মহাৰাষ্ট্ৰত ৫১১ টা প্ৰমোদ মহাজন গ্ৰামীণ কৌশল্য বিকাশ কেন্দ্ৰৰ শুভাৰম্ভণী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
October 19th, 05:00 pm
পৱিত্ৰ নৱৰাত্ৰি চলি আছে। আজি মাৰ পঞ্চম ৰূপ, স্কন্দমাতাৰ উপাসনাৰ দিন। প্ৰতিগৰাকী মাতৃয়ে ইচ্ছা কৰে যে তেওঁৰ সন্তানে সুখ আৰু সফলতা লাভ কৰক। সুখ আৰু সফলতাৰ এই প্ৰাপ্তি কেৱল শিক্ষা আৰু দক্ষতাৰ জৰিয়তেহে সম্ভৱ। এনে এক পৱিত্ৰ সময়ত, মহাৰাষ্ট্ৰৰ আমাৰ পুত্ৰ আৰু কন্যাসকলৰ দক্ষতা বিকাশৰ বাবে ইমান ডাঙৰ কাৰ্যসূচী আৰম্ভ কৰা হৈছে। আৰু মোৰ সন্মুখত বহি থকা লাখ লাখ যুৱক-যুৱতী, আৰু যিসকলে এই দক্ষতা বিকাশৰ পথত আগবাঢ়ি যাবলৈ দৃঢ় সংকল্প লৈছে, মই নিশ্চয় ক'ব লাগিব যে আজিৰ এই ৰাতিপুৱা তেওঁলোকৰ জীৱনত মংগল প্ৰভাত হৈ পৰিছে। মহাৰাষ্ট্ৰত ৫১১ টা গ্ৰাম্য কৌশল্য বিকাশ কেন্দ্ৰ স্থাপন হবলৈ গৈ আছে।মহাৰাষ্ট্ৰত ৫১১ টা ‘প্ৰমোদ মহাজন গ্ৰামীণ কৌশল্য বিকাশ কেন্দ্ৰ’ মুকলি কৰে প্ৰধানমন্ত্ৰীয়ে
October 19th, 04:30 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ‘ভিডিঅ' কনফাৰেন্স’ৰ জৰিয়তে মহাৰাষ্ট্ৰত ৫১১ টা ‘প্ৰমোদ মহাজন গ্ৰামীণ কৌশল্য বিকাশ কেন্দ্ৰ’ মুকলি কৰে। মহাৰাষ্ট্ৰৰ ৩৪ খন গ্ৰাম্য জিলাত স্থাপিত এই কেন্দ্ৰসমূহে গ্ৰাম্যাঞ্চলৰ যুৱক-যুৱতীসকলক নিযুক্তিৰ সুযোগ প্ৰদান কৰাৰ বাবে বিভিন্ন খণ্ডত দক্ষতা বিকাশ প্ৰশিক্ষণ কাৰ্যসূচী পৰিচালনা কৰিব।হায়দৰাবাদত বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ সূচনা কৰি প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ পাঠ
April 08th, 12:30 pm
তেলেংগনাৰ গৱৰ্ণৰ তমিলসাই সৌন্দৰৰাজন জী, কেন্দ্ৰীয় মন্ত্ৰীসভাৰ মোৰ সতীৰ্থ অশ্বিনী বৈষ্ণৱ জী, এই তেলেংগনা ভূমিৰেই সন্তান তথা মন্ত্ৰীসভাৰ মোৰ সতীৰ্থ শ্ৰী জি কিষান ৰেড্ডী জী, বহুত ডাঙৰ সংখ্যাত অহা তেলেংগনাৰ মোৰ মৰমৰ ভাতৃ আৰু ভগ্নীসকল,তেলেংগানাৰ হায়দৰাবাদত ১১,৩০০ কোটি টকাৰো অধিক মূল্যৰ বিভিন্ন প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু ৰাষ্ট্ৰৰ উচৰ্গা প্ৰধানমন্ত্ৰীৰ
