
প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
April 27th, 11:30 am
নমস্কাৰ। আজি 'মন কী বাত'ত আপোনালোকৰ লগত কথা পাতি আছো যদিও মোৰ অন্তৰত এক গভীৰ দুখ অনুভৱ হৈ আছে। ২২ এপ্ৰিলত পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণে দেশৰ প্ৰতিজন নাগৰিকৰ মনত আঘাত দিছে। মৃতকৰ পৰিয়ালৰ প্ৰতি সমগ্ৰ ভাৰতীবাসীয়ে গভীৰ সমবেদনা জ্ঞাপন কৰিছে। তেওঁ যি ৰাজ্যৰেই নহওক বা যি ভাষা নকওক কিয়, এই আক্ৰমণত নিজৰ আপোনজনক হেৰুওৱা সেই লোকসকলৰ যন্ত্ৰণা ভুক্তভোগী লোকসকলেহে অনুভৱ কৰে। সন্ত্ৰাসবাদী আক্ৰমণৰ ছবি দেখি প্ৰতিজন ভাৰতীয়ৰ তেজ উতলি থকা যেন অনুভৱ হৈছে। পেহেলগামত এই আক্ৰমণে সন্ত্ৰাসবাদক পৃষ্ঠপোষকতা কৰা সকলৰ হতাশাৰ লগতে, তেওঁলোকৰ কাপুৰুষালি প্ৰদৰ্শন কৰিছে। কাশ্মীৰত শান্তি ঘূৰি আহিছিল, বিদ্যালয়-মহাবিদ্যালয়ত জীপাল হৈ উঠিছিল, নিৰ্মাণ কাৰ্য্যই অভূতপূৰ্ব গতি লাভ কৰিছিল, গণতন্ত্ৰ শক্তিশালী হৈ আহিছিল, পৰ্যটকৰ সংখ্যা অভিলেখ পৰিমাণৰ বৃদ্ধি পাইছিল, মানুহৰ আয় বাঢ়িছিল, যুৱক-যুৱতীসকলৰ বাবে নতুন সুযোগৰ সৃষ্টি হৈছিল। কিন্তু দেশ তথা জম্মু-কাশ্মীৰৰ শত্ৰুবোৰে এই কথাবোৰ ভাল নাপালে। সন্ত্ৰাসবাদী আৰু তেওঁলোকৰ পৃষ্ঠপোষকসকলে কাশ্মীৰ পুনৰ ধ্বংস হোৱাটো বিচাৰে আৰু সেয়েহে তেওঁলোকে ইমান ডাঙৰ ষড়যন্ত্ৰ ৰচনা কৰিছিল। দেশৰ ঐক্য, ১৪০ কোটি ভাৰতীয়ৰ একতা, সন্ত্ৰাসবাদৰ বিৰুদ্ধে এই যুদ্ধত আমাৰ সৰ্ববৃহৎ শক্তি। এই ঐক্যই সন্ত্ৰাসবাদৰ বিৰুদ্ধে আমাৰ নিৰ্ণায়ক যুঁজৰ আধাৰ। দেশৰ সন্মুখত দেখা দিয়া এই প্ৰত্যাহ্বান মোকাবিলা কৰিবলৈ আমি আমাৰ সংকল্প শক্তিশালী কৰিব লাগিব। দেশ হিচাপে আমি দৃঢ় ইচ্ছাশক্তি প্ৰদৰ্শন কৰিব লাগিব। এই ক্ষেত্ৰত আজি বিশ্বই দৃষ্টি ৰাখিছে আৰু সন্ত্ৰাসবাদী এই নৃশংস আক্ৰমণৰ পিছত সমগ্ৰ দেশে সমস্বৰে মাত মাতিছে।
১৭ তম অসামৰিক সেৱা দিৱসত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
April 21st, 11:30 am
