
আদমপুৰ বিমান ঘাটিত সাহসী বায়ু যোদ্ধা আৰু সৈনিকসকলৰ সৈতে প্ৰধানমন্ত্ৰীৰ মত-বিনিময়ৰ অসমীয়া অনুবাদ
May 13th, 03:45 pm
কেইদিনমান পূৰ্বে এই শ্ল’গানৰ শক্তি বিশ্বই প্ৰত্যক্ষ কৰিছে। ভাৰত মাতা কী জয় কেৱল এক শ্ল’গানেই নহয়, বৰঞ্চ এয়া ভাৰত মাতাৰ সন্মান আৰু মৰ্য্যাদা অক্ষুণ্ণ ৰাখিবলৈ নিজৰ প্ৰাণো বিসৰ্জন দিবলৈ কুণ্ঠাবোধ নকৰা দেশৰ প্ৰতিগৰাকী জোৱানৰ সংকল্পও। এয়া হৈছে দেশখনৰ বাবে জীয়াই থাকিব বিচৰা, কিবা এটা সাধন কৰিব বিচৰা প্ৰতিগৰাকী নাগৰিকৰ কণ্ঠ। সকলো ক্ষেত্ৰতে ভাৰত মাতা কী জয়ৰ অনুৰণন ঘটে। ভাৰতৰ সৈন্যসকলে ভাৰত মাতা কী জয় বুলি কোৱা মাত্ৰেকে শত্ৰুৰ অন্তৰ কঁপি উঠে। আমাৰ ড্ৰোনে শত্ৰুৰ দুৰ্গ ধ্বংস কৰোঁতে, আমাৰ মিছাইলে লক্ষ্যত উপনীত হওঁতে শত্ৰুৱে ভাৰত মাতা কী জয় ধ্বনি শুনিবলৈ পায়! ৰাতিৰ আন্ধাৰতো যেতিয়া আমাৰ সূৰ্য্য উদয় হয়, তেতিয়া শত্ৰুৱে শুনে - ভাৰত মাতা কী জয়! আমাৰ বাহিনীসমূহে পাৰমাণৱিক ভাবুকিক বিফল কৰোঁতে আকাশৰ পৰা পাতাললৈ মাথোঁ এটা ধ্বনিয়েই গুঞ্জৰিত হয় – সেয়া হৈছে ভাৰত মাতা কী জয়!
আদমপুৰ বায়ু সেনা ষ্টেচনত সাহসী বায়ু যোদ্ধা আৰু জোৱানসকলৰ সৈতে মত বিনিময় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
May 13th, 03:30 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আদমপুৰস্থিত বায়ুসেনা ষ্টেচনত সাহসী বায়ু যোদ্ধা আৰু জোৱানসকলৰ সৈতে পৰিদৰ্শন কৰি মত বিনিময় কৰে। সেনা জোৱানসকলক সম্বোধন কৰি তেওঁ ‘ভাৰত মাতা কি জয়’ শ্লোগানৰ শক্তিৰ ওপৰত আলোকপাত কৰি এই কথাত গুৰুত্ব আৰোপ কৰে যে বিশ্বই মাত্ৰ ইয়াৰ শক্তিৰ সাক্ষী হৈছে। এয়া কেৱল এটা শ্লোগান নহয় বৰঞ্চ ভাৰত মাতৃৰ মৰ্যাদা ৰক্ষাৰ বাবে নিজৰ জীৱনকো তুচ্ছজ্ঞান কৰা প্ৰতিজন জোৱানৰ গম্ভীৰ শপত বুলি মন্তব্য কৰি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে এই শ্লোগান হৈছে দেশৰ বাবে জীয়াই থাকিব বিচৰা আৰু অৰ্থপূৰ্ণ অৱদান আগবঢ়াব বিচৰা প্ৰতিজন নাগৰিকৰ কণ্ঠ। তেওঁ দৃঢ়তাৰে কয় যে ‘ভাৰত মাতা কি জয়’ যুদ্ধক্ষেত্ৰ আৰু গুৰুত্বপূৰ্ণ অভিযান দুয়োটাতে প্ৰতিধ্বনিত হয়। তেওঁ দৃঢ়তাৰে কয় যে ‘ভাৰত মাতা কি