‘মহাবীৰ জয়ন্তী’ত ‘ভগৱান’ মহাবীৰলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে প্ৰধানমন্ত্ৰীয়ে

‘মহাবীৰ জয়ন্তী’ত ‘ভগৱান’ মহাবীৰলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে প্ৰধানমন্ত্ৰীয়ে

April 10th, 08:44 am

‘মহাবীৰ জয়ন্তী’ উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ‘ভগৱান’ মহাবীৰলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। শ্ৰী মোদীয়ে কয় যে ‘ভগৱান’ মহাবীৰে সদায় অহিংসা, সত্য আৰু সহানুভূতিত গুৰুত্ব আৰোপ কৰিছিল আৰু তেওঁৰ আদৰ্শই সমগ্ৰ বিশ্বৰ অগণন লোকক শক্তি প্ৰদান কৰিছে। প্ৰধানমন্ত্ৰীয়ে লগতে উল্লেখ কৰে যে যোৱা বছৰ চৰকাৰে ‘প্ৰাকৃত ভাষা’ক ‘ধ্ৰুপদী ভাষা’ৰ মৰ্যাদা প্ৰদান কৰিছিল, যি সিদ্ধান্তই যথেষ্ট প্ৰশংসা লাভ কৰিছিল।

পালি ভাষাত যুগুতোৱা ‘তিপিতকা’-ৰ এটি প্ৰতিলিপি দিয়াৰ বাবে থাইলেণ্ডৰ প্ৰধানমন্ত্ৰীক ধন্যবাদ জনায় প্ৰধানমন্ত্ৰীয়ে

পালি ভাষাত যুগুতোৱা ‘তিপিতকা’-ৰ এটি প্ৰতিলিপি দিয়াৰ বাবে থাইলেণ্ডৰ প্ৰধানমন্ত্ৰীক ধন্যবাদ জনায় প্ৰধানমন্ত্ৰীয়ে

April 03rd, 05:43 pm

থাইলেণ্ডৰ প্ৰধানমন্ত্ৰী মহামান্য শ্ৰীমতী পেটোংটাৰ্ণ চিনাৱাট্ৰাক পালি ভাষাত ‘তিপিতকা’ৰ এটি প্ৰতিলিপি দিয়াৰ বাবে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ধন্যবাদ জ্ঞাপন কৰে আৰু যিটো ভাষাই ভগৱান বুদ্ধৰ শিক্ষাৰ সাৰতত্ব বহন কৰে সেইটো ভাষাক এক সুন্দৰ ভাষা বুলি অভিহিত কৰে।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাষা গৌৰৱ সপ্তাহ উপলক্ষে অসমবাসীক শুভেচ্ছা জ্ঞাপন কৰে

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাষা গৌৰৱ সপ্তাহ উপলক্ষে অসমবাসীক শুভেচ্ছা জ্ঞাপন কৰে

November 03rd, 06:14 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভাষা গৌৰৱ সপ্তাহ উপলক্ষে অসমবাসীক শুভেচ্ছা জ্ঞাপন কৰে আৰু #ভাষা গৌৰৱ সপ্তাহৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে। ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ‘এক্স’ত এটা পোষ্টত, তেওঁ অলপতে অসমীয়াক ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্ৰদানৰ বাবে আনন্দ প্ৰকাশ কৰে, যি এই ক্ষেত্ৰখনত সমৃদ্ধ ভাষিক আৰু সাংস্কৃতিক ঐতিহ্যক এক মহত্বপূৰ্ণ মান্যতা প্ৰদান কৰিছে।

ভাৰত চৰকাৰে পালিক ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্ৰদান কৰাৰ সিদ্ধান্তই ভগৱান বুদ্ধৰ চিন্তাত বিশ্বাস কৰাসকলৰ মাজত উৎসাহৰ সৃষ্টি কৰিছে : প্ৰধানমন্ত্ৰী

October 24th, 10:43 am

ভাৰত চৰকাৰে পালিক ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্ৰদানৰ সিদ্ধান্তত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আনন্দ প্ৰকাশ কৰে। তেওঁ লগতে কয় যে যিসকলে ভগৱান বুদ্ধৰ চিন্তাত বিশ্বাস কৰে তেওঁলোকৰ মাজত ই উৎসাহৰ সৃষ্টি কৰিছে। শ্ৰী মোদীয়ে কলম্বোত আই চি চি আৰৰ দ্বাৰা আয়োজিত 'পালি এজ এ ক্লাছিকেল লেংগুৱেজ' সন্দৰ্ভত পেনেল আলোচনাত অংশগ্ৰহণ কৰা বিভিন্ন ৰাষ্ট্ৰৰ পণ্ডিত আৰু ভিক্ষুসকলকো ধন্যবাদ জ্ঞাপন কৰে।

আন্তঃৰাষ্ট্ৰীয় অভিধম্মা দিৱসৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

October 17th, 10:05 am

সাংস্কৃতিক মন্ত্ৰী শ্ৰী গজেন্দ্ৰ সিং শ্বেখাৱত জী, সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰী শ্ৰী কিৰেণ ৰিজিজু জী, ভদন্ত ৰাহুল বোধি মহাথেৰো জী, পূজনীয় ইয়াংচুক চোডেন জী, মহাসংঘৰ সকলো সন্মানীয় সদস্য, মহামহিম, কূটনৈতিক সমাজৰ সদস্য, বৌদ্ধ পণ্ডিত, ধৰ্ম অনুগামী, ভদ্ৰ পুৰুষ-মহিলাসকল।

আন্তঃৰাষ্ট্ৰীয় অভিধম্মা দিৱস উদযাপন আৰু পালি ভাষাক ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি প্ৰদানৰ অনুষ্ঠানত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ ভাষণ

October 17th, 10:00 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ বিজ্ঞান ভৱনত আন্তঃৰাষ্ট্ৰীয় অভিধম্মা দিৱস উদযাপন আৰু পালি ভাষাক ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি প্ৰদানৰ অনুষ্ঠানত ভাষণ আগবঢ়ায়। অভিধম্মা দিৱসত অভিধম্মা শিক্ষা দি ভগৱান বুদ্ধৰ আকাশী ক্ষেত্ৰৰ পৰা অৱতৰণ স্মৰণ কৰা হয়। শেহতীয়াকৈ পালিক ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি দিয়াটোৱে এইবাৰৰ অভিধম্মা দিৱস উদযাপনৰ তাৎপৰ্য্য বৃদ্ধি কৰিছে কাৰণ অভিধম্মা সম্পৰ্কীয় ভগৱান বুদ্ধৰ শিক্ষা মূলতঃ পালি ভাষাত উপলব্ধ।

১৭ অক্টোবৰত আন্তঃৰাষ্ট্ৰীয় অভিধম্মা দিৱস উদযাপন আৰু পালি ভাষাক ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি প্ৰদানত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰীয়ে

October 15th, 09:14 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৭ অক্টোবৰৰ পুৱা প্ৰায় ১০ বজাত নতুন দিল্লীৰ বিজ্ঞান ভৱনত আন্তঃৰাষ্ট্ৰীয় অভিধম্মা দিৱস উদযাপন আৰু পালি ভাষাক ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি প্ৰদানত অংশগ্ৰহণ কৰিব। অনুষ্ঠানৰ সময়ত তেওঁ ভাষণো আগবঢ়াব।