বিহাৰৰ জামুইত জনজাতীয় গৌৰৱ দিৱসৰ অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

November 15th, 11:20 am

বিহাৰৰ ৰাজ্যপাল ৰাজেন্দ্ৰ আৰ্লেকাৰ জী, বিহাৰৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী নীতিশ কুমাৰ জী, কেন্দ্ৰীয় কেবিনেটত মোৰ সহযোগী জুৱেল ওৰাম জী, জিতন ৰাম মাঞ্জি জী, গিৰিৰাজ সিং জী, চিৰাগ পাছৱান জী, দুৰ্গাদাস উইকে জী, মোৰ সৌভাগ্য যে আজি বীৰছা মুণ্ডা জীৰ পৰিয়ালৰ বংশধৰসকল আমাৰ মাজত আছে। আজি ইয়াত এটা ডাঙৰ পূজা অনুষ্ঠিত কৰা হৈছে। পৰিয়ালৰ বাকী সকলো সদস্যই পূজাৰ কামত ব্যস্ত, তথাপিও বুদ্ধৰাম মুণ্ডা জী আমাৰ মাজত উপস্থিত আছে। আমি সৌভাগ্যৱান যে সিদ্ধু কানহু জীৰ বংশধৰ মণ্ডল মুৰ্মু জীও আমাৰ লগত আছে। আৰু মোৰ বাবে সুখৰ কথা যে আজি যদি মই আমাৰ ভাৰতীয় জনতা পাৰ্টি পৰিয়ালৰ জ্যেষ্ঠ নেতা আমাৰ শ্ৰদ্ধাৰ কৰিয়া মুণ্ডা জীও আমাৰ মাজত আছে। এসময়ত তেওঁ লোকসভাৰ উপাধ্যক্ষ আছিল। পদ্ম বিভূষণেৰে সন্মানীত মুণ্ডাজীয়ে এতিয়াও সকৱোকে মাৰ্গদৰ্শন কৰে। আৰু যেনেকৈ আমাৰ জুৱেল ওৰাম জীয়ে কৈছিল যে তেওঁ মোৰ বাবে এজন পিতৃৰ দৰে। এনে জ্যেষ্ঠ কাৰিয়া মুণ্ডা জী আজি ইয়ালৈ আহিছে বিশেষকৈ ঝাৰখণ্ডৰ পৰা। বিহাৰৰ উপ-মুখ্যমন্ত্ৰী, মোৰ বন্ধু ভাই বিজয় কুমাৰ সিনহা জী, ভাই সম্ৰাট চৌধুৰী জী, বিহাৰ চৰকাৰৰ মন্ত্ৰী, সাংসদ, বিধায়ক, অন্যান্য জনপ্ৰতিনিধি, দেশৰ চুক-কোণৰ ​​পৰা অহা সকলো গণ্যমান্য ব্যক্তি আৰু জামুইৰ মোৰ মৰমৰ ভাই-ভনীসকল।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে জনজাতীয় গৌৰৱ দিৱস উপলক্ষে ভগৱান বিৰছা মুণ্ডাৰ ১৫০ সংখ্যক জন্ম বাৰ্ষিকী বৰ্ষ উদযাপনৰ আৰম্ভণি কৰে

November 15th, 11:00 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিহাৰৰ জমুইত জনজাতীয় গৌৰৱ দিৱস উপলক্ষে ভগৱান বিৰছা মুণ্ডাৰ ১৫০ সংখ্যক জন্ম বাৰ্ষিকী বৰ্ষ উদযাপন কাৰ্য্যসূচীৰ শুভাৰম্ভ কৰি প্ৰায় ৬,৬৪০ কোটি টকা মূল্যৰ ভিন্ন উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন কৰে।

বাৰাণসীত বিভিন্ন প্ৰকল্পৰ উদ্বোধন আৰু উৎসৰ্গা অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

December 18th, 02:16 pm

উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথজী, উপ মুখ্যমন্ত্ৰী কেশৱ প্ৰসাদ মৌৰ্য, গুজৰাট বিধানসভাৰ অধ্যক্ষ তথা বনাস ডেইৰীৰ অধ্যক্ষ আৰু আজি বিশেষভাৱে কৃষকসকলক উপহাৰ দিবলৈ অহা শ্ৰীমান শংকৰ ভাই চৌধুৰী, ৰাজ্যিক মন্ত্ৰী পৰিষদৰ সদস্য, বিধায়কসকল, অন্যান্য গণ্যমান্য ব্যক্তি আৰু বাৰাণসীৰ মোৰ পৰিয়ালৰ সদস্যসকল।

উত্তৰ প্ৰদেশৰ বাৰাণসীত ১৯,১৫০ কোটি টকাৰো অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু ৰাষ্ট্ৰৰ বাবে উৎসৰ্গা কৰে প্ৰধানমন্ত্ৰীয়ে

