Today, India's youth are demonstrating our immense potential to the world, through their dedication and innovation: PM Modi in Rozgar Mela

Today, India's youth are demonstrating our immense potential to the world, through their dedication and innovation: PM Modi in Rozgar Mela

April 26th, 11:23 am

PM Modi addressed the Rozgar Mela and distributed more than 51,000 appointment letters to youth. He highlighted that the government is ensuring employment and self-employment opportunities for the country's youth. The PM spoke about the immense opportunity WAVES 2025 summit offers for the youth. He recalled the mantra of ‘Nagrik Devo Bhava,’ and encouraged youth to serve every citizen of India.

PM Modi addresses Rozgar Mela

PM Modi addresses Rozgar Mela

April 26th, 11:00 am

PM Modi addressed the Rozgar Mela and distributed more than 51,000 appointment letters to youth. He highlighted that the government is ensuring employment and self-employment opportunities for the country's youth. The PM spoke about the immense opportunity WAVES 2025 summit offers for the youth. He recalled the mantra of ‘Nagrik Devo Bhava,’ and encouraged youth to serve every citizen of India.

১৭ তম অসামৰিক সেৱা দিৱসত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

১৭ তম অসামৰিক সেৱা দিৱসত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

April 21st, 11:30 am

অসামৰিক সেৱা দিৱসত সকলোকে আন্তৰিক অভিনন্দন! এইবছৰৰ অসামৰিক সেৱা দিৱস উদযাপনৰ বিশেষ তাৎপৰ্য আছে। আমি আমাৰ সংবিধানৰ ৭৫তম বছৰ স্মৰণ কৰাৰ লগতে ভাৰতৰ লৌহ পুৰুষ চৰ্দাৰ বল্লভভাই পেটেলৰ ১৫০ সংখ্যক জন্ম জয়ন্তীও পালন কৰিবলৈ লৈছো। ১৯৪৭ চনৰ ২১ এপ্ৰিলৰ আজিৰ দিনটোতে চৰ্দাৰ পেটেলে চৰকাৰী কৰ্মচাৰীক “ষ্টীল ফ্ৰেম অৱ ইণ্ডিয়া” অৰ্থাৎ ভাৰতৰ লৌহ গাঁথনি বুলি উল্লেখ কৰিছিল। তেওঁ এনে এক আমোলাতন্ত্ৰৰ কল্পনা কৰিছিল যিয়ে স্বাধীন ভাৰতৰ আদৰ্শক ৰক্ষা কৰিব, যি হ’ব সততা, অনুশাসন আৰু জাতিৰ প্ৰতি অটল দায়বদ্ধতাৰ শিপাই থকা অসামৰিক সেৱা। যিয়ে গণতান্ত্ৰিক মনোভাৱেৰে প্ৰশাসনযন্ত্ৰ পৰিচালনা কৰে আৰু দেশৰ সেৱাক সকলোতকৈ ওপৰত স্থান দিয়ে। আমি বিকশিত ভাৰত নিৰ্মাণৰ সংকল্প লৈ আগবাঢ়ি যোৱাৰ সময়তে চৰ্দাৰ পেটেলৰ কথাই আমাক পথ প্ৰদৰ্শন আৰু অনুপ্ৰাণিত কৰি আহিছে। নিষ্ঠাবান, সৎ আৰু জনকেন্দ্ৰিক অসামৰিক সেৱাৰ বাবে তেওঁৰ দৃষ্টিভংগী এতিয়া পূৰ্বতকৈও অধিক প্ৰাসংগিক হৈ পৰিছে। এই উপলক্ষে চৰ্দাৰ পেটেলৰ চিৰস্থায়ী দৃষ্টিভংগীক শ্ৰদ্ধা জনাইছো আৰু দেশ নিৰ্মাণৰ দিশত অদম্য প্ৰচেষ্টাৰ বাবে সকলো চৰকাৰী কৰ্মচাৰীক গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰিছো।

১৭সংখ্যক অসামৰিক সেৱা দিৱসত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ সম্বোধন

