লোকেল খেলনাৰ বাবে ভকেল হোৱাৰ সময় সমাগত, মন কী বাতত প্ৰধানমন্ত্ৰীয়ে কয়
August 30th, 03:43 pm
শেহতীয়া মন কী বাতত, প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শিশুসকলৰ বাবে নতুন খেলনা কিদৰে উপলব্ধ কৰিব পৰা যায় আৰু খেলনা সামগ্ৰী প্ৰস্তুতৰ ক্ষেত্ৰত ভাৰত কিদৰে এটা বৃহৎ কেন্দ্ৰ হৈ উঠিব পাৰিব, সেই সন্দৰ্ভত গান্ধীনগৰস্থিত শিশু বিশ্ববিদ্যালয়, মহিলা আৰু শিশু বিকাশ মন্ত্ৰণালয়, শিক্ষা মন্ত্ৰণালয় আৰু ক্ষুদ্ৰ-সৰু আৰু মজলীয়া প্ৰতিষ্ঠান মন্ত্ৰণালয়ৰে তেওঁ আলোচনা কৰাৰ কথা সদৰী কৰে। তেওঁ উল্লেখ কৰে যে খেলনা সামগ্ৰীসমূহ মাথো ডাঙৰ-দীঘল হোৱাতেই সহায়ক নহয়, বৰঞ্চ এইসমূহে আমাৰ আকাংক্ষাক গতি প্ৰদান কৰে। খেলনা সামগ্ৰী কেৱল মাত্ৰ মনোৰঞ্জনৰ বাবেই নহয়, ই মগজুৰ ক্ৰিয়া আৰু ইচ্ছাও জগাই তোলে, তেওঁ কয়।