
মাওবাদী প্ৰভাৱিত এলেকাত শান্তি প্ৰতিষ্ঠাৰ বাবে আমি সম্পূৰ্ণ প্ৰতিশ্ৰুতিবদ্ধঃ প্ৰধানমন্ত্ৰী
May 14th, 10:09 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় আমাৰ নিৰাপত্তা বাহিনীৰ সফলতাই এইটো দেখুৱাইছে যে মাওবাদক শিপাৰে সৈতে উভালি পেলোৱাত আমাৰ অভিযান সঠিক দিশত অগ্ৰসৰ হৈছে। শ্ৰী মোদীয়ে লগতে কয় “মাওবাদী প্ৰভাৱিত অঞ্চলসমূহত শান্তি প্ৰতিষ্ঠা আৰু উন্নয়নৰ মূলসুঁতিৰ সৈতে সংযোগ স্থাপনৰ বাবে আমি সম্পূৰ্ণৰূপে প্ৰতিশ্ৰুতিবদ্ধ।”
ভাৰত চৰকাৰৰ সচিবসকলৰ সৈতে উচ্চ পৰ্যায়ৰ বৈঠকত অধ্যক্ষতা প্ৰধানমন্ত্ৰী মোদীৰ
May 08th, 02:17 pm
প্ৰধানমন্ত্ৰীয়ে ভাৰত চৰকাৰৰ বিভিন্ন মন্ত্ৰালয় আৰু বিভাগৰ সচিবসকলৰ সৈতে ৰাষ্ট্ৰীয় নিৰাপত্তা সম্পৰ্কীয় শেহতীয়া ঘটনাৱলীক লৈ ৰাষ্ট্ৰীয় প্ৰস্তুতি আৰু আন্তঃমন্ত্ৰালয় সমন্বয় সম্পৰ্কে পৰ্যালোচনা কৰাৰ বাবে আজি এখন বৈঠকত অধ্যক্ষতা কৰে।
Cabinet approves National Scheme for ITI Upgradation and Setting up of 5 National COE for Skilling
May 07th, 02:07 pm
In a major step towards transforming vocational education in India, the Union Cabinet chaired by PM Modi has approved the National Scheme for Industrial Training Institute (ITI) Upgradation and the Setting up of five National Centres of Excellence for Skilling. It will be implemented as a Centrally Sponsored Scheme made under Budget 2024-25 and Budget 2025-26 with outlay of Rs.60,000 crore.Today, when one sees India, then they can be rest assured that Democracy can deliver: PM at ABP Network India@2047 Summit
May 06th, 08:04 pm
PM Modi, at the ABP News India@2047 Summit in Bharat Mandapam, hailed India's bold strides towards becoming a developed nation. Applauding the inspiring journeys of Drone Didis and Lakhpati Didis, he spotlighted key reforms, global trade pacts, and the transformative impact of DBT—underscoring his government's unwavering commitment to Nation First.প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এবিপি নেটৱৰ্ক ইণ্ডিয়া@২০৪৭ শীৰ্ষ সন্মিলনত ভাষণ দিয়ে