April 08th, 12:10 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি তেলেংগানাৰ হায়দৰাবাদৰ পেৰেড খেলপথাৰত ১১,৩০০ কোটি টকাৰো অধিক মূল্যৰ বিভিন্ন প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে আৰু ৰাষ্ট্ৰৰ নামত উচৰ্গা কৰে। এই প্ৰকল্পসমূহৰ ভিতৰত হায়দৰাবাদৰ এইমছ বিবিনগৰৰ আধাৰশিলা স্থাপন, ৫টা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু ছেকেন্দৰাবাদ ৰে’লৱে ষ্টেচনৰ পুনৰ উন্নয়নৰ কামো আছে। তেওঁ ৰে’লৱেৰ সৈতে জড়িত অন্যান্য কেতবোৰ উন্নয়নমূলক প্ৰকল্প ৰাষ্ট্ৰৰ নামত উচৰ্গা কৰিৰে৷ ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰীয়ে হায়দৰাবাদৰ ছেকেন্দৰাবাদ ৰে’লৱে ষ্টেচনতো ছেকেন্দৰাবাদ-তিৰুপতি বন্দে ভাৰত এক্সপ্ৰেছ পতাকা জোকাৰি শুভাৰম্ভ কৰে।ভূপাল আৰু নতুন দিল্লীৰ মাজত চলাচল কৰিবলগীয়া ‘বন্দে ভাৰত এক্সপ্ৰেছ’ ৰে’লগাড়ীৰ যাত্ৰা মুকলি কৰি দিয়া প্ৰধানমন্ত্ৰীৰ ভাষণৰ পূৰ্ণ পাঠ
April 01st, 03:51 pm
মধ্যপ্ৰদেশৰ ৰাজ্যপাল শ্ৰী মংগুভাই পেটেল, মুখ্যমন্ত্ৰী শ্ৰী শিৱৰাজ জী, ৰে'লমন্ত্ৰী অশ্বিনী জী, গণ্যমান্য ব্যক্তিসকল আৰু বৃহত্ সংখ্যাত আহি ইয়াত উপস্থিত হোৱা ভূপালৰ মোৰ মৰমৰ!মধ্যপ্ৰদেশৰ ভূপালৰ ৰাণী কমলাপতি ষ্টেচনত বন্দে ভাৰত এক্সপ্ৰেছৰ শুভাৰম্ভ প্ৰধানমন্ত্ৰীৰ ইন্দোৰত ৰাম নৱমীত দুৰ্ঘটনাত প্ৰাণ হেৰুওৱাসকলৰ প্ৰতি শোক প্ৰকাশ
April 01st, 03:30 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মধ্যপ্ৰদেশৰ ভূপালৰ ৰাণী কমলাপতি ৰে’লৱে ষ্টেচনত ভূপাল-নতুন দিল্লীৰ মাজৰ বন্দে ভাৰত এক্সপ্ৰেছ ৰে’লৰ পতাকা জোকাৰি শুভাৰম্ভ কৰে। সভাস্থলীত উপস্থিত হোৱাৰ লগে লগে প্ৰধানমন্ত্ৰীয়ে ৰাণী কমলাপতি-নতুন দিল্লী বন্দে ভাৰত এক্সপ্ৰেছ পৰিদৰ্শন কৰাৰ লগতে ৰে’লৰ শিশু আৰু কৰ্মচাৰীসকলৰ সৈতেও মত বিনিময় কৰে।“মহিলাৰ অৰ্থনৈতিক সশক্তিকৰণ” সন্দৰ্ভত বাজেট-পৰৱৰ্তী ৱেবিনাৰত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
March 10th, 10:23 am
