
অন্ধ্ৰপ্ৰদেশ (তিৰুপতি), ছত্তীশগড় (ভিলাই), জম্মু আৰু কাশ্মীৰ (জম্মু), কৰ্ণাটক (ধাৰৱাড়) আৰু কেৰালা (পালাক্কাড়) ত স্থাপিত পাঁচখন ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ (আই আই টি) শৈক্ষিক আৰু আন্তঃগাঁথনিৰ ক্ষমতা সম্প্ৰসাৰণত কেবিনেটৰ অনুমোদন
May 07th, 12:10 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেটে আজি ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চল অন্ধ্ৰপ্ৰদেশ (আই আই টি তিৰুপতি), কেৰালা (আই আই টি পালাক্কাড়), ছত্তীশগড় (আই আই টি ভিলাই), জম্মু-কাশ্মীৰ (আই আই টি জম্মু) আৰু কৰ্ণাটক (আই আই টি ধাৰৱাড়)ত স্থাপন কৰা পাঁচখন নতুন আই আই টিৰ শৈক্ষিক আৰু আন্তঃগাঁথনি ক্ষমতা (পৰ্যায়-'বি' নিৰ্মাণ) সম্প্ৰসাৰণত অনুমোদন জনাইছে।
ৰোজগাৰ মেলাৰ অধীনত ৫১,০০০ৰো অধিক নিযুক্তি পত্ৰ বিতৰণ কৰি প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
April 26th, 11:23 am
আজি কেন্দ্ৰীয় চৰকাৰৰ ভিন্ন বিভাগত ৫১ হাজাৰৰো অধিক যুৱক-যুৱতীক স্থায়ী চৰকাৰী পদৰ নিযুক্তি পত্ৰ প্ৰদান কৰা হৈছে। ইয়াৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰৰ বিভাগসমূহত আপোনালোকৰ দৰে যুৱ প্ৰজন্মৰ বাবে দায়িত্বৰ এক নতুন অধ্যায় আৰম্ভ হৈছে। ৰাষ্ট্ৰৰ অৰ্থনীতি সুদৃঢ় কৰাটো এতিয়া আপোনাৰ কৰ্তব্য; দেশৰ অভ্যন্তৰীণ নিৰাপত্তা শক্তিশালী কৰাটো আপোনাৰ কৰ্তব্য; ৰাষ্ট্ৰখনত আধুনিক আন্তঃগাঁথনি গঢ়ি তোলাটো আপোনাৰ কৰ্তব্য আৰু শ্ৰমিকসকলৰ জীৱনৰ মৌলিক অগ্ৰগতি সাধন কৰাটো আপোনালোকৰ কৰ্তব্য। আপোনাসৱে যিমানেই আন্তৰিকতাৰে আৰু সততাৰে কামবোৰ সম্পাদন কৰিব, সিমানেই ভাৰতৰ উন্নত ৰাষ্ট্ৰ হোৱাৰ যাত্ৰাত ইয়াৰ তাৎপৰ্য্যপূৰ্ণ আৰু ইতিবাচক প্ৰভাৱ পৰিব। মোৰ বিশ্বাস যে আপোনালোকে পৰম ভক্তিৰে নিজৰ দায়িত্ব পালন কৰিব।
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰোজগাৰ মেলা সম্বোধন কৰে
April 26th, 11:00 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে ৰোজগাৰ মেলাৰ কাৰ্য্যসূচী সম্বোধনেৰে ভিন্ন চৰকাৰী বিভাগ আৰু সংস্থাৰ নৱনিযুক্ত যুৱক-যুৱতীসকলৰ মাজত ৫১ হাজাৰৰো অধিক নিযুক্তি পত্ৰ বিতৰণ কৰে। ইয়াত সমবেতসকলক উদ্দেশ্যি তেখেতে কয় যে আজি ভাৰত চৰকাৰৰ ভিন্ন বিভাগত এই যুৱক-যুৱতীসকলৰ বাবে নতুন দায়িত্বৰ আৰম্ভণি ঘটিছে। তেখেতে কয় তেওঁলোকৰ কৰ্তব্যৰাজিৰ অন্যতম হৈছেঃ ৰাষ্ট্ৰৰ অৰ্থনৈতিক কাঠামোক সুদৃঢ়কৰণ, অভ্যন্তৰীণ নিৰাপত্তাক শক্তিশালীকৰণ, আধুনিক আন্তঃগাঁথনি নিৰ্মাণত অৰিহণা যোগোৱা, শ্ৰমিকৰ জীৱনৰ পৰিৱৰ্তন সাধন কৰা। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে তেওঁলোকে যি আন্তৰিকতাৰে নিজৰ দায়িত্ব পালন কৰে, সেই কাৰ্য্যই ভাৰতৰ উন্নত ৰাষ্ট্ৰ হোৱাৰ যাত্ৰাত ইতিবাচক প্ৰভাৱ পেলাব। তেখেতে আস্থা প্ৰকাশেৰে এই যুৱক-যুৱতীসকলে পৰম নিষ্ঠাৰে নিজৰ কৰ্তব্য পালন কৰিব বুলি উল্লেখ কৰে।আইএনএছ চুৰাট, আইএনএছ নীলগিৰি আৰু আইএনএছ বঘশ্বীৰৰ কমিচনিং অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
January 15th, 11:08 am
১৫ জানুৱাৰীৰ দিনটো সেনা দিৱস হিচাপে পালন কৰা হয়। মই দেশখনক ৰক্ষাৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰা প্ৰতিগৰাকী বীৰ জোৱানক প্ৰণাম জনাইছোঁ, ভাৰত মাতাক ৰক্ষাৰ কামত নিয়োজিত প্ৰতিগৰাকী বীৰ পুৰুষ-মহিলাক আজিৰ দিনটোত অভিনন্দন জনাইছোঁ।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ফ্ৰন্টলাইন নেভেলকম্বাটেন্টআইএনএছচুৰাট, আইএনএছনীলগিৰিআৰুআইএনএছবঘশ্বীৰৰাষ্ট্ৰলৈ উৎসৰ্গা কৰে
January 15th, 10:30 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মুম্বাইৰ নেভেল ডকয়াৰ্ডত তিনি ফ্ৰন্টলাইন নেভেলকম্বাটেন্ট আইএনএছ চুৰাট, আইএনএছ নীলগিৰি আৰু আইএনএছ বঘশ্বীৰ ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰে। ইয়াত সমবেতসকলক সম্বোধনেৰে শ্ৰী মোদীয়ে কয় যে ১৫ জানুৱাৰীৰ দিনটো সেনা দিৱস হিচাপে পালন কৰা হয় আৰু ৰাষ্ট্ৰৰ সুৰক্ষা তথা নিৰাপত্তাৰ বাবে প্ৰাণ আহুতি দিয়া প্ৰতিগৰাকী সাহসী যোদ্ধালৈ প্ৰণাম জনোৱা হয়। এই উপলক্ষে তেখেতে সকলো বীৰ যোদ্ধাকে অভিনন্দন জ্ঞাপন কৰে।PM Modi meets with Prime Minister of Trinidad and Tobago
November 21st, 10:42 pm
PM Modi met with Prime Minister Dr. Keith Rowley of Trinidad & Tobago during the 2nd India-CARICOM Summit in Georgetown, Guyana. PM Modi congratulated Dr. Rowley on adopting India’s UPI platform and assured continued collaboration on digital transformation. He also praised Rowley for co-hosting the ICC T20 Men’s Cricket World Cup.Cabinet approves construction of Varanasi-Pt.Deen Dayal Upadhyaya multitracking including new Rail-cum-Road Bridge across Ganga River
October 16th, 03:18 pm
The Union Cabinet, chaired by PM Modi, has approved a ₹2,642 crore multi-tracking project for the Ministry of Railways, aimed at easing congestion on the Varanasi-Pt. Deen Dayal Upadhyaya Junction route. This project will add 3rd and 4th railway lines, along with a new rail-cum-road bridge over the Ganga, enhancing capacity for both passenger and freight traffic. Aligned with the PM-Gati Shakti National Master Plan, it will boost regional development, create jobs, and support environmental goals.বাংলাদেশৰ প্ৰধানমন্ত্ৰীৰ ভাৰত ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীৰ প্ৰেছ বিবৃতি
June 22nd, 01:00 pm
প্ৰধানমন্ত্ৰী শ্বেখ হাচিনাজী আৰু তেওঁৰ প্ৰতিনিধি দললৈ উষ্ম আদৰণি জনাইছো। যোৱা এবছৰত আমি দহবাৰ লগ হৈছো। কিন্তু আজিৰ এই ভ্ৰমণ বিশেষ। কাৰণ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাজী আমাৰ চৰকাৰৰ তৃতীয় কাৰ্যকালত আমাৰ প্ৰথম ৰাজ্যিক অতিথি।লক্ষ্ণৌত ইউপি গ্ল'বেল ইনভেষ্টৰ্ছ ছামিটৰ চতুৰ্থ গ্ৰাউণ্ডব্ৰেকিং সমাৰোহত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ অসমীয়া অনুবাদ
February 19th, 03:00 pm
আজি আমি ইয়াত বিকশিত ভাৰতৰ বাবে বিকশিত উত্তৰ প্ৰদেশ গঢ়ি তোলাৰ সংকল্প লৈ একত্ৰিত হৈছোঁ। আৰু মোক কোৱা হৈছে যে বৰ্তমান প্ৰযুক্তিৰ জৰিয়তে আমাৰ সৈতে ইউপিৰ ৪০০ৰো অধিক বিধানসভা আসনত লাখ লাখ লোক এই কাৰ্যসূচীৰ সৈতে জড়িত হৈ আছে। প্ৰযুক্তিৰ জৰিয়তে এই কাৰ্যসূচীৰ সৈতে জড়িত মোৰ পৰিয়ালৰ এই সকলো সদস্যক মই আন্তৰিকতাৰে আদৰণি জনাইছোঁ। ৭-৮ বছৰ আগতে আমি কল্পনাও কৰিব পৰা নাছিলোঁ যে উত্তৰ প্ৰদেশতো বিনিয়োগ আৰু চাকৰিৰ সন্দৰ্ভত এনে পৰিৱেশৰ সৃষ্টি হ’ব। চৌদিশে অপৰাধ, দাঙ্গা, কাঢ়ি নিয়াৰ খবৰ আহিছিল। সেই সময়ছোৱাত যদি কোনোবাই ক’লেহেঁতেন যে ইউপিক বিকশিত কৰিম, হয়তো কোনেও শুনিবলৈ সাজু নহ’লহেঁতেন, বিশ্বাস কৰাৰ কোনো প্ৰশ্নই উত্থাপন নহ’লহেঁতেন। কিন্তু চাওক আজি, লাখ লাখ কোটি টকাৰ বিনিয়োগ উত্তৰ প্ৰদেশৰ মাটিত অৱতৰণ কৰিছে। আৰু মই উত্তৰ প্ৰদেশৰ সাংসদ। আৰু মোৰ উত্তৰ প্ৰদেশত যেতিয়া কিবা এটা ঘটে তেতিয়া মই আটাইতকৈ বেছি সুখী অনুভৱ কৰোঁ। আজি হাজাৰ হাজাৰ প্ৰকল্পৰ কাম আৰম্ভ হৈছে। এইবোৰ কাৰখানা যিবোৰ আহি আছে, এই উদ্যোগবোৰে যিবোৰ আহি আছে, সেইবোৰে ইউপিৰ ছবি সলনি কৰিবলৈ গৈ আছে। মই সকলো বিনিয়োগকাৰীক, আৰু বিশেষকৈ ইউপিৰ সকলো যুৱক-যুৱতীলৈ অভিনন্দন জনাইছোঁ।উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত ‘বিকশিত ভাৰত বিকশিত উত্তৰ প্ৰদেশ’ কাৰ্যসূচী সম্বোধন কৰে প্ৰধানমন্ত্ৰীয়ে