May 06th, 08:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত হোৱা ABP Network India@2047 শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰে। উপস্থিত ৰাইজক সম্বোধন কৰি তেওঁ কয় যে ভাৰত মণ্ডপমত আজি পুৱাৰে পৰা কাৰ্যসূচীৰ হুলস্থুলীয়া পৰিৱেশ। তেওঁ আয়োজক দলৰ সৈতে হোৱা আদান-প্ৰদানৰ কথা উল্লেখ কৰে আৰু শীৰ্ষ সন্মিলনৰ চহকী বৈচিত্ৰ্যৰ ওপৰত আলোকপাত কৰে। তেওঁ বহু বিশিষ্ট ব্যক্তিৰ অংশগ্ৰহণৰ বাবে ধন্যবাদ জ্ঞাপন কৰে, যিসকলে এই অনুষ্ঠানটোৰ গতিশীলতাত অৰিহণা যোগায়। প্ৰধানমন্ত্ৰীয়ে আস্থা প্ৰকাশ কৰে যে উপস্থিত সকলোৰে অভিজ্ঞতা অত্যন্ত ইতিবাচক। সন্মিলনত যুৱক-যুৱতী আৰু মহিলাৰ বৃহৎ উপস্থিতিৰ ওপৰত গুৰুত্ব আৰোপ কৰি তেওঁ বিশেষভাৱে ড্ৰ’ন দিদি আৰু লাখপতি দিদিসকলৰ দ্বাৰা ভাগ-বতৰা কৰা প্ৰেৰণাদায়ক অভিজ্ঞতাসমূহৰ ওপৰত আলোকপাত কৰে। তেওঁ কয় যে তেওঁলোকৰ কাহিনীবোৰ প্ৰেৰণাৰ উৎস।এংগোলাৰ ৰাষ্ট্ৰপতিৰ সৈতে যুটীয়া প্ৰেছ বিজ্ঞপ্তিৰ সময়ত প্ৰধানমন্ত্ৰীৰ প্ৰেছ বিজ্ঞপ্তি
May 03rd, 01:00 pm
মই ৰাষ্ট্ৰপতি ল’ৰেঞ্চো আৰু তেওঁৰ প্ৰতিনিধি দলক ভাৰতলৈ আন্তৰিকতাৰে আদৰণি জনাইছোঁ। এয়া এক ঐতিহাসিক মুহূৰ্ত। ৩৮ বছৰৰ পাছত, এংগোলাৰ ৰাষ্ট্ৰপতি ভাৰত ভ্ৰমণলৈ আহিছে। তেওঁৰ এই ভ্ৰমণে, কেৱল ভাৰত-এংগোলাৰ সম্পৰ্কক নতুন দিশ আৰু গতি প্ৰদান কৰাই নহয়, বৰং ভাৰত-আফ্ৰিকাৰ অংশীদাৰিত্বও শক্তিশালী কৰিছে।অন্ধ্ৰপ্ৰদেশৰ অমৰাৱতীত বিভিন্ন উন্নয়নমূলক প্ৰকল্প আৰম্ভ কৰাৰ সময়ত প্ৰধানমন্ত্ৰীৰ ভাষণৰ লিখিত পাঠ
May 02nd, 03:45 pm
অন্ধ্ৰ প্ৰদেশৰ ৰাজ্যপাল চৈয়দ আব্দুল নাজিৰ জী, মুখ্যমন্ত্ৰী, মোৰ বন্ধু শ্ৰী চন্দ্ৰবাবু নাইডু জী, কেন্দ্ৰীয় কেবিনেটৰ মোৰ সতীৰ্থ মন্ত্ৰীসকল, উপ-মুখ্যমন্ত্ৰী পৱন কল্যাণ জী, ৰাজ্য চৰকাৰৰ মন্ত্ৰীসকল, সকলো সাংসদ আৰু বিধায়ক, আৰু অন্ধ্ৰপ্ৰদেশৰ মোৰ মৰমৰ ভাই-ভনীসকল!আজি এই পবিত্ৰ অমৰাৱতী ভূমিত থিয় দিওঁতে মই কেৱল এখন নগৰ দেখা নাই, এটা সপোন বাস্তৱায়িত হোৱা দেখিছোঁ। এখন নতুন অমৰাৱতী, নতুন অন্ধ্ৰ। অমৰাৱতী সেই ভূমি য'ত পৰম্পৰা আৰু প্ৰগতি একেলগে আগবাঢ়ে, য'ত আছে বৌদ্ধ ঐতিহ্যৰ শান্তি আৰু লগতে উন্নত ভাৰত গঢ়াৰ শক্তি। আজি ইয়াত প্ৰায় ৬০ হাজাৰ কোটি টকাৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন কৰা হৈছে। এই প্ৰকল্পসমূহ কেৱল কংক্ৰিট নিৰ্মাণ নহয়, অন্ধ্ৰ প্ৰদেশৰ আকাংক্ষা আৰু উন্নত ভাৰতৰ আশাৰ মজবুত ভেটিও। ভগৱান বীৰভদ্ৰ, ভগৱান অমৰলিংগেশ্বৰ আৰু তিৰুপতী বালাজীৰ চৰণত প্ৰণাম কৰি অন্ধ্ৰ প্ৰদেশৰ সন্মানীয় জনসাধাৰণলৈ মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ।লগতে মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডু আৰু পৱন কল্যাণ জীলৈও শুভেচ্ছা জ্ঞাপন কৰিছো।PM Modi lays foundation stone, inaugurates development works worth over Rs 58,000 crore in Amaravati, Andhra Pradesh
May 02nd, 03:30 pm
PM Modi launched multiple development projects in Amaravati, Andhra Pradesh. He remarked that the Central Government is fully supporting the State Government to rapidly develop Amaravati. Underlining the state's pivotal role in establishing India as a space power, the PM emphasized that the Navdurga Testing Range in Nagayalanka will serve as a force multiplier for India's defense capabilities.India's coastal states and our port cities will become key centres of growth for a Viksit Bharat: PM Modi in Thiruvananthapuram, Kerala
May 02nd, 02:06 pm
Prime Minister Modi dedicated Vizhinjam International Deepwater Multipurpose Seaport to the nation in Thiruvananthapuram, Kerala. The PM emphasised that “the port economy reaches its full potential when infrastructure and ease of doing business are promoted together” and stated that over the past 10 years, this has been the blueprint of the Government of India’s port and waterways policy.কেৰালাৰ ৮,৮০০ কোটি টকীয়া ‘ভিজিঞ্জাম আন্তঃৰাষ্ট্ৰীয় সমুদ্ৰিক বন্দৰ’ দেশৰ নামত উৎসৰ্গা কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে
May 02nd, 01:16 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কেৰালাৰ তিৰুৱন্তপুৰমত ৮,৮০০ কোটি টকীয়া ‘ভিজিঞ্জাম আন্তঃৰাষ্ট্ৰীয় গভীৰ পানীৰ বহুমুখী সাগৰীয় বন্দৰ’ দেশবাসীৰ নামত উৎসৰ্গা কৰে। ‘ভগৱান’ আদি শংকৰাচাৰ্যৰ জন্ম জয়ন্তী উপলক্ষে সমবেত লোকসকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে তিনি বছৰ পূৰ্বে ছেপ্টেম্বৰ মাহত তেওঁ আদি শংকৰাচাৰ্যৰ শ্ৰদ্ধাৰ জন্মস্থান ভ্ৰমণ কৰাৰ সৌভাগ্য লাভ কৰিছিল। তেওঁ আনন্দ প্ৰকাশ কৰে যে তেওঁৰ সংসদীয় সমষ্টি কাশীৰ বিশ্বনাথ ধাম চৌহদত আদি শংকৰাচাৰ্যৰ এটা বিশাল প্ৰতিমূৰ্তি স্থাপন কৰা হৈছে। তেওঁ গুৰুত্ব আৰোপ কৰি কয় যে এই প্ৰতিমূৰ্তি আদি শংকৰাচাৰ্যৰ অপৰিসীম আধ্যাত্মিক জ্ঞান আৰু শিক্ষাৰ প্ৰতি শ্ৰদ্ধাঞ্জলিৰ প্ৰতীক হৈ আহিছে। তেওঁ লগতে উল্লেখ কৰে যে উত্তৰাখণ্ডৰ পৱিত্ৰ ‘কেদাৰনাথ ধাম’ত আদি শংকৰাচাৰ্যৰ ঐশ্বৰিক প্ৰতিমূৰ্তি উন্মোচন কৰাৰ সন্মানো তেওঁ লাভ কৰিছিল। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে আজি এই অনুষ্ঠান আন এক বিশেষ অনুষ্ঠান হিচাপে চিহ্নিত হৈছে কিয়নো আজি ভক্তসকলৰ বাবে ‘কেদাৰনাথ মন্দিৰ’ৰ দুৱাৰ মুকলি কৰা হৈছে। প্ৰধানমন্ত্ৰী মোদীয়ে উল্লেখ কৰে যে কেৰালাৰ পৰা যাত্ৰা আৰম্ভ কৰা আদি শংকৰাচাৰ্যই দেশৰ বিভিন্ন কোণত মঠ স্থাপন কৰি ৰাষ্ট্ৰৰ চেতনা জাগ্ৰত কৰিছিল। তেওঁ গুৰুত্ব আৰোপ কৰে যে শংকৰাচাৰ্যৰ প্ৰচেষ্টাই এক একত্ৰিত আৰু আধ্যাত্মিকভাৱে আলোকিত ভাৰতৰ ভেটি স্থাপন কৰিছিল।নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত ৱাই ইউ. জি. এম. কনক্লেভত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ মূল পাঠ
April 29th, 11:01 am
আজি, চৰকাৰ, শিক্ষা, বিজ্ঞান আৰু গৱেষণাৰ সৈতে জড়িত বিভিন্ন ক্ষেত্ৰৰ লোক ইয়াত বৃহৎ সংখ্যাত উপস্থিত আছে। এই সংহতি, এই সংগম, ইয়াক যুটী বুলি কোৱা হয়। এটা যুটি য 'ত উন্নত ভাৰতৰ ভৱিষ্যতৰ প্ৰযুক্তি-সম্পৰ্কীয় অংশীদাৰসকল একেলগে জড়িত হৈ আছে। মই আত্মবিশ্বাসী যে এই অনুষ্ঠানটোৱে ভাৰতৰ উদ্ভাৱন ক্ষমতা আৰু গভীৰ প্ৰযুক্তিত ভাৰতৰ ভূমিকা বৃদ্ধিৰ বাবে আমি কৰা প্ৰচেষ্টাক অধিক শক্তিশালী কৰিব। আজি, আই. আই. টি. কানপুৰ আৰু আই. আই. টি. বোম্বাইত এ. আই., বুদ্ধিমত্তা প্ৰণালী, আৰু জৈৱবিজ্ঞান জৈৱ প্ৰযুক্তি স্বাস্থ্য আৰু ঔষধৰ ছুপাৰ হাব মুকলি কৰা হৈছে। আজি ৱাধৱানী উদ্ভাৱন নেটৱৰ্কও আৰম্ভ কৰা হৈছে। ৰাষ্ট্ৰীয় গৱেষণা ফাউণ্ডেশ্যনৰ সহযোগিতাত গৱেষণা অব্যাহত ৰখাৰো সিদ্ধান্ত লোৱা হৈছে। এই প্ৰচেষ্টাৰ বাবে মই ৱাধৱানী ফাউণ্ডেশ্যন, আমাৰ আই. আই. টি. আৰু আন সকলো অংশীদাৰক অভিনন্দন জনাইছো। বিশেষকৈ, মই মোৰ বন্ধু ৰমেশ ৱাধৱানী মহাশয়ক প্ৰশংসা কৰোঁ। আপোনাৰ নিষ্ঠা আৰু সক্ৰিয়তাৰ জৰিয়তে ব্যক্তিগত আৰু ৰাজহুৱা খণ্ডই একেলগে দেশৰ শিক্ষা ব্যৱস্থাত বহুতো ইতিবাচক পৰিৱৰ্তন সাধন কৰিছে।ৱাই ইউ জি এম উদ্ভাৱন সন্মিলন সম্বোধন প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
April 29th, 11:00 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত ৱাই ইউ জি এম উদ্ভাৱন সন্মিলন সম্বোধন কৰে। এই উপলক্ষে সমাৱেশত ভাষণ দি তেওঁ চৰকাৰী বিষয়া, শিক্ষাবিদ আৰু বিজ্ঞান তথা গৱেষণা পেছাদাৰীসকলৰ গুৰুত্বপূৰ্ণ সমাৱেশৰ ওপৰত আলোকপাত কৰি অংশীদাৰসকলৰ সংগমস্থল ৱাই ইউ জি এম— এখন উন্নত ভাৰতৰ বাবে ভৱিষ্যতৰ প্ৰযুক্তিসমূহ আগুৱাই নিয়াৰ লক্ষ্যৰে কৰা সহযোগিতাৰ মঞ্চৰূপে অভিহিত কৰি ইয়াত গুৰুত্ব আৰোপ কৰে। প্ৰধানমন্ত্ৰীয়ে আস্থা প্ৰকাশ কৰে যে এই অনুষ্ঠানে ভাৰতৰ উদ্ভাৱন ক্ষমতা আৰু গভীৰ-প্ৰযুক্তিক্ষেত্ৰত ভাৰতৰ ভূমিকা বৃদ্ধিৰ প্ৰচেষ্টাক গতি প্ৰদান কৰিব। এ আই, বুদ্ধিমত্তাসম্পন্ন ব্যৱস্থা আৰু জৈৱ বিজ্ঞান, জৈৱ প্ৰযুক্তি, স্বাস্থ্য আৰু চিকিৎসা বিজ্ঞানৰ ওপৰত গুৰুত্ব আৰোপ কৰি আই আই টি কানপুৰ আৰু আই আই টি বম্বেত মুকলি কৰা ছুপাৰ হাবৰ প্ৰসংগও উত্থাপন কৰে। তেওঁ লগতে নেশ্যনেল ৰিচাৰ্চ ফাউণ্ডেশ্যনৰ সহযোগত গৱেষণাক আগুৱাই নিয়াৰ প্ৰতিশ্ৰুতি পুনৰ দৃঢ় কৰা ৱাধৱনী উদ্ভাৱন নেটৱৰ্ক মুকলি কৰাৰ কথাও উল্লেখ কৰে। প্ৰধানমন্ত্ৰীয়ে ৱাধৱনী ফাউণ্ডেশ্যন, আই আই টিসমূহ আৰু এই পদক্ষেপসমূহৰ সৈতে জড়িত সকলো অংশীদাৰক অভিনন্দন জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে ব্যক্তিগত আৰু ৰাজহুৱা খণ্ডৰ সহযোগিতাৰ জৰিয়তে দেশৰ শিক্ষা ব্যৱস্থাত ইতিবাচক পৰিৱৰ্তন অনাৰ ক্ষেত্ৰত ৰোমেশ ৱাধৱানী ডাঙৰীয়াৰ নিষ্ঠা আৰু সক্ৰিয় ভূমিকাৰ বাবে তেওঁক বিশেষভাৱে প্ৰশংসা কৰে।ইণ্ডিয়া ষ্টীল ২০২৫ অনু্ষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
April 24th, 02:00 pm
আজি আৰু অহা ২ দিনত আমি ভাৰতৰ উদিত খণ্ড, তীখা খণ্ডৰ সামৰ্থ্য আৰু সম্ভাৱনাৰ ওপৰত বিস্তৃত আলোচনা কৰিবলৈ ওলাইছো। যিটো খণ্ড ভাৰতৰ প্ৰগতিৰ আধাৰ, যিটো উন্নত ভাৰতৰ শক্তিশালী ভেটি আৰু যিয়ে ভাৰতত বৃহৎ পৰিৱৰ্তনৰ নতুন কাহিনী লিখিছে। মই আপোনালোক সকলোকে ইণ্ডিয়া ষ্টীল ২০২৫ লৈ আদৰণি জনাইছো। মই নিশ্চিত যে এই অনুষ্ঠানে নতুন ধাৰণা ভাগ-বতৰা, নতুন অংশীদাৰিত্ব গঢ়ি তোলা আৰু উদ্ভাৱনক প্ৰসাৰিত কৰাৰ বাবে এক নতুন সুযোগৰ থলী হিচাপে কাম কৰিব। ইয়াৰ দ্বাৰা তীখা খণ্ডত নতুন অধ্যায়ৰ আৰম্ভণিৰ আধাৰ হিচাপে গঢ় লৈ উঠিব।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ‘ইণ্ডিয়া ষ্টীল ২০২৫’ কাৰ্যসূচীত ভাষণ দিয়ে