অসামৰিক সেৱা দিৱসত সকলোকে আন্তৰিক অভিনন্দন! এইবছৰৰ অসামৰিক সেৱা দিৱস উদযাপনৰ বিশেষ তাৎপৰ্য আছে। আমি আমাৰ সংবিধানৰ ৭৫তম বছৰ স্মৰণ কৰাৰ লগতে ভাৰতৰ লৌহ পুৰুষ চৰ্দাৰ বল্লভভাই পেটেলৰ ১৫০ সংখ্যক জন্ম জয়ন্তীও পালন কৰিবলৈ লৈছো। ১৯৪৭ চনৰ ২১ এপ্ৰিলৰ আজিৰ দিনটোতে চৰ্দাৰ পেটেলে চৰকাৰী কৰ্মচাৰীক “ষ্টীল ফ্ৰেম অৱ ইণ্ডিয়া” অৰ্থাৎ ভাৰতৰ লৌহ গাঁথনি বুলি উল্লেখ কৰিছিল। তেওঁ এনে এক আমোলাতন্ত্ৰৰ কল্পনা কৰিছিল যিয়ে স্বাধীন ভাৰতৰ আদৰ্শক ৰক্ষা কৰিব, যি হ’ব সততা, অনুশাসন আৰু জাতিৰ প্ৰতি অটল দায়বদ্ধতাৰ শিপাই থকা অসামৰিক সেৱা। যিয়ে গণতান্ত্ৰিক মনোভাৱেৰে প্ৰশাসনযন্ত্ৰ পৰিচালনা কৰে আৰু দেশৰ সেৱাক সকলোতকৈ ওপৰত স্থান দিয়ে। আমি বিকশিত ভাৰত নিৰ্মাণৰ সংকল্প লৈ আগবাঢ়ি যোৱাৰ সময়তে চৰ্দাৰ পেটেলৰ কথাই আমাক পথ প্ৰদৰ্শন আৰু অনুপ্ৰাণিত কৰি আহিছে। নিষ্ঠাবান, সৎ আৰু জনকেন্দ্ৰিক অসামৰিক সেৱাৰ বাবে তেওঁৰ দৃষ্টিভংগী এতিয়া পূৰ্বতকৈও অধিক প্ৰাসংগিক হৈ পৰিছে। এই উপলক্ষে চৰ্দাৰ পেটেলৰ চিৰস্থায়ী দৃষ্টিভংগীক শ্ৰদ্ধা জনাইছো আৰু দেশ নিৰ্মাণৰ দিশত অদম্য প্ৰচেষ্টাৰ বাবে সকলো চৰকাৰী কৰ্মচাৰীক গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰিছো।
১৭সংখ্যক অসামৰিক সেৱা দিৱসত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ সম্বোধন
April 21st, 11:00 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ বিজ্ঞান ভৱনত ১৭ সংখ্যক অসামৰিক সেৱা দিৱস উপলক্ষে অসামৰিক কৰ্মচাৰীসকলক সম্বোধন কৰে। তেওঁ ৰাজহুৱা প্ৰশাসনত উৎকৃষ্টতাৰ বাবে প্ৰধানমন্ত্ৰীৰ বঁটাও প্ৰদান কৰে। সমাৱেশক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে অসামৰিক সেৱা দিৱস উপলক্ষে সকলোকে অভিনন্দন জনায় আৰু সংবিধানৰ ৭৫তম বৰ্ষপূৰ্তি আৰু চৰ্দাৰ বল্লভভাই পেটেলৰ ১৫০তম জয়ন্তী উপলক্ষে এইবাৰৰ উদযাপনৰ গুৰুত্বত আলোকপাত কৰে। অসামৰিক কৰ্মচাৰীসকলক 'ভাৰতৰ তীখাৰ জকা' বুলি উল্লেখ কৰা ১৯৪৭চনৰ ২১ এপ্ৰিলৰ চৰ্দাৰ পেটেলৰ বিখ্যাত বক্তব্যৰ কথা স্মৰণ কৰি শ্ৰী মোদীয়ে পেটেলৰ আমোলাতন্ত্ৰৰ সম্পৰ্কত থকা দৃষ্টিভংগীৰ ওপৰত গুৰুত্ব আৰোপ কৰে যি অনুশাসন, সততা আৰু গণতান্ত্ৰিক মূল্যবোধ বৰ্তাই ৰাখে আৰু দেশলৈ সৰ্বাধিক নিষ্ঠাৰে সেৱা কৰে। বিকশিত ভাৰত হোৱাৰ ক্ষেত্ৰত দেশৰ সংকল্পৰ সন্দৰ্ভত চৰ্দাৰ পেটেলৰ আদৰ্শৰ প্ৰাসংগিকতাৰ ওপৰত তেওঁ গুৰুত্ব আৰোপ কৰে আৰু চৰ্দাৰ পেটেলৰ দৃষ্টিভংগী আৰু উত্তৰাধিকাৰৰ প্ৰতি আন্তৰিক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। লালকিল্লাৰ পৰা তেওঁ পূৰ্বে আগবঢ়োৱা বক্তব্যৰ প্ৰতিফলন ঘটাই শ্ৰীমোদীয়ে পৰৱৰ্তী হাজাৰ বছৰৰ বাবে ভাৰতৰ ভেটি শক্তিশালী কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি উল্লেখ কৰে যে এই সহস্ৰাব্দৰ ইতিমধ্যে ২৫বছৰ পাৰ হৈ গৈছে, যি নতুন শতিকাৰ ২৫তম বছৰ আৰু নতুন সহস্ৰাব্দ চিহ্নিত কৰিছে। তেওঁ কয়,আজি আমি যিবোৰ নীতিৰ ওপৰত কাম কৰি আছো, আমি যিবোৰ সিদ্ধান্ত লৈছো, সেইবোৰে পৰৱৰ্তী হাজাৰ বছৰৰ ভৱিষ্যতক গঢ় দিব। প্ৰাচীন শাস্ত্ৰৰ উদ্ধৃতি দি তেওঁ কয় যে যেনেকৈ ৰথ এখন এটা চকাৰে চলাচল কৰিব নোৱাৰে, ঠিক তেনেদৰে প্ৰচেষ্টা অবিহনে কেৱল ভাগ্যৰ ওপৰত নিৰ্ভৰ কৰি সফলতা লাভ কৰিব নোৱাৰি। উন্নত ভাৰতৰ লক্ষ্যত উপনীত হ’বলৈ সামূহিক প্ৰচেষ্টা আৰু সংকল্পৰ গুৰুত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰি তেওঁ সকলোকে এই অংশীদাৰী দৃষ্টিভংগীৰ দিশত সদায় আৰু প্ৰতিটো মুহূৰ্ততে অক্লান্তভাৱে কাম কৰিবলৈ আহ্বান জনায়।শ্ৰীলংকাৰ ৰাষ্ট্ৰপতিৰ সৈতে যুটীয়া সংবাদমেলত প্ৰধানমন্ত্ৰীৰ মন্তব্য
April 05th, 11:30 am
আজি ৰাষ্ট্ৰপতি দিছানায়কে মোক ‘শ্ৰীলংকা মিত্ৰ বিভূষণ’ বঁটাৰে সন্মানীত কৰাটো মোৰ বাবে অতি গৌৰৱৰ বিষয়। এই বঁটাটোৱে কেৱল মোক নহয়, ১৪০ কোটি ভাৰতীয়কো সন্মান জনায়। ভাৰত আৰু শ্ৰীলংকাৰ জনসাধাৰণৰ মাজত থকা ঐতিহাসিক সম্পৰ্ক আৰু গভীৰ বন্ধুত্বৰ প্ৰতি শ্ৰদ্ধাঞ্জলি।পদক্ষেপৰ তালিকাঃ ষষ্ঠ বিমষ্টেক সন্মিলনত প্ৰধানমন্ত্ৰীৰ অংশগ্ৰহণ
April 04th, 02:32 pm
ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি (ডিপিআই)ৰ অভিজ্ঞতা ভাগ-বাটোৱাৰা কৰিবলৈ বিমষ্টেক দেশসমূহৰ প্ৰয়োজনীয়তা বুজাৰ বাবে পৰীক্ষামূলক অধ্যয়নষষ্ঠ বিমষ্টেক সন্মিলনৰ সময়ত প্ৰধানমন্ত্ৰীৰ বক্তব্যৰ অসমীয়া অনুবাদ
April 04th, 12:59 pm
আৰম্ভণিতে এই সন্মিলনৰ উৎকৃষ্ট আয়োজনৰ বাবে প্ৰধানমন্ত্ৰী মহামহিম শ্বিনাৱাত্ৰা আৰু থাইলেণ্ড চৰকাৰলৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছো।প্ৰধানমন্ত্ৰীয়ে থাইলেণ্ডত অনুষ্ঠিত ৬ষ্ঠ বিমষ্টেক সন্মিলনত অংশগ্ৰহণ কৰে
