ্ৰহণ কৰিব আৰু প্ৰায় ১.২৫ লাখ কোটি টকাৰ অৰ্ধপৰিবাহী সম্পৰ্কীয় তিনিটা প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। প্ৰধানমন্ত্ৰীয়ে এই উপলক্ষে সমগ্ৰ দেশৰ যুৱপ্ৰজন্মক সম্বোধনো কৰিব।