অন্ধ্ৰপ্ৰদেশৰ অমৰাৱতীত বিভিন্ন উন্নয়নমূলক প্ৰকল্প আৰম্ভ কৰাৰ সময়ত প্ৰধানমন্ত্ৰীৰ ভাষণৰ লিখিত পাঠ

অন্ধ্ৰপ্ৰদেশৰ অমৰাৱতীত বিভিন্ন উন্নয়নমূলক প্ৰকল্প আৰম্ভ কৰাৰ সময়ত প্ৰধানমন্ত্ৰীৰ ভাষণৰ লিখিত পাঠ

May 02nd, 03:45 pm

অন্ধ্ৰ প্ৰদেশৰ ৰাজ্যপাল চৈয়দ আব্দুল নাজিৰ জী, মুখ্যমন্ত্ৰী, মোৰ বন্ধু শ্ৰী চন্দ্ৰবাবু নাইডু জী, কেন্দ্ৰীয় কেবিনেটৰ মোৰ সতীৰ্থ মন্ত্ৰীসকল, উপ-মুখ্যমন্ত্ৰী পৱন কল্যাণ জী, ৰাজ্য চৰকাৰৰ মন্ত্ৰীসকল, সকলো সাংসদ আৰু বিধায়ক, আৰু অন্ধ্ৰপ্ৰদেশৰ মোৰ মৰমৰ ভাই-ভনীসকল!আজি এই পবিত্ৰ অমৰাৱতী ভূমিত থিয় দিওঁতে মই কেৱল এখন নগৰ দেখা নাই, এটা সপোন বাস্তৱায়িত হোৱা দেখিছোঁ। এখন নতুন অমৰাৱতী, নতুন অন্ধ্ৰ। অমৰাৱতী সেই ভূমি য'ত পৰম্পৰা আৰু প্ৰগতি একেলগে আগবাঢ়ে, য'ত আছে বৌদ্ধ ঐতিহ্যৰ শান্তি আৰু লগতে উন্নত ভাৰত গঢ়াৰ শক্তি। আজি ইয়াত প্ৰায় ৬০ হাজাৰ কোটি টকাৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন কৰা হৈছে। এই প্ৰকল্পসমূহ কেৱল কংক্ৰিট নিৰ্মাণ নহয়, অন্ধ্ৰ প্ৰদেশৰ আকাংক্ষা আৰু উন্নত ভাৰতৰ আশাৰ মজবুত ভেটিও। ভগৱান বীৰভদ্ৰ, ভগৱান অমৰলিংগেশ্বৰ আৰু তিৰুপতী বালাজীৰ চৰণত প্ৰণাম কৰি অন্ধ্ৰ প্ৰদেশৰ সন্মানীয় জনসাধাৰণলৈ মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ।লগতে মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডু আৰু পৱন কল্যাণ জীলৈও শুভেচ্ছা জ্ঞাপন কৰিছো।

PM Modi lays foundation stone, inaugurates development works worth over Rs 58,000 crore in Amaravati, Andhra Pradesh

PM Modi lays foundation stone, inaugurates development works worth over Rs 58,000 crore in Amaravati, Andhra Pradesh

May 02nd, 03:30 pm

PM Modi launched multiple development projects in Amaravati, Andhra Pradesh. He remarked that the Central Government is fully supporting the State Government to rapidly develop Amaravati. Underlining the state's pivotal role in establishing India as a space power, the PM emphasized that the Navdurga Testing Range in Nagayalanka will serve as a force multiplier for India's defense capabilities.

India's coastal states and our port cities will become key centres of growth for a Viksit Bharat: PM Modi in Thiruvananthapuram, Kerala

India's coastal states and our port cities will become key centres of growth for a Viksit Bharat: PM Modi in Thiruvananthapuram, Kerala

May 02nd, 02:06 pm

Prime Minister Modi dedicated Vizhinjam International Deepwater Multipurpose Seaport to the nation in Thiruvananthapuram, Kerala. The PM emphasised that “the port economy reaches its full potential when infrastructure and ease of doing business are promoted together” and stated that over the past 10 years, this has been the blueprint of the Government of India’s port and waterways policy.