জয়’ যুদ্ধক্ষেত্ৰত আৰু গুৰুত্বপূৰ্ণ অভিযানৰ সময়ত দুয়োটাতে প্ৰতিধ্বনিত হয়। ভাৰতীয় জোৱানে ভাৰত মাতা কি জয় শ্লোগান চিঞৰিলে শত্ৰুৰ মেৰুদণ্ডত কঁপনি উঠে বুলিও তেওঁ কয়। ভাৰতৰ সামৰিক শক্তিৰ ওপৰত গুৰুত্ব আৰোপ কৰি তেওঁ কয় যে যেতিয়া ভাৰতীয় ড্ৰোনে শত্ৰুৰ দুৰ্গ ধ্বংস কৰে আৰু যেতিয়া ক্ষেপণাস্ত্ৰই নিখুঁত আক্ৰমণ কৰে তেতিয়া শত্ৰুৱে মাত্ৰ এটা বাক্যহে শুনে-‘ভাৰত মাতা কি জয়’। প্ৰধানমন্ত্ৰী শ্ৰী মোদীয়ে কয় যে আন্ধাৰ ৰাতিতো আকাশ পোহৰাই তোলাৰ ক্ষমতা ভাৰতত আছে, যাৰ ফলত শত্ৰুৱে দেশৰ অদম্য মনোভাৱ উপলব্ধি কৰে। তেওঁ কয় যে যেতিয়া ভাৰতীয় সেনাই পাৰমাণৱিক ব্লেকমেইলৰ ভাবুকি নষ্ট কৰে, তেতিয়া আকাশ আৰু পৃথিৱীত মাত্ৰ এটা বাৰ্তাহে প্ৰতিধ্বনিত হয়-‘ভাৰত মাতা কি জয়’।
অন্ধ্ৰপ্ৰদেশৰ অমৰাৱতীত বিভিন্ন উন্নয়নমূলক প্ৰকল্প আৰম্ভ কৰাৰ সময়ত প্ৰধানমন্ত্ৰীৰ ভাষণৰ লিখিত পাঠ
May 02nd, 03:45 pm
অন্ধ্ৰ প্ৰদেশৰ ৰাজ্যপাল চৈয়দ আব্দুল নাজিৰ জী, মুখ্যমন্ত্ৰী, মোৰ বন্ধু শ্ৰী চন্দ্ৰবাবু নাইডু জী, কেন্দ্ৰীয় কেবিনেটৰ মোৰ সতীৰ্থ মন্ত্ৰীসকল, উপ-মুখ্যমন্ত্ৰী পৱন কল্যাণ জী, ৰাজ্য চৰকাৰৰ মন্ত্ৰীসকল, সকলো সাংসদ আৰু বিধায়ক, আৰু অন্ধ্ৰপ্ৰদেশৰ মোৰ মৰমৰ ভাই-ভনীসকল!আজি এই পবিত্ৰ অমৰাৱতী ভূমিত থিয় দিওঁতে মই কেৱল এখন নগৰ দেখা নাই, এটা সপোন বাস্তৱায়িত হোৱা দেখিছোঁ। এখন নতুন অমৰাৱতী, নতুন অন্ধ্ৰ। অমৰাৱতী সেই ভূমি য'ত পৰম্পৰা আৰু প্ৰগতি একেলগে আগবাঢ়ে, য'ত আছে বৌদ্ধ ঐতিহ্যৰ শান্তি আৰু লগতে উন্নত ভাৰত গঢ়াৰ শক্তি। আজি ইয়াত প্ৰায় ৬০ হাজাৰ কোটি টকাৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন কৰা হৈছে। এই প্ৰকল্পসমূহ কেৱল কংক্ৰিট নিৰ্মাণ নহয়, অন্ধ্ৰ প্ৰদেশৰ আকাংক্ষা আৰু উন্নত ভাৰতৰ আশাৰ মজবুত ভেটিও। ভগৱান বীৰভদ্ৰ, ভগৱান অমৰলিংগেশ্বৰ আৰু তিৰুপতী বালাজীৰ চৰণত প্ৰণাম কৰি অন্ধ্ৰ প্ৰদেশৰ সন্মানীয় জনসাধাৰণলৈ মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ।লগতে মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডু আৰু পৱন কল্যাণ জীলৈও শুভেচ্ছা জ্ঞাপন কৰিছো।PM Modi lays foundation stone, inaugurates development works worth over Rs 58,000 crore in Amaravati, Andhra Pradesh
May 02nd, 03:30 pm
PM Modi launched multiple development projects in Amaravati, Andhra Pradesh. He remarked that the Central Government is fully supporting the State Government to rapidly develop Amaravati. Underlining the state's pivotal role in establishing India as a space power, the PM emphasized that the Navdurga Testing Range in Nagayalanka will serve as a force multiplier for India's defense capabilities.জয়া শ্ৰী মহা বোধি মন্দিৰ পৰিদৰ্শন প্ৰধানমন্ত্ৰীৰ
April 06th, 11:24 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি অনুৰা কুমাৰ দিছানায়কৰ সৈতে অনুৰাধাপুৰাৰ পবিত্ৰ জয়া শ্ৰী মহা বোধি মন্দিৰ পৰিদৰ্শন কৰি পূজনীয় মহাবোধি বৃক্ষত প্ৰাৰ্থনা কৰে। খ্ৰীষ্টপূৰ্ব তৃতীয় শতিকাত ভাৰতৰ পৰা সংগমিত মহা থেৰীয়ে শ্ৰীলংকালৈ অনা আহত পুলিৰ পৰাই গছজোপা গজা বুলি ধাৰণা কৰা হয়। ভাৰত-শ্ৰীলংকাৰ ঘনিষ্ঠ অংশীদাৰিত্বৰ ভেটি গঠন কৰা শক্তিশালী সভ্যতামূলক সংযোগৰ প্ৰমাণ হিচাপে এই মন্দিৰটো থিয় হৈ আছে।প্ৰধানমন্ত্ৰীক ৰাজসিক আতিথ্য প্ৰদান থাইলেণ্ডৰ ৰজা-ৰাণীৰ
April 04th, 07:27 pm
প্ৰধানমন্ত্ৰীয়ে আজি বেংককৰ ডুচিট পেলেচত থাইলেণ্ডৰ মহামহিম ৰজা মহা বাজিৰালংকৰ্ণ ফ্ৰা বাজিৰাক্লাওচাওয়ুহুয়া আৰু মহামহিম ৰাণী সুথিদা বজ্ৰসুধাবিমলালক্ষনাৰ ৰাজসিক আতিথ্য গ্ৰহণ কৰে।পালি ভাষাত যুগুতোৱা ‘তিপিতকা’-ৰ এটি প্ৰতিলিপি দিয়াৰ বাবে থাইলেণ্ডৰ প্ৰধানমন্ত্ৰীক ধন্যবাদ জনায় প্ৰধানমন্ত্ৰীয়ে
April 03rd, 05:43 pm
থাইলেণ্ডৰ প্ৰধানমন্ত্ৰী মহামান্য শ্ৰীমতী পেটোংটাৰ্ণ চিনাৱাট্ৰাক পালি ভাষাত ‘তিপিতকা’ৰ এটি প্ৰতিলিপি দিয়াৰ বাবে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ধন্যবাদ জ্ঞাপন কৰে আৰু যিটো ভাষাই ভগৱান বুদ্ধৰ শিক্ষাৰ সাৰতত্ব বহন কৰে সেইটো ভাষাক এক সুন্দৰ ভাষা বুলি অভিহিত কৰে।মৰিচাছত ভাৰতীয় সম্প্ৰদায়ক উদ্দ্যেশ্যি দিয়া প্ৰধানমন্ত্ৰীৰ ভাষণৰ ইংৰাজী অনুবাদ
March 12th, 06:07 am