February 19th, 02:30 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি লক্ষ্ণৌত ‘বিকশিত ভাৰত বিকশিত উত্তৰ প্ৰদেশ’ কাৰ্যসূচীত ভাষণ দিয়ে। তেওঁ ২০২৩ চনৰ ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত ‘ইউপি গ্লোবেল ইনভেষ্টৰ্ছ ছামিট ২০২৩’ৰ ‘চতুৰ্থ গুৰুত্বপূৰ্ণ অনুষ্ঠান’ত উত্তৰ প্ৰদেশত ১০ লাখ কোটি টকাৰো অধিক মূল্যৰ ১৪০০০ প্ৰকল্পৰ শুভাৰম্ভ ঘোষণা কৰে। প্ৰকল্পসমূহ উৎপাদন, নৱীকৰণযোগ্য শক্তি, তথ্য প্ৰযুক্তি আৰু আইটিইএছ, খাদ্য সংসাধন, গৃহ নিৰ্মাণ আৰু ‘ৰিয়েল এষ্টেট’, আতিথ্য আৰু মনোৰঞ্জন, আৰু শিক্ষাৰ দৰে খণ্ডৰ সৈতে সম্পৰ্কিত।তিৰুচিৰাপল্লীৰ ভাৰতীদছন বিশ্ববিদ্যালয়ৰ ৩৮সংখ্যক সমাৱৰ্তন অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
January 02nd, 11:30 am
তামিলনাডুৰ ৰাজ্যপাল থিৰু আৰএন ৰবি জী, মুখ্যমন্ত্ৰী থিৰু এম কে ষ্টেলিন জী, ভাৰতীদছন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য থিৰু এম ছেলভান জী, মোৰ যুৱ বন্ধুসকল আৰু বিশ্ববিদ্যালয়ৰ কৰ্মচাৰীসকল,প্ৰধানমন্ত্ৰীয়ে তামিলনাডুৰ তিৰুচিৰাপল্লীত ভাৰতীদাসন বিশ্ববিদ্যালয়ৰ ৩৮ সংখ্যক দীক্ষান্ত সমাৰোহত ভাষণ দিয়ে
January 02nd, 10:59 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি তামিলনাডুৰ তিৰুচিৰাপল্লীত ভাৰতীদাসন বিশ্ববিদ্যালয়ৰ ৩৮ সংখ্যক দীক্ষান্ত সমাৰোহত ভাষণ দিয়ে। তেওঁ বিশ্ববিদ্যালয়খনৰ মেধাৱী ছাত্ৰ-ছাত্ৰীসকলক বঁটাও প্ৰদান কৰে।গ্ল’বেল মেৰিটাইম ইণ্ডিয়া ছামিট ২০২৩ ত প্ৰধানমন্ত্ৰীৰ ভাষণ অসমীয়া অনুবাদ
October 17th, 11:10 am
গ্ল’বেল মেৰিটাইম ইণ্ডিয়া ছামিটৰ তৃতীয় সংস্কৰণলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। ইয়াৰ আগতে ২০২১ চনত লগ পোৱাৰ সময়ত সমগ্ৰ বিশ্বই ক’ৰোনাৰ অনিশ্চয়তাই আগুৰি ধৰিছিল। কৰ’নাৰ পিছত পৃথিৱীখন কেনেকুৱা হ'ব কোনেও গম পোৱা নাছিল। কিন্তু আজি বিশ্বত এক নতুন বিশ্বব্যৱস্থা গঢ় লৈ উঠিছে আৰু এই পৰিৱৰ্তিত বিশ্বব্যৱস্থাত সমগ্ৰ বিশ্বই নতুন আকাংক্ষাৰে ভাৰতৰ ফালে চাই আছে। অর্থনৈতিক সংকটেৰে আগুৰি থকা পৃথিৱীখনত ভাৰতৰ অর্থনীতি অহৰহ শক্তিশালী হৈ আছে৷ ভাৰত বিশ্বৰ শীৰ্ষ ৩ খন অৰ্থনৈতিক শক্তিৰ ভিতৰত অন্যতম হোৱাৰ দিনটোলৈ আৰু বেছি পৰ নাই। আমি সকলোৱে জানো যে বিশ্বৰ সৰ্বোচ্চ বাণিজ্য কেৱল সাগৰীয় পথৰ জৰিয়তেহে হয়। ক’ৰোনাৰ পিছৰ জগতখনত আজি বিশ্বক নিৰ্ভৰযোগ্য আৰু স্থিতিস্থাপক যোগান শৃংখলৰ প্ৰয়োজনো। সেইবাবেই গ্ল’বেল মেৰিটাইম ইণ্ডিয়া ছামিটৰ এই সংস্কৰণটো অতি গুৰুত্বপূৰ্ণ হৈ পৰিছে।