কেৰালাৰ ৮,৮০০ কোটি টকীয়া ‘ভিজিঞ্জাম আন্তঃৰাষ্ট্ৰীয় সমুদ্ৰিক বন্দৰ’ দেশৰ নামত উৎসৰ্গা কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে

May 02nd, 01:16 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কেৰালাৰ তিৰুৱন্তপুৰমত ৮,৮০০ কোটি টকীয়া ‘ভিজিঞ্জাম আন্তঃৰাষ্ট্ৰীয় গভীৰ পানীৰ বহুমুখী সাগৰীয় বন্দৰ’ দেশবাসীৰ নামত উৎসৰ্গা কৰে। ‘ভগৱান’ আদি শংকৰাচাৰ্যৰ জন্ম জয়ন্তী উপলক্ষে সমবেত লোকসকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে তিনি বছৰ পূৰ্বে ছেপ্টেম্বৰ মাহত তেওঁ আদি শংকৰাচাৰ্যৰ শ্ৰদ্ধাৰ জন্মস্থান ভ্ৰমণ কৰাৰ সৌভাগ্য লাভ কৰিছিল। তেওঁ আনন্দ প্ৰকাশ কৰে যে তেওঁৰ সংসদীয় সমষ্টি কাশীৰ বিশ্বনাথ ধাম চৌহদত আদি শংকৰাচাৰ্যৰ এটা বিশাল প্ৰতিমূৰ্তি স্থাপন কৰা হৈছে। তেওঁ গুৰুত্ব আৰোপ কৰি কয় যে এই প্ৰতিমূৰ্তি আদি শংকৰাচাৰ্যৰ অপৰিসীম আধ্যাত্মিক জ্ঞান আৰু শিক্ষাৰ প্ৰতি শ্ৰদ্ধাঞ্জলিৰ প্ৰতীক হৈ আহিছে। তেওঁ লগতে উল্লেখ কৰে যে উত্তৰাখণ্ডৰ পৱিত্ৰ ‘কেদাৰনাথ ধাম’ত আদি শংকৰাচাৰ্যৰ ঐশ্বৰিক প্ৰতিমূৰ্তি উন্মোচন কৰাৰ সন্মানো তেওঁ লাভ কৰিছিল। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে আজি এই অনুষ্ঠান আন এক বিশেষ অনুষ্ঠান হিচাপে চিহ্নিত হৈছে কিয়নো আজি ভক্তসকলৰ বাবে ‘কেদাৰনাথ মন্দিৰ’ৰ দুৱাৰ মুকলি কৰা হৈছে। প্ৰধানমন্ত্ৰী মোদীয়ে উল্লেখ কৰে যে কেৰালাৰ পৰা যাত্ৰা আৰম্ভ কৰা আদি শংকৰাচাৰ্যই দেশৰ বিভিন্ন কোণত মঠ স্থাপন কৰি ৰাষ্ট্ৰৰ চেতনা জাগ্ৰত কৰিছিল। তেওঁ গুৰুত্ব আৰোপ কৰে যে শংকৰাচাৰ্যৰ প্ৰচেষ্টাই এক একত্ৰিত আৰু আধ্যাত্মিকভাৱে আলোকিত ভাৰতৰ ভেটি স্থাপন কৰিছিল।

১ আৰু ২ মে'ত মহাৰাষ্ট্ৰ, কেৰালা আৰু অন্ধ্ৰপ্ৰদেশ ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে

April 30th, 03:42 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১ আৰু ২ মে'ত মহাৰাষ্ট্ৰ, কেৰালা আৰু অন্ধ্ৰপ্ৰদেশ ভ্ৰমণ কৰিব। তেওঁ ১ মে'ত মুম্বাই ভ্ৰমণ কৰিব আৰু দিনৰ প্ৰায় ১০.৩০ বজাত বিশ্ব দৃশ্য-শ্ৰাব্য আৰু মনোৰঞ্জন শীৰ্ষ সন্মিলন (ৱেভছ) উদ্বোধন কৰিব।

