ডঃ হৰেকৃষ্ণ মেহতাব ৰচিত ওডিশা ইতিহাসৰ হিন্দী সংস্কৰণ প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিব ৯ এপ্ৰিল তাৰিখে

April 07th, 01:56 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৯ এপ্ৰিলৰ দিনৰ ১২ বজাত নতুন দিল্লীৰ জনপথস্থিত আম্বেদকাৰ ইন্টাৰনেশ্যনেল চেন্টাৰত ‘উৎকল কেশৰী’ ডঃ হৰেকৃষ্ণ মেহতাবৰ ‘ওডিশা ইতিহাস’ৰ হিন্দী সংস্কৰণটো আনুষ্ঠানিকভাৱে উন্মোচন কৰিব। উল্লেখ্য যে এইপৰ্যন্ত এই গ্ৰন্থখনৰ ওডিয়া আৰু ইংৰাজী সংস্কৰণহে পোৱা গৈছিল। শ্ৰী শঙ্কৰলাল পুৰোহিতে এই গ্ৰন্থখনৰ হিন্দী সংস্কৰণটো অনুবাদ কৰিছে। অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী ধৰ্মেন্দ্ৰ প্ৰধান আৰু লোকসভাৰ কটক কেন্দ্ৰৰ সাংসদ শ্ৰী ভৰ্তৃহৰি মেহতাবো উপস্থিত থাকিব। হিন্দী ভাষাত এই সংস্কৰণ প্ৰকাশৰ এই অনুষ্ঠানৰ আয়োজক হৰেকৃষ্ণ মেহতাব ফাউণ্ডেশ্যন।