১০ বছৰ আগতে যেতিয়া মই এই তাৰিখত মৰিচাছলৈ আহিছিলো তেতিয়া মোৰ আগমনৰ মাত্ৰ এসপ্তাহ আগতে আমি হোলী উদযাপন কৰিছিলো। ভাৰতৰ পৰা ফাকুৱাৰ আবেগ মোৰ লগত লৈ আহিছিলো। এইবাৰ মই মৰিচাছৰ পৰা ভাৰতলৈ হোলীৰ ৰং লগত লৈ যাম। আমি তাত এদিন পাছত হোলী উদযাপন কৰিম। ১৪ তাৰিখে সকলো ৰঙীন হৈ পৰিব।মৰিচাছত ভাৰতীয় সম্প্ৰদায়ক সম্বোধন প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
March 11th, 07:30 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মৰিচাছৰ ট্ৰাইয়ান কনভেনচন চেণ্টাৰত অনুষ্ঠিত এক বিশেষ অনুষ্ঠানত দেশখনৰ প্ৰধানমন্ত্ৰী নবীনচন্দ্ৰ ৰামগুলামৰ সৈতে প্ৰৱাসী ভাৰতীয় সমূদায়ক সম্বোধন কৰে।চাকৰিৰ সুযোগ সৃষ্টিক উত্সাহিতকৰণ সম্পৰ্কীয় বাজেট-পৰৱৰ্তী ৱে’বিনাৰত ‘ভিডিঅ' কনফাৰেন্সিং’ ব্যৱস্থাৰে প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ
March 05th, 01:35 pm
এই গুৰুত্বপূৰ্ণ বাজেট ৱে’বিনাৰলৈ আপোনালোক সকলোকে আদৰণি আৰু শুভেচ্ছা জনাইছোঁ। জনসাধাৰণ, অৰ্থনীতি আৰু উদ্ভাৱনত বিনিয়োগ – এয়া এনে এটা বিষয় যি উন্নত ভাৰতৰ বাবে পথ-পৰিকল্পনা নিৰ্দ্ধাৰিত কৰিব। আপোনালোকে এই বছৰৰ বাজেটত ব্যপক পৰিমাপত ইয়াৰ প্ৰভাৱ দেখিব পাব। সেয়েহে, এইখন বাজেটে ভাৰতৰ ভৱিষ্যতৰ বাবে এক মূল আঁচনিৰ হিচাপে আত্মপ্ৰকাশ কৰিছে। আমি বিনিয়োগত আন্তঃগাঁথনি আৰু উদ্যোগসমূহক যিমান প্ৰাথমিকতা প্ৰদান কৰিছো সিমানেই আমি মানুহ, অৰ্থনীতি আৰু উদ্ভাৱনকো গুৰুত্ব দিছোঁ। আপোনালোক সকলোৱে জানে যে সামৰ্থ্য বৰ্দ্ধন আৰু প্ৰতিভাৰ প্ৰতিপালনে দেশৰ প্ৰগতিৰ আধাৰশিলা হিচাপে কাম কৰে। সেয়েহে, এতিয়া উন্নয়নৰ পৰৱৰ্তী পৰ্যায়ত আমি এই ক্ষেত্ৰসমূহত অধিক বিনিয়োগ কৰিব লাগিব। ইয়াৰ বাবে সকলো অংশীদাৰ আগবাঢ়ি আহিব লাগিব। কাৰণ, দেশৰ অৰ্থনৈতিক সফলতাৰ বাবে এয়া হৈছে প্ৰয়োজনীয়। আৰু একে সময়তে, ই হৈছে প্ৰতিটো সংগঠনৰ সফলতাৰো আধাৰ।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নিয়োগ সৃষ্টি বৃদ্ধি- জনতা, অৰ্থনীতি আৰু উদ্ভাৱনত বিনিয়োগ শীৰ্ষক বাজেট-পৰৱৰ্তী ৱেবিনাৰ সম্বোধন কৰে
March 05th, 01:30 pm
