সংবিধান আমাৰ পথ প্ৰদৰ্শকঃ মন কী বাতত প্ৰধানমন্ত্ৰী মোদী

December 29th, 11:30 am

‘মন কী বাত’ৰ এইটো খণ্ডত প্ৰধানমন্ত্ৰী মোদীয়ে ‘সংবিধানৰ ৭৫ সংখ্য বাৰ্ষিকী’ আৰু প্ৰয়াগৰাজত অনুষ্ঠিতব্য ‘মহাকুম্ভ’ৰ প্ৰস্তুতিকে ধৰি ভাৰতৰ সাফল্যসমূহৰ বিষয়ে উল্লেখ কৰে। তেওঁ ‘বস্তৰ অলিম্পিক’ৰ সফলতাৰ প্ৰশংসা কৰে আৰু ‘আয়ুষ্মান ভাৰত আঁচনি’ৰ অধীনত মেলেৰিয়া নিৰ্মূল আৰু কৰ্কট ৰোগৰ চিকিৎসাৰ ক্ষেত্ৰত হোৱা অগ্ৰগতিৰ দৰে গুৰুত্বপূৰ্ণ স্বাস্থ্য সফলতাৰ কথাও উল্লেখ কৰে। তদুপৰি, তেওঁ উৰিষ্যাৰ কালাহাণ্ডিত সম্পাদিত হোৱা কৃষি বিপ্লৱৰো প্ৰশংসা কৰে।

দ্বিতীয় ভাৰত-কেৰিকম সন্মিলনত প্ৰধানমন্ত্ৰীৰ মুকলি ভাষণৰ লিখিত ৰূপ

November 21st, 02:15 am

মোৰ বন্ধু ৰাষ্ট্ৰপতি ইৰফান আলী আৰু প্ৰধানমন্ত্ৰী ডিকন মিচেলৰ সৈতে দ্বিতীয় ভাৰত-কেৰিকম সন্মিলন আয়োজন কৰি মই অপৰিসীম আনন্দ লাভ কৰিছো। কেৰিকম পৰিয়ালৰ সকলো সদস্যক আন্তৰিকতাৰে আদৰণি জনাইছো আৰু বিশেষকৈ এই সন্মিলনৰ উৎকৃষ্ট আয়োজনৰ বাবে ৰাষ্ট্ৰপতি ইৰফান আলীক ধন্যবাদ জনাইছো।

PM Modi attends Second India CARICOM Summit

November 21st, 02:00 am

PM Modi and Grenada PM Dickon Mitchell co-chaired the 2nd India-CARICOM Summit in Georgetown. PM Modi expressed solidarity with CARICOM nations for Hurricane Beryl's impact and reaffirmed India's commitment as a reliable partner, focusing on development cooperation aligned with CARICOM's priorities.

Fact Sheet: Quad Countries Launch Cancer Moonshot Initiative to Reduce the Burden of Cancer in the Indo-Pacific

September 22nd, 12:03 pm

The Quad countries—US, Australia, India, and Japan—launched the Quad Cancer Moonshot to combat cervical cancer in the Indo-Pacific. This initiative aims to strengthen cancer care by enhancing health infrastructure, promoting HPV vaccination, increasing screenings, and expanding treatment. During the Quad Leaders' Cancer Moonshot event, India commited to providing HPV sampling kits, detection tools and cervical cancer vaccines worth $7.5 million to the Indo-Pacific region.