২০৪৭ চনৰ ভিতৰত উন্নত ভাৰত গঢ়াৰ লক্ষ্য পূৰণ কৰাৰ আৰম্ভণি হিচাপে এই বছৰৰ বাজেটক ৰাষ্ট্ৰই বিবেচনা কৰাটো আমাৰ সকলোৰে বাবে অতি আনন্দৰ বিষয়। ভৱিষ্যতৰ 'অমৃতকাল'ৰ দৃষ্টিকোণৰ পৰা বাজেটখন চোৱা আৰু পৰীক্ষা কৰা হৈছে। এইটো দেশৰ বাবে এটা ভাল লক্ষণ যে দেশৰ নাগৰিকসকলেও পৰৱৰ্তী ২৫ বছৰক এই লক্ষ্যসমূহ পূৰণৰ আধাৰ হিচাপে চাই আছে।“মহিলাৰ অৰ্থনৈতিক সবলীকৰণ” বিষয়ক বাজেটোত্তৰ ৱেবিনাৰত প্ৰধানমন্ত্ৰীৰ ভাষণ
March 10th, 10:00 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে “মহিলাৰ অৰ্থনৈতিক সৱলীকৰণ” বিষয়ক বাজেটোত্তৰ ৱেবিনাৰত ভাষণ আগবঢায়৷ ২০২৩ৰ কেন্দ্ৰীয় বাজেটত ঘোষণা কৰা পদক্ষেপসমূহ ফলপ্ৰসূভাৱে ৰূপায়ণৰ বাবে ধাৰণা আৰু পৰামৰ্শ বিচাৰি চৰকাৰে আয়োজন কৰা ১২খন বাজেটোত্তৰ ৱেবিনাৰৰ এয়া একাদশ সংখ্যক ৱেবিনাৰ।বিত্তীয় খণ্ডৰ ওপৰত পোষ্ট বাজেট ৱেবিনাৰত প্ৰধানমন্ত্ৰীৰ ভাষণ পাঠৰ অসমীয়া ৰূপান্তৰ
March 07th, 10:14 am
পোষ্ট বাজেট ৱেবিনাৰৰ জৰিয়তে, চৰকাৰে বাজেট ৰূপায়ণত সামূহিক মালিকীস্বত্ব আৰু সমান অংশীদাৰিত্বৰ এক শক্তিশালী পথ নিৰ্ধাৰণ কৰি আছে। এই ৱেবিনাৰত আপোনাৰ মতামত আৰু পৰামৰ্শবোৰ যথেষ্ট গুৰুত্বপূৰ্ণ। মই আপোনালোক সকলোকে এই ৱেবিনাৰলৈ স্বাগতম জনাইছো।‘বিকাশৰ সুযোগ সৃষ্টিৰ বাবে বিত্তীয় সেৱাৰ দক্ষতা বৃদ্ধি’ শীৰ্ষক বাজেটোত্তৰ ৱেবিনাৰত প্ৰধানমন্ত্ৰীৰ ভাষণ
March 07th, 10:00 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ‘বিকাশৰ সুযোগ সৃষ্টিৰ বাবে বিত্তীয় সেৱাৰ দক্ষতা বৃদ্ধি’ বিষয়ক বাজেটোত্তৰ ৱেবিনাৰত ভাষণ আগবঢ়ায়। ২০২৩ৰ কেন্দ্ৰীয় বাজেটত ঘোষণা কৰা পদক্ষেপসমূহ ফলপ্ৰসূভাৱে ৰূপায়ণৰ বাবে ধাৰণা আৰু পৰামৰ্শ বিচাৰি চৰকাৰে আয়োজন কৰা ১২খন ৱেবিনাৰৰ এই দশমখন ধাৰাবাহিক ৱেবিনাৰ।‘গুজৰাট ৰোজগাৰ মেলা’ সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভিডিঅ’ বাৰ্তাৰ পাঠ
March 06th, 04:35 pm
