‘হিন্দুস্তান টাইমছ লিডাৰশ্বিপ ছামিট ২০২৪’-ত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ
November 16th, 10:15 am
১০০ বছৰ আগতে ‘হিন্দুস্তান টাইমছ’-ৰ উন্মোচন পুজ্য বাপুয়ে কৰিছিল... তেওঁ গুজৰাটী ভাষী আছিল, আৰু ১০০ বছৰৰ পিছত আপোনালোকে আন এজন গুজৰাটীক আমন্ত্ৰণ কৰিছে। মই ‘হিন্দুস্তান টাইমছ’ক এই ঐতিহাসিক যাত্ৰাৰ বাবে অভিনন্দন জনাইছোঁ আৰু যিসকলে ১০০ বছৰীয়া যাত্ৰাত এই কাকতৰ সৈতে জড়িত হৈ আহিছে, যিসকলে প্ৰতিপালনৰ কাম কৰিছে, সংগ্ৰাম কৰিছে, সংকটৰ সন্মুখীন হৈছে, কিন্তু অধ্যৱসায় অব্যাহত ৰাখিছে... তেওঁলোক সকলোৱেই আজি অভিনন্দনৰ পাত্ৰ, তেওঁলোক সকলোৱেই অভিনন্দনৰ যোগ্য। আপোনালোক সকলোকে, ১০০ বছৰীয়া যাত্ৰা নিতান্তই এক বৃহত্ সাফল্য হয় জাঙৰীয়া। আপোনালোক সকলোৱেই এই সাফল্যৰ বাবে অভিনন্দনৰ পাত্ৰ, আৰু মই আপোনালোকক আগত ভৱিষ্যতৰ বাবেও বহুত বহুত শুভেচ্ছা জনাইছোঁ। মই যেতিয়া ইয়ালৈ আহিছোঁ, মই পৰিয়ালৰ সদস্যসকলৰেতো মিলিত হৈছোৱেই হৈছোঁ, ইয়াৰ লগতে মই ১০০ বছৰীয়া যাত্ৰাৰ এক সুন্দৰ প্ৰদৰ্শনীও চাবলৈ সুযোগ পাইছোঁ। মই আপোনালোক সকলোক ক'ম যে যদি সময় থাকে, তেন্তে তাত কিছু সময় কটাই নিশ্চয় যাব। এয়া কেৱল এক প্ৰদৰ্শনীয়েই নহয়, মই কওঁ যে এয়া আক্ষৰিক অৰ্থতে এক অনন্য অভিজ্ঞতাও। এনেকুৱা লাগিছিল যেন আমাৰ চকুৰ আগৰে ১০০ বছৰৰ ইতিহাস পাৰ হৈ গৈছিল। মই সেই দিনবোৰৰ বাতৰি কাকত দেখিছিলোঁ যিবোৰ দেশৰ স্বাধীনতা আৰু সংবিধান গ্ৰহণ কৰাৰ দিনবোৰত মুদ্ৰিত হৈছিল। ‘হিন্দুস্তান টাইমছ’-ৰ বাবে একাধিক প্ৰবীণ ব্যক্তিয়ে লিখিছিল। মাৰ্টিন লুথাৰ কিং, নেতাজী সুভাষ বাবু, ড০ শ্যামা প্ৰসাদ মুখাৰ্জী, অটল বিহাৰী বাজপেয়ী, ড০ এম এছ স্বামীনাথন। এইসকল পুৰোধাৰ লিখনিসমূহে আপোনালোকৰ বাতৰি কাকতৰ সৌষ্ঠৱ বৃদ্ধি কৰিছিল। সঁচাকৈয়ে আমি এক দীঘলীয়া যাত্ৰাৰ পিছত ইয়াত আহি উপস্থিত হৈছোহি। স্বাধীনতাৰ বাবে যুঁজ দিয়াৰ পৰা স্বাধীনতাৰ পিছত আশাৰ অতল সাগৰৰ লহৰত উপৱিষ্ট হৈ আমি আগবাঢ়িছো। এই যাত্ৰা নিতান্তই অভূতপূৰ্ব, ই আশ্চৰ্যজনকো। ১৯৪৭ চনৰ অক্টোবৰত কাশ্মীৰৰ অধিগ্ৰহণৰ পিছত মই আপোনালোকৰ কাকতৰ বাতৰিত সেই উৎসাহ অনুভৱ কৰিছিলোঁ যি প্ৰতিগৰাকী ভাৰতীয়ৰ মনত উদ্বেলিত হৈছিল। অৱশ্যে, সেইটো মুহূৰ্ততে মই এইটোও উপলব্ধি কৰিছিলোঁ কেনেকৈ সিদ্ধান্তহীনতাৰ পৰিস্থিতিয়ে কাশ্মীৰক সাত দশক ধৰি হিংসাই আৱৰি ধৰিছিল। আজি আপোনালোকৰ কাকতখনে জম্মু আৰু কাশ্মীৰত অভিলেখ হাৰত হোৱা ভোটদানৰ দৰে বাতৰি প্ৰকাশ কৰিছে, এয়া হৈছে এক বৈপৰিত্য। এফালে বাতৰি কাকতৰ ছপা, এক প্ৰকাৰে সকলোৰে চকু তালৈ যাবই, আপোনালোকৰ দৃষ্টি ৰৈ যাব। ইয়াৰ এফালে অসমক অশান্ত অঞ্চল ঘোষণা কৰাৰ খবৰ ওলাইছিল যদি আনফালে অটলজীয়ে বিজেপিৰ ভেটি স্থাপন কৰাৰ খবৰ ওলাইছিল। আৰু কি সুখৰ সংযোগ যে বিজেপিয়ে আজি অসমলৈ স্থায়ী শান্তি অনাৰ ক্ষেত্ৰত এক ডাঙৰ ভূমিকা পালন কৰি আহিছে।নতুন দিল্লীত হিন্দুস্তান টাইমছ লীডাৰশ্বিপ সন্মিলন ২০২৪ সম্বোধন প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
November 16th, 10:00 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত হিন্দুস্তান টাইমছ লীডাৰশ্বিপ সন্মিলন ২০২৪ত ভাষণ প্ৰদান কৰে। ভাষণত প্ৰধানমন্ত্ৰীয়ে ১০০ বছৰ পূৰ্বে মহাত্মা গান্ধীয়ে প্ৰতিষ্ঠা কৰা হিন্দুস্তান টাইমছৰ বিষয়ে আলোকপাত কৰি কাকতখনক শতিকাজোৰা অনবদ্য যাত্ৰাৰ বাবে অভিনন্দন জনায়। লগতে প্ৰকাশন প্ৰতিষ্ঠানটোৰ সমগ্ৰ ইতিহাসৰ লগত জড়িত প্ৰতিগৰাকী ব্যক্তিলৈও তেওঁ শুভেচ্ছা জ্ঞাপন কৰে। সভাস্থলীত হিন্দুস্তান টাইমছৰ প্ৰদৰ্শনী পৰিদৰ্শন কৰাৰ পিছত শ্ৰী মোদীয়ে ই এক অপ্ৰতীম অভিজ্ঞতা বুলি অভিহিত কৰি সকলো প্ৰতিনিধিকে সময় উলিয়াই ইয়াক অন্বেষণ কৰিবলৈ আহ্বান জনায়। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আৰু কয় যে প্ৰদৰ্শনীখন ভ্ৰমণৰ সময়ত ভাৰতে স্বাধীনতা লাভ কৰাৰ সময়ৰ আৰু সংবিধান প্ৰণয়নৰ সময়ৰ পুৰণি বাতৰি কাকত দেখা পাইছিল। তেওঁ স্বীকাৰ কৰে যে মাৰ্টিন লুথাৰ কিং, নেতাজী সুভাষ চন্দ্ৰ বসু, ড° শ্যামা প্ৰসাদ মুখাৰ্জী, অটল বিহাৰী বাজপেয়ী, ড° এম এছ স্বামীনাথনকে ধৰি বহু প্ৰভাৱশালী নেতাই হিন্দুস্তান টাইমছত প্ৰবন্ধ লিখিছিল। স্বাধীনতা সংগ্ৰাম আৰু স্বাধীনতাৰ পিছৰ সময়খিনিক সামৰি লোৱা কাকতখনৰ উল্লেখযোগ্য যাত্ৰাৰ ওপৰত প্ৰধানমন্ত্ৰীয়ে চিন্তা-চৰ্চা কৰি ইয়াক সঁচাকৈয়ে অসাধাৰণ আৰু প্ৰেৰণাদায়ক বুলি অভিহিত কৰে। শ্ৰী মোদীয়ে ১৯৪৭ চনৰ অক্টোবৰ মাহত কাশ্মীৰৰ ভাৰতৰ সৈতে একত্ৰীকৰণৰ কথা পঢ়ি এজন যুৱ নাগৰিক হিচাপে অনুভৱ কৰা উত্তেজনাৰ কথাও মনত পেলাইছিল। অৱশ্যে তেওঁ এইটোও লক্ষ্য কৰিছিল যে কেনেকৈ, সেই মুহূৰ্তত, তেওঁ উপলব্ধি কৰিছিল যে কিদৰে সাত দশক ধৰি অতীতৰ অনিশ্চয়তাই কাশ্মীৰক হিংসাৰ মাজত আবদ্ধ কৰি ৰাখিছিল। তেওঁ আশাবাদ প্ৰকাশ কৰি আঙুলিয়াই দিয়ে যে আজি জম্মু-কাশ্মীৰৰ নিৰ্বাচনত অভিলেখ সৃষ্টিকাৰী ভোটাৰৰ ভোটদানৰ খবৰ নিয়মীয়াকৈ প্ৰকাশ পাইছে, যিটো অগ্ৰগতি আৰু পৰিৱৰ্তনৰ লক্ষণ। প্ৰধানমন্ত্ৰীয়ে তেওঁৰ সন্মুখীন হোৱা এটা বিশেষ বাতৰি কাকতৰ সংখ্যাৰ কথাও উল্লেখ কৰে, য’ত এফালে অসমক অশান্ত অঞ্চল হিচাপে ঘোষণা কৰাৰ খবৰ আছিল, আনফালে ভাৰতীয় জনতা পাৰ্টিৰ ভেটি স্থাপন কৰা অটল বিহাৰী বাজপেয়ীৰ প্ৰতিবেদন আছিল। আজি অসমলৈ স্থায়ী শান্তি অনাৰ ক্ষেত্ৰত বিজেপিয়ে মূল ভূমিকা পালন কৰি অহা সুন্দৰ কাকতালীয় দিশৰ ওপৰতো তেওঁ মন্তব্য কৰে।নতুন দিল্লীত ১ম বড়োলেণ্ড মহোৎসৱৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ পূৰ্ণপাঠ
November 15th, 06:32 pm
আজি কাতি পূৰ্ণিমাৰ পৱিত্ৰ উপলক্ষ। আজি দেৱ দীপাৱালীও উদযাপন কৰা হৈছে। এই উৎসৱত দেশবাসীলৈ মোৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আজি গুৰু নানক দেৱ জীৰ ৫৫৫ সংখ্যক প্ৰকাশ পৰ্বও। এই উপলক্ষে সকলো দেশবাসীক, বিশেষকৈ সমগ্ৰ বিশ্বতে থকা শিখ ভাই-ভনীসকলক অভিনন্দন জনাইছোঁ। আজি সমগ্ৰ দেশতে জনজাতীয় গৌৰৱ দিৱসো উদযাপন কৰা হৈছে। আজি পুৱা বিহাৰৰ জমুইত ভগৱান বিৰছা মুণ্ডাৰ ১৫০ সংখ্যক জয়ন্তীৰ অনুষ্ঠানত অংশ লৈ এতিয়া সন্ধিয়া ইয়াত প্ৰথম বড়ো মহোৎসৱ উদ্বোধন কৰিছোঁ। প্ৰথম বড়োলেণ্ড মহোৎসৱত অংশগ্ৰহণ কৰিবলৈ অসমকে প্ৰমুখ্য কৰি দেশৰ ভিন্ন ৰাজ্যৰপৰা বড়ো সমাজৰ লোকসকল আহিছে। ইয়াত শান্তি, সংস্কৃতি আৰু সমৃদ্ধিৰ নতুন ভৱিষ্যৎ উদযাপন কৰিবলৈ সমবেত হোৱা সকলো বড়ো বন্ধুকে অভিনন্দন জনাইছোঁ।Prime Minister Shri Narendra Modi inaugurates the 1st Bodoland Mohotsav at Delhi
November 15th, 06:30 pm
Prime Minister Shri Narendra Modi today inaugurated the 1st Bodoland Mohotsav, a two day mega event on language, literature, and culture to sustain peace and build a Vibrant Bodo Society. Addressing the gathering, Shri Modi greeted the citizens of India on the auspicious occasion of Kartik Purnima and Dev Deepavali. He greeted all the Sikh brothers and sisters from across the globe on the 555th Prakash Parva of Sri Gurunanak Dev ji being celebrated today. He also added that the citizens of India were celebrating the Janjatiya Gaurav Divas, marking the 150th birth anniversary of Bhagwan Birsa Munda. He was pleased to inaugurate the 1st Bodoland Mohotsav and congratulated the Bodo people from across the country who had come to celebrate a new future of prosperity, culture and peace.প্ৰধানমন্ত্ৰীয়ে দিল্লীত প্ৰথম বড়োলেণ্ড মহোৎসৱ উদ্বোধন কৰিব
November 14th, 04:10 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৫ নৱেম্বৰৰ সন্ধিয়া প্ৰায় ৬:৩০ বজাত নতুন দিল্লীৰ এছএআই ইন্দিৰা গান্ধী ক্ৰীড়া কমপ্লেক্সত প্ৰথম বড়োলেণ্ড মহোৎসৱ উদ্বোধন কৰিব। তেওঁ অনুষ্ঠানত সমবেত লোকসকলক সম্বোধন কৰিব।