জয়পুৰ ‘চিপেট : পেট্ৰোকেমিকেলছ প্ৰযুক্তি প্ৰতিষ্ঠান’ উদ্বোধন কৰি দিয়া প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠ

September 30th, 11:01 am

কিছুবছৰ আগলৈকে দেশৰ চিকিত্সা ব্যৱস্থাৰ অৱস্থা কি আছিল আমি সকলোৱে দেখিছো। ২০০১চন, আজি মই, ২০বছৰৰ আগতে যেতিয়া মই গুজৰাটৰ মুখ্যমন্ত্ৰী হিচাপে সেৱা আগবঢ়োৱাৰ সুযোগ পাইছিলো, চিকিত্সাৰ স্থিতি তাতো বহুত প্ৰত্যাহ্বানপূৰ্ণই আছিল। সেয়া লাগিলে চিকিত্সা আন্তঃগাঁথনিয়েই হওক, চিকিত্সা বিজ্ঞানৰ শিক্ষাই হওক, অথবা চিকিত্সা প্ৰদানৰ ব্যৱস্থাপনাই হওক, সকলো ক্ষেত্ৰতে দ্ৰুত গতিৰে কাম কৰাৰ প্ৰয়োজন আছিল। আমি সেই প্ৰত্যাহ্বান স্বীকাৰ কৰি লৈছিলো আৰু সকলোৱে মিলি পৰিস্থিতি সলোৱাৰ প্ৰয়াস কৰিছিলো। গুজৰাটত সেই সময়ত ‘মুখ্যমন্ত্ৰী অমৃতম যোজনা’ৰ অধীনত দুখীয়া পৰিয়ালক ২লাখ টকা পৰ্যন্ত বিনামূলীয়া চিকিত্সা প্ৰদান ব্যৱস্থাৰ শুভাৰম্ভ কৰা হৈছিল। গৰ্ভৱতী মহিলাক হাস্পটালত প্ৰসৱ কৰোৱাৰ বাবে ‘চিৰঞ্জীৱি যোজনা’ৰ অধীনত উত্সাহিত কৰাৰ দিহা কৰা হৈছিল, যাৰ ফলত মাতৃ আৰু সন্তান উভয়ৰে জীৱন বচোৱাৰ ক্ষেত্ৰত অধিক সফলতা লাভ কৰিব পৰা গৈছিল। চিকিত্সাবিজ্ঞানৰ শিক্ষাৰ ক্ষেত্ৰতো যোৱা দুটা দশকৰ অশেষ প্ৰয়াসৰ সুবাদত গুজৰাটে চিকিত্সা মহাবিদ্যালয়সমূহত আসনৰ সংখ্যা প্ৰায় ৬গুণে বৃদ্ধি কৰিবলৈ সক্ষম হ’ল।

জয়পুৰত চিপেটঃ ইনষ্টিটিউট অফ পেট্র’কেমিকেলছ টেকন’ল’জিৰ উদ্বোধন প্ৰধানমন্ত্ৰীৰ

September 30th, 11:00 am

প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সযোগে জয়পুৰত চিপেট : ইনষ্টিটিউট অফ পেট্র’কেমিকেলছ টেকন’ল’জি উদ্বোধন কৰে৷ তেওঁ ৰাজস্থানৰ বাঁশৱাড়া, ছিৰোহি, হনুমানগড় আৰু দৌছা জিলাত ৪খন নতুন চিকিৎসা মহাবিদ্যালয়ৰ আধাৰশিলাও স্থাপন কৰে৷ প্রধানমন্ত্রীয়ে ৰাজস্থানৰ এই ৪খন চিকিৎসা মহাবিদ্যালয় আৰু চিপেট প্রতিষ্ঠানৰ বাবে ৰাজ্যবাসীক অভিনন্দন জনায়৷ তেওঁ কয় যে ২০১৪ চনৰ পাছত ৰাজস্থানৰ বাবে ২৩খন চিকিৎসা মহাবিদ্যালয় অনুমোদন দিছে কেন্দ্রীয় চৰকাৰে আৰু ৭খন চিকিৎসা মহাবিদ্যালয় ইতিমধ্যে আৰম্ভ কৰা হৈছে।