ইণ্ডিয়া ষ্টীল ২০২৫ অনু্ষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

April 24th, 02:00 pm

আজি আৰু অহা ২ দিনত আমি ভাৰতৰ উদিত খণ্ড, তীখা খণ্ডৰ সামৰ্থ্য আৰু সম্ভাৱনাৰ ওপৰত বিস্তৃত আলোচনা কৰিবলৈ ওলাইছো। যিটো খণ্ড ভাৰতৰ প্ৰগতিৰ আধাৰ, যিটো উন্নত ভাৰতৰ শক্তিশালী ভেটি আৰু যিয়ে ভাৰতত বৃহৎ পৰিৱৰ্তনৰ নতুন কাহিনী লিখিছে। মই আপোনালোক সকলোকে ইণ্ডিয়া ষ্টীল ২০২৫ লৈ আদৰণি জনাইছো। মই নিশ্চিত যে এই অনুষ্ঠানে নতুন ধাৰণা ভাগ-বতৰা, নতুন অংশীদাৰিত্ব গঢ়ি তোলা আৰু উদ্ভাৱনক প্ৰসাৰিত কৰাৰ বাবে এক নতুন সুযোগৰ থলী হিচাপে কাম কৰিব। ইয়াৰ দ্বাৰা তীখা খণ্ডত নতুন অধ্যায়ৰ আৰম্ভণিৰ আধাৰ হিচাপে গঢ় লৈ উঠিব।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ‘ইণ্ডিয়া ষ্টীল ২০২৫’ কাৰ্যসূচীত ভাষণ দিয়ে

April 24th, 01:30 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ‘ভিডিঅ' বাৰ্তা’ৰ জৰিয়তে মুম্বাইত ‘ইণ্ডিয়া ষ্টীল ২০২৫’ কাৰ্যসূচীৰ সময়ত তেওঁৰ মন্তব্য আগবঢ়ায়। সমবেত সকলক সম্বোধন কৰি তেওঁ কয় যে অহা দুদিনৰ আলোচনাত ভাৰতৰ ‘সূৰ্যোদয় খণ্ড’- তীখা উদ্যোগৰ সম্ভাৱনা আৰু সুযোগ সন্দৰ্ভত গুৰুত্ব দিয়া হ'ব। তেওঁ মন্তব্য কৰে যে এই খণ্ডই ভাৰতৰ প্ৰগতিৰ ভেটি গঢ়ি তুলিছে, উন্নত ভাৰতৰ আধাৰ শক্তিশালী কৰিছে আৰু দেশত ৰূপান্তৰৰ এক নতুন অধ্যায় ৰচনা কৰিছে। প্ৰধানমন্ত্ৰীয়ে ‘ইণ্ডিয়া ষ্টীল ২০২৫’লৈ সকলোকে আদৰণি জনায় আৰু বিশ্বাস ব্যক্ত কৰে যে এই অনুষ্ঠানটোৱে নতুন ধাৰণা সহভাগ কৰা, নতুন অংশীদাৰিত্ব গঢ়ি তোলা আৰু উদ্ভাৱনক উদগণি দিয়াৰ বাবে এক উত্ক্ষেপন মঞ্চ হিচাপে কাম কৰিব। তেওঁ গুৰুত্ব আৰোপ কৰি কয় যে এই অনুষ্ঠানটোৱে তীখা খণ্ডত এক নতুন অধ্যায়ৰ ভেটি স্থাপন কৰিব।

বিহাৰৰ মধুবনীত ৰাষ্ট্ৰীয় পঞ্চায়তীৰাজ দিৱসৰ কাৰ্যসূচী আৰু উন্নয়নমূলক কামৰ শুভাৰম্ভ উপলক্ষে প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

April 24th, 12:00 pm

ভাষণ আৰম্ভ কৰাৰ আগতে মই আপোনালোক সকলোকে এটা অনুৰোধ জনাব বিচাৰিছোঁ; আপোনালোক য'তেই আছে তাতে, নিজৰ স্থানত বহি থাকিয়েই, থিয় হোৱাৰ প্ৰয়োজন নাই, বহি থাকিয়েই ২২ তাৰিখে যিসকল পৰিয়ালৰ সদস্যসক আমি হেৰুৱালোঁ, তেওঁলোকক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ, কিছু মুহূৰ্ত আমি নিজৰ ঠাইত বহি থাকিয়েই, মৌন ব্ৰত পালন কৰি নিজৰ নিজৰ আৰাধ্য দেৱতাক স্মৰণ কৰি, সেই সকলোকে শ্ৰদ্ধাঞ্জলি জনাম, তাৰ পিছত মই আজি মোৰ ভাষণ আৰম্ভ কৰিম।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰীয় পঞ্চায়তীৰাজ দিৱস উপলক্ষে বিহাৰৰ মধুবনীত ১৩,৪৮০ কোটি টকাৰো অধিক মূল্যৰ উন্নয়নমূলক কামৰ শুভাৰম্ভ কৰে