April 04th, 12:54 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বৰ্তমানৰ অধ্যক্ষ থাইলেণ্ডৰ উদ্যোগত আয়োজিত ৬ষ্ঠ বিমষ্টেক (BIMSTEC-বে’ অৱ বেংগল ইনিচিয়েটিভ ফৰ মাল্টি-ছেক্টৰেল টেকনিকেল এণ্ড ইকনমিক ক’অপাৰেচন) সন্মিলনত অংশগ্ৰহণ কৰে। এই সন্মিলনৰ বিষয়বস্তু হৈছে - বিমষ্টেকঃ সমৃদ্ধিশালী, স্থিতিস্থাপক আৰু মুকলি। এই বিষয়বস্তুৱে বিমষ্টেক অঞ্চলৰ নেতাসকলৰ অগ্ৰাধিকাৰ আৰু জনসাধাৰণৰ আকাংক্ষাৰাজিৰ লগতে বিশ্বজুৰি অনিশ্চয়তাৰ সময়তে সহভাজিত বিকাশ নিশ্চিতকৰণৰ ক্ষেত্ৰত বিমষ্টেকৰ প্ৰচেষ্টাক প্ৰতিফলিত কৰিছে।প্ৰধানমন্ত্ৰীয়ে বিমষ্টেক ৰাষ্ট্ৰসমূহৰ মাজত সহযোগিতাৰ ভিন্ন দিশ সামৰি ২১-দফীয়া কাৰ্য্য পৰিকল্পনাৰ প্ৰস্তাৱ আগবঢ়ায়
April 04th, 12:53 pm
আজি থাইলেণ্ডৰ বেংককত অনুষ্ঠিত ৬ষ্ঠ বিমষ্টেক সন্মিলনত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিমষ্টেক ৰাষ্ট্ৰসমূহৰ মাজত সহযোগিতাৰ ভিন্ন দিশ সামৰি এক ২১-দফীয়া কাৰ্য্য পৰিকল্পনাৰ প্ৰস্তাৱ আগবঢ়ায়। তেখেতে বিমষ্টেক দেশসমূহৰ ব্যৱসায় বৃদ্ধি আৰু আইটি খণ্ডৰ চহকী সম্ভাৱনাক ব্যৱহাৰৰ পোষকতা কৰে। শেহতীয়াকৈ ম্যানমাৰ আৰু থাইলেণ্ডক প্ৰভাৱিত কৰা ভূমিকম্পৰ পৰিপ্ৰেক্ষিতত দুৰ্য্যোগ ব্যৱস্থাপনাৰ ক্ষেত্ৰত একেলগে কাম কৰাৰ প্ৰয়োজনীয়তাৰ বাবেও তেখেতে আহ্বান জনায়। শ্ৰী মোদীয়ে মহাকাশ জগতত কাম কৰাৰ লগতে নিৰাপত্তা ব্যৱস্থাৰ সুদৃঢ়কৰণত গুৰুত্ব আৰোপ কৰে। বিমষ্টেকক সামূহিকভাৱে শক্তিশালী কৰিবলৈ আহ্বান জনাই আৰু নেতৃত্ব ল’ব পৰা যুৱক-যুৱতীসকলৰ ভূমিকাত আলোকপাতেৰে তেখেতে আশা প্ৰকাশ কৰে যে সাংস্কৃতিক সংযোগে বিমষ্টেক ৰাষ্ট্ৰসমূহক অধিক ওচৰ চপাই আনিব।মহাৰাষ্ট্ৰৰ নাগপুৰত মাধৱ নেত্ৰালয় প্ৰিমিয়াম চেন্টাৰৰ আধাৰশিলা স্থাপনৰ সময়ত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
March 30th, 11:53 am
