ভাৰতৰ

ভাৰতৰ "কনচাৰ্ট অৰ্থনীতি": ২০৩৬ চনৰ অলিম্পিকৰ পথত এক সম্ভাৱনাপূৰ্ণ মনোৰঞ্জনৰ পাৱাৰহাউচ

January 29th, 04:28 pm

বহু বছৰ ধৰি ভাৰতত বৃহৎ পৰিসৰৰ আন্তঃৰাষ্ট্ৰীয় কনচাৰ্ট আয়োজন কৰিবলৈ প্ৰয়োজনীয় আন্তঃগাঁথনিৰ অভাৱ আছিল। বলীউড সংগীতে ঘৰুৱাভাৱে জাতিস্কাৰ হৈ উঠিছিল যদিও অপৰ্যাপ্ত স্থান, আমোলাতন্ত্ৰিক প্ৰত্যাহ্বান আৰু লজিষ্টিক দিশত সন্মুখীন হোৱা বাধাৰ বাবে বিশ্ব সংগীত সংস্কৃতি ভাৰতৰ পৰা বহুলাংশে দূৰৈত আছিল। লণ্ডন, নিউয়ৰ্ক বা ছিংগাপুৰৰ দৰে চহৰৰ বিপৰীতে বিশ্বমানৰ ষ্টেডিয়ামৰ অভাৱ, ইভেণ্টৰ অনুমতি লাভ কৰাত অসুবিধা আৰু অসংগঠিত ইভেণ্ট মেনেজমেণ্টৰ বাবে ভাৰতে আন্তঃৰাষ্ট্ৰীয় শিল্পীক আকৰ্ষণ কৰিবলৈ যুঁজ দি আহিছে। আনকি যেতিয়া বিশ্বৰ তাৰকাসকলে অনুষ্ঠান পৰিৱেশন কৰিছিল, তেতিয়াও কনচাৰ্টসমূহে প্ৰায়ে সমাগম নিয়ন্ত্ৰণ, অনাময়ৰ সমস্যা আৰু কাৰিকৰী বিফলতাৰ সন্মুখীন হৈছিল, যাৰ ফলত শিল্পী আৰু দৰ্শক উভয়েই অসন্তুষ্ট হৈ পৰিছিল।