April 24th, 11:50 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাষ্ট্ৰীয় পঞ্চায়তীৰাজ দিৱস উপলক্ষে বিহাৰৰ মধুবনীত ১৩,৪৮০ কোটি টকাৰো অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভ, আধাৰশিলা স্থাপন আৰু ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰে। অনুষ্ঠানৰ আৰম্ভণিতে প্ৰধানমন্ত্ৰীগৰাকীয়ে ২০২৫ৰ ২২ এপ্ৰিলত পেহেলগামত সংঘটিত আক্ৰমণৰ বলি হোৱা সকলৰ বিদেহ আত্মাৰ সদগতি কামনাৰে মৌন প্ৰাৰ্থনা কৰিবলৈ সকলোকে আহ্বান জনায়। তেখেতে কয় যে আজি বিহাৰৰ উন্নয়ন সাধনৰ লক্ষ্যৰে হাজাৰ-হাজাৰ কোটি টকা মূল্যৰ প্ৰকল্প উদ্বোধন কৰা হৈছে আৰু আধাৰশিলা স্থাপন কৰা হৈছে। বিদ্যুৎ, ৰেল, আন্তঃগাঁথনিমূলক এই পদক্ষেপসমূহে বিহাৰত নতুন কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰিব। তেখেতে মহান কবি ৰামধাৰী সিং দিনকৰ জীলৈ মৃত্যু বাৰ্ষিকী উপলক্ষে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

২৪ এপ্ৰিলত বিহাৰ ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে

April 23rd, 06:30 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৪ এপ্ৰিলত বিহাৰ ভ্ৰমণ কৰিব। তেওঁ মধুবানী ভ্ৰমণ কৰি ৰাষ্ট্ৰীয় পঞ্চায়তী ৰাজ দিৱস উপলক্ষে পুৱা প্ৰায় ১১:৪৫ বজাত আয়োজিত কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। তেওঁ ১৩,৪৮০ কোটি টকাৰো অধিক মূল্যৰ কেইবাটাও উন্নয়নমূলক প্ৰকল্প উদ্বোধন, আধাৰশিলা স্থাপন আৰু ৰাষ্ট্ৰৰ উৎসৰ্গা কৰিব। এই উপলক্ষে এখন ৰাজহুৱা সভাতো ভাষণ প্ৰদান কৰিব প্ৰধানমন্ত্ৰীয়ে।

ৰাজকুমাৰ তথা ছৌদি আৰৱৰ প্ৰধানমন্ত্ৰীক সাক্ষাৎ আৰু ভাৰত-চৌদি আৰব কৌশলগত অংশীদাৰিত্ব পৰিষদৰ সহ-অধ্যক্ষতা প্ৰধানমন্ত্ৰীৰ

April 23rd, 02:20 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২২ এপ্ৰিল, ২০২৫ত চৌদি আৰৱ ভ্ৰমণ কৰে। জেদ্দাৰ ৰয়েল পেলেচত চৌদি আৰৱৰ ৰাজকুমাৰ আৰু প্ৰধানমন্ত্ৰী প্ৰিন্স মহম্মদ বিন ছলমানে প্ৰধানমন্ত্ৰীক আনুষ্ঠানিকভাৱে আদৰণি জনায়।