April 21st, 11:00 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ বিজ্ঞান ভৱনত ১৭ সংখ্যক অসামৰিক সেৱা দিৱস উপলক্ষে অসামৰিক কৰ্মচাৰীসকলক সম্বোধন কৰে। তেওঁ ৰাজহুৱা প্ৰশাসনত উৎকৃষ্টতাৰ বাবে প্ৰধানমন্ত্ৰীৰ বঁটাও প্ৰদান কৰে। সমাৱেশক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে অসামৰিক সেৱা দিৱস উপলক্ষে সকলোকে অভিনন্দন জনায় আৰু সংবিধানৰ ৭৫তম বৰ্ষপূৰ্তি আৰু চৰ্দাৰ বল্লভভাই পেটেলৰ ১৫০তম জয়ন্তী উপলক্ষে এইবাৰৰ উদযাপনৰ গুৰুত্বত আলোকপাত কৰে। অসামৰিক কৰ্মচাৰীসকলক 'ভাৰতৰ তীখাৰ জকা' বুলি উল্লেখ কৰা ১৯৪৭চনৰ ২১ এপ্ৰিলৰ চৰ্দাৰ পেটেলৰ বিখ্যাত বক্তব্যৰ কথা স্মৰণ কৰি শ্ৰী মোদীয়ে পেটেলৰ আমোলাতন্ত্ৰৰ সম্পৰ্কত থকা দৃষ্টিভংগীৰ ওপৰত গুৰুত্ব আৰোপ কৰে যি অনুশাসন, সততা আৰু গণতান্ত্ৰিক মূল্যবোধ বৰ্তাই ৰাখে আৰু দেশলৈ সৰ্বাধিক নিষ্ঠাৰে সেৱা কৰে। বিকশিত ভাৰত হোৱাৰ ক্ষেত্ৰত দেশৰ সংকল্পৰ সন্দৰ্ভত চৰ্দাৰ পেটেলৰ আদৰ্শৰ প্ৰাসংগিকতাৰ ওপৰত তেওঁ গুৰুত্ব আৰোপ কৰে আৰু চৰ্দাৰ পেটেলৰ দৃষ্টিভংগী আৰু উত্তৰাধিকাৰৰ প্ৰতি আন্তৰিক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। লালকিল্লাৰ পৰা তেওঁ পূৰ্বে আগবঢ়োৱা বক্তব্যৰ প্ৰতিফলন ঘটাই শ্ৰীমোদীয়ে পৰৱৰ্তী হাজাৰ বছৰৰ বাবে ভাৰতৰ ভেটি শক্তিশালী কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি উল্লেখ কৰে যে এই সহস্ৰাব্দৰ ইতিমধ্যে ২৫বছৰ পাৰ হৈ গৈছে, যি নতুন শতিকাৰ ২৫তম বছৰ আৰু নতুন সহস্ৰাব্দ চিহ্নিত কৰিছে। তেওঁ কয়,আজি আমি যিবোৰ নীতিৰ ওপৰত কাম কৰি আছো, আমি যিবোৰ সিদ্ধান্ত লৈছো, সেইবোৰে পৰৱৰ্তী হাজাৰ বছৰৰ ভৱিষ্যতক গঢ় দিব। প্ৰাচীন শাস্ত্ৰৰ উদ্ধৃতি দি তেওঁ কয় যে যেনেকৈ ৰথ এখন এটা চকাৰে চলাচল কৰিব নোৱাৰে, ঠিক তেনেদৰে প্ৰচেষ্টা অবিহনে কেৱল ভাগ্যৰ ওপৰত নিৰ্ভৰ কৰি সফলতা লাভ কৰিব নোৱাৰি। উন্নত ভাৰতৰ লক্ষ্যত উপনীত হ’বলৈ সামূহিক প্ৰচেষ্টা আৰু সংকল্পৰ গুৰুত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰি তেওঁ সকলোকে এই অংশীদাৰী দৃষ্টিভংগীৰ দিশত সদায় আৰু প্ৰতিটো মুহূৰ্ততে অক্লান্তভাৱে কাম কৰিবলৈ আহ্বান জনায়।