April 24th, 01:30 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ‘ভিডিঅ' বাৰ্তা’ৰ জৰিয়তে মুম্বাইত ‘ইণ্ডিয়া ষ্টীল ২০২৫’ কাৰ্যসূচীৰ সময়ত তেওঁৰ মন্তব্য আগবঢ়ায়। সমবেত সকলক সম্বোধন কৰি তেওঁ কয় যে অহা দুদিনৰ আলোচনাত ভাৰতৰ ‘সূৰ্যোদয় খণ্ড’- তীখা উদ্যোগৰ সম্ভাৱনা আৰু সুযোগ সন্দৰ্ভত গুৰুত্ব দিয়া হ'ব। তেওঁ মন্তব্য কৰে যে এই খণ্ডই ভাৰতৰ প্ৰগতিৰ ভেটি গঢ়ি তুলিছে, উন্নত ভাৰতৰ আধাৰ শক্তিশালী কৰিছে আৰু দেশত ৰূপান্তৰৰ এক নতুন অধ্যায় ৰচনা কৰিছে। প্ৰধানমন্ত্ৰীয়ে ‘ইণ্ডিয়া ষ্টীল ২০২৫’লৈ সকলোকে আদৰণি জনায় আৰু বিশ্বাস ব্যক্ত কৰে যে এই অনুষ্ঠানটোৱে নতুন ধাৰণা সহভাগ কৰা, নতুন অংশীদাৰিত্ব গঢ়ি তোলা আৰু উদ্ভাৱনক উদগণি দিয়াৰ বাবে এক উত্ক্ষেপন মঞ্চ হিচাপে কাম কৰিব। তেওঁ গুৰুত্ব আৰোপ কৰি কয় যে এই অনুষ্ঠানটোৱে তীখা খণ্ডত এক নতুন অধ্যায়ৰ ভেটি স্থাপন কৰিব।বিহাৰৰ মধুবনীত ৰাষ্ট্ৰীয় পঞ্চায়তীৰাজ দিৱসৰ কাৰ্যসূচী আৰু উন্নয়নমূলক কামৰ শুভাৰম্ভ উপলক্ষে প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
April 24th, 12:00 pm
ভাষণ আৰম্ভ কৰাৰ আগতে মই আপোনালোক সকলোকে এটা অনুৰোধ জনাব বিচাৰিছোঁ; আপোনালোক য'তেই আছে তাতে, নিজৰ স্থানত বহি থাকিয়েই, থিয় হোৱাৰ প্ৰয়োজন নাই, বহি থাকিয়েই ২২ তাৰিখে যিসকল পৰিয়ালৰ সদস্যসক আমি হেৰুৱালোঁ, তেওঁলোকক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ, কিছু মুহূৰ্ত আমি নিজৰ ঠাইত বহি থাকিয়েই, মৌন ব্ৰত পালন কৰি নিজৰ নিজৰ আৰাধ্য দেৱতাক স্মৰণ কৰি, সেই সকলোকে শ্ৰদ্ধাঞ্জলি জনাম, তাৰ পিছত মই আজি মোৰ ভাষণ আৰম্ভ কৰিম।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰীয় পঞ্চায়তীৰাজ দিৱস উপলক্ষে বিহাৰৰ মধুবনীত ১৩,৪৮০ কোটি টকাৰো অধিক মূল্যৰ উন্নয়নমূলক কামৰ শুভাৰম্ভ কৰে
April 24th, 11:50 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাষ্ট্ৰীয় পঞ্চায়তীৰাজ দিৱস উপলক্ষে বিহাৰৰ মধুবনীত ১৩,৪৮০ কোটি টকাৰো অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভ, আধাৰশিলা স্থাপন আৰু ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰে। অনুষ্ঠানৰ আৰম্ভণিতে প্ৰধানমন্ত্ৰীগৰাকীয়ে ২০২৫ৰ ২২ এপ্ৰিলত পেহেলগামত সংঘটিত আক্ৰমণৰ বলি হোৱা সকলৰ বিদেহ আত্মাৰ সদগতি কামনাৰে মৌন প্ৰাৰ্থনা কৰিবলৈ সকলোকে আহ্বান জনায়। তেখেতে কয় যে আজি বিহাৰৰ উন্নয়ন সাধনৰ লক্ষ্যৰে হাজাৰ-হাজাৰ কোটি টকা মূল্যৰ প্ৰকল্প উদ্বোধন কৰা হৈছে আৰু আধাৰশিলা স্থাপন কৰা হৈছে। বিদ্যুৎ, ৰেল, আন্তঃগাঁথনিমূলক এই পদক্ষেপসমূহে বিহাৰত নতুন কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰিব। তেখেতে মহান কবি ৰামধাৰী সিং দিনকৰ জীলৈ মৃত্যু বাৰ্ষিকী উপলক্ষে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।২৪ এপ্ৰিলত বিহাৰ ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে
April 23rd, 06:30 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৪ এপ্ৰিলত বিহাৰ ভ্ৰমণ কৰিব। তেওঁ মধুবানী ভ্ৰমণ কৰি ৰাষ্ট্ৰীয় পঞ্চায়তী ৰাজ দিৱস উপলক্ষে পুৱা প্ৰায় ১১:৪৫ বজাত আয়োজিত কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। তেওঁ ১৩,৪৮০ কোটি টকাৰো অধিক মূল্যৰ কেইবাটাও উন্নয়নমূলক প্ৰকল্প উদ্বোধন, আধাৰশিলা স্থাপন আৰু ৰাষ্ট্ৰৰ উৎসৰ্গা কৰিব। এই উপলক্ষে এখন ৰাজহুৱা সভাতো ভাষণ প্ৰদান কৰিব প্ৰধানমন্ত্ৰীয়ে।চৌদি আৰৱলৈ চৰকাৰী ভ্ৰমণসূচী লৈ যোৱাৰ প্ৰাকমুহূৰ্তত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা বিবৃতি
April 22nd, 08:30 am
আজি মহামহিম যুৱৰাজ তথা প্ৰধানমন্ত্ৰী মহম্মদ বিন ছলমানৰ আমন্ত্ৰণত মই চৌদিলৈ দুদিনীয়া চৰকাৰী ভ্ৰমণসূচী লৈ যাত্ৰা আৰম্ভ কৰিছোঁ।১৭ তম অসামৰিক সেৱা দিৱসত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
April 21st, 11:30 am
অসামৰিক সেৱা দিৱসত সকলোকে আন্তৰিক অভিনন্দন! এইবছৰৰ অসামৰিক সেৱা দিৱস উদযাপনৰ বিশেষ তাৎপৰ্য আছে। আমি আমাৰ সংবিধানৰ ৭৫তম বছৰ স্মৰণ কৰাৰ লগতে ভাৰতৰ লৌহ পুৰুষ চৰ্দাৰ বল্লভভাই পেটেলৰ ১৫০ সংখ্যক জন্ম জয়ন্তীও পালন কৰিবলৈ লৈছো। ১৯৪৭ চনৰ ২১ এপ্ৰিলৰ আজিৰ দিনটোতে চৰ্দাৰ পেটেলে চৰকাৰী কৰ্মচাৰীক “ষ্টীল ফ্ৰেম অৱ ইণ্ডিয়া” অৰ্থাৎ ভাৰতৰ লৌহ গাঁথনি বুলি উল্লেখ কৰিছিল। তেওঁ এনে এক আমোলাতন্ত্ৰৰ কল্পনা কৰিছিল যিয়ে স্বাধীন ভাৰতৰ আদৰ্শক ৰক্ষা কৰিব, যি হ’ব সততা, অনুশাসন আৰু জাতিৰ প্ৰতি অটল দায়বদ্ধতাৰ শিপাই থকা অসামৰিক সেৱা। যিয়ে গণতান্ত্ৰিক মনোভাৱেৰে প্ৰশাসনযন্ত্ৰ পৰিচালনা কৰে আৰু দেশৰ সেৱাক সকলোতকৈ ওপৰত স্থান দিয়ে। আমি বিকশিত ভাৰত নিৰ্মাণৰ সংকল্প লৈ আগবাঢ়ি যোৱাৰ সময়তে চৰ্দাৰ পেটেলৰ কথাই আমাক পথ প্ৰদৰ্শন আৰু অনুপ্ৰাণিত কৰি আহিছে। নিষ্ঠাবান, সৎ আৰু জনকেন্দ্ৰিক অসামৰিক সেৱাৰ বাবে তেওঁৰ দৃষ্টিভংগী এতিয়া পূৰ্বতকৈও অধিক প্ৰাসংগিক হৈ পৰিছে। এই উপলক্ষে চৰ্দাৰ পেটেলৰ চিৰস্থায়ী দৃষ্টিভংগীক শ্ৰদ্ধা জনাইছো আৰু দেশ নিৰ্মাণৰ দিশত অদম্য প্ৰচেষ্টাৰ বাবে সকলো চৰকাৰী কৰ্মচাৰীক গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰিছো।১৭সংখ্যক অসামৰিক সেৱা দিৱসত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ সম্বোধন