অমৰাৱতী বিমানবন্দৰৰ উদ্বোধনৰ বাবে প্ৰধানমন্ত্ৰীয়ে অভিবাদন জনায়

April 16th, 09:18 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অমৰাৱতী বিমানবন্দৰ উদ্বোধনক মহাৰাষ্ট্ৰ, বিশেষকৈ বিদৰ্ভ অঞ্চলৰ বাবে খুবেই ভাল খবৰ বুলি অভিহিত কৰি কয় যে অমৰাৱতীৰ এটা সক্ৰিয় বিমানবন্দৰে অঞ্চলটোৰ বাণিজ্য আৰু সংযোগ বৃদ্ধি কৰিব।

হাৰিয়ানাৰ হিছাৰ বিমানবন্দৰৰ নতুন টাৰ্মিনেল ভৱনৰ আধাৰশিলা স্থাপন কৰি প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

April 14th, 11:00 am

মই ক’ম বাবাচাহেব আম্বেদকাৰ, আপোনালোক সকলোৱে দুবাৰ ক’ব অমৰ ৰহে! অমৰ ৰহে বুলি! (দীৰ্ঘজীৱী হওঁক! দীৰ্ঘজীৱী হওঁক!)

PM Modi lays foundation stone of new terminal building of Hisar airport worth over Rs 410 crore

April 14th, 10:16 am

PM Modi during his visit to Hisar, laid the foundation stone of the ₹410 crore Maharaja Agrasen Airport terminal and flagged off the first flight between Hisar and Ayodhya. He highlighted the push for affordable air travel, Haryana’s growing aspirations, and the government’s commitment to Babasaheb Ambedkar’s vision of dignity, equality, and empowerment for all.

প্ৰধানমন্ত্ৰীয়ে আম্বেদকাৰ জয়ন্তী উপলক্ষে অহা ১৪ এপ্ৰিলত হাৰিয়ানা ভ্ৰমণ কৰিব

April 12th, 04:48 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৪ এপ্ৰিলত আম্বেদকাৰ জয়ন্তী উপলক্ষে হাৰিয়ানা ভ্ৰমণ কৰিব। হাৰিয়ানাত তেওঁ প্ৰথমে হিছাৰলৈ যাব আৰু পুৱা প্ৰায় ১০:১৫ বজাত হিছাৰৰ পৰা অযোধ্যালৈ বাণিজ্যিক বিমানৰ ফ্লেগ অফ কৰিব। ইয়াৰ সমান্তৰালকৈ, তেওঁ হিছাৰ বিমানবন্দৰৰ নতুন টাৰ্মিনেল ভৱনৰ আধাৰশিলাও স্থাপন কৰিব। প্ৰধানমন্ত্ৰীয়ে হিছাৰত এখন ৰাজহুৱা সভাত ভাষণ দিব।

প্ৰধানমন্ত্ৰীয়ে বাৰাণসীত বিভিন্ন প্ৰকল্পৰ উদ্বোধনী আৰু আধাৰশিলা স্থাপন অনুষ্ঠানত দিয়া ভাষণৰ অসমীয়া অনুবাদ

April 11th, 11:00 am

মঞ্চত বিৰাজমান উত্তৰ প্ৰদেশৰ ৰাজ্যপাল আনন্দীবেন পেটেল, মুখ্যমন্ত্ৰী শ্ৰী যোগী আদিত্যনাথ, উপ মুখ্যমন্ত্ৰী কেশৱ প্ৰসাদ মৌৰ্য, ব্ৰজেশ পাঠক, উপস্থিত মন্ত্ৰীসকল, অন্যান্য জনপ্ৰতিনিধিসকল, বানাস দুগ্ধ বিভাগৰ অধ্যক্ষ শংকৰ ভাই চৌধুৰী আৰু ইমান বৃহৎ সংখ্যাত আশীৰ্বাদ দিবলৈ অহা মোৰ সকলো পৰিয়ালৰ সদস্য,

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ প্ৰদেশৰ বাৰাণসীত ৩,৮৮০ কোটি টকা ব্যয়সাপেক্ষ উন্নয়নমূলক কামৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন কৰে

