উত্তৰাখণ্ডৰ ডেৰাডুনত ‘৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়াৰ উদ্বোধনী অনুষ্ঠান’ত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ

উত্তৰাখণ্ডৰ ডেৰাডুনত ‘৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়াৰ উদ্বোধনী অনুষ্ঠান’ত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ

January 28th, 09:36 pm

আজি দেৱভূমি যৌৱন শক্তিৰে অধিক উজলি উঠিছে। বাবা কেদাৰ, বদ্ৰীনাথজী আৰু মা গঙ্গাৰ আশীৰ্বাদত আজি ৰাষ্ট্ৰীয় ক্ৰীড়াৰ শভাৰম্ভ কৰা হৈছে। এই বছৰটো উত্তৰাখণ্ড গঠনৰ ২৫ সংখ্যক বছৰ। এই যুৱ ৰাজ্যখনত দেশৰ প্ৰতিটো কোণৰ পৰা অহা হাজাৰ হাজাৰ যুৱক-যুৱতীয়ে তেওঁলোকৰ শক্তি প্ৰদৰ্শন কৰিবলৈ সাজু হৈছে। ‘এক ভাৰত শ্ৰেষ্ঠ ভাৰত’ৰ এখন অতি সুন্দৰ ছবি ইয়াত দৃশ্যমান হৈছে। এইবাৰো বহুতো থলুৱা পৰম্পৰাগত খেল ৰাষ্ট্ৰীয় ক্ৰীড়াত অন্তৰ্ভুক্ত কৰা হৈছে। এইবাৰ ৰাষ্ট্ৰীয় ক্ৰীড়া এক প্ৰকাৰে ‘সেউজ খেল’ হিচাপে উদযাপিত হ’ব। ইয়াত পৰিৱেশ-অনুকূল বস্তুৰ যথেষ্ট ব্যৱহাৰ কৰা হৈছে। ৰাষ্ট্ৰীয় ক্ৰীড়াত লাভ কৰিব লগা সকলো পদক আৰু ট্ৰফীও ‘ই-আৱৰ্জনা’ৰে নিৰ্মিত। পদক বিজয়ী খেলুৱৈসকলৰ নামত গছপুলি ৰোপণ কৰা হ'ব। এইটো এটা অতিকে ভাল পদক্ষেপ। মই সকলো খেলুৱৈক তেওঁলোকৰ প্ৰদৰ্শনৰ বাবে শুভকামনা জনাইছোঁ। এই আশ্চৰ্যকৰ অনুষ্ঠানটোৰ বাবে মই ধামীজী আৰু তেওঁৰ সমগ্ৰ দল, উত্তৰাখণ্ডৰ প্ৰতিগৰাকী নাগৰিকক অভিনন্দন জনাইছোঁ।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ডেৰাডুনত ৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়া উদ্বোধন কৰে

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ডেৰাডুনত ৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়া উদ্বোধন কৰে

