জি-২০ সন্মিলনৰ লগত সংগতি ৰাখি ব্ৰিকছ নেতৃবৰ্গৰ অনানুষ্ঠানিক বৈঠকৰ বিবৃতি
November 30th, 10:24 pm
আমি ব্রাজিল, ৰাছিয়া, ভাৰত, চীন আৰু দক্ষিণ আফ্রিকা, ব্ৰিকছ সদস্যভূক্ত দেশসমূহৰ নেতৃবৰ্গই ৩০ নৱেম্বৰ, ২০১৮ত এক অনানুষ্ঠানিক বৈঠকত মিলিত হৈছো। আর্জেণ্টিনাৰ বুয়েন্ছ আয়াৰছত জি–২০ সন্মিলনৰ লগত সংগতি ৰাখি এই বৈঠক অনুষ্ঠিত কৰা হয়। ২০১৮ বৰ্ষৰ জি–২০ সন্মিলন আয়োজন কৰাৰ বাবে আৰু আমাক আতিথ্য প্ৰদান কৰাৰ বাবে আর্জেণ্টিনাৰ ৰাষ্ট্ৰপতিক আমি অভিনন্দন জ্ঞাপন কৰিছো৷