April 11th, 10:49 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰ প্ৰদেশৰ বাৰাণসীত ৩,৮৮০ কোটি টকাতকৈও অধিক মূল্যৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন কৰে। সমাৱেশত ভাষণ দি কাশীৰ সৈতে তেওঁৰ গভীৰ সম্পৰ্কৰ ওপৰত আলোকপাত কৰি এই আশীৰ্বাদৰ বাবে তেওঁৰ পৰিয়াল আৰু অঞ্চলটোৰ জনসাধাৰণৰ প্ৰতি আন্তৰিক কৃতজ্ঞতা প্ৰকাশ কৰাৰ লগতে তেওঁক আগবঢ়োৱা মৰম আৰু সমৰ্থন স্বীকাৰ কৰে। এই প্ৰেমৰ প্ৰতি তেওঁ ঋণী বুলি উল্লেখ কৰি কয় যে কাশী তেওঁৰ আৰু তেওঁ কাশীৰ। কাইলৈ হনুমান জন্মোৎসৱৰ শুভ উপলক্ষ বুলি উল্লেখ কৰি শ্ৰী মোদীয়ে কাশীৰ সংকট মোচন মহাৰাজক সাক্ষাৎ কৰাৰ সুযোগ পোৱাতো তেওঁৰ সৌভাগ্য বুলি প্ৰকাশ কৰে। তেওঁ হনুমান জন্মোৎসৱৰ পূৰ্বে কেনেদৰে কাশীৰ জনসাধাৰণে উন্নয়নৰ উৎসৱ উদযাপন কৰিবলৈ একত্ৰিত হৈছে সেই বিষয়েও আলোকপাত কৰে।

১১ এপ্ৰিলত উত্তৰপ্ৰদেশ আৰু মধ্যপ্ৰদেশ ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে

April 09th, 09:43 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১১ এপ্ৰিলত উত্তৰপ্ৰদেশ আৰু মধ্যপ্ৰদেশ ভ্ৰমণ কৰিব। তেওঁ বাৰাণসীলৈ যাত্ৰা কৰিব আৰু পুৱা প্ৰায় ১১ বজাত তেওঁ আধাৰশিলা স্থাপন কৰাৰ লগতে ৩,৮৮০ কোটি টকাৰো অধিক মূল্যৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্প উদ্বোধন কৰিব। লগতে ৰাজহুৱা সভাত ভাষণ আগবঢ়াব।

পঞ্জাব আৰু হাৰিয়ানাত ১৮৭৮.৩১ কোটি টকা ব্যয়েৰে হাইব্ৰিড এন্যুইটি মোডত ১৯.২ কিলোমিটাৰ দৈৰ্ঘ্যৰ ছয় লেনযুক্ত প্ৰৱেশ নিয়ন্ত্ৰিত পথ নিৰ্মাণত কেন্দ্ৰীয় মন্ত্ৰীসভাৰ অনুমোদন

April 09th, 03:09 pm

প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অর্থনৈতিক পৰিক্ৰমা কেবিনেট কমিটীয়ে হাইব্ৰিড এনুইটি মোডত পঞ্জাব আৰু হাৰিয়ানাৰ ৰাষ্ট্ৰীয় ঘাইপথ(ও)ৰ অধীনৰ ৰাষ্ট্ৰীয় ঘাইপথ-৭ (জিৰকপুৰ-পটিয়ালা)ৰ পৰা ৰাষ্ট্ৰীয় ঘাইপথ-৫ (জিৰকপুৰ-পাৰৱানু) সংযোগী ছয় লেনযুক্ত মুঠ ১৯.২ কিলোমিটাৰ দৈৰ্ঘ্যৰ জিৰকপুৰ বাইপাছ নিৰ্মাণত অনুমোদন জনাইছে। পি এম গতিশক্তি ৰাষ্ট্ৰীয় গুৰু আঁচনিৰ নীতিৰ আধাৰত সংহত পৰিবহণ আন্তঃগাঁথনিৰ বিকাশৰ সুবিধাৰ বাবে এয়া এক গুৰুত্বপূৰ্ণ পদক্ষেপ।

Cabinet approves doubling of Tirupati-Pakala-Katpadi single railway line Section at Rs.1332 crore

April 09th, 03:06 pm

The Cabinet Committee on Economic Affairs, chaired by the Prime Minister Shri Narendra Modi, has approved the doubling of Tirupati – Pakala – Katpadi single railway line Section (104 km) in Andhra Pradesh and Tamil Nadu with total cost of Rs.1332 crore (approx.).