‘চতুৰ্দশ ব্ৰিকছ শীৰ্ষ সন্মিলন’ত প্ৰধানমন্ত্ৰীৰ অংশগ্ৰহণ
June 24th, 09:40 pm
চীনৰ ৰাষ্ট্ৰপতি চি জিনপিনৰ অধ্যক্ষতাত ‘ভাৰ্চুৱেল’ মাধ্যমেৰে ২৩-২৪ জুন, ২০২২ত অনুষ্ঠিত ‘চতুৰ্দশ ব্ৰিকছ শীৰ্ষ সন্মিলন’ত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত অংশগ্ৰহণ কৰে ভাৰতে। ২৩ জুনৰ সন্মিলনত ব্ৰাজিলৰ ৰাষ্ট্ৰপতি জেইৰ বলছোনাৰো, ৰাছীয়াৰ ৰাষ্ট্ৰপতি ব্লাডিমিৰ পুটীন আৰু দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰপতি চীৰিল ৰামাফোছাইয়ো অংশগ্ৰহণ কৰে। ২৪ জুনৰ সন্মিলনত গোলকীয় প্ৰেক্ষাপটত সম্পন্ন হৈ থকা ঘটনা-প্ৰবাহৰ সন্দৰ্ভত উচ্চ পৰ্যায়ৰ দ্বিপাক্ষিক আলোচনা অনুষ্ঠিত হোৱাৰ লগতে অনা-‘ব্ৰিকছ’ দেশসমূহৰ সৈতে সম্পৰ্ক স্থাপন সম্পৰ্কীয় প্ৰসংগটো অধিৱেশন অনুষ্ঠিত হয়।