কৰ্কট ৰোগ নিৰাময়ৰ বাবে আন্তঃগাঁথনি শক্তিশালী কৰাৰ প্ৰচেষ্টাৱলীৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

September 01st, 08:11 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কৰ্কট ৰোগ নিৰাময়ৰ বাবে আন্তঃগাঁথনি শক্তিশালী কৰাৰ প্ৰচেষ্টাৱলীৰ প্ৰশংসা কৰে৷

চিকবল্লাপুৰত শ্ৰী মধুসূদন সাই ইনষ্টিটিউট অৱ মেডিকেল ছায়েন্স এণ্ড ৰিচাৰ্চৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ পূৰ্ণপাঠ

March 25th, 11:40 am

ইমান উদ্যম আৰু উৎসাহেৰে আপোনালোক সকলোৱে বহু সপোন আৰু নতুন সংকল্পৰে সেৱাৰ এই মহান ধাৰাটোৰ সৈতে জড়িত হৈ আছে, তাৰ বাবে আপোনাসৱৰ শলাগ লৈছোঁ। আপোনাসৱক লগ পোৱাটোও মোৰ বাবে পৰম সৌভাগ্যৰ কথা। আপোনাসৱৰ ওচৰত মই অতিশয় কৃতজ্ঞ। চিকবল্লাপুৰ আধুনিক ভাৰতৰ অন্যতম স্থপতি ছাৰ এম. বিশ্বেশ্বৰায়ৰ জন্মস্থান। ক্ষন্তেক পূৰ্বে মই ছাৰ বিশ্বেশ্বৰায়ৰ সমাধিস্থলত পুষ্পাঞ্জলি অৰ্পণৰ লগতে তেওঁৰ সংগ্ৰহালয় দৰ্শনৰ সৌভাগ্য লাভ কৰিলোঁ। এই পবিত্ৰ ভূমিক প্ৰণাম জনাইছোঁ। এই পৱিত্ৰ ভূমিৰপৰা প্ৰেৰণা লৈ কৃষক আৰু সাধাৰণ লোকৰ বাবে তেওঁ নতুন-নতুন উদ্ভাৱন, উৎকৃষ্ট অভিযান্ত্ৰিক প্ৰকল্প গঢ়িছিল।

কৰ্ণাটকৰ চিক্কাবল্লাপুৰত শ্ৰী মধুসুদন সাই চিকিৎসা বিজ্ঞান আৰু গৱেষণা প্ৰতিষ্ঠান উদ্বোধন প্ৰধানমন্ত্ৰীৰ

March 25th, 11:30 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি চিক্কাবল্লাপুৰত শ্ৰী মধুসুদন সাই চিকিৎসা বিজ্ঞান আৰু গৱেষণা প্ৰতিষ্ঠান উদ্বোধন কৰে। এছএমএছআইএমএছআৰে সকলোকে চিকিৎসা শিক্ষা আৰু মানসম্পন্ন চিকিৎসা সেৱা-সম্পূৰ্ণ বিনামূলীয়াকৈ প্ৰদান কৰিব। ২০২৩ চনৰ শিক্ষাবৰ্ষত এই প্ৰতিষ্ঠানটোৰ কাৰ্য-কাজ আৰম্ভ হ’ব।

পঞ্জাৱৰ মোহলিস্থিত হোমি ভাবা কেন্সাৰ হাস্পতাল আৰু গৱেষণা কেন্দ্ৰত প্ৰধানমন্ত্ৰীৰ ভাষণৰ লিখিত ৰূপ

August 24th, 06:06 pm

পঞ্জাৱৰ ৰাজ্যপাল শ্ৰী বানৱাৰী লাল পুৰোহিত জী, মুখ্যমন্ত্ৰী শ্ৰী ভগৱন্ত মান জী, কেন্দ্ৰীয় কেবিনেটত মোৰ সহযোগী ড° জিতেন্দ্ৰ সিং জী, সংসদত মোৰ সহযোগী মনীষ তেৱাৰী জী, সকলো চিকিৎসক, গৱেষক, পেৰামেডিকেল, অন্যান্য কৰ্মচাৰী আৰু পঞ্জাৱৰ প্ৰত্যেক কোণৰ পৰা অহা মোৰ মৰমৰ ভগ্নী আৰু ভাতৃসকল!