“জনতাত বিনিয়োগৰ দৃষ্টিভংগী তিনি স্তম্ভ আধাৰিত যথাঃ শিক্ষা, দক্ষতা আৰু স্বাস্থ্যসেৱা” বুলি উল্লেখেৰে ভাৰতৰ শিক্ষা ব্যৱস্থাত কেইবাটাও দশকৰ পাছত উল্লেখযোগ্য ৰূপান্তৰ ঘটিছে বুলি শ্ৰী মোদীয়ে কয়। তেখেতে ৰাষ্ট্ৰীয় শিক্ষা নীতি, আইআইটিৰ সম্প্ৰসাৰণ, শিক্ষা ব্যৱস্থাত প্ৰযুক্তিক একত্ৰিতকৰণ আৰু এআইৰ সম্পূৰ্ণ সম্ভাৱনাৰ ব্যৱহাৰ আদি মূল পদক্ষেপসমূহত গুৰুত্ব আৰোপ কৰে। পাঠ্যপুথিৰ ডিজিটেলাইজেচন আৰু ২২ টা ভাৰতীয় ভাষাত শিক্ষণ সামগ্ৰীৰ উপলব্ধতাৰ দৰে প্ৰচেষ্টা গ্ৰহণ সম্পৰ্কে উল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, “এই মিছন-ম’ডৰ প্ৰচেষ্টাসমূহে ভাৰতৰ শিক্ষা ব্যৱস্থাক একবিংশ শতিকাৰ বিশ্বৰ প্ৰয়োজনীয়তা আৰু পৰিমাপসমূহৰ সৈতে সংগতি ৰাখিবলৈ সক্ষম কৰিছে।”থাইলেণ্ডত অনুষ্ঠিত সংবাদ কাৰ্য্যসূচীত প্ৰধানমন্ত্ৰীৰ বক্তব্যৰ পূৰ্ণপাঠ
February 14th, 08:30 am
থাইলেণ্ডত অনুষ্ঠিত সংবাদৰ (SAMVAD) এই সংস্কৰণত আপোনালোক সকলোৰে সৈতে যোগদান কৰিবলৈ পোৱাটো সন্মানৰ কথা। ভাৰত, জাপান আৰু থাইলেণ্ডৰ একাধিক বিশিষ্ট প্ৰতিষ্ঠান আৰু ব্যক্তিয়ে এই অনুষ্ঠানটো সাফল্যমণ্ডিত কৰি তুলিবলৈ কাম কৰি আছে। তেওঁলোকৰ এই প্ৰচেষ্টাৰ বাবে মই সকলোৰে শলাগ লৈছোঁ আৰু সকলো অংশগ্ৰহণকাৰীলৈ মোৰ শুভেচ্ছা জনাইছোঁ।থাইলেণ্ডত সম্বাদ (SAMVAD) কাৰ্যসূচীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ মন্তব্য
February 14th, 08:10 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি থাইলেণ্ডত আয়োজিত সম্বাদ (SAMVAD) কাৰ্যসূচীৰ সময়ত ভিডিঅ 'বাৰ্তাৰ জৰিয়তে তেওঁৰ মন্তব্য প্ৰকাশ কৰে। সমাৱেশত ভাষণ দি তেওঁ থাইলেণ্ডত সম্বাদ (SAMVAD) সংস্কৰণত যোগদান কৰি এই অনুষ্ঠানটো সম্ভৱ কৰি তোলাৰ বাবে ভাৰত, জাপান আৰু থাইলেণ্ডৰ বিশিষ্ট প্ৰতিষ্ঠান আৰু ব্যক্তিসকলক প্ৰশংসা কৰে। তেওঁ সকলো অংশগ্ৰহণকাৰীক শুভেচ্ছা জ্ঞাপন কৰে।বিহাৰৰ দাৰভাঙ্গাত বিভিন্ন প্ৰকল্পৰ আধাৰশিলা স্থাপন, উদ্বোধন আৰু উৎসৰ্গা অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠ
November 13th, 11:00 am