চৌদিশে হোলী উত্সৱৰ গুঞ্জন শুনিবলৈ পোৱা গৈছে। আপোনালোক আটাইলৈকে হোলীৰ বহুত বহুত শুভকামনা জ্ঞাপন কৰিছো। আজিৰ অনুষ্ঠানটোৱে হাজাৰ হাজাৰ পৰিয়ালৰ বাবে হোলীৰ দৰে গুৰুত্বপূৰ্ণ উৎসৱৰ আনন্দ বহুগুণে বৃদ্ধি কৰিব। এয়া গুজৰাটত কিছুদিনৰ ভিতৰতে আয়োজিত হোৱা দ্বিতীয়খন চাকৰি মেলা। এই কামৰ বাবে মই আমাৰ মুখ্যমন্ত্ৰী শ্ৰীভূপেন্দ্ৰ ভাই আৰু তেওঁৰ গোটেই দলটোকে অভিনন্দন জনাইছো।প্ৰধানমন্ত্ৰীয়ে গুজৰাট ৰোজগাৰ মেলাত ভাষণ প্ৰদান কৰে
March 06th, 04:15 pm
সমবেত লোকসকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে হোলী উৎসৱ নিচেই ওচৰত আৰু গুজৰাট ৰোজগাৰ মেলাৰ সংগঠনে তেওঁলোকৰ নিযুক্তি পত্ৰ লাভ কৰা সকলৰ বাবে উৎসৱৰ আনন্দ দুগুণ কৰিব। গুজৰাটত দ্বিতীয়বাৰৰ বাবে ৰোজগাৰ মেলা অনুষ্ঠিত হৈছে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে যুৱপ্ৰজন্মৰ বাবে নিৰন্তৰ সুযোগ প্ৰদান কৰা আৰু দেশৰ উন্নয়নত তেওঁলোকৰ সম্ভাৱনা কঢ়িয়াই অনাৰ ক্ষেত্ৰত চৰকাৰৰ প্ৰতিশ্ৰুতিৰ কথা উল্লেখ কৰে। প্ৰধানমন্ত্ৰীয়ে আনন্দ প্ৰকাশ কৰে যে কেন্দ্ৰীয় চৰকাৰ আৰু এনডিএ ৰাজ্য চৰকাৰৰ সকলো বিভাগে সৰ্বাধিক সংখ্যক চাকৰি প্ৰদানৰ বাবে নিৰন্তৰে কাম কৰি আছে। কেন্দ্ৰীয় চৰকাৰৰ উপৰিও প্ৰধানমন্ত্ৰীয়ে জানিবলৈ দিয়ে যে এনডিএ শাসিত ১৪ খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলত নিৰন্তৰভাৱে নিযুক্তি মেলাৰ আয়োজন কৰা হৈছে। তেওঁ বিশ্বাস ব্যক্ত কৰে যে নতুন দায়িত্ব গ্ৰহণ কৰা যুৱক-যুৱতীসকলে সম্পূৰ্ণ নিষ্ঠা আৰু ভক্তিৰে অমৃত কালৰ সংকল্প সমূহ পূৰণ কৰাত অৰিহণা যোগাব।‘স্বাস্থ্য আৰু চিকিৎসা গৱেষণা’ বিষয়ত বাজেট-পৰৱৰ্তী ৱেবিনাৰত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
March 06th, 10:30 am
স্বাস্থ্যসেৱাক ক’ভিডৰ পূৰ্বৰ সময় আৰু মহামাৰীটোৰ পিছৰ সময়, উভয়ৰে প্ৰেক্ষাপটত চাব লাগে। এনে দুৰ্য্যোগৰ পৰিপ্ৰেক্ষিতত সমৃদ্ধিশালী দেশৰ উন্নত ব্যৱস্থাও অৱনমিত হৈছে, সেই কথা বিশ্ববাসীয়ে প্ৰত্যক্ষ কৰিছে আৰু ইয়াৰ জৰিয়তে শিকিছে। স্বাস্থ্যসেৱাৰ ক্ষেত্ৰত বিশ্বই এতিয়া পূৰ্বতকৈ অধিক মনোনিৱেশ কৰিছে যদিও ভাৰতৰ এই পন্থা কেৱল স্বাস্থ্যসেৱাৰ ক্ষেত্ৰতে সীমাবদ্ধ নহয়। বৰঞ্চ আমি এখোজ আগুৱাই গৈ সামগ্ৰিক সুস্থতাৰ বাবে কাম কৰিছো। আমি বিশ্বৰ আগত এক দৃষ্টিভংগী দেখুৱাইছো আৰু সেয়া হ’ল ‘এক বিশ্ব-এক স্বাস্থ্য’। ক’ৰোনা বিশ্ব মহামাৰীয়ে যোগান শৃংখলৰ গুৰুত্ব সম্পৰ্কেও কৈছে। মহামাৰীটো ভৰপক পৰ্য্যায়ত থাকোতে ঔষধ, ভেকচিন, চিকিৎসা সঁজুলিৰ দৰে জীৱন ৰক্ষাকাৰী সামগ্ৰীসমূহ প্ৰধান আহিলা হৈ উঠিছিল। যোৱা কেইবছৰমানৰ বাজেটত এই সকলোবোৰ বিষয়ত ভাৰতে যথেষ্ট গুৰুত্ব আৰোপ কৰিছে। বিদেশৰ ওপৰত ভাৰতৰ নিৰ্ভৰশীলতা ন্যূনতম কৰিবলৈ আমি অহৰহ চেষ্টা কৰি আছো। গতিকে এই ক্ষেত্ৰত সকলো অংশীদাৰৰে এক গুৰুত্বপূৰ্ণ ভূমিকা আছে।স্বাস্থ্য আৰু চিকিৎসা গৱেষণাৰ বিষয়ক বাজেটোত্তৰ ৱেবিনাৰত প্ৰধানমন্ত্ৰীৰ ভাষণ
March 06th, 10:00 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ‘স্বাস্থ্য আৰু চিকিৎসা গৱেষণা’ বিষয়ক বাজেটোত্তৰ ৱেবিনাৰত ভাষণ আগবঢ়ায়। ২০২৩ চনৰ কেন্দ্ৰীয় বাজেটত ঘোষণা কৰা পদক্ষেপসমূহ ফলপ্ৰসূভাৱে ৰূপায়ণৰ বাবে ধাৰণা আৰু পৰামৰ্শ বিচাৰি চৰকাৰে আয়োজন কৰা এইখন বাজেটোত্তৰ ১২টা ৱেবিনাৰৰ ভিতৰত নৱমখন ৱেবিনাৰ।‘মিচন ম’ডত পৰ্যটনৰ বিকাশ’ শীৰ্ষক বাজেটোত্তৰ ৱেবিনাৰত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
March 03rd, 10:21 am
এই ৱেবিনাৰত উপস্থিত থকা সকলো গণ্যমান্য ব্যক্তিলৈ স্বাগতম জনাইছো। আজিৰ নতুন ভাৰত নতুন কৰ্ম-সংস্কৃতিৰে আগবাঢ়িছে। এইবাৰো বাজেটখনে যথেষ্ট সঁহাৰি লাভ কৰিছে, দেশবাসীয়ে ইয়াক অতি ইতিবাচকভাৱে লৈছে। পুৰণি কৰ্ম সংস্কৃতি থাকিলে এনে বাজেট ৱেবিনাৰৰ কথা কোনেও নাভাবিলেহেঁতেন। কিন্তু আজি আমাৰ চৰকাৰে বাজেটৰ আগত আৰু পিছত প্ৰতিজন অংশীদাৰৰ সৈতে বিতংভাৱে আলোচনা কৰে, তেওঁলোকক লগত লৈ যাবলৈ চেষ্টা কৰে। বাজেটৰ সৰ্বোচ্চ ফলাফল কেনেকৈ পাব, নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত বাজেট কেনেকৈ কাৰ্যকৰী কৰিব লাগে, এই ৱেবিনাৰে বাজেটত নিৰ্ধাৰিত লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত অনুঘটক হিচাপে কাম কৰে। আপোনালোকেও জানে যে চৰকাৰৰ মুৰব্বী হিচাপে কাম কৰা মোৰ ২০ বছৰতকৈও অধিক অভিজ্ঞতা আছে। এই