
প্ৰধানমন্ত্ৰীয়ে ড° টনি নাডাৰৰ ভাৰতীয় সংস্কৃতি আৰু আধ্যাত্মিকতাৰ গভীৰ বুজাবুজিৰ প্ৰশংসা কৰে
February 15th, 05:56 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতীয় সংস্কৃতি আৰু আধ্যাত্মিকতাৰ প্ৰতি থকা গভীৰ জ্ঞান আৰু আবেগৰ বাবে ড° টনি নাডাৰক প্ৰশংসা কৰে। এক্সত এটা পোষ্টত প্ৰধানমন্ত্ৰী মোদীয়ে কয়; “কেইদিনমান আগতে ড০ টনি নাডাৰৰ সৈতে মোৰ এক বিস্তৃত মত বিনিময় হৈছিল। ভাৰতীয় সংস্কৃতি আৰু আধ্যাত্মিকতাৰ প্ৰতি তেওঁৰ জ্ঞান আৰু আবেগ সঁচাকৈয়ে প্ৰশংসনীয়।”