ৰজা জনক, সীতা মাইয়াই মিথিলা বিদ্যাপতিৰ এই পবিত্ৰ ভূমিলৈ নমস্কাৰ জনাইছো। জ্ঞান-ধন-পান-মাখানা... আপুনি এই সমৃদ্ধ গৌৰৱময় ভূমিত আপোনালোক সকলোকে শুভেচ্ছা জনাইছো।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিহাৰত ১২,১০০ কোটি টকাৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন, আধাৰশিলা স্থাপন আৰু দেশবাসীলৈ উৎসৰ্গা কৰে
November 13th, 10:45 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিহাৰৰ দাৰভাংগাত প্ৰায় ১২,১০০ কোটি টকাৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন কৰে। উন্নয়নমূলক প্ৰকল্পসমূহত স্বাস্থ্য, ৰে’ল, পথ, পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ খণ্ডসমূহক অন্তৰ্ভুক্ত কৰা হৈছে।ভাৰত চৰকাৰে পালিক ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্ৰদান কৰাৰ সিদ্ধান্তই ভগৱান বুদ্ধৰ চিন্তাত বিশ্বাস কৰাসকলৰ মাজত উৎসাহৰ সৃষ্টি কৰিছে : প্ৰধানমন্ত্ৰী
October 24th, 10:43 am
ভাৰত চৰকাৰে পালিক ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্ৰদানৰ সিদ্ধান্তত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আনন্দ প্ৰকাশ কৰে। তেওঁ লগতে কয় যে যিসকলে ভগৱান বুদ্ধৰ চিন্তাত বিশ্বাস কৰে তেওঁলোকৰ মাজত ই উৎসাহৰ সৃষ্টি কৰিছে। শ্ৰী মোদীয়ে কলম্বোত আই চি চি আৰৰ দ্বাৰা আয়োজিত 'পালি এজ এ ক্লাছিকেল লেংগুৱেজ' সন্দৰ্ভত পেনেল আলোচনাত অংশগ্ৰহণ কৰা বিভিন্ন ৰাষ্ট্ৰৰ পণ্ডিত আৰু ভিক্ষুসকলকো ধন্যবাদ জ্ঞাপন কৰে।আন্তঃৰাষ্ট্ৰীয় অভিধম্মা দিৱসৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
October 17th, 10:05 am
সাংস্কৃতিক মন্ত্ৰী শ্ৰী গজেন্দ্ৰ সিং শ্বেখাৱত জী, সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰী শ্ৰী কিৰেণ ৰিজিজু জী, ভদন্ত ৰাহুল বোধি মহাথেৰো জী, পূজনীয় ইয়াংচুক চোডেন জী, মহাসংঘৰ সকলো সন্মানীয় সদস্য, মহামহিম, কূটনৈতিক সমাজৰ সদস্য, বৌদ্ধ পণ্ডিত, ধৰ্ম অনুগামী, ভদ্ৰ পুৰুষ-মহিলাসকল।আন্তঃৰাষ্ট্ৰীয় অভিধম্মা দিৱস উদযাপন আৰু পালি ভাষাক ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি প্ৰদানৰ অনুষ্ঠানত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ ভাষণ
October 17th, 10:00 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ বিজ্ঞান ভৱনত আন্তঃৰাষ্ট্ৰীয় অভিধম্মা দিৱস উদযাপন আৰু পালি ভাষাক ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি প্ৰদানৰ অনুষ্ঠানত ভাষণ আগবঢ়ায়। অভিধম্মা দিৱসত অভিধম্মা শিক্ষা দি ভগৱান বুদ্ধৰ আকাশী ক্ষেত্ৰৰ পৰা অৱতৰণ স্মৰণ কৰা হয়। শেহতীয়াকৈ পালিক ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি দিয়াটোৱে এইবাৰৰ অভিধম্মা দিৱস উদযাপনৰ তাৎপৰ্য্য বৃদ্ধি কৰিছে কাৰণ অভিধম্মা সম্পৰ্কীয় ভগৱান বুদ্ধৰ শিক্ষা মূলতঃ পালি ভাষাত উপলব্ধ।১৯ সংখ্যক পূব এছিয়া শীৰ্ষ সন্মিলন, ভিয়েনছেন, পিডিআৰত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ বক্তব্য
October 11th, 08:15 am
ভাৰতে সদায় আছিয়ান ঐক্য আৰু কেন্দ্ৰিকতাৰ সমৰ্থন কৰিছে। ভাৰতৰ ভাৰত-প্ৰশান্ত মহাসাগৰীয় দৃষ্টিভংগী আৰু কোৱাড সহযোগৰ কেন্দ্ৰতো আছিয়ান আছে। ভাৰতৰ “Indo-Pacific Oceans’ Initiative” আৰু “আছিয়ান Outlook on Indo-Pacific”ৰ মাজত গভীৰ সমতা আছে। এখন ফ্ৰী, অ’পেন, সমাৱেশী, সমৃদ্ধ আৰু নীতি-ভিত্তিক ইণ্ডো-পেচিফিক, সমগ্ৰ ক্ষেত্ৰৰ শান্তি আৰু প্ৰগতিৰ বাবে মহত্বপূৰ্ণ।১৯সংখ্যক পূব এছিয়া সন্মিলনত প্ৰধানমন্ত্ৰীৰ অংশগ্ৰহণ
October 11th, 08:10 am
ভাষণ প্ৰসংগত প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ ভাৰত-প্ৰশান্ত মহাসাগৰীয় দৃষ্টিভংগী আৰু কোৱাড সহযোগিতাত ভাৰত-প্ৰশান্ত মহাসাগৰীয় আঞ্চলিক স্থাপত্যত আছিয়ানৰ কেন্দ্ৰীয় ভূমিকাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ কয় যে ইষ্ট এছিয়া সন্মিলনত ভাৰতৰ অংশগ্ৰহণ ইয়াৰ এক্ট ইষ্ট নীতিৰ এক গুৰুত্বপূৰ্ণ স্তম্ভ। অঞ্চলটোৰ শান্তি আৰু উন্নয়নৰ বাবে মুক্ত, মুকলি, সৰ্বাংগীন, সমৃদ্ধিশালী আৰু নিয়মভিত্তিক ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চল অতি প্ৰয়োজনীয় বুলি উল্লেখ কৰি তেওঁ ভাৰতৰ ভাৰত-প্ৰশান্ত মহাসাগৰীয় পদক্ষেপ আৰু ভাৰত-প্ৰশান্ত মহাসাগৰীয় পদক্ষেপ আৰু ভাৰত-প্ৰশান্ত মহাসাগৰীয় দৃষ্টিভংগীৰ কথা কয়। তেওঁ দৃঢ়তাৰে কয় যে অঞ্চলটোৱে সম্প্ৰসাৰণবাদ ভিত্তিক পন্থাতকৈ উন্নয়নভিত্তিক পন্থা গ্ৰহণ কৰিব লাগে।