ভাৰতৰ পুনৰ চন্দ্ৰলৈ গমন : এইবাৰ চন্দ্ৰত অৱতৰণ কৰাৰ পিছত পৃথিৱীলৈ উভতি আহিব

September 18th, 04:32 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটে চন্দ্ৰত সফলতাৰে অৱতৰণ কৰাৰ পাছত পৃথিৱীলৈ ঘূৰি অহা প্ৰযুক্তিৰ বিকাশ আৰু প্ৰদৰ্শনৰ বাবে চন্দ্ৰযান-৪ নামৰ চন্দ্ৰ অভিযানত অনুমোদন জনাইছে। এই চন্দ্ৰযান-৪ অভিযানে চন্দ্ৰত ভাৰতীয় অৱতৰণৰ বাবে (২০৪০ চনৰ ভিতৰত পৰিকল্পনা কৰা) প্ৰযুক্তিৰ সামৰ্থ্য প্ৰাপ্ত কৰিব আৰু সুৰক্ষিতভাৱে পৃথিৱীলৈ উভতি আহিব। ডকিং/আনডকিং, অৱতৰণ, পৃথিৱীলৈ সুৰক্ষিত প্ৰত্যাৱৰ্তন আৰু লগতে চন্দ্ৰৰ নমুনা সংগ্ৰহ আৰু বিশ্লেষণ সম্পাদন কৰাৰ বাবে প্ৰয়োজনীয় মুখ্য প্ৰযুক্তিবোৰ প্ৰদৰ্শন কৰা হ'ব।