মই গুড়ি-পড়ৱা আৰু নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জনালোঁ! শ্ৰদ্ধাৰ সৰ সংঘচালক ডঃ মোহন ভাগৱত ডাঙৰীয়া, স্বামী গোবিন্দ গিৰি জী মহাৰাজ, স্বামী অবধেশানন্দ গিৰি জী মহাৰাজ, মহাৰাষ্ট্ৰৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফডণবীছ জী, কেন্দ্ৰীয় কেবিনেটত মোৰ সতীৰ্থ নীতিন গাডকাৰী জী, ডঃ অবিনাশ চন্দ্ৰ অগ্নিহোত্ৰী জী, আন-আন বিশিষ্ট ব্যক্তিসকল আৰু ইয়াত উপস্থিত থকা সকলো জ্যেষ্ঠ সতীৰ্থ, আজি ৰাষ্ট্ৰযজ্ঞৰ এই পবিত্ৰ অনুষ্ঠানত ইয়াত উপস্থিত থকাৰ সৌভাগ্য লাভ কৰিছোঁ। আজি চৈত্ৰ শুক্ল প্ৰতিপদৰ এই দিনটো অতিশয় বিশেষ। আজিৰে পৰা আৰম্ভ হৈছে নৱৰাত্ৰিৰ পবিত্ৰ উৎসৱ। আজি দেশৰ ভিন্ন প্ৰান্তত গুড়ি-পড়ৱা, উগাড়ী আৰু নভৰেহ উৎসৱো উদযাপন কৰা হৈছে। আজি ভগৱান ঝুলেলাল জী আৰু গুৰু অংগদ দেৱ জীৰ জন্ম বাৰ্ষিকীও। আমাৰ প্ৰেৰণা, অতি শ্ৰদ্ধাৰ ডাঃ চাহেবৰ জন্ম বাৰ্ষিকীও। আৰু এই বছৰ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ গৌৰৱময় যাত্ৰাৰ ১০০ বছৰো পূৰ্ণ হৈছে। আজি এই উপলক্ষে স্মৃতি মন্দিৰ পৰিদৰ্শন কৰি শ্ৰদ্ধাৰ ডাঃ চাহেব আৰু শ্ৰদ্ধাৰ গুৰুজীক শ্ৰদ্ধাঞ্জলি জনোৱাৰ সৌভাগ্য লাভ কৰিছোঁ।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মহাৰাষ্ট্ৰৰ নাগপুৰত ‘মাধৱ নেত্ৰালয় প্ৰিমিয়াম কেন্দ্ৰ’ৰ আধাৰশিলা স্থাপন কৰে
March 30th, 11:52 am
প্ৰধানমন্ত্ৰীয়ে আজি মহাৰাষ্ট্ৰৰ নাগপুৰত ‘মাধৱ নেত্ৰালয় প্ৰিমিয়াম কেন্দ্ৰ’ৰ আধাৰশিলা স্থাপন কৰে। সমবেত লোকসকলক সম্বোধন কৰি তেওঁ পৱিত্ৰ ‘নৱৰাত্ৰি উৎসৱ’ৰ আৰম্ভণি উপলক্ষে ‘চৈত্ৰ শুক্লা প্ৰতিপাদ’ৰ তাৎপৰ্য প্ৰসংগত আলোকপাত কৰে। তেওঁ উল্লেখ কৰে যে সমগ্ৰ দেশতে আজি ‘গুড়ি পড়ৱা’, ‘উগাড়ি’ আৰু ‘নৱৰেহ’ৰ দৰে উৎসৱ পালন কৰা হৈছে। তেওঁ দিনটোৰ গুৰুত্ব প্ৰসংগত মন্তব্য কৰি কয় যে এইটো দিৱসে ভগৱান ঝুলেলাল আৰু গুৰু অঙ্গদ দেৱৰ জয়ন্তীৰে সংগতি ৰাখে। তেওঁ এই অনুষ্ঠানক অনুপ্ৰেৰণাদায়ক ড০ কে বি হেডগেৱাৰৰ জন্ম জয়ন্তী আৰু ‘ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ’ (আৰ এছ এছ)ৰ সুন্দৰ যাত্ৰাৰ শতবাৰ্ষিকী বৰ্ষ হিচাপেও স্বীকাৰ কৰে। তেওঁ এই গুৰুত্বপূৰ্ণ দিনটোত ‘স্মৃতি মন্দিৰ’ ভ্ৰমণ কৰি ড০ হেডগেৱাৰ আৰু শ্ৰী গোলৱলকাৰ গুৰুজীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।ভাৰত-নিউজিলেণ্ডৰ যুটীয়া বিবৃতি
March 17th, 02:39 pm
ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ আমন্ত্ৰণমৰ্মে নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰী শ্ৰী ক্ৰিষ্টোফাৰ লাক্সন ২০২৫ চনৰ ১৬মাৰ্চৰ পৰা ২০ মাৰ্চলৈ চৰকাৰী ভ্ৰমণসূচী লৈ ভাৰতলৈ আহিছে। প্ৰধানমন্ত্ৰী হিচাপে প্ৰথমবাৰৰ বাবে ভাৰত ভ্ৰমণলৈ অহা প্ৰধানমন্ত্ৰী লাক্সনে নতুন দিল্লী আৰু মুম্বাই ভ্ৰমণ কৰিছে। তেওঁৰ লগত পৰ্যটন আৰু আতিথ্য মন্ত্ৰী লুইছ আপষ্টন, খিলঞ্জীয়া সম্প্ৰদায় আৰু ক্ৰীড়া আৰু বিনোদন মন্ত্ৰী মাৰ্ক মিচেল, বাণিজ্য আৰু বিনিয়োগ, কৃষি আৰু বন মন্ত্ৰী টড মেকক্লে আৰু কেবাগৰাকীও বিষয়াৰ এটা উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দল তথা ব্যৱসায়, সম্প্ৰদায়, সংবাদ মাধ্যম আৰু সাংস্কৃতিক গোটৰ প্ৰতিনিধি দলেও এই ভ্ৰমণত অংশগ্ৰহণ কৰিছে।নেতাসকলৰ বিবৃতিঃ ইউৰোপিয়ান কমিছনৰ প্ৰেচিডেন্ট শ্ৰীমতী উৰ্চুলা বন ডেৰ লেয়েন আৰু ইইউ কলেজ অৱ কমিছনাৰ্ছৰ ভাৰত ভ্ৰমণ (২৭-২৮ ফেব্ৰুৱাৰী, ২০২৫)
February 28th, 06:05 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু ইউৰোপিয়ান কমিছনৰ প্ৰেচিডেন্ট শ্ৰীমতী উৰ্চুলা বন ডেৰ লেয়েনে দৃঢ়তাৰে কয় যে ইউৰোপিয়ান ইউনিয়ন (EU)-ভাৰত কৌশলগত অংশীদাৰিত্বই তেওঁলোকৰ জনতা আৰু বৃহত্তৰ বিশ্বৰ মংগলৰ বাবে ব্যাপক সুবিধা প্ৰদান কৰিছে। ভাৰত-ইউৰোপিয়ান ইউনিয়নৰ ২০ বছৰীয়া কৌশলগত অংশীদাৰিত্ব আৰু ৩০ বছৰীয়া ভাৰত-ইচি সহযোগিতা চুক্তিৰ ওপৰত ভিত্তি কৰি তেওঁলোকে এই অংশীদাৰিত্বক উচ্চ পৰ্য্যায়লৈ উন্নীতকৰণৰ অংগীকাৰ কৰে।দিল্লীৰ কাৰিয়াপ্পা পেৰেড গ্ৰাউণ্ডত আয়োজিত এনচিচি ৰেলীত প্ৰধানমন্ত্ৰীৰ ভাষণৰ পূৰ্ণপাঠ
January 27th, 05:00 pm
কেন্দ্ৰীয় কেবিনেটত মোৰ সতীৰ্থ শ্ৰী ৰাজনাথ সিং জী, সঞ্জয় ছেঠ জী, চিডিএছ- জেনেৰেল অনিল চৌহান জী, তিনিওটা সশস্ত্ৰ বাহিনীৰ মুৰব্বী, প্ৰতিৰক্ষা সচিব, এনচিচিৰ ডিজি, আন-আন অতিথি আৰু এনচিচিৰ মোৰ মৰমৰ বন্ধুসকল!এন চি চিৰ বাৰ্ষিক পি এম ৰেলীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ ভাষণ
