
ফিনলেণ্ডৰ ৰাষ্ট্ৰপতি শ্ৰীযুত আলেকজেণ্ডাৰ ষ্টাবৰ সৈত টেলিফোনিত বাৰ্চালাপ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
April 16th, 05:45 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ফিনলেণ্ডৰ ৰাষ্ট্ৰপতি শ্ৰীযুত আলেকজেণ্ডাৰ ষ্টাবৰ সৈতে আজি এক টেলিফোনিক বাৰ্তালাপ কৰে।
চাকৰিৰ সুযোগ সৃষ্টিক উত্সাহিতকৰণ সম্পৰ্কীয় বাজেট-পৰৱৰ্তী ৱে’বিনাৰত ‘ভিডিঅ' কনফাৰেন্সিং’ ব্যৱস্থাৰে প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ
March 05th, 01:35 pm
এই গুৰুত্বপূৰ্ণ বাজেট ৱে’বিনাৰলৈ আপোনালোক সকলোকে আদৰণি আৰু শুভেচ্ছা জনাইছোঁ। জনসাধাৰণ, অৰ্থনীতি আৰু উদ্ভাৱনত বিনিয়োগ – এয়া এনে এটা বিষয় যি উন্নত ভাৰতৰ বাবে পথ-পৰিকল্পনা নিৰ্দ্ধাৰিত কৰিব। আপোনালোকে এই বছৰৰ বাজেটত ব্যপক পৰিমাপত ইয়াৰ প্ৰভাৱ দেখিব পাব। সেয়েহে, এইখন বাজেটে ভাৰতৰ ভৱিষ্যতৰ বাবে এক মূল আঁচনিৰ হিচাপে আত্মপ্ৰকাশ কৰিছে। আমি বিনিয়োগত আন্তঃগাঁথনি আৰু উদ্যোগসমূহক যিমান প্ৰাথমিকতা প্ৰদান কৰিছো সিমানেই আমি মানুহ, অৰ্থনীতি আৰু উদ্ভাৱনকো গুৰুত্ব দিছোঁ। আপোনালোক সকলোৱে জানে যে সামৰ্থ্য বৰ্দ্ধন আৰু প্ৰতিভাৰ প্ৰতিপালনে দেশৰ প্ৰগতিৰ আধাৰশিলা হিচাপে কাম কৰে। সেয়েহে, এতিয়া উন্নয়নৰ পৰৱৰ্তী পৰ্যায়ত আমি এই ক্ষেত্ৰসমূহত অধিক বিনিয়োগ কৰিব লাগিব। ইয়াৰ বাবে সকলো অংশীদাৰ আগবাঢ়ি আহিব লাগিব। কাৰণ, দেশৰ অৰ্থনৈতিক সফলতাৰ বাবে এয়া হৈছে প্ৰয়োজনীয়। আৰু একে সময়তে, ই হৈছে প্ৰতিটো সংগঠনৰ সফলতাৰো আধাৰ।
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নিয়োগ সৃষ্টি বৃদ্ধি- জনতা, অৰ্থনীতি আৰু উদ্ভাৱনত বিনিয়োগ শীৰ্ষক বাজেট-পৰৱৰ্তী ৱেবিনাৰ সম্বোধন কৰে
March 05th, 01:30 pm
“জনতাত বিনিয়োগৰ দৃষ্টিভংগী তিনি স্তম্ভ আধাৰিত যথাঃ শিক্ষা, দক্ষতা আৰু স্বাস্থ্যসেৱা” বুলি উল্লেখেৰে ভাৰতৰ শিক্ষা ব্যৱস্থাত কেইবাটাও দশকৰ পাছত উল্লেখযোগ্য ৰূপান্তৰ ঘটিছে বুলি শ্ৰী মোদীয়ে কয়। তেখেতে ৰাষ্ট্ৰীয় শিক্ষা নীতি, আইআইটিৰ সম্প্ৰসাৰণ, শিক্ষা ব্যৱস্থাত প্ৰযুক্তিক একত্ৰিতকৰণ আৰু এআইৰ সম্পূৰ্ণ সম্ভাৱনাৰ ব্যৱহাৰ আদি মূল পদক্ষেপসমূহত গুৰুত্ব আৰোপ কৰে। পাঠ্যপুথিৰ ডিজিটেলাইজেচন আৰু ২২ টা ভাৰতীয় ভাষাত শিক্ষণ সামগ্ৰীৰ উপলব্ধতাৰ দৰে প্ৰচেষ্টা গ্ৰহণ সম্পৰ্কে উল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, “এই মিছন-ম’ডৰ প্ৰচেষ্টাসমূহে ভাৰতৰ শিক্ষা ব্যৱস্থাক একবিংশ শতিকাৰ বিশ্বৰ প্ৰয়োজনীয়তা আৰু পৰিমাপসমূহৰ সৈতে সংগতি ৰাখিবলৈ সক্ষম কৰিছে।”যৌথ বিবৃতিঃ দ্বিতীয় ভাৰত-অষ্ট্ৰেলিয়া বাৰ্ষিক শীৰ্ষ সন্মিলন
November 19th, 11:22 pm
ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী আৰু অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এণ্টনি আলবানিজৰ উপস্থিতিত ২০২৪ চনৰ ১৯ নৱেম্বৰত ৰিঅ’ ডি জেনেইৰ’ত গ্ৰুপ অফ ২০ (জি-২০) শীৰ্ষ সন্মিলনৰ সুযোগত দ্বিতীয় ভাৰত-অষ্ট্ৰেলিয়া বাৰ্ষিক শীৰ্ষ সন্মিলন অনুষ্ঠিত হয়। ২০২৫ চনত ভাৰত-অষ্ট্ৰেলিয়া সৰ্বাংগীন কৌশলগত অংশীদাৰিত্বৰ পঞ্চম বৰ্ষপূৰ্তিৰ পূৰ্বে দুয়োখন দেশৰ প্ৰধানমন্ত্ৰীয়ে জলবায়ু পৰিৱৰ্তন আৰু নবীকৰণযোগ্য শক্তি, বাণিজ্য আৰু বিনিয়োগ, প্ৰতিৰক্ষা আৰু নিৰাপত্তা, শিক্ষা আৰু গৱেষণা, দক্ষতা, গতিশীলতা, বিজ্ঞান আৰু প্ৰযুক্তি, আদি আঞ্চলিক বিষয়সমূহৰ ওপৰত আলোচনা কৰে আৰু বহুপক্ষীয় সহযোগিতা, সামাজিক আৰু সাংস্কৃতিক সম্পৰ্ক আৰু জনসাধাৰণৰ মাজত সম্পৰ্ককে ধৰি কেইবাটাও মূল ক্ষেত্ৰত দ্বিপাক্ষিক সম্পৰ্ক শক্তিশালী কৰাৰ ক্ষেত্ৰত মহত্বপূৰ্ণ অগ্ৰগতিৰ উল্লেখ কৰে।Italy-India Joint Strategic Action Plan 2025-2029
November 19th, 09:25 am
Aware of the unparalleled potential of the India Italy Strategic partnership, Prime Minister of India Shri Narendra Modi and Prime Minister of Italy Ms. Giorgia Meloni during their meeting at the G20 Summit in Rio de Janeiroব্ৰিটেইনৰ প্ৰধানমন্ত্ৰীক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ
November 19th, 05:41 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ব্ৰাজিলৰ ৰিঅ' ডি জেনেৰিঅ'ত অনুষ্ঠিত জি-২০ সন্মিলনত অংশগ্ৰহণ কৰাৰ সুযোগতে ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী ছাৰ কেইৰ ষ্টাৰমাৰক সাক্ষাৎ কৰে। দুয়োগৰাকী প্ৰধানমন্ত্ৰীৰ মাজত এয়া প্ৰথম বৈঠক। প্ৰধানমন্ত্ৰী ষ্টাৰমাৰক কাৰ্যভাৰ গ্ৰহণৰ বাবে প্ৰধানমন্ত্ৰীয়ে অভিনন্দন জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰী ষ্টাৰমাৰেও প্ৰধানমন্ত্ৰীৰ ঐতিহাসিক তৃতীয়টো কাৰ্যকালৰ বাবে তেওঁক উষ্ম শুভেচ্ছা জ্ঞাপন কৰে।তামিলনাডুৰ মাদুৰাইত অটোমোটিভ এমএছএমইৰ বাবে ডিজিটেল মবিলিটি ইনিচিয়েটিভত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ
February 27th, 06:30 pm
প্ৰথমে আপোনালোক সকলোৰে ওচৰত ক্ষমা বিচাৰিছো, কাৰণ আজি মোৰ অহাত কিছু পলম হৈছিল আৰু আপোনালোকে বহু সময় অপেক্ষা কৰিবলগীয়া হৈছিল। ৰাতিপুৱা সময়মতে দিল্লীৰ পৰা ওলাই আহিলোঁ, কিন্তু একাধিক অনুষ্ঠান কৰি প্ৰতিটোৰ বাবে ৫-১০ মিনিট বেছি সময় লাগে আৰু ফলত অন্তিমটো অনুষ্ঠানত ৰৈ থকাগৰাকীয়ে কষ্ট পায়। গতিকে এতিয়াও আপোনালোক সকলোৰে ওচৰত পলম হোৱাৰ বাবে ক্ষমা বিচাৰিছো।তামিলনাডুৰ মাদুৰাইত 'স্বয়ংচালিত এমএছএমইখণ্ডৰ উদ্যোগীসকলৰ বাবে ভৱিষ্যত নিৰ্মাণ– ডিজিটেল গতিশীলতা' শীৰ্ষক কাৰ্যসূচীত অংশগ্ৰহণ কৰে প্ৰধানমন্ত্ৰীয়ে
February 27th, 06:13 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি তামিলনাডুৰ মাদুৰাইত ‘ক্ৰিয়েটিং দা ফিউশ্যাৰ – ডিজিটেল মবিলিটী ফৰ অটোমোটিভ এমএছএমই এণ্ট্ৰপ্ৰেনিউৰ্ছ'' (স্বয়ংচালিত এমএছএমইখণ্ডৰ উদ্যোগীসকলৰ বাবে ভৱিষ্যত নিৰ্মাণ– ডিজিটেল গতিশীলতা')শীৰ্ষক কাৰ্যসূচীত অংশগ্ৰহণ কৰে আৰু যান-বাহন উদ্যোগ খণ্ডত কাম কৰা হাজাৰ হাজাৰ ‘ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ’ (এমএছএমই)ৰ উদ্যোগীসকলক সম্বোধন কৰে। প্ৰধানমন্ত্ৰীয়ে ‘গান্ধীগ্ৰাম প্ৰশিক্ষিত মহিলা উদ্যোগী’ আৰু স্কুলীয়া ছাত্ৰ-ছাত্ৰীসকলৰ সৈতেও বাৰ্তালাপ কৰে।