গুজৰাটৰ ৰাজকোটত একাধিক উন্নয়নমূলক কামৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
July 27th, 04:00 pm
এতিয়া বিজয়েও মোৰ কাণে কাণে কৈছিল যে মইও নিৰীক্ষণ কৰি আছো যে ৰাজকোটত কাৰ্যসূচী অনুষ্ঠিত হৈছে, ছুটীৰ দিনো নহয়, দুপৰীয়াৰ সময়, ৰাজকোটত কোনোবাই এই সময়ত সভা অনুষ্ঠিত কৰাৰ কথা নাভাৱে, তাতে ইমান বিশাল জনসভাত ইমান সংখ্যক লোক উপস্থিত আছে, আজি ৰাজকোটে ৰাজকোটৰ সকলো অভিলেখ ভংগ কৰিলে৷ নহ’লে আমি বছৰ বছৰ ধৰি দেখি আহিছো যে সন্ধিয়া ৮ বজাৰ পাছতহে সকলো ঠিক থাকে আৰু ৰাজকোটক দুপৰীয়া শুবৰ বাবে সময়ৰ প্ৰয়োজন৷গুজৰাটৰ ৰাজকোটত ‘ৰাজকোট আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ’ দেশবাসীক উৎসৰ্গা প্ৰধানমন্ত্ৰীৰ
July 27th, 03:43 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ ৰাজকোটত ৰাজকোট আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ আৰু ৮৬০ কোটি টকাৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্প উদ্বোধন কৰে। প্ৰকল্পবোৰৰ ভিতৰত আছে ছাউনী যোজনা লিংক ৩ পেকেজ ৮ আৰু ৯, দ্বাৰকা গ্ৰাম্য পানী যোগান আৰু অনাময় (আৰডব্লিউএছএছ)ৰ উন্নীতকৰণ; উপাৰকোট ফ’ৰ্টৰ প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ সংৰক্ষণ, পুনৰুদ্ধাৰৰ কাম আৰু বিকাশ; পানী শোধন প্ৰকল্প, নৰ্দমা শোধন প্ৰকল্প আৰু ফ্লাইঅভাৰ ব্ৰীজ আদি নিৰ্মাণ। প্ৰধানমন্ত্ৰীয়ে নতুনকৈ উদ্বোধন কৰা ৰাজকোট আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ টাৰ্মিনেল ভৱনো পৰিদৰ্শন কৰে।১৮.০৬.২০২৩ত ‘মন কী বাত’ অনুষ্ঠানৰ ১০২খণ্ডত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
June 18th, 11:30 am
‘মন কী বাত’লৈ আপোনালোক সকলোকে পুনৰবাৰ আদৰণি জনাইছো৷ সাধাৰণতে ‘মন কী বাত’ প্ৰতি মাহৰ অন্তিম দেওবাৰে প্ৰচাৰিত হয়, কিন্তু এইবাৰ এসপ্তাহ পূৰ্বেই প্ৰচাৰ হৈছে৷ আপোনালোক সকলোৱে জানে যে অহা সপ্তাহত মই আমেৰিকাত থাকিম আৰু তাত বহুত ব্যস্ত কাৰ্যসূচী থাকিব আৰু সেইবাবে মই ভাবিলো, তালৈ যোৱাৰ পূৰ্বে আপোনালোকৰ সৈতে কথা পাতি লোৱাটোৱেই ভাল হ’ব, নহয়নে? জনতা-জনাৰ্দনৰ আশীৰ্বাদ, আপোনালোকৰ প্ৰেৰণাই মোৰ শক্তি বৃদ্ধি কৰিব৷ঘূৰ্ণীবতাহ ‘বিপৰ্যয়’ৰ ফলত উদ্ভৱ হ’ব পৰা পৰিস্থিতিৰ মোকাবিলা কৰাৰ বাবে প্ৰস্তুতি পৰ্যালোচনা কৰিবলৈ প্ৰধানমন্ত্ৰীয়ে এক উচ্চ পৰ্যায়ৰ বৈঠকত সভাপতিত্ব কৰে
June 12th, 04:23 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আসন্ন ঘূৰ্ণীবতাহ 'বিপৰ্যয়’ৰ ফলত উদ্ভৱ হ’ব পৰা পৰিস্থিতিৰ মোকাবিলা কৰাৰ বাবে বিভিন্ন মন্ত্ৰালয়/গুজৰাট আৰু কেন্দ্ৰৰ সংস্থাসমূহৰ প্ৰস্তুতি পৰ্যালোচনা কৰিবলৈ আজি এক উচ্চ পৰ্যায়ৰ বৈঠকত সভাপতিত্ব কৰে।