সকলোৰে হৃদয়ত আছে ৰাম: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
January 28th, 11:30 am
মোৰ প্ৰিয় দেশবাসী, এইবাৰ ২৬ জানুৱাৰীৰ পেৰেড যথেষ্ট আচৰিত আছিল, কিন্তু আটাইতকৈ চৰ্চিত কথাটো আছিল পেৰেডত মহিলা শক্তি৷ যেতিয়া কেন্দ্ৰীয় নিৰাপত্তা বাহিনী আৰু দিল্লী আৰক্ষীৰ মহিলা দলে কৰ্তব্য পথত মাৰ্চপাষ্ট কৰিবলৈ আৰম্ভ কৰে, সকলোৱে হৃদয় গৌৰৱেৰে উঠলি উঠিল। মহিলা বেণ্ডৰ সমদল দেখি আৰু তেওঁলোকৰ চমকপ্ৰদ সমন্বয় দেখি দেশ-বিদেশৰ মানুহ আলোড়িত হৈ পৰিল। এইবাৰ পেৰেডত মাৰ্চ কৰা ২০টা স্কোৱাডৰ ভিতৰত ১১টা স্কোৱাড আছিল কেৱল মহিলাৰ। আমি দেখিলোঁ যে যিমানবোৰ প্ৰতীকপট উলিয়াইছিল সকলোতে মহিলা। যিবোৰ সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হৈছিল, তাত প্ৰায় ডেৰ হাজাৰ কন্যাই অংশ লৈছিল। বহু মহিলা শিল্পীয়ে শংকা, নদাস্বৰম, নাগদা আদি ভাৰতীয় বাদ্যযন্ত্ৰ বজাই আছিল। ডিআৰডিঅ’ই উলিওৱা প্ৰতীকপটেও সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল। ইয়াত দেখা গ’ল যে নাৰী শক্তিয়ে কেনেদৰে প্ৰতিটো ক্ষেত্ৰতে-পানী, ভূমি, আকাশ, চাইবাৰ আৰু মহাকাশত দেশক সুৰক্ষা দি আছে। একবিংশ শতিকাৰ ভাৰতে মহিলা নেতৃত্বাধীন উন্নয়নৰ মন্ত্ৰৰে আগবাঢ়িছে।আকাশ মাৰ্গৰে গুজৰাটৰ ‘টাউক্টে’ ঘূৰ্ণি প্ৰভাৱিত এলেকা পৰিদৰ্শন কৰিলে প্ৰধানমন্ত্ৰীয়ে
May 19th, 04:38 pm
টাউক্টে’ ঘূৰ্ণিয়ে চলোৱা তাণ্ডৱৰ পৰিণতিত গুজৰাটত সৃষ্টি হোৱা অনাহূত পৰিস্থিতিৰ বুজ লোৱাৰ উদ্দেশ্যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাজ্যখনৰ বিভিন্ন প্ৰান্ত পৰিভ্ৰমণ কৰে। আকাশ মাৰ্গৰে চলোৱা এই যাত্ৰাত তেওঁ গুজৰাট আৰু ডিউৰ উনা(গিৰ সোমনাথ), জাফৰাবাদ(আমৰেলি), মহুৱা(ভাৱনগৰ) আদি অঞ্চল সামৰি লয়।