জি-20 শিক্ষা মন্ত্ৰীসকলৰ বৈঠকৰ সময়ত প্ৰধানমন্ত্ৰীৰ ভিডিঅ’ বাৰ্তাৰ পাঠ

June 22nd, 11:00 am

মই জি-20 শিক্ষা মন্ত্ৰীসকলৰ বৈঠকৰ বাবে ভাৰতলৈ আপোনালোকক আদৰণি জনাইছোঁ। শিক্ষা কেৱল এনে বুনিয়াদেই নহয় যাৰ ওপৰত আমাৰ ক্ষমতাৰ নিৰ্মাণ হৈছে, বৰং ই মানৱতাৰ ভৱিষ্যতৰ বাস্তুকাৰো। শিক্ষা মন্ত্ৰী হিচাপে, আপোনালোক সকলোৰে বাবে বিকাশ, শান্তি আৰু সমৃদ্ধিৰ আমাৰ প্ৰয়াসত মানৱ জাতিৰ নেতৃত্ব কৰা শেৰ্পা। ভাৰতীয় শাস্ত্ৰত শিক্ষাৰ ভূমিকাৰ বৰ্ণনা আনন্দ প্ৰদান কৰোঁতাৰ ৰূপত কৰা হৈছে। বিদ্যা দদাতি বিনয়ম্ বিনায়দ্ য়াতি পাত্ৰতাম্। পাত্ৰত্বাত্ ধনমাপ্ৰোন্তি ধনাদ্ধৰ্ম তত: সুখম্।। ইয়াৰ অৰ্থ হৈছে: প্ৰকৃত জ্ঞানে বিনম্ৰতা দিয়ে। বিনম্ৰতাৰ পৰা যোগ্যতা আহে, পাত্ৰতাৰ পৰা ধনৰ প্ৰাপ্তি হয়। সম্পদে ব্যক্তিক ভাল কাম কৰিবলৈ সক্ষম কৰে আৰু সিয়েই আনন্দ আনে। এই কাৰণেই ভাৰতত, আমি এক সামগ্ৰিক আৰু ব্যাপক যাত্ৰাৰ সূত্ৰপাত কৰিছোঁ। আমাৰ বিশ্বাস আছে যে মৌলিক সাক্ষৰতাই আমাৰ যুৱক-যুৱতীৰ বাবে এক মজবুত আধাৰৰ নিৰ্মাণ কৰে আৰু আমি ইয়াক প্ৰযুক্তিৰ সৈতেও সংযুক্ত কৰি আছোঁ। ইয়াৰ বাবে আমি বোধ আৰু সংখ্যাত্মকতাৰ সৈতে পঢ়াত প্ৰৱীনতাৰ বাবে ৰাষ্ট্ৰীয় পদক্ষেপ বা নিপুণ ভাৰত পদক্ষেপ আৰম্ভ কৰিছোঁ। মই আনন্দিত যে মৌলিক সাক্ষৰতা আৰু অংক জ্ঞানৰ আপোনালোকৰ গোটৰ দ্বাৰাও প্ৰাথমিকতা হিচাপে চিনাক্ত কৰা হৈছে। আমি ২০৩০লৈকে সময়বদ্ধ উপায়েৰে ইয়াৰ ওপৰত কাম কৰাৰ সংকল্প লোৱা দৰকাৰ।

জি-২০ শিক্ষা মন্ত্ৰীসকলৰ বৈঠকত ভাষণ প্ৰধানমন্ত্ৰী

June 22nd, 10:36 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ বাৰ্তাযোগে পুনেত অনুষ্ঠিত জি-২০ শিক্ষামন্ত্ৰীসকলৰ বৈঠকত ভাষণ আগবঢ়ায়৷

‘ন ইয়ৰ লীডাৰ্ছ’ শীৰ্ষক কাৰ্যসূচীৰ অধীনত ‘পৰাক্ৰম দিৱস’ত সংসদত ‘নেতাজী’ সুভাষ চন্দ্ৰ বসুক সন্মান জনোৱাৰ উপলক্ষে আয়োজিত অনুষ্ঠানত অংশগ্ৰহণৰ বাবে নিৰ্বাচিত যুৱক-যুৱতীসকলৰে প্ৰধানমন্ত্ৰীৰ বাৰ্তালাপ, ৭, লোক কল্যাণ মাৰ্গত

January 23rd, 08:03 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সংসদৰ কেন্দ্ৰীয় হলত নেতাজী সুভাষ চন্দ্ৰ বসুক সন্মান জনোৱাৰ উপলক্ষে আয়োজিত অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ 'ন ইয়ৰ লীডাৰ্ছ' শীৰ্ষক কাৰ্যসূচীৰ অধীনত নিৰ্বাচিত যুৱক-যুৱতীসকলৰ সৈতে বাৰ্তালাপ কৰে। এই বাৰ্তালাপ ৭, লোক কল্যাণ মাৰ্গত থকা তেওঁৰ বাসগৃহত অনুষ্ঠিত হৈছিল।

৪ জুলাইত ভীমাৱৰাম আৰু গান্ধীনগৰ ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে

July 01st, 12:16 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৪ জুলাই, ২০২২ত অন্ধ্ৰপ্ৰদেশৰ ভীমাৱৰাম আৰু গুজৰাটৰ গান্ধীনগৰ ভ্ৰমণ কৰিব। প্ৰায় ১১ বজাত প্ৰধানমন্ত্ৰীয়ে ভীমাৱৰামত কিংবদন্তি স্বাধীনতা সংগ্ৰামী আল্লুৰী সীতাৰামা ৰাজুৰ বৰ্ষজোৰা ১২৫ সংখ্যক জন্ম জয়ন্তী উদযাপন কৰিব। ইয়াৰ পিছত প্ৰায় ৪:৩০ বজাত প্ৰধানমন্ত্ৰীয়ে গান্ধীনগৰত ডিজিটেল ইণ্ডিয়া উইক, ২০২২ উদ্বোধন কৰিব।

NEP is a big factor in the ‘mahayagya’ of national development: PM Modi

July 29th, 05:54 pm

The Prime Minister, Shri Narendra Modi addressed policy makers in the domain of education and skill development, students and teachers, across the country via video conferencing, to mark the completion of one year of reforms under the National Education Policy 2020. He also launched multiple initiatives in the education sector.

ৰাষ্ট্ৰীয় শিক্ষানীতি, ২০২০ৰ প্রথম বর্ষপূর্তি উপলক্ষে শৈক্ষিক সমাজক উদ্দেশ্যি প্রধানমন্ত্রীৰ ভাষণ

July 29th, 05:50 pm

ৰাষ্ট্ৰীয় শিক্ষানীতি, ২০২০ৰ অধীনত সংস্কাৰৰ প্ৰথম বৰ্ষপূর্তি উপলক্ষে প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সযোগে শিক্ষা আৰু দক্ষতা বিকাশ ক্ষেত্রৰ সৈতে জড়িত নীতিপ্রণেতাসকলৰ লগতে ছাত্র-ছাত্রী আৰু শিক্ষক-শিক্ষয়িত্ৰীসকলক উদ্দেশ্যি ভাষণ আগবঢ়ায়৷ ৰাষ্ট্ৰীয় শিক্ষানীতিৰ প্রথম বর্ষপূর্তি উপলক্ষে তেওঁ শিক্ষাখণ্ডৰ সৈতে জড়িত একাধিক পদক্ষেপৰ শুভাৰম্ভ কৰে৷