প্ৰধানমন্ত্ৰীয়ে গ্ল’বেল মেৰিটাইম ইণ্ডিয়া ছামিট, ২০২৩ উদ্বোধন কৰে
October 17th, 10:44 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে মুম্বাইত গ্ল’বেল মেৰিটাইম ইণ্ডিয়া ছামিট, ২০২৩ৰ তৃতীয় সংস্কৰণৰ শুভাৰম্ভ কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে ভাৰতৰ সামুদ্ৰিক সুনীল অৰ্থনীতিৰ ৰূপৰেখা ‘অমৃত কাল ভিজন, ২০৪৭’ উন্মোচন কৰে। এই ভৱিষ্যৎ পৰিকল্পনাৰে সংগতি ৰাখি, প্ৰধানমন্ত্ৰীগৰাকীয়ে ভাৰতীয় সামুদ্ৰিক সুনীল অৰ্থনীতিৰ বাবে ‘অমৃত কাল ভিজন, ২০৪৭’ৰে সংগতিপূৰ্ণ ২৩,০০০ কোটি টকাৰো অধিক মূল্যৰ প্ৰকল্পৰাজি উদ্বোধন, ৰাষ্ট্ৰলৈ উৎসৰ্গা আৰু আধাৰশিলা স্থাপন কৰে। এই সন্মিলনে দেশখনৰ সামুদ্ৰিক খণ্ডত বিনিয়োগক আকৰ্ষণৰ বাবে এক উৎকৃষ্ট মঞ্চ প্ৰশস্ত কৰিছে।নুমলীগড় শোধনাগাৰৰ সম্প্ৰসাৰণ প্ৰকল্পৰ ১ম অ’ভাৰ ডাইমেনচনেল কাৰ্গ’ আৰু অ'ভাৰ ওৱেট কাৰ্গ'ত প্ৰধানমন্ত্ৰীৰ সন্তোষ প্ৰকাশ
April 14th, 08:59 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰত-বাংলাদেশ প্ৰট'কল ৰুটেদি পাণ্ডু মাল্টিমডেল প'ৰ্টত উপস্থিত হোৱা নুমলীগড় শোধনাগাৰৰ সম্প্ৰসাৰণ প্ৰকল্পৰ ১ম অ'ভাৰ ডাইমেনচনেল কাৰ্গ' আৰু অ'ভাৰ ওৱেট কাৰ্গ'ত সন্তোষ প্ৰকাশ কৰিছে।ৰাষ্ট্ৰীয় ৰোজগাৰ মেলাত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ অসমীয়া অনুবাদ
April 13th, 10:43 am
আজি পবিত্ৰ বৈশাখী উৎসৱ। মই বৈশাখীৰ শুভেচ্ছা জনাইছোঁ। এই আনন্দময় উৎসৱত আজি কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন বিভাগত ৭০ হাজাৰৰো অধিক যুৱক-যুৱতীয়ে চৰকাৰী চাকৰি লাভ কৰিছে। আপোনালোক সকলো যুৱক-যুৱতীক, আপোনাসৱৰ পৰিয়ালৰ সদস্যসকলক বহুত অভিনন্দন জনাইছোঁ আৰু আপোনাসৱৰ উজ্জ্বল ভৱিষ্যতৰ বাবে বহুতো শুভেচ্ছা জনাইছোঁ।প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰীয় ৰোজগাৰ মেলাত ভাষণ প্ৰদান কৰে
April 13th, 10:30 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' কনফাৰেঞ্চৰ জৰিয়তে ৰাষ্ট্ৰীয় ৰোজগাৰ মেলাত ভাষণ প্ৰদান কৰে। তেওঁ বিভিন্ন চৰকাৰী বিভাগ আৰু সংগঠনত নতুনকৈ অন্তৰ্ভুক্ত হোৱা নিযুক্তিপ্ৰাপ্ত সকলক প্ৰায় ৭১,০০০ নিযুক্তি পত্ৰ বিতৰণ কৰে। সমগ্ৰ দেশৰ পৰা বাছনি কৰা নতুন নিযুক্তিপ্ৰাপ্ত লোকসকলে ভাৰত চৰকাৰৰ অধীনৰ বিভিন্ন পদ/পদসমূহত যোগদান কৰিব যেনে ৰে’ল মেনেজাৰ, ষ্টেচন মাষ্টাৰ, জ্যেষ্ঠ বাণিজ্যিক তথা টিকট ক্লাৰ্ক, পৰিদৰ্শক, উপ পৰিদৰ্শক, কনিষ্টবল, ষ্টেনোগ্ৰাফাৰ, কনিষ্ঠ একাউণ্টেণ্ট, ডাক সহায়ক, আয়কৰ পৰিদৰ্শক, কৰ সহায়ক, জেই/চুপাৰভাইজাৰ, সহকাৰী অধ্যাপক, শিক্ষক, লাইব্ৰেৰিয়ান, নাৰ্ছ, প্ৰবেচনৰী বিষয়া, পিএ, এমটিএছ ইত্যাদি। নতুনকৈ অন্তৰ্ভুক্ত হোৱা নিযুক্তিপ্ৰাপ্ত সকলে কৰ্মযোগী প্ৰাৰম্ভৰ জৰিয়তে নিজকে প্ৰশিক্ষণ দিবলৈ সক্ষম হ'ব, যি হৈছে বিভিন্ন চৰকাৰী বিভাগৰ সকলো নতুন নিযুক্তিৰ বাবে এক অনলাইন অভিমুখীকৰণ পাঠ্যক্ৰম। প্ৰধানমন্ত্ৰীৰ ভাষণৰ সময়ত মেলাৰ সৈতে ৪৫ টা স্থান সংযুক্ত কৰা হৈছিল।Social justice is not means of political sloganeering but an “Article of Faith for us: PM Modi on BJP Sthapana Divas
April 06th, 09:40 am
PM Modi addressed the Foundation Day celebrations of the BJP. He said, “BJP is born as a tribute to India’s democracy and will always strive to strengthen India’s democracy and its Constitutional values. BJP through its progressive mindset has always envisaged Sabka Saath, Sabka Vishwas, and Sabka Prayas.”BJP Commemorates Sthapana Divas, PM Modi appreciates the role, support, and efforts of the party Karyakartas in this journey
April 06th, 09:30 am
PM Modi addressed the Foundation Day celebrations of the BJP. He said, “BJP is born as a tribute to India’s democracy and will always strive to strengthen India’s democracy and its Constitutional values. BJP through its progressive mindset has always envisaged Sabka Saath, Sabka Vishwas, and Sabka Prayas.”মুখ্য বন্দৰসমূহৰ দ্বাৰা নতুন অভিলেখ স্থাপনক উচ্চ প্ৰসংশা প্ৰধানমন্ত্ৰীৰ
April 04th, 10:24 am
২০২২-২৩ বিত্তীয় বৰ্ষত বছৰি ১০.৪ শতাংশ বৃদ্ধিৰ সৈতে বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰালয়ৰ অধীনৰ মুখ্য বন্দৰসমূহে কাৰ্গো পৰিচালনাৰ লক্ষ্য অতিক্ৰম কৰি নতুন অভিলেখ স্থাপন কৰাক লৈ আনন্দ প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।