PM dedicates Homi Bhabha Cancer Hospital & Research Centre to the Nation at Sahibzada Ajit Singh Nagar (Mohali)

August 24th, 02:22 pm

PM Modi dedicated Homi Bhabha Cancer Hospital & Research Centre to the Nation at Mohali in Punjab. The PM reiterated the government’s commitment to create facilities for cancer treatment. He remarked that a good healthcare system doesn't just mean building four walls. He emphasised that the healthcare system of any country becomes strong only when it gives solutions in every way, and supports it step by step.

২৪ আগষ্টত হাৰিয়াণা আৰু পাঞ্জাৱ ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে

August 22nd, 01:55 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ২৪ আগষ্ট, ২০২২ত হাৰিয়াণা আৰু পাঞ্জাৱ ভ্ৰমণ কৰিব। সেইদিনা প্ৰধানমন্ত্ৰীয়ে দুখন চিকিত্সা প্ৰতিষ্ঠানৰ দ্বাৰ উন্মোচন কৰাৰ লগতে প্ৰতিষ্ঠান দুখন ৰাষ্ট্ৰৰ নামত উচৰ্গা কৰিব। সেই দিনা দিনৰ ১১ বজাত প্ৰধানমন্ত্ৰীয়ে হাৰিয়াণাৰ ফৰিদাবাদত ‘অমৃতা হাস্পটাল’ৰ শুভ উদ্বোধন ঘোষণা কৰিব। তাৰ পিচতে তেওঁ চণ্ডীগড়ৰ ‘চাহিবজাদা অজিত্ সিং নগৰ’(মোহালী)লৈ যাব আৰু দুপৰীয়া প্ৰায় ২.১৫ বজাত মুল্লানপুৰত স্থাপন কৰা ‘হোমি ভাবা কেন্সাৰ হাস্পটাল তথা গৱেষণা প্ৰতিষ্ঠান’খন ৰাষ্ট্ৰৰ নামত উচৰ্গা কৰিব।

Modernization and accessibility of healthcare facilities is critical for empowerment of poor: PM

June 10th, 01:07 pm

PM Modi inaugurated A.M. Naik Healthcare Complex and Nirali Multi Speciality Hospital in Navsari. He also virtually inaugurated the Kharel education complex. The PM said modernization and accessibility of healthcare facilities is critical for empowerment and ease of life of the poor. “We have focussed on a holistic approach during the last 8 years for improving the country's health sector”, he said.

নৱসাৰীত এ.এম. নায়ক হেল্থকেয়াৰ কমপ্লেক্স আৰু নিৰালী মাল্টি স্পেচিয়েলিটি হস্পিটেল উদ্বোধন কৰে প্ৰধানমন্ত্ৰীয়ে

June 10th, 01:00 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নৱসাৰীত এ.এম.নায়ক হেল্থকেয়াৰ কমপ্লেক্স আৰু নিৰালী মাল্টি স্পেচিয়েলিটি হস্পিটেল উদ্বোধন কৰে। তেওঁ খাৰেল শিক্ষা কমপ্লেক্সটোও ভাৰ্চুৱেলী উদ্বোধন কৰে। অনুষ্ঠানত গুজৰাটৰ মুখ্যমন্ত্ৰী শ্ৰী ভূপেন্দ্ৰভাই পেটেলৰ সৈতে আন ভালেমান গণ্য-মান্য লোক উপস্থিত আছিল।

Our government is making unprecedented investments on health infrastructure: PM Modi

April 28th, 02:30 pm

PM Modi inaugurated seven cancer hospitals in Assam. The project has been executed by Assam Cancer Care Foundation, a joint venture of Government of Assam and Tata Trusts. The hospitals will augment healthcare capacities in the region. PM Modi said, There was a time, even one hospital getting opened up in seven years was a thing to celebrate. Times have changed now. I've been told three more cancer hospitals will be ready for your service in few months.

প্ৰধানমন্ত্ৰীয়ে সাতখন কৰ্কট ৰোগ চিকিৎসালয় দেশবাসীলৈ উৎসৰ্গা কৰে আৰু সমগ্ৰ অসমত সাতখন নতুন কৰ্কট চিকিৎসালয়ৰ আধাৰশিলা স্থাপন কৰে

April 28th, 02:29 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ডিব্ৰুগড়ত অনুষ্ঠিত এক অনুষ্ঠানত অসমত সাঁতখন কৰ্কট ৰোগৰ চিকিৎসালয় দেশবাসীলৈ বুলি উৎসৰ্গা কৰে। এই কৰ্কট ৰোগৰ চিকিৎসালয়সমূহ ডিব্ৰুগড়, কোকৰাঝাৰ, বৰপেটা, দৰং, তেজপুৰ, লখিমপুৰ আৰু যোৰহাটত নিৰ্মাণ কৰা হৈছে। নতুন চিকিৎসালয়খনৰ চৌহদ পৰিদৰ্শন কৰাৰ সময়ত প্ৰধানমন্ত্ৰীয়ে দিনটোৰ আৰম্ভণিতে ডিব্ৰুগড় চিকিৎসালয়খন ৰাষ্ট্ৰবাসীলৈ উৎসৰ্গা কৰে। প্ৰধানমন্ত্ৰীয়ে প্ৰকল্পটোৰ দ্বিতীয় পৰ্যায়ৰ অধীনত নিৰ্মাণ হ'ব লগীয়া ধুবুৰী, নলবাৰী, গোৱালপাৰা, নগাঁও, গুৱাহাটী, তিনিচুকীয়া আৰু গোলাঘাটত সাতখন নতুন কৰ্কট চিকিৎসালয়ৰ আধাৰশিলা স্থাপন কৰে। এই অনুষ্ঠানত উপস্থিত আছিল অসমৰ ৰাজ্যপাল শ্ৰী জগদীশ মুখী, অসমৰ মুখ্যমন্ত্ৰী শ্ৰী হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱাল, শ্ৰী ৰামেশ্বৰ তেলী, প্ৰাক্তন মুখ্য ন্যায়াধীশ তথা ৰাজ্যসভাৰ সদস্য শ্ৰী ৰঞ্জন গগৈ আৰু বিশিষ্ট উদ্যোগপতি শ্ৰী ৰতন টাটা ৷

২৮ এপ্ৰিলত অসম ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে

April 26th, 07:05 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৮ এপ্ৰিলত অসম ভ্ৰমণ কৰিব। পুৱা প্ৰায় ১১:০০ বজাত তেওঁ কাৰ্বি আংলং জিলাৰ ডিফুত 'শান্তি, একতা আৰু উন্নয়ন ৰেলী' সম্বোধন কৰিব। এই কাৰ্যসূচীৰ সময়তে তেওঁ শিক্ষা খণ্ডৰ বিভিন্ন প্ৰকল্পৰ আধাৰশিলাও স্থাপন কৰিব। তাৰ পিছতে বিয়লি প্ৰায় ১:৪৫ বজাত প্ৰধানমন্ত্ৰীয়ে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত উপস্থিত হৈ ডিব্ৰুগড় কৰ্কট চিকিৎসালয় দেশবাসীক উৎসৰ্গা কৰিব। ইয়াৰ পিছত, আবেলি প্ৰায় ৩ বজাত তেওঁ ডিব্ৰুগড়ৰ খনিকৰ খেলপথাৰত আয়োজিত এক ৰাজহুৱা অনুষ্ঠানত অংশগ্ৰহণ কৰিব আৰু ছয়খন কৰ্কট চিকিৎসালয় দেশবাসীৰ বাবে উৎসৰ্গা কৰিব। ইয়াৰ লগতে প্ৰধানমন্ত্ৰীয়ে আৰু সাতখন নতুন কৰ্কট চিকিৎসালয়ৰ আধাৰশিলা স্থাপন কৰিব।

কে কে পেটেল ছুপাৰ স্পেচিয়েলিটী হাস্পটাল’ৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ

April 15th, 11:01 am

আপোনালোক সকলোকে মোৰ ফালৰ পৰা জয় স্বামী নাৰায়ণ! মোৰ প্ৰিয় ভাই-ভনীসকল কেনে আছে? আপোনালোক কুশলে আছে নহয়? আজি ‘কে কে ছুপাৰ স্পেচিয়েলিটী হাস্পটাল’ আমাৰ সেৱাৰ বাবে উচৰ্গিত হ’ব। এই উপলক্ষে মই আপোনালোক সকলোলৈকে শুভকামনা জ্ঞাপন কৰিছো।

ভুজৰ কে কে পেটেল চুপাৰ স্পেচিয়েলিটি হস্পিটেল দেশবাসীক উৎসৰ্গা কৰে প্ৰধানমন্ত্ৰীয়ে

April 15th, 11:00 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে গুজৰাটৰ ভুজত কে কে পেটেল চুপাৰ স্পেচিয়েলিটি হস্পিটেল দেশবাসীৰ উদ্দেশ্যে উৎসৰ্গা কৰে। চিকিৎসালয়খন ভুজৰ শ্ৰী কচ্ছি লেভা পেটেল সমাজে নিৰ্মাণ কৰিছে। অনুষ্ঠানটোত গুজৰাটৰ মুখ্যমন্ত্ৰী শ্ৰী ভূপেন্দ্ৰভাই পেটেলো উপস্থিত আছিল।

ড০ দেৱেন্দ্ৰ পেটেলৰ মৃত্যুত প্ৰধানমন্ত্ৰীৰ শোক

April 05th, 02:59 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰখ্যাত অনকো-ছাৰ্জন ড০ দেৱেন্দ্ৰ পেটেলৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰীয়ে স্বাস্থ্য আন্তঃগাথনি আৰু কৰ্কট সেৱাৰ উদগণি যোগোৱাৰ ক্ষেত্ৰত ড০ পেটেলৰ অৰিহণাক স্মৰণ কৰে।

জন ঔষধি যোজনাৰ উপভোক্তাসকলৰ সৈতে প্ৰধানমন্ত্ৰীৰ মতবিনিময়ৰ লিখিত ৰূপ

March 07th, 03:24 pm

মোৰ বাবে এয়া এক আনন্দৰ কথা যে দেশৰ ভিন্ন প্ৰান্তৰ লোকৰ সৈতে আজি মনবিনিময়ৰ সুযোগ পাইছো। আমাৰ এই অভিযানৰ সৈতে জড়িত প্ৰতিগৰাকী ব্যক্তিৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰিছো। একাংশ সতীৰ্থক আজি সন্মানিত কৰিবলৈ পাই চৰকাৰে সৌভাগ্য অনুভৱ কৰিছে। জন ঔষধি দিৱসত মই আপোনালোক সকলোকে শুভেচ্ছা জনাইছো।

জন ঔষধি যোজনাৰ সুবিধাভোগীসকলৰ সৈতে প্রধানমন্ত্রীৰ মতবিনিময়

March 07th, 02:07 pm

প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে আজি ভিডিও কনফাৰেন্সৰ মাধ্যমত জন ঔষধি কেন্দ্রৰ মালিক আৰু সুবিধাভোগীসকলৰ সৈতে মতবিনিময় কৰিছে। জেনেৰিক ঔষধৰ ব্যৱহাৰ আৰু জন ঔষধি পৰিকল্পনাৰ সুফল সম্পর্কে সচেতনতা সৃষ্টিৰ বাবে এক মার্চৰ পৰা সমগ্ৰ দেশত জন ঔষধি সপ্তাহ পালিত হৈছে। এই অনুষ্ঠানৰ বিষয় ভাবনা হ'ল – “জন ঔষধি-জনউপযোগী”। অনুষ্ঠানত উপস্থিত আছিল কেন্দ্রীয় মন্ত্রী ডঃ মনসুখ মাণ্ডাভিয়া।