অভিজ্ঞতাৰ এটা দিশ হ’ল যেতিয়া সকলো অংশীদাৰেই কোনো নীতিগত সিদ্ধান্তৰ সৈতে জড়িত হয়, তেতিয়া আকাংক্ষিত ফলাফলো নিৰ্ধাৰিত সময়সীমাৰ ভিতৰতে আহে। আমি দেখিছোঁ যে যোৱা কেইদিনমানত অনুষ্ঠিত ৱেবিনাৰ সমূহত আমাৰ লগত সহস্ৰাধিক লোকে যোগদান কৰিছিল। গোটেই দিনটোত সকলোৱে অতি গভীৰভাৱে মগজুৰ খটুৱাই থাকিল আৰু মই ক’ব পাৰো যে ভৱিষ্যতৰ বাবে অতি গুৰুত্বপূৰ্ণ পৰামৰ্শ আহিছিল আৰু আহিছিল। বাজেটত যিটো গুৰুত্ব দিয়া হৈছে আৰু তাৰ পৰা বহুত ভাল পৰামৰ্শ ওলাই আহিল যে কেনেকৈ আগবাঢ়িব লাগে। এতিয়া আজি আমি দেশৰ পৰ্যটন খণ্ডৰ সজীৱতাৰ বাবে এই বাজেট ৱেবিনাৰখন কৰি আছো।প্ৰধানমন্ত্ৰীয়ে 'মিছন মোডত পৰ্যটনৰ বিকাশ' সন্দৰ্ভত পোষ্ট- বাজেট ৱেবিনাৰত ভাষণ প্ৰদান কৰে
March 03rd, 10:00 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে 'মিছন মোডত পৰ্যটনৰ বিকাশ' বিষয়ত পোষ্ট বাজেট ৱেবিনাৰত ভাষণ প্ৰদান কৰে। কেন্দ্ৰীয় বাজেট ২০২৩-ত ঘোষণা কৰা পদক্ষেপবোৰ কাৰ্যকৰীভাৱে ৰূপায়ণ কৰাৰ বাবে ধাৰণা আৰু পৰামৰ্শ বিচাৰি চৰকাৰে আয়োজন কৰা ১২ টা বাজেট-পৰৱৰ্তী ৱেবিনাৰৰ শৃংখলাৰ ভিতৰত ই সপ্তমটো শৃংখলা।'প্ৰযুক্তি ব্যৱহাৰ কৰি জীৱন যাপনৰ সহজতা' শীৰ্ষক পোষ্ট বাজেট ৱেবিনাৰত প্ৰধানমন্ত্ৰীৰ ভাষণ পাঠৰ অসমীয়া ৰূপান্তৰ
February 28th, 10:05 am
ৰাষ্ট্ৰীয় বিজ্ঞান দিৱসত আজিৰ বাজেট ৱেবিনাৰৰ বিষয়বস্তু অতি গুৰুত্বপূৰ্ণ। একবিংশ শতিকাৰ পৰিৱৰ্তনশীল ভাৰতে ইয়াৰ নাগৰিকসকলক প্ৰযুক্তিৰ শক্তিৰে নিৰন্তৰ শক্তিশালী কৰি আহিছে। বিগত বছৰবোৰত আমাৰ চৰকাৰৰ প্ৰতিটো বাজেটত প্ৰযুক্তিৰ সহায়ত দেশবাসীৰ জীৱনধাৰণৰ সহজতা বৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। এই বাজেটতো, প্ৰযুক্তিবিদ্যা কিন্তু একে সময়তে, মানৱ স্পৰ্শও আমাৰ প্ৰচেষ্টা হিচাপে বিবেচিত হৈছে।'প্ৰযুক্তি ব্যৱহাৰৰ জৰিয়তে সহজতৰ জীৱন যাপন' বিষয়ত বাজেট পৰৱৰ্তী ৱেবিনাৰ সম্বোধন কৰে প্ৰধানমন্ত্ৰীয়ে