এন এক্স টি কনক্লেভত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ

March 01st, 11:00 am

আইটিভি নেটৱৰ্কৰ প্ৰতিষ্ঠাপক তথা সংসদত মোৰ সতীৰ্থ শ্ৰীযুত কাৰ্তিকেয়া শৰ্মা জী, নেটৱৰ্কৰ সমগ্ৰ দল, দেশ-বিদেশৰ সকলো অতিথি, অন্যান্য বিশিষ্ট ব্যক্তিবৃন্দ, নিউজএক্স ৱৰ্ল্ডৰ শুভ আৰম্ভণিৰ বাবে আপোনালোক সকলোকে আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছো আৰু ইয়াৰ সফলতাৰ বাবে শুভেচ্ছা জনাইছো। আজি হিন্দী আৰু ইংৰাজীকে ধৰি আপোনাৰ নেটৱৰ্কৰ সকলো আঞ্চলিক চেনেলে বিশ্বমুখী যাত্ৰাৰ দিশত এক উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰিছে। ইয়াৰ উপৰিও আজি কেইবাটাও ফেল’শ্বিপ আৰু বৃত্তিও আৰম্ভ কৰা হৈছে। এই কাৰ্যসূচীসমূহৰ বাবে আৰু তেওঁলোকৰ ভৱিষ্যতৰ প্ৰচেষ্টাৰ বাবে আপোনালোক সকলোকে শুভেচ্ছা জনাইছো।

এনএক্সটি কনক্লেভত অংশগ্ৰহণ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ

March 01st, 10:34 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ভাৰত মাণ্ডপামত অনুষ্ঠিত এনএক্সটি কনক্লেভত অংশগ্ৰহণ কৰে। সভাত ভাষণ দি তেওঁ নিউজএক্স ৱৰ্ল্ডৰ শুভ উন্মোচনৰ বাবে আন্তৰিক অভিনন্দন জ্ঞাপন কৰে। তেওঁ আলোকপাত কৰে যে নেটৱৰ্কটোৱে হিন্দী, ইংৰাজী, আৰু বিভিন্ন আঞ্চলিক ভাষাৰ চেনেলসমূহক সামৰি লৈছে, আৰু আজি, ই বিশ্বব্যাপী হোৱাৰ দিশত এক উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰিছে। প্ৰধানমন্ত্ৰীয়ে কেইবাটাও ফেল’শ্বিপ আৰু ফেল’শ্বিপৰ আৰম্ভণিৰ কথাও উল্লেখ কৰি এই কাৰ্যসূচীসমূহৰ সফলতাৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে।

ৰাজস্থানৰ জয়পুৰত ৰাইজিং ৰাজস্থান বিশ্ব বিনিয়োগ সন্মিলন-২০২৪ উদ্বোধন কৰি প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

December 09th, 11:00 am

ৰাজস্থানৰ ৰাজ্যপাল শ্ৰী হৰিভৌ বাগদে ডাঙৰীয়া, ইয়াৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী শ্ৰী ভজনলাল শৰ্মা ডাঙৰীয়া, ৰাজস্থান চৰকাৰৰ মন্ত্ৰী, সাংসদ, বিধায়ক, উদ্যোগৰ বন্ধু, ভিন্ন ৰাষ্ট্ৰদূত, দূতাবাসৰ প্ৰতিনিধি, আন-আন বিশিষ্ট ব্যক্তি, ভদ্ৰলোক আৰু মহিলাসকল।

ৰাইজিং ৰাজস্থান গ্ল’বেল ইনভেষ্টমেণ্ট ছামিট উদ্বোধন প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ

December 09th, 10:34 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাজস্থানৰ জয়পুৰৰ জয়পুৰ প্ৰদৰ্শনী আৰু সন্মিলন কেন্দ্ৰত অনুষ্ঠিত ৰাইজিং ৰাজস্থান গ্লোবেল ইনভেষ্টমেণ্ট ছামিট ২০২৪ আৰু ৰাজস্থান গ্লোবেল বিজনেছ এক্সপো উদ্বোধন কৰে।সমবেত লোকসকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ৰাজস্থানৰ সফলতাৰ যাত্ৰাত আজি আন এটা বিশেষ দিন। তেওঁ পিংক চিটি- জয়পুৰত অনুষ্ঠিত ৰাইজিং ৰাজস্থান গ্লোবেল ইনভেষ্টমেণ্ট ছামিট ২০২৪লৈ সকলো উদ্যোগ আৰু বাণিজ্যৰ নেতৃত্ব, বিনিয়োগকাৰী, প্ৰতিনিধিসকলক অভিনন্দন জনায়। তেওঁ ৰাজস্থান চৰকাৰকো এই বিশাল অনুষ্ঠান আয়োজনৰ বাবে অভিনন্দন জনায়।

ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি, কৃত্ৰিম বুদ্ধিমত্তা আৰু শাসনৰ বাবে তথ্যৰ ওপৰত ঘোষণা - জি-২০ ট্ৰ’ইকা (ভাৰত, ব্ৰাজিল আৰু দক্ষিণ আফ্ৰিকা)ৰ দ্বাৰা যুটীয়া বিজ্ঞপ্তি, কেইবাখনো জি-২০ দেশ, অতিথি দেশ আৰু আন্তঃৰাষ্ট্ৰীয় সংগঠনৰ দ্বাৰা সমৰ্থিত

November 20th, 07:52 am

শতিকা সলনি হোৱাৰে পৰা ন্যূনতম ৩ শতাংশ গোলকীয় বিকাশৰ ধাৰাৰ গড় মহামাৰীৰ আৰম্ভণি পৰ্যন্ত প্ৰায় ৪ শতাংশ আছিল। একে সময়তে প্ৰযুক্তিৰ গতি তীব্ৰগতিত চলি আছে আৰু যদি সমানভাৱে প্ৰয়োগ কৰা হয় ই আমাক বিকাশ বৃদ্ধি, বৈষম্য হ্ৰাস কৰা আৰু বহনক্ষম উন্নয়নৰ লক্ষ্য (এছডিজি) প্ৰাপ্ত কৰাৰ ব্যৱধান দূৰ কৰাৰ দিশত এক বৃহৎ পদক্ষেপ লোৱাৰ ঐতিহাসিক সুযোগ প্ৰদান কৰে।

ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি, কৃত্ৰিম বুদ্ধিমত্তা আৰু শাসনৰ বাবে তথ্যৰ ওপৰত গুৰুত্ব দিয়াটো সামগ্ৰিক বিকাশ প্ৰাপ্ত কৰা আৰু গোলকীয় জীৱনৰ পৰিবৰ্তনৰ মূল চাবিকাঠি : প্ৰধানমন্ত্ৰী

November 20th, 05:04 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুৰুত্ব আৰোপ কৰে যে ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি, কৃত্ৰিম বুদ্ধিমত্তা আৰু শাসনৰ তথ্য হৈছে সামগ্ৰিক বিকাশ প্ৰাপ্ত কৰা আৰু গোলকীয় জীৱনৰ পৰিবৰ্তনৰ মূল চাবিকাঠি।

উত্তৰ প্ৰদেশৰ গ্ৰেটাৰ নয়ডাত ‘ছেমিকন ইণ্ডিয়া ২০২৪’ অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ

September 11th, 12:00 pm

মই ‘ছেমি’-ৰ সৈতে জড়িত সকলো বন্ধুক বিশেষভাৱে অভিনন্দন জনাইছোঁ। ভাৰত হৈছে বিশ্বৰ অষ্টমখন দেশ, য'ত গোলকীয় অৰ্ধপৰিবাহী উদ্যোগৰ সৈতে সম্পৰ্কিত এই বিশাল অনুষ্ঠানটো অনুষ্ঠিত হৈছে। আৰু ভাৰতত এই অনুষ্ঠান অনুষ্ঠিত হোৱাৰ ‘এয়া সঠিক সময়’ বুলি মই ন-দি ক'ব পাৰোঁ। আপোনালোক ‘সঠিক স্থানত সমবেত হৈছে, সঠিক সময়ত সমবেত হৈছে’। একবিংশ শতিকাৰ ভাৰতত– ‘দি চিপছ আৰ নেভাৰ ডাউন!’ আৰু কেৱল সেয়াই নহয়, আজিৰ ভাৰতে বিশ্বক ভৰসা দিছে – ‘হোৱেন দা চিপছ আৰ ডাউন, ইউ কেন বেট অন ইণ্ডিয়া!’