April 21st, 11:00 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ বিজ্ঞান ভৱনত ১৭ সংখ্যক অসামৰিক সেৱা দিৱস উপলক্ষে অসামৰিক কৰ্মচাৰীসকলক সম্বোধন কৰে। তেওঁ ৰাজহুৱা প্ৰশাসনত উৎকৃষ্টতাৰ বাবে প্ৰধানমন্ত্ৰীৰ বঁটাও প্ৰদান কৰে। সমাৱেশক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে অসামৰিক সেৱা দিৱস উপলক্ষে সকলোকে অভিনন্দন জনায় আৰু সংবিধানৰ ৭৫তম বৰ্ষপূৰ্তি আৰু চৰ্দাৰ বল্লভভাই পেটেলৰ ১৫০তম জয়ন্তী উপলক্ষে এইবাৰৰ উদযাপনৰ গুৰুত্বত আলোকপাত কৰে। অসামৰিক কৰ্মচাৰীসকলক 'ভাৰতৰ তীখাৰ জকা' বুলি উল্লেখ কৰা ১৯৪৭চনৰ ২১ এপ্ৰিলৰ চৰ্দাৰ পেটেলৰ বিখ্যাত বক্তব্যৰ কথা স্মৰণ কৰি শ্ৰী মোদীয়ে পেটেলৰ আমোলাতন্ত্ৰৰ সম্পৰ্কত থকা দৃষ্টিভংগীৰ ওপৰত গুৰুত্ব আৰোপ কৰে যি অনুশাসন, সততা আৰু গণতান্ত্ৰিক মূল্যবোধ বৰ্তাই ৰাখে আৰু দেশলৈ সৰ্বাধিক নিষ্ঠাৰে সেৱা কৰে। বিকশিত ভাৰত হোৱাৰ ক্ষেত্ৰত দেশৰ সংকল্পৰ সন্দৰ্ভত চৰ্দাৰ পেটেলৰ আদৰ্শৰ প্ৰাসংগিকতাৰ ওপৰত তেওঁ গুৰুত্ব আৰোপ কৰে আৰু চৰ্দাৰ পেটেলৰ দৃষ্টিভংগী আৰু উত্তৰাধিকাৰৰ প্ৰতি আন্তৰিক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। লালকিল্লাৰ পৰা তেওঁ পূৰ্বে আগবঢ়োৱা বক্তব্যৰ প্ৰতিফলন ঘটাই শ্ৰীমোদীয়ে পৰৱৰ্তী হাজাৰ বছৰৰ বাবে ভাৰতৰ ভেটি শক্তিশালী কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি উল্লেখ কৰে যে এই সহস্ৰাব্দৰ ইতিমধ্যে ২৫বছৰ পাৰ হৈ গৈছে, যি নতুন শতিকাৰ ২৫তম বছৰ আৰু নতুন সহস্ৰাব্দ চিহ্নিত কৰিছে। তেওঁ কয়,আজি আমি যিবোৰ নীতিৰ ওপৰত কাম কৰি আছো, আমি যিবোৰ সিদ্ধান্ত লৈছো, সেইবোৰে পৰৱৰ্তী হাজাৰ বছৰৰ ভৱিষ্যতক গঢ় দিব। প্ৰাচীন শাস্ত্ৰৰ উদ্ধৃতি দি তেওঁ কয় যে যেনেকৈ ৰথ এখন এটা চকাৰে চলাচল কৰিব নোৱাৰে, ঠিক তেনেদৰে প্ৰচেষ্টা অবিহনে কেৱল ভাগ্যৰ ওপৰত নিৰ্ভৰ কৰি সফলতা লাভ কৰিব নোৱাৰি। উন্নত ভাৰতৰ লক্ষ্যত উপনীত হ’বলৈ সামূহিক প্ৰচেষ্টা আৰু সংকল্পৰ গুৰুত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰি তেওঁ সকলোকে এই অংশীদাৰী দৃষ্টিভংগীৰ দিশত সদায় আৰু প্ৰতিটো মুহূৰ্ততে অক্লান্তভাৱে কাম কৰিবলৈ আহ্বান জনায়।