অৰুণাচল প্ৰদেশত প্ৰধানমন্ত্ৰীৰ বিকশিত ভাৰত-বিকশিত উত্তৰ-পূব কাৰ্য্যসূচী সম্বোধনৰ পূৰ্ণপাঠ
March 09th, 11:09 am
অৰুণাচল প্ৰদেশ, মণিপুৰ, মেঘালয়, নাগালেণ্ড, ছিকিম আৰু ত্ৰিপুৰাৰ ৰাজ্যপালসকল আৰু মুখ্যমন্ত্ৰীসকল, কেন্দ্ৰীয় মন্ত্ৰীসভাত মোৰ সতীৰ্থসকল, ৰাজ্যকেইখনৰ মন্ত্ৰীসকল, সতীৰ্থ সাংসদসকল, সকলো বিধায়ক, সকলো জনপ্ৰতিনিধি আৰু মোৰ মৰমৰ ভ্ৰাতৃ-ভগ্নীসকল!অৰুণাচল প্ৰদেশৰ ইটানগৰত বিকশিত ভাৰত বিকশিত উত্তৰ-পূব কাৰ্যসূচীত প্ৰধানমন্ত্ৰীৰ ভাষণ
March 09th, 10:46 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অৰুণাচল প্ৰদেশৰ ইটানগৰত বিকশিত ভাৰত বিকশিত উত্তৰ-পূব কাৰ্যসূচীত ভাষণ আগবঢ়ায়৷ শ্ৰী মোদীয়ে মণিপুৰ, মেঘালয়, নাগালেণ্ড, ছিকিম, ত্ৰিপুৰা আৰু অৰুণাচল প্ৰদেশত প্ৰায় ৫৫,৬০০ কোটি টকাৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন, ৰাষ্ট্ৰৰ নামত উৎসৰ্গা আৰু আধাৰশিলা স্থাপন কৰে। তদুপৰি তেওঁ চেলা সুৰংগ ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰাৰ লগতে প্ৰায় ১০ হাজাৰ কোটি টকাৰ উন্নতি আঁচনি মুকলি কৰে। আজিৰ উন্নয়নমূলক প্ৰকল্পসমূহে ৰে’ল, পথ, স্বাস্থ্য, গৃহ নিৰ্মাণ, শিক্ষা, সীমান্ত আন্তঃগাঁথনি, তথ্য প্ৰযুক্তি, শক্তি, তেল আৰু গেছ আদি খণ্ডক সামৰি লৈছে।প্ৰধানমন্ত্ৰীয়ে ড’নি পোলো বিমানবন্দৰৰ ফলত অৰুণাচল প্ৰদেশত পৰ্যটন বৃদ্ধিৰ আশা কৰিছে
November 30th, 04:30 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আশা প্ৰকাশ কৰিছে যে ইটানগৰত শেহতীয়াকৈ মুকলি হোৱা ড’নি পোলো বিমানবন্দৰৰ ফলত অৰুণাচল প্ৰদেশৰ পৰ্যটন খণ্ডই বৃহৎ উদগনি লাভ কৰিব। প্ৰধানমন্ত্ৰীয়ে অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰী পেমা খাণ্ডুৱে শ্বেয়াৰ কৰা এটা ভিডিঅ'ত প্ৰদৰ্শিত মনোৰম দৃশ্যৰ প্ৰশংসা কৰে।It’s an honour to work for the great state of Arunachal Pradesh and help it realise it’s true potential: PM
November 20th, 09:59 am
PM Modi has responded to people on twitter for their appreciation of the development initiatives launched by him in Arunachal Pradesh. To a comment about the massive rise in air connectivity in the Northeast, the Prime Minister said, “Yes it’s a massive change as far as connectivity in the Northeast goes. It enables more tourists to visit and allows people from the Northeast to easily travel to other parts.”১৯ নৱেম্বৰত অৰুণাচল প্ৰদেশ আৰু উত্তৰ প্ৰদেশ ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে
November 17th, 03:36 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৯ নৱেম্বৰ, ২০২২ ত অৰুণাচল প্ৰদেশ আৰু উত্তৰ প্ৰদেশ ভ্ৰমণ কৰিব। সেইদিনা পুৱা প্ৰায় ৯:৩০ বজাত প্ৰধানমন্ত্ৰীয়ে ইটানগৰৰ ডনি প’ল’ বিমানবন্দৰ উদ্বোধন কৰিব আৰু ৬০০ মেগাৱাটৰ কামেং জলবিদ্যুৎ প্ৰকল্প ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰিব। ইয়াৰ পিছতেই তেখেত উত্তৰ প্ৰদেশৰ বাৰাণসীত উপস্থিত হ’বগৈ, তাত তেখেতে দিনৰ প্ৰায় ২ বজাত ‘কাশী-তামিল সংগম’ উদ্বোধন কৰিব।