January 27th, 04:30 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দিল্লীৰ কৰিয়াপ্পা পেৰেড খেলপথাৰত বাৰ্ষিক নেচনেল কেডেট কৰ্পছৰ পিএম ৰেলীত ভাষণ আগবঢ়ায়। শ্ৰী মোদীয়ে সাংস্কৃতিক অনুষ্ঠান প্ৰত্যক্ষ কৰি শ্ৰেষ্ঠ কেডেট বঁটা প্ৰদান কৰে। এন চি চি দিৱস উপলক্ষে সমাৱেশক শুভেচ্ছা জনাই প্ৰধানমন্ত্ৰীয়ে ১৮খন বন্ধুত্বপূৰ্ণ দেশৰ পৰা অংশগ্ৰহণ কৰা প্ৰায় ১৫০জন কেডেটক আদৰণি জনায়। তেওঁ মেৰা যুৱ ভাৰত (MY Bharat) পৰ্টেলৰ জৰিয়তে ভাৰ্চুৱেলি যোগদান কৰা সমগ্ৰ ভাৰতৰ যুৱক-যুৱতীসকলক অভিনন্দন জনায়।ৰাষ্ট্ৰপতি প্ৰবোও চুবিয়েন্টোক আদৰণি জনাই ভাৰতে সন্মানিত বোধ কৰিছে: প্ৰধানমন্ত্ৰী
January 25th, 05:48 pm
ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি মহামহিম শ্ৰী প্ৰবোও চুবিয়েন্তোক আদৰণি জনাই প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভাৰত-ইণ্ডোনেছিয়া ব্যাপক কৌশলগত অংশীদাৰিত্বৰ বিভিন্ন দিশৰ বিষয়ে আলোচনা কৰা বুলি মন্তব্য কৰে। তেওঁ উল্লেখ কৰে যে ইণ্ডোনেছিয়া হৈছে আমাৰ ‘এক্ট ইষ্ট নীতি’ৰ মূল প্ৰসংগ আৰু ভাৰতে ইণ্ডোনেছিয়াৰ ‘ব্ৰিকছ’-সদস্য পদক আদৰণি জনাইছে।ভাৰতৰ বতৰ বিজ্ঞান বিভাগৰ ১৫০সংখ্যক প্ৰতিষ্ঠা দিৱসত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
January 14th, 10:45 am
কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ মোৰ সতীৰ্থ ড০ জিতেন্দ্ৰ সিং জী, বিশ্ব বতৰ বিজ্ঞান সংস্থাৰ সচিব প্ৰধান অধ্যাপক ছেলেষ্টে চাওলে জী, বিদেশৰ পৰা অহা আমাৰ অতিথিবৃন্দ, পৃথিৱী বিজ্ঞান মন্ত্ৰালয়ৰ সচিব ড০ এম ৰবিচন্দ্ৰন জী, আইএমডিৰ সঞ্চালক প্ৰধান ড০ মৃত্যুঞ্জয় মহাপাত্ৰ জী, অন্যান্য অতিথিসকল, বৈজ্ঞানিকসকল আৰু বিভিন্ন বিভাগ তথা সংস্থাৰ বিষয়া, ভদ্ৰ পুৰুষ-মহিলাসকল।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ ১৫০ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ সমাৰোহত ভাষণ দিয়ে
January 14th, 10:30 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত ভাৰতীয় বতৰ বিজ্ঞান বিভাগ (আইএমডি)ৰ ১৫০ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে আয়োজিত সমাৰোহত অংশগ্ৰহণ কৰে। এই উপলক্ষে সভাত ভাষণ প্ৰদান কৰি তেওঁ কয় যে আইএমডিৰ ১৫০ বছৰে কেৱল বতৰ বিজ্ঞান বিভাগৰ যাত্ৰাকে প্ৰতিফলিত কৰাই নহয়, বৰং ভাৰতত আধুনিক বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ গৌৰৱময় যাত্ৰাকো প্ৰতিফলিত কৰে। তেওঁ কয় যে আইএমডিয়ে এই ডেৰ শতিকাত লাখ লাখ ভাৰতীয়ক সেৱা আগবঢ়াইছে আৰু ই ভাৰতৰ বৈজ্ঞানিক প্ৰগতিৰ প্ৰতীক হৈ পৰিছে। শ্ৰী মোদীয়ে কয় যে আইএমডিৰ কৃতিত্বক সন্মান জনাই আজি এটা স্মাৰক ডাক টিকট আৰু মুদ্ৰাও মুকলি কৰা হৈছে। তেওঁ কয় যে ২০৪৭ চনত আইএমডিৰ ভৱিষ্যতৰ ৰূপৰেখা দাঙি ধৰা এক দৃষ্টিভংগী দস্তাবেজ প্ৰকাশ কৰা হৈছে। ২০৪৭ চনত ভাৰতে স্বাধীনতাৰ ১০০ বছৰ উদযাপন কৰিব। তেওঁ আইএমডিৰ ১৫০ বছৰ সম্পূৰ্ণ হোৱাৰ এই গুৰুত্বপূৰ্ণ উপলক্ষে নাগৰিকসকলক অভিনন্দন জনায়।শ্ৰীলংকাৰ ৰাষ্ট্ৰপতিৰ সৈতে যুটীয়া সংবাদমেলত প্ৰধানমন্ত্ৰীৰ প্ৰেছ বিবৃতিৰ অসমীয়া অনুবাদ
December 16th, 01:00 pm
মহামহিম ৰাষ্ট্ৰপতি অনুৰা কুমাৰ দিছানায়ক, দুয়োখন দেশৰ প্ৰতিনিধি, সংবাদ মাধ্যমৰ বন্ধুসকল, আটাইতকে শুভেচ্ছা জনাইছো!১১ ডিচেম্বৰত স্মাৰ্ট ইণ্ডিয়া হেকাথন ২০২৪ৰ অংশগ্ৰহণকাৰীসকলৰ সৈতে মত বিনিময় কৰিব প্ৰধানমন্ত্ৰীয়ে
December 09th, 07:38 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১১ ডিচেম্বৰ, ২০২৪ত প্ৰায় ৪:৩০ বজাত ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে স্মাৰ্ট ইণ্ডিয়া হেকাথন ২০২৪ৰ গ্ৰেণ্ড ফিনালেত যুৱ উদ্ভাৱকৰ সৈতে মত বিনিময় কৰিব। গ্ৰেণ্ড ফিনালেত ১৩০০ৰো অধিক শিক্ষাৰ্থীৰ দলে অংশগ্ৰহণ কৰিব। এই উপলক্ষে সভাত প্ৰধানমন্ত্ৰীয়ে ভাষণো আগবঢ়াব।প্ৰবাসী ভাৰতীয়সকলে বিভিন্ন দেশত নিজৰ নাম উজলাইছেঃ মন কী বাতৰ সময়ত প্ৰধানমন্ত্ৰী মোদী
November 24th, 11:30 am
মন কী বাতৰ ১১৬সংখ্যক খণ্ডত প্ৰধানমন্ত্ৰী মোদীয়ে এনচিচি দিৱসৰ তাৎপৰ্যৰ বিষয়ে আলোচনা কৰি দুৰ্যোগ সাহায্যৰ ক্ষেত্ৰত এন চি চি কেডেটৰ ভূমিকাক আলোকপাত কৰে। তেওঁ উন্নত ভাৰতৰ বাবে যুৱ সৱলীকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰি বিকশিত ভাৰত যুৱ নেতাসকলৰ আলোচনাৰ বিষয়ে কয়। তেওঁ যুৱক-যুৱতীসকলে জ্যেষ্ঠ নাগৰিকসকলক ডিজিটেল প্লেটফৰ্ম চলোৱাত সহায় কৰা আৰু এক পেড় মা কে নাম অভিযানৰ সফলতাৰ প্ৰেৰণাদায়ক কাহিনীও শ্বেয়াৰ কৰে।