Since 2014 difficulties in the North East are reducing and development is taking place: PM Modi
April 28th, 11:33 am
PM Modi addressed the ‘Peace, Unity and Development Rally’ at Diphu in Karbi Anglong District of Assam. The PM said that the ‘double engine’ government was working with the spirit of Sabka Saath Sabka Vikas, Sabka Vishwas and Sabka Prayas. “Today this resolve has been reinforced on this land of Karbi Anglong. The work of carrying out the agreement which was signed for the permanent peace and rapid development of Assam is going on at a brisk pace”, he said.অসমৰ ডিফুত 'শান্তি, একতা আৰু উন্নয়ন ৰেলী' সম্বোধন প্ৰধানমন্ত্ৰীৰ
April 28th, 11:32 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কাৰ্বি আংলং জিলাৰ ডিফুত 'শান্তি, একতা আৰু উন্নয়ন ৰেলী' সম্বোধন কৰে। এই কাৰ্য্যসূচীতে তেখেতে একাধিক প্ৰকল্পৰ আধাৰশিলাও স্থাপন কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে পশু চিকিৎসা মহাবিদ্যালয় (ডিফু), ডিগ্ৰী মহাবিদ্যালয় (পশ্চিম কাৰ্বি আংলং) আৰু কৃষি মহাবিদ্যালয় (কলংগা, পশ্চিম কাৰ্বি আংলং) ৰ আধাৰশিলা স্থাপন কৰে। ৫০০ কোটি টকাৰো অধিক ব্যয়ৰ এই প্ৰকল্পৰাজিয়ে অঞ্চলটোত দক্ষতা বিকাশ আৰু নিয়োগৰ বাবে নতুন সুযোগৰ সঞ্চাৰ কৰিব। প্ৰধানমন্ত্ৰীগৰাকীয়ে তদুপৰি ২৯৫০ ৰো অধিক অমৃত সৰোবৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। ৰাজ্যখনে এই অমৃত সৰোবৰসমূহ প্ৰায় ১১৫০ কোটি টকা ব্যয় সাপেক্ষে বিকশিত কৰিব। এই কাৰ্য্যসূচীত অসমৰ ৰাজ্যপাল শ্ৰী জগদীশ মুখী আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা তথা আন-আন বিশিষ্ট লোকসকল উপস্থিত থাকে।২৮ এপ্ৰিলত অসম ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে
April 26th, 07:05 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৮ এপ্ৰিলত অসম ভ্ৰমণ কৰিব। পুৱা প্ৰায় ১১:০০ বজাত তেওঁ কাৰ্বি আংলং জিলাৰ ডিফুত 'শান্তি, একতা আৰু উন্নয়ন ৰেলী' সম্বোধন কৰিব। এই কাৰ্যসূচীৰ সময়তে তেওঁ শিক্ষা খণ্ডৰ বিভিন্ন প্ৰকল্পৰ আধাৰশিলাও স্থাপন কৰিব। তাৰ পিছতে বিয়লি প্ৰায় ১:৪৫ বজাত প্ৰধানমন্ত্ৰীয়ে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত উপস্থিত হৈ ডিব্ৰুগড় কৰ্কট চিকিৎসালয় দেশবাসীক উৎসৰ্গা কৰিব। ইয়াৰ পিছত, আবেলি প্ৰায় ৩ বজাত তেওঁ ডিব্ৰুগড়ৰ খনিকৰ খেলপথাৰত আয়োজিত এক ৰাজহুৱা অনুষ্ঠানত অংশগ্ৰহণ কৰিব আৰু ছয়খন কৰ্কট চিকিৎসালয় দেশবাসীৰ বাবে উৎসৰ্গা কৰিব। ইয়াৰ লগতে প্ৰধানমন্ত্ৰীয়ে আৰু সাতখন নতুন কৰ্কট চিকিৎসালয়ৰ আধাৰশিলা স্থাপন কৰিব।