January 28th, 09:02 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰাখণ্ডৰ ডেৰাডুনত ৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়া উদ্বোধন কৰে। ইয়াত সমবেতসকলক সম্বোধনেৰে তেখেতে কয় যে উত্তৰাখণ্ড আজি যুৱক-যুৱতীসকলৰ শক্তিৰে উজ্জ্বল হৈ পৰিছে। তেখেতে লগতে কয় যে আজিৰেপৰা বাবা কেদাৰনাথ, বদ্ৰীনাথ আৰু মা গংগাৰ আশীৰ্বাদত ৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতা আৰম্ভ হৈছে। উত্তৰাখণ্ড প্ৰতিষ্ঠাৰ ২৫ বছৰ হোৱা বুলি উল্লেখেৰে শ্ৰী মোদীয়ে কয় যে সমগ্ৰ দেশৰ যুৱক-যুৱতীসকলে এই ৰাজ্যখনত নিজৰ সামৰ্থ্য প্ৰদৰ্শন কৰিব। তেখেতে লগতে কয় যে এই অনুষ্ঠানত ‘এক ভাৰত, শ্ৰেষ্ঠ ভাৰত’ৰ এখন সুন্দৰ ছবি প্ৰদৰ্শিত হৈছে। তেখেতে আৰু কয় যে এইবাৰ ৰাষ্ট্ৰীয় ক্ৰীড়াত একাধিক স্থানীয় ক্ৰীড়া অন্তৰ্ভুক্ত হৈছে আৰু ইয়াৰ বিষয়বস্তু হৈছে ‘সেউজ ক্ৰীড়া’ (Green Games), কিয়নো ইয়াত পৰিবেশ-অনুকূল সামগ্ৰীৰ ব্যৱহাৰ কৰা হৈছে। এই বিষয়বস্ত সন্দৰ্ভত প্ৰধানমন্ত্ৰীগৰাকীয়ে আৰু কয় যে আনকি ইয়াৰ ট্ৰফী আৰু পদকসমূহো ই-ৱাষ্টেৰে তৈয়াৰ কৰা হৈছে আৰু প্ৰতিগৰাকী পদক বিজয়ীৰ নামত এটাকৈ গছপুলি ৰোপণ কৰা হ’ব, যি এক বৃহৎ পদক্ষেপ। তেখেতে ইয়াত এক সুন্দৰ প্ৰদৰ্শনৰ বাবে সকলো খেলুৱৈলৈ শুভেচ্ছা জ্ঞাপন কৰে। লগতে উত্তৰাখণ্ড চৰকাৰ আৰু জনসাধাৰণক এনে এক বৃহৎ অনুষ্ঠান আয়োজনৰ বাবে অভিনন্দন জনায়।

Chess champion Koneru Humpy meets Prime Minister

Chess champion Koneru Humpy meets Prime Minister

January 03rd, 08:42 pm

Chess champion Koneru Humpy met the Prime Minister, Shri Narendra Modi today. Lauding her for bringing immense pride to India, Shri Modi remarked that her sharp intellect and unwavering determination was clearly visible.

২০২৪ চনৰ ফিডে মহিলা বিশ্ব ৰেপিড চেম্পিয়নশ্বিপত জয়লাভ কৰাৰ বাবে প্ৰধানমন্ত্ৰীয়ে হাম্পী কনেৰুক অভিনন্দন জনাইছে

December 29th, 03:34 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ২০২৪ চনৰ ফিডে মহিলা বিশ্ব ৰেপিড চেম্পিয়নশ্বিপত জয়লাভ কৰা হাম্পী কনেৰুক অভিনন্দন জনায়। তেওঁ কনেৰুৰ দৃঢ়তা আৰু চমকপ্ৰদ প্ৰদৰ্শনক প্ৰশংসা কৰে, যিয়ে লাখ লাখ লোকক অনুপ্ৰাণিত কৰিছে। আন্তঃৰাষ্ট্ৰীয় দবা ফেডাৰেচনৰ এক্স হেণ্ডেলৰ এটা পোষ্টৰ উত্তৰত তেওঁ লিখিছে, “২০২৪ চনৰ FIDE মহিলা বিশ্ব ৰেপিড চেম্পিয়নশ্বিপ জয় কৰাৰ বাবে @humpy_koneru লৈ অভিনন্দন! তেওঁৰ দৃঢ়তা আৰু চমকপ্ৰদ প্ৰদৰ্শনে লাখ লাখ লোকক অনুপ্ৰাণিত কৰিছে। এই জয় আৰু অধিক ঐতিহাসিক কাৰণ ই তেওঁৰ দ্বিতীয়টো বিশ্ব ৰেপিড চেম্পিয়নশ্বিপ খিতাপ, যাৰ ফলত তেওঁ এই অবিশ্বাস্য কৃতিত্ব অৰ্জন কৰা একমাত্ৰ ভাৰতীয় হিচাপে পৰিগণিত হৈছে।”

দবা চেম্পিয়ন গুকেশ ডিয়ে প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰে

December 28th, 06:34 pm

দবা চেম্পিয়ন গুকেশ ডিয়ে আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে। শ্ৰী মোদীয়ে তেওঁৰ দৃঢ়তা আৰু নিষ্ঠাৰ প্ৰশংসা কৰে আৰু কয় যে তেওঁৰ আত্মবিশ্বাস সঁচাকৈয়ে অনুপ্ৰেৰণাদায়ক। তেওঁ মন্তব্য কৰি কয় যে তেওঁলোকৰ কথোপকথন আজি যোগ আৰু ধ্যানৰ ৰূপান্তৰণশীল সম্ভাৱনাক লৈ চলিছিল।

বিশ্বৰ আটাইতকৈ কম বয়সীয়া দবা চেম্পিয়ন হিচাপে পৰিগণিত হোৱাৰ বাবে গুকেশ ডিক অভিনন্দন প্ৰধানমন্ত্ৰীৰ

December 12th, 07:35 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিশ্বৰ আটাইতকৈ কম বয়সীয়া দবা চেম্পিয়ন হিচাপে পৰিগণিত হোৱাৰ বাবে গুকেশ ডিক অভিনন্দন জ্ঞাপন কৰে। তেওঁ তেওঁৰ এই কৃতিত্বক ঐতিহাসিক আৰু আদৰ্শমূলক বুলি প্ৰশংসা কৰে।

PM Modi congratulates Arjun Erigaisi for crossing 2800 mark in live chess ratings

October 27th, 11:08 am

The Prime Minister Shri Narendra Modi today congratulated Indian Chess Grandmaster Arjun Erigaisi for crossing the 2800 mark in live chess ratings.

৪৫ তম দবা অলিম্পিয়াডৰ মুকলি আৰু মহিলা দুয়োটা শ্ৰেণীতে স্বৰ্ণ জয় কৰা ভাৰতীয় দলক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা

September 23rd, 01:15 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৪৫ সংখ্যক দবা অলিম্পিয়াডৰ মুকলি আৰু মহিলা দুয়োটা শ্ৰেণীতে স্বৰ্ণ জয় কৰাৰ বাবে ভাৰতীয় দলটোক প্ৰশংসা কৰে। তেওঁ উল্লেখযোগ্য সাফল্যৰ বাবে পুৰুষ আৰু মহিলা দবা দলক অভিনন্দন জনায়।

সংবিধান আৰু গণতান্ত্ৰিক ব্যৱস্থাৰ ওপৰত অটল বিশ্বাস পুনৰ দৃঢ় কৰাৰ বাবে দেশবাসীলৈ কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ: মন কী বাlত প্ৰধানমন্ত্ৰী মোদী

June 30th, 11:00 am

ফেব্ৰুৱাৰী মাহৰ পৰা এতিয়ালৈকে, যেতিয়াই মাহটোৰ শেষৰ দেওবাৰটো আহিছিল, তেতিয়াই আপোনালোকৰ লগত এই বাৰ্তালাপৰ অভাৱ অনুভৱ কৰিছিলোঁ। কিন্তু মোৰ এইটো দেখি বহুত ভাল লাগিছিল যে এই মাহবোৰত আপোনালোকে মোলৈ লাখ লাখ মেছেজ পঠালে। 'মন কী বাত' ৰেডিঅ' অনুষ্ঠানটো কেইমাহমানৰ বাবে বন্ধ হৈ থাকিলেও কিন্তু 'মান কী বাত'ৰ উচাহ দেশত, সমাজত, প্ৰতিদিনে ভাল কাম, নিস্বাৰ্থ মনোভাৱেৰে কৰা কাম, সমাজৰ কামৰ ওপৰত ইতিবাচক প্ৰভাৱ-অবিৰতভাৱে চলি থাকিল। নিৰ্বাচনৰ খবৰৰ মাজতে নিশ্চয় মনটোক চুই যোৱা এইবোৰ খবৰ আপোনালোকে লক্ষ্য কৰিছে।

প্ৰধান মন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ প্ৰাপকসকলৰ সৈতে মত-বিনিময় প্ৰধানমন্ত্ৰীৰ

January 23rd, 06:01 pm

আজি আগবেলা প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৭ লোক কল্যাণ মাৰ্গস্থিত তেখেতৰ বাসগৃহত প্ৰধান মন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ (PMRBP) প্ৰাপকসকলৰ সৈতে মত-বিনিময় কৰে।

তামিলনাডুৰ চেন্নাইত অনুষ্ঠিত খেল’ ইণ্ডিয়া ইয়ুথ গেমছৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

January 19th, 06:33 pm

তামিলনাডুৰ ৰাজ্যপাল শ্ৰী আৰ. এন. ৰবি জী, মুখ্যমন্ত্ৰী শ্ৰী এম. কে. ষ্টেলিন জী, কেন্দ্ৰীয় কেবিনেটত মোৰ সতীৰ্থ অনুৰাগ ঠাকুৰ, এল. মুৰুগান আৰু তামিলনাডু চৰকাৰৰ মন্ত্ৰী উধয়ানিধি ষ্টেলিন আৰু ভাৰতৰ ভিন্ন প্ৰান্তৰপৰা ইয়ালৈ অহা মোৰ যুৱ বন্ধুসকল।

PM inaugurates opening ceremony of the Khelo India Youth Games 2023 in Chennai, Tamil Nadu

January 19th, 06:06 pm

Prime Minister Narendra Modi inaugurated the opening ceremony of the Khelo India Youth Games 2023 in Chennai, Tamil Nadu. Addressing the gathering, the Prime Minister welcomed everyone to the 13th Khelo India Games and said that it is a great way to begin 2024. He said that the people gathered on the occasion represent a young India, a new India whose energy is taking the country to new heights in the world of sports. He extended his best wishes to all athletes and sports lovers who have arrived in Chennai from across the country.

মন কী বাত, ডিচেম্বৰ ২০২৩

December 31st, 11:30 am

বন্ধুসকল, ‘মন কী বাত’ শুনি বহুতে মোক লিখি নিজৰ স্মৰণীয় মুহূৰ্তবোৰ শ্বেয়াৰ কৰিছে। এশ চল্লিশ কোটি ভাৰতীয়ৰ শক্তি এই যে এইবাৰ আমাৰ দেশে বহু বিশেষ তাৎপৰ্যপূৰ্ণ সাফল্য লাভ কৰিছে। এই বছৰতে ‘নাৰী শক্তি বন্দন আইন’ গৃহীত হয় যিটো বহু বছৰ ধৰি অপেক্ষা কৰি আছিল। ভাৰত পঞ্চম বৃহত্তম অৰ্থনৈতিক শক্তি হিচাপে পৰিগণিত হোৱাৰ লগে লগে বহু লোকে আনন্দ প্ৰকাশ কৰি চিঠি লিখিছিল। বহুতে মোক জি-২০ সন্মিলনৰ সফলতাৰ কথা সোঁৱৰাই দিছিল৷ বন্ধুসকল, আজি ভাৰতৰ প্ৰতিটো কোণত আত্মবিশ্বাসেৰে ভৰপূৰ, উন্নত ভাৰতৰ চিন্তাত, আত্মনিৰ্ভৰশীলতাৰ চিন্তাত আকৰ্ষিত। ২০২৪ চনত আমি এই চিন্তা আৰু প্ৰভাৱ বজাই ৰখাটো প্ৰয়োজন। দীপাৱলীৰ অভিলেখ পৰিমাণ সামগ্ৰী বিক্ৰীয়ে প্ৰমাণ কৰিলে যে প্ৰতিজন ভাৰতীয়ই ‘ভোকেল ফৰ লোকেল’ মন্ত্ৰক মূল্য দিয়ে।

ফিডে গ্ৰেণ্ড ছুইছ অ’পেনত শীৰ্ষ স্থান ভাৰতৰ

November 06th, 08:23 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ফিডে গ্ৰেণ্ড ছুইছ অপেনত বিদিত গুজৰাটী আৰু বৈশালীয়ে অৰ্জন কৰা অনবদ্য জয়ৰ বাবে অভিনন্দন জ্ঞাপন কৰিছে৷

এছিয়ান পেৰা গেমছত দবাত ব্ৰঞ্জৰ পদক লাভৰ বাবে কিষাণ গাংগোলীক অভিনন্দন প্ৰধানমন্ত্ৰীৰ

October 28th, 08:48 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি হাংঝু এছিয়ান পেৰা গেমছত পুৰুষৰ দবা বি২ শাখাত ব্ৰঞ্জৰ পদক লাভৰ বাবে কিষাণ গাংগোলীক অভিনন্দন জ্ঞাপন কৰে।

এছিয়ান পেৰা গেমছৰ দবাত ব্ৰঞ্জৰ পদক লাভ কৰাৰ বাবে হিমন্তী ৰথী, সংস্কৃতি মোৰে, ব্ৰুতি জৈনক অভিনন্দন প্ৰধানমন্ত্ৰীৰ

October 28th, 08:45 pm

হাংঝৌত চলি থকা এছিয়ান পেৰা গেমছৰ মহিলা দবাৰ বি ১ শাখাৰ দলত আজি ব্ৰঞ্জৰ পদক লাভ কৰাৰ বাবে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে হিমাংশী ৰথী, সংস্কৃতি মোৰে আৰু ব্ৰুতি জৈনক অভিনন্দন জনায়।

‘এছিয়ান পেৰা গে’মছ’ত দবা খেল প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক জয় কৰা কিষাণ গাংগোলী, আৰ্যন যোশী, সোমেন্দ্ৰক অভিনন্দন জনায় প্ৰধানমন্ত্ৰীয়ে

October 28th, 08:44 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি হাংঝৌ ‘এছিয়ান পেৰা গেমছ’ত পুৰুষৰ ‘দবা বি-২’ শ্ৰেণীৰ দলত ব্ৰঞ্জৰ পদক অৰ্জন কৰাৰ বাবে কিষাণ গাংগোলী, আৰ্যন যোশী আৰু সোমেন্দ্ৰক অভিনন্দন জ্ঞাপন কৰে।

এছিয়ান পেৰা গেমছৰ দবাত ব্ৰঞ্জৰ পদক জয়ৰ বাবে অশ্বিনী মাকৱানাক অভিনন্দন প্ৰধানমন্ত্ৰীৰ

October 28th, 08:38 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি হাংঝৌত অনুষ্ঠিত এছিয়ান পেৰা গেমছত পুৰুষৰ দবা বি-১ শাখাত ব্ৰঞ্জৰ পদক জয়ৰ বাবে অশ্বিনী মাকৱানাক অভিনন্দন জনাইছে।

এছিয়ান পেৰা গেমছত দবাত সোণৰ পদক লাভ কৰা দৰ্পন ইনানীক প্ৰধানমন্ত্ৰীৰ অভিনন্দন

October 28th, 11:50 am

আজি হাংঝু এছিয়ান পেৰা গেমছত পুৰুষৰ দবাত স্বৰ্ণ পদক লাভৰ বাবে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দৰ্পন ইনানীক অভিনন্দন জনায়।

এছিয়ান পেৰা গেমছৰ দবাত ৰূপৰ পদক জয়ৰ বাবে সৌন্দৰ্য প্ৰধানক অভিনন্দন প্ৰধানমন্ত্ৰীৰ

October 28th, 11:46 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি হাংঝৌৰ এছিয়ান গেমছৰ পুৰুষৰ দবাত ৰূপৰ পদক জয়ৰ বাবে সৌন্দৰ্য প্ৰধানক অভিনন্দন জ্ঞাপন কৰিছে৷