February 28th, 10:00 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে 'প্ৰযুক্তি ব্যৱহাৰৰ জৰিয়তে সহজতৰ জীৱন যাপন' বিষয়ত বাজেট পৰৱৰ্তী ৱেবিনাৰ সম্বোধন কৰে। কেন্দ্ৰীয় বাজেট ২০২৩-ত ঘোষণা কৰা পদক্ষেপবোৰৰ কাৰ্যকৰী ৰূপায়ণৰ বাবে দিহা আৰু পৰামৰ্শ বিচাৰি চৰকাৰে আয়োজন কৰা ১২খন বাজেট-পৰৱৰ্তী ৱেবিনাৰ শৃংখলাৰ ভিতৰত এইখন পঞ্চম।‘অন্তিম প্ৰান্তত উপনীত হোৱা’ বিষয়ক বাজেট-পৰৱৰ্তী ৱেবিনাৰত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ পূৰ্ণপাঠ
February 27th, 10:16 am
সাধাৰণতে বাজেট দাখিলৰ পাছত সংসদত বাজেট সন্দৰ্ভত আলোচনা হয়। এয়া প্ৰয়োজনীয় হোৱাৰ লগতে উপযোগীও। কিন্তু আমাৰ চৰকাৰে বাজেট সম্পৰ্কীয় এনে আলোচনাক আৰু এখোজ আগুৱাই নিছে। যোৱা কেইবছৰমানৰপৰা আমাৰ চৰকাৰে বাজেট প্ৰস্তুতৰ পূৰ্বে আৰু পিছত সকলো অংশীদাৰৰ সৈতে আলোচনাৰে এক নতুন পৰম্পৰা আৰম্ভ কৰিছে। কাৰ্য্যকৰীকৰণৰ দৃষ্টিকোণেৰে এয়া অতিশয় গুৰুত্বপূৰ্ণ, সময় নিৰ্ধাৰিত ৰূপায়ণ ইয়াৰ মূল কথা। ইয়াৰদ্বাৰা কৰদাতাসকলৰ ধনৰ প্ৰতিটো টকাৰ সঠিক ব্যৱহাৰো নিশ্চিত হয়। যোৱা কেইদিনমানৰপৰা ভিন্ন ক্ষেত্ৰৰ বিশেষজ্ঞসকলৰ সৈতে কথা পাতিছো। আজিৰ বিষয় হৈছে অন্তিম প্ৰান্তত উপনীত হোৱা (Reaching The Last Mile)। মহাত্মা গান্ধীয়ে কৈছিল যে নীতি আৰু পৰিকল্পনাৰাজিয়ে অতি সোনকালে অন্তিম প্ৰান্তৰ ব্যক্তিজনক স্পৰ্শ কৰাটো অতিশয় গুৰুত্বপূৰ্ণ। সেইবাবেই আজি এই বিষয়ত সকলো অংশীদাৰৰ সৈতে এক ব্যাপক আলোচনাৰ প্ৰয়াস কৰা হৈছে। বাজেটত জনকল্যাণৰ বাবে ইমানবোৰ ব্যৱস্থা কৰা হৈছে, আমি এইসমূহক কেনেকৈ সম্পূৰ্ণ স্বচ্ছতাৰে হিতাধিকাৰীসকলৰ ওচৰলৈ লৈ যাব পাৰিম, তাৰ আলচ কৰা হ’ব।প্ৰধানমন্ত্ৰীয়ে 'অন্তিম মাইলত উপনীত হোৱা' সন্দৰ্ভত বাজেট ৱেবিনাৰত ভাষণ প্ৰদান কৰে
February 27th, 10:00 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে 'অন্তিম মাইলত উপনীত হোৱা' বিষয়ত এখন বাজেট ৱেবিনাৰত ভাষণ প্ৰদান কৰে। কেন্দ্ৰীয় বাজেট ২০২৩-ত ঘোষণা কৰা পদক্ষেপবোৰৰ কাৰ্যকৰী ৰূপায়ণৰ বাবে ধাৰণা আৰু পৰামৰ্শ বিচাৰি চৰকাৰে আয়োজন কৰা ১২ টা বাজেট-পৰৱৰ্তী ৱেবিনাৰৰ শৃংখলাৰ ভিতৰত ই হৈছে চতুৰ্থটো ৱেবিনাৰ।