দক্ষিণ আফ্ৰিকাৰ জোহানেছবাৰ্গত ব্ৰিকছৰ আউটৰিচ্চত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ

July 27th, 02:35 pm

সৰ্বপ্ৰথমে মই ব্ৰিকছত আউটৰিচ্চ প্ৰক্ৰিয়াক সৱলীকৰণ কৰাৰ বাবে ৰাষ্ট্ৰপতি ৰামাফ’ছা মহোদয়ক অভিনন্দন জনাইছোঁ৷ ব্ৰিকছ আৰু অন্য উদ্ভাসিত অৰ্থব্যৱস্থাসমূহৰ মাজত এই সংবাদ বিকাশৰ গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত চিন্তাধাৰাৰ আদান-প্ৰদানৰ এক উল্লেখযোগ্য অৱকাশ হিচাপে বিবেচিত হৈছে৷ ইয়াত আফ্ৰিকান দেশৰ বৃহৎ সংখ্যাত হোৱা উপস্থিতি স্বাভাৱিক তথা প্ৰসন্নতাৰ বিষয়৷ আফ্ৰিকাৰ সৈতে ভাৰতৰ সম্বন্ধ ঐতিহাসিক আৰু দৃঢ়৷ আফ্ৰিকাত স্বতন্ত্ৰতা, বিকাশ আৰু শান্তিৰ বাবে ভাৰতৰ ঐতিহাসিক প্ৰয়াসৰ ব্যাপ্তি সন্দৰ্ভত মোৰ চৰকাৰে সকলোতকৈ অধিক গুৰুত্ব প্ৰদান কৰিছে৷