December 18th, 02:15 pm

প্ৰকল্পসমূহৰ ভিতৰত আছে প্ৰায় ১০,৯০০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা নিউ পণ্ডিত দীনদয়াল উপাধ্যায় নগৰ-নিউ ভৌপুৰ ডেডিকেটেড ফ্ৰেইট কৰিডৰ প্ৰকল্পৰ উদ্বোধন আৰু অন্যান্য ৰে’ল প্ৰকল্প। তেওঁ নতুনকৈ উদ্বোধন কৰা ডেডিকেটেড ফ্ৰেইট কৰিডৰত বাৰাণসী-নতুন দিল্লী বন্দে ভাৰত এক্সপ্ৰেছ ৰে’ল, দোহৰীঘাট-মাউ মেমু ৰে’ল আৰু এযোৰ লং হ’ল গুডছ ৰে’লৰ ফ্লেগ অফ কৰে। বেনাৰস ইঞ্জিন ৱৰ্কছৰ দ্বাৰা নিৰ্মিত ১০,০০০ সংখ্যক ইঞ্জিনকো তেওঁ ফ্লেগ অফ কৰে। তেওঁ ৩৭০ কোটিতকৈ অধিক ব্যয় সাপেক্ষে দুটা আৰ অ’ বিৰ সৈতে সেউজ ক্ষেত্ৰ শিৱপুৰ-ফুলৱাৰিয়া-লাহৰতৰা পথ উদ্বোধন কৰে। প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰা আন মূল প্ৰকল্পসমূহৰ ভিতৰত আছে ২০টা পথ শক্তিশালী আৰু বহল কৰা; কাইঠি গাঁৱৰ সংগম ঘাট পথ আৰু পণ্ডিত দীনদয়াল উপাধ্যায় চিকিৎসালয়ত আৱাসিক ভৱন নিৰ্মাণ, পুলিচ লাইন আৰু পি এ চি ভুলনপুৰৰ দুটা ২০০ আৰু ১৫০ বিচনাযুক্ত বহুমহলীয়া বেৰেক বিল্ডিং, ৯টা স্থানত নিৰ্মাণ কৰা স্মাৰ্ট বাছ আশ্ৰয় শিবিৰ আৰু আলাইপুৰত নিৰ্মাণ কৰা ১৩২ কিলোৱাট চাবষ্টেচন নিৰ্মাণৰ কাম। তেওঁ স্মাৰ্ট চিটি মিছনৰ অধীনত ইউনিফাইড টুৰিষ্ট পাছ ছিষ্টেমো আৰম্ভ কৰে।

কাশী দেৱ দীপাৱলীৰ সমাৰ্থকঃ প্ৰধানমন্ত্ৰী

November 27th, 10:08 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কাশীৰ দেৱ দীপাৱলী অনুষ্ঠানত বিভিন্ন ৰাষ্ট্ৰৰ কূটনীতিবিদৰ উপস্থিতিৰ বাবে আনন্দ প্ৰকাশ কৰে, যিসকলে ভাৰতৰ সাংস্কৃতিক সজীৱতাৰ এক আভাস লাভ কৰিছে৷

১৪০ কোটি লোকে বহু পৰিৱৰ্তন আনিছেঃ মন কী বাতৰ সময়ত প্ৰধানমন্ত্ৰী মোদী

November 26th, 11:30 am

মন কী বাতলৈ আদৰণি জনাইছো৷ আমি আমি এই ২৬ নৱেম্বৰৰ দিনটোৰ কথা পাহৰিব নোৱাৰো৷ কিন্তু ভাৰতৰ দৃঢ়তাই আমাক এই কষ্ট অতিক্ৰম কৰাত সহায় কৰিলে; এতিয়া আমি সম্পূৰ্ণ উৎসাহেৰে সন্ত্ৰাসবাদৰ অন্ত পেলাইছো। মুম্বাই আক্ৰমণত প্ৰাণ হেৰুওৱা সকলোকে শ্ৰদ্ধাঞ্জলি জনাইছো। আজি দেশে সেই বীৰসকলক স্মৰণ কৰিছে যিসকলে আক্ৰমণৰ সময়ত সৰ্বস্ব ত্যাগ কৰিছিল।মোৰ পৰিয়ালৰ সদস্যসকল, এই ২৬ নৱেম্বৰৰ দিনটো আৰু এটা কাৰণত অত্যন্ত তাৎপৰ্যপূৰ্ণ। ১৯৪৯ চনৰ আজিৰ দিনটোতে সংবিধান সভাই ভাৰতৰ সংবিধান গৃহীত কৰিছিল। মোৰ মনত আছে, ২০১৫ চনত যেতিয়া আমি বাবাচাহেব আম্বেদকাৰৰ ১২৫সংখ্যক জন্ম বাৰ্ষিকী উদযাপন কৰিছিলো, তেতিয়া ২৬ নৱেম্বৰ দিনটোক সংবিধান দিৱস হিচাপে পালন কৰাৰ এটা চিন্তাই মনত দোলা দিছিল। আৰু তেতিয়াৰ পৰা প্ৰতি বছৰে আমি এই দিনটো সংবিধান দিৱস হিচাপে পালন কৰি আহিছো। সংবিধান দিৱস উপলক্ষে সকলো দেশবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু একেলগে আমি নিশ্চিতভাৱে নাগৰিকৰ কৰ্তব্যৰ অগ্ৰাধিকাৰ অনুসৰি এখন উন্নত ভাৰতৰ সংকল্পৰ উপনীত হ’ম।

কাশীত দেৱ দেৱালী উদযাপনৰ অভিজ্ঞতা ভাগ বতৰা কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে

November 07th, 10:19 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কাশীত দেৱ দেৱালী উদযাপনৰ সুন্দৰ আভাস দাঙি ধৰিছে।

কাৰ্তিক পূৰ্ণিমা আৰু দেৱ দীপাৱলীৰ শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ

November 07th, 05:37 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কাৰ্তিক পূৰ্ণিমা আৰু দেৱ দীপাৱলী উপলক্ষে দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰিছে।