ভাৰত-অষ্ট্ৰিয়াৰ বৰ্দ্ধিত অংশীদাৰিত্ব সন্দৰ্ভত যুটীয়া বিবৃতি

July 10th, 09:15 pm

চেঞ্চেলৰ কাৰ্ল নেহাম্মাৰৰ আমন্ত্ৰণক্ৰমে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৪ চনৰ ৯ আৰু ১০ জুলাইত চৰকাৰী ভ্ৰমণসূচীৰে অষ্ট্ৰিয়া ভ্ৰমণ কৰে। এই ভ্ৰমণকালত প্ৰধানমন্ত্ৰীয়ে অষ্ট্ৰিয়াৰ ৰাষ্ট্ৰপতি মহামহিম আলেকজেণ্ডাৰ ভান ডাৰ বেলেনক সাক্ষাৎ কৰাৰ লগতে চেঞ্চেলৰ নেহাম্মাৰৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হয়। ৪১ বছৰৰ পিছত কোনো এগৰাকী ভাৰতীয় প্ৰধানমন্ত্ৰীৰ এয়া আছিল প্ৰথমটো অষ্ট্ৰিয়া ভ্ৰমণ। এই বছৰটো দুয়োখন দেশৰ মাজত স্থাপিত হোৱা কূটনৈতিক সম্পৰ্কৰ ৭৫ সংখ্যক বছৰ হিচাপেও চিহ্নিত হৈছে।

অষ্ট্ৰিয়াৰ চেন্সেলৰৰ সৈতে যুটীয়া প্ৰেছ বিজ্ঞপ্তিত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰেছ বিবৃতি

July 10th, 02:45 pm

প্ৰথমে মই মই উষ্ম আদৰণি আৰু আতিথ্যৰ বাবে চেঞ্চেলৰ নেহমাৰক ধন্যবাদ জনাইছো। মোৰ তৃতীয় কাৰ্যকালৰ আৰম্ভণিতে অষ্ট্ৰিয়া ভ্ৰমণ কৰাৰ সুযোগ পাইমই সুখী। মোৰ এই ভ্ৰমণ ঐতিহাসিক আৰু বিশেষ। ৪১ বছৰৰ পাছত কোনো ভাৰতীয় প্ৰধানমন্ত্ৰীয়ে অষ্ট্ৰিয়া ভ্ৰমণ কৰিছে। এইটোও এটা সুখকৰ সংযোগ যে এই ভ্ৰমণ এনে এটা সময়ত অনুষ্ঠিত হৈছে যেতিয়া আমাৰ পাৰস্পৰিক সম্পৰ্কৰ ৭৫ বছৰ সম্পূৰ্ণ হৈছে।

ৰাছিয়ান ফেডাৰেশ্যন আৰু অষ্ট্ৰিয়া গণৰাজ্যলৈ চৰকাৰী ভ্ৰমণৰ বাবে যোৱাৰ প্ৰাক ক্ষণত মাননীয় প্ৰধানমন্ত্ৰীয়ে দিয়া বিবৃতি

July 08th, 09:49 am

২২ সংখ্যক বাৰ্ষিক শীৰ্ষ সন্মিলনত অংশগ্ৰহণৰ উদ্দেশ্যে মই ৰাছিয়ান ফেডাৰেশ্যনলৈ বুলি চৰকাৰী ভ্ৰমণ আৰম্ভ কৰিছো আৰু পৰৱৰ্তী তিনিটা দিনত অষ্ট্ৰিয়া গণৰাজ্যলৈ হ’ব মোৰ প্ৰথমটো ভ্ৰমণ।