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ প্ৰদেশৰ গ্ৰেটাৰ নয়দাত ছেমিকন ইণ্ডিয়া ২০২৪ উদ্বোধন কৰে

September 11th, 11:30 am

সমবেত লোকসকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে ছেমিৰ সকলো সদস্যক কৃতজ্ঞতা জ্ঞাপন কৰি কয় যে গোলকীয় অৰ্ধপৰিবাহী উদ্যোগৰ সৈতে সম্পৰ্কিত এক অনুষ্ঠান আয়োজন কৰা ভাৰত হৈছে বিশ্বৰ অষ্টম খন দেশ। ভাৰতত থকাৰ এইটো সঠিক সময়। আপুনি সঠিক সময়ত সঠিক স্থানত আছে, প্ৰধানমন্ত্ৰী মোদীয়ে গুৰুত্ব আৰোপ কৰি কয়, একবিংশ শতিকাৰ ভাৰতত চিপবোৰ কেতিয়াও হ্ৰাস নহয়। তেওঁ লগতে কয় যে আজিৰ ভাৰতে বিশ্বক আশ্বাস দিয়ে, যেতিয়া চিপবোৰ অৱনমিত হয়, আপুনি ভাৰতৰ ওপৰত বাজি ধৰিব পাৰে।

‘জিপিএআই শীৰ্ষ সন্মিলন, ২০২৩’ উদ্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ

December 12th, 05:20 pm

‘গ্লোবেল পাৰ্টানাৰশ্বিপ অন আৰ্টিফিচিয়েল ইণ্টেলিজেন্স’- ‘কৃত্ৰিম বুদ্ধিমত্তা প্ৰসংগত গোলকীয় অংশীদাৰিত্ব সম্পৰ্কীয় শীৰ্ষ সন্মিলন’লৈ মই আপোনালোক সকলোকে আদৰণি জনাইছো। মই সুখী যে অহা বছৰ ভাৰতে এই সন্মিলনৰ সভাপতিত্ব কৰিবলৈ আগবাঢ়িছে। এই সন্মিলনখন এনে এটা সময়ত অনুষ্ঠিত হৈছে যেতিয়া ‘এআই’-ক লৈ সমগ্ৰ বিশ্বতে এক বৃহৎ বিতৰ্ক চলি আছে। এই বিতৰ্কৰ জৰিয়তে ইতিবাচক আৰু নেতিবাচক সকলো ধৰণৰ দিশ উন্মোচিত হৈছে। সেয়েহে, এই সন্মিলনৰ সৈতে জড়িত প্ৰতিখন দেশৰ ওপৰত এক বৃহৎ দায়িত্ব আছে। শেহতীয়াকৈ, মই বহুতো ৰাজনৈতিক আৰু উদ্যোগক্ষেত্ৰৰ নেতাক লগ কৰাৰ সুযোগ পাইছো। মই তেওঁলোকৰ সৈতে হোৱা বৈঠকত এই সন্মিলনৰ বিষয়েও আলোচনা কৰিছো। ‘এআই’-ৰ প্ৰভাৱৰ পৰা বৰ্তমান আৰু ভৱিষ্যত প্ৰজন্ম কোনোৱেই বাদ বাদ পৰি নাথাকিব। আমি অতি সতৰ্কতাৰে, অতি সাৱধানে আগবাঢ়িব লাগিব। আৰু সেয়েহে মই বিশ্বাস কৰোঁ যে এই সন্মিলনৰ পৰা উদ্ভৱ হোৱা ধাৰণা আৰু পৰামৰ্শসমূহে সমগ্ৰ মানৱতাৰ মৌলিক মূল্যবোধক সুৰক্ষা আৰু দিশ প্ৰদানৰ বাবে কাম কৰিব।

প্ৰধানমন্ত্ৰীয়ে গ্লবেল পাৰ্টনাৰশ্বিপ অন আৰ্টিফিচিয়েল ইণ্টেলিজেন্স ছামিট (জিপিএআই) উদ্বোধন কৰে

December 12th, 05:00 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত গ্লবেল পাৰ্টনাৰশ্বিপ অন আৰ্টিফিচিয়েল ইণ্টেলিজেন্স (জিপিএআই)শীৰ্ষ সন্মিনল শুভাৰম্ভ কৰে। প্ৰধানমন্ত্ৰীয়ে গ্লবেল এআই এক্সপোতো অংশ লয়। গ্লবেল পাৰ্টনাৰশ্বিপ অন আৰ্টিফিচিয়েল ইণ্টেলিজেন্স হৈছে এক বহু অংশীদাৰী পদক্ষেপ, যাৰ লক্ষ্য ২৯খন সদস্য দেশে এআই সম্পৰ্কিত অগ্ৰাধিকাৰসমূহৰ ওপৰত অত্যাধুনিক গৱেষণা আৰু প্ৰয়োগমূলক কাৰ্যকলাপসমূহক সমৰ্থন কৰি এআই সম্পৰ্কিত তত্ত্ব আৰু অনুশীলনৰ মাজৰ ব্যৱধান দূৰ কৰা। ভাৰত ২০২৪ বৰ্ষত গ্লবেল পাৰ্টনাৰশ্বিপ অন আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ প্ৰধান অধ্যক্ষ।

Embrace challenges over comforts: PM Modi at IIT, Kanpur

December 28th, 11:02 am

Prime Minister Narendra Modi attended the 54th Convocation Ceremony of IIT Kanpur. The PM urged the students to become impatient for a self-reliant India. He said, Self-reliant India is the basic form of complete freedom, where we will not depend on anyone.

PM attends 54th Convocation Ceremony of IIT Kanpur and launches blockchain-based digital degrees

December 28th, 11:01 am

Prime Minister Narendra Modi attended the 54th Convocation Ceremony of IIT Kanpur. The PM urged the students to become impatient for a self-reliant India. He said, Self-reliant India is the basic form of complete freedom, where we will not depend on anyone.

পশ্চিম বংগৰ আইআইটি খড়গপুৰৰ ৬৬সংখ্যক দীক্ষান্ত সমাৰোহত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ লিখিত ৰূপ

February 23rd, 12:41 pm

প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সেৰ জৰিয়তে আইআইটি খড়গপুৰৰ ৬৬তম সমাৱর্তনত ভাষণ দিয়ে। অনুষ্ঠানত কেন্দ্রীয় শিক্ষামন্ত্রী শ্রী ৰমেশ পোখৰিয়াল ‘নিশাংক’ আৰু শিক্ষা ৰাজ্যমন্ত্রী শ্রী সঞ্জয় ধোত্ৰে উপস্থিত থাকে।

আই আই টি খড়গপুৰৰ ৬৬ তম সমাৱৰ্তনত প্ৰধানমন্ত্ৰীৰ ভাষণ

February 23rd, 12:40 pm

প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সেৰ জৰিয়তে আইআইটি খড়গপুৰৰ ৬৬তম সমাৱর্তনত ভাষণ দিয়ে। অনুষ্ঠানত কেন্দ্রীয় শিক্ষামন্ত্রী শ্রী ৰমেশ পোখৰিয়াল ‘নিশাংক’ আৰু শিক্ষা ৰাজ্যমন্ত্রী শ্রী সঞ্জয় ধোত্ৰে উপস্থিত থাকে।

বিশ্ব অৰ্থনৈতিক মঞ্চৰ ডেভছ ডায়লগত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া ৰূপান্তৰ

January 28th, 05:50 pm

আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৱৰ্ল্ড ইকনমিক ফৰামৰ দাভোচ আলাপ ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে সম্বোধন কৰে। তেখেতে ‘চতুৰ্থ ঔদ্যোগিক বিপ্লৱ – মানৱ জাতিৰ ভালৰ বাবে প্ৰযুক্তিৰ ব্যৱহাৰ’ ৰ ওপৰত ভাষণ আগবঢ়ায়। এই কাৰ্যসূচীত প্ৰধানমন্ত্ৰীয়ে চিইঅ’সকলৰ সৈতেও মত-বিনিময় কৰে।

ৱৰ্ল্ড ইকনমিক ফৰামৰ দাভোচ আলাপ সম্বোধন প্ৰধানমন্ত্ৰীৰ

January 28th, 05:44 pm

আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৱৰ্ল্ড ইকনমিক ফৰামৰ দাভোচ আলাপ ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে সম্বোধন কৰে। তেখেতে ‘চতুৰ্থ ঔদ্যোগিক বিপ্লৱ – মানৱ জাতিৰ ভালৰ বাবে প্ৰযুক্তিৰ ব্যৱহাৰ’ ৰ ওপৰত ভাষণ আগবঢ়ায়। এই কাৰ্যসূচীত প্ৰধানমন্ত্ৰীয়ে চিইঅ’সকলৰ সৈতেও মত-বিনিময় কৰে।