এনডিটিভি ৱৰ্ল্ড ছামিটত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ অসমীয়া অনুবাদ

October 21st, 10:25 am

এনডিটিভি ৱৰ্ল্ড ছামিটত উপস্থিত থকা সকলো মহানুভৱক মই অভিনন্দন জনাইছোঁ। এই সন্মিলনত আপোনালোকে বহু বিষয়ৰ ওপৰত আলোচনা কৰিবলৈ ওলাইছে… বেলেগ বেলেগ খণ্ডৰ সৈতে জড়িত গ্লোবেল নেতাসকলেও নিজৰ মতামত দাঙি ধৰিব।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীত এনডিটিভি ৱৰ্ল্ড ছামিট, ২০২৪-ৰ কাৰ্য্যসূচী সম্বোধন কৰে

October 21st, 10:16 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত এনডিটিভি ৱৰ্ল্ড ছামিট, ২০২৪-ৰ কাৰ্য্যসূচী সম্বোধন কৰে। ইয়াত সমবেতসকলক সম্বোধনেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে সকলো গণ্যমান্য ব্যক্তিক আদৰণি জনাই কয় যে এই সন্মিলনত একাধিক বিষয়ত আলোচনা হ’ব। তেখেতে ভিন্ন খণ্ডৰ বিশ্ব নেতাসকলৰ উপস্থিতিৰ কথাও উল্লেখ কৰে, যিয়ে নিজ-নিজ মতামত আগবঢ়াব।

স্বচ্ছতাই সেৱা, ২০২৪ কাৰ্য্যসূচীত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

October 02nd, 10:15 am

আজি পূজ্য বাপু আৰু লাল বাহাদুৰ শাস্ত্ৰী জীৰ জন্ম বাৰ্ষিকী। মা ভাৰতীৰ এই মহান পুত্ৰসকলক বিনম্ৰভাৱে প্ৰণাম জনাইছোঁ। ভাৰতৰ বাবে গান্ধীজী আৰু দেশৰ মহান ব্যক্তিসকলে যি সপোন দেখিছিল, সেই সপোন পূৰণৰ বাবে এই দিনটোৱে আমাক সকলোকে একত্ৰিতভাৱে কাম কৰিবলৈ অনুপ্ৰাণিত কৰে।

‘স্বচ্ছ ভাৰত দিৱস ২০২৪’ত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অংশগ্ৰহণ কৰে

October 02nd, 10:10 am

‘স্বচ্ছ ভাৰত অভিযান’ৰ শুভাৰম্ভৰ ১০ বছৰ পূৰ্ণ হোৱা উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ‘বিজ্ঞান ভৱন’ত ১৫৫ সংখ্যক গান্ধী জয়ন্তীত উপলক্ষে আয়োজিত ‘স্বচ্ছ ভাৰত দিৱস ২০২৪’ৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে। শ্ৰী মোদীয়ে ‘অম্ৰুত’ আৰু ‘অম্ৰুত ২.০’, ‘ৰাষ্ট্ৰীয় পৰিষ্কাৰ গংগা আৰু গোবৰ্ধন আঁচনি’ৰ অধীনৰ প্ৰকল্পকে ধৰি ৯৬০০ কোটি টকাৰ কেবাটাও অনাময় আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতা প্ৰকল্পৰ শুভাৰম্ভ ঘোষণা কৰে আৰু আন কেবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। ‘স্বচ্ছতা হী সেৱা ২০২৪’ৰ বিষয়বস্তু হৈছে 'স্বাভৱ স্বচ্ছতা, সংস্কাৰ স্বচ্ছতা'।

সমবায় খণ্ডৰ একাধিক মূল পদক্ষেপৰ আধাৰশিলা স্থাপন আৰু উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

February 24th, 10:36 am

আজি ‘বিকশিত ভাৰত’ৰ ‘অমৃত যাত্ৰা’ত আন এক উল্লেখযোগ্য সাফল্যৰ সাক্ষী হৈ পৰিছে ‘ভাৰত মণ্ডপম’। আজি আমি দেশে গ্ৰহণ কৰা ‘সহকাৰ সে সমৃদ্ধি’ (সহযোগিতাৰ জৰিয়তে সমৃদ্ধি) সংকল্প বাস্তৱায়িতকৰণৰ দিশত আগবাঢ়িছোঁ। কৃষি আৰু খেতিৰ ভেটি সুদৃঢ়কৰণত সমবায়সমূহে উল্লেখযোগ্য ভূমিকা পালন কৰে। এই কথা মনত ৰাখি আমি এটা সুকীয়া সমবায় মন্ত্ৰালয় স্থাপন কৰিছোঁ। আৰু, আজি এই কাৰ্য্যসূচী একে মনোভাৱেৰে উদযাপন কৰা হৈছে। আজি আমি আমাৰ কৃষকৰ বাবে বিশ্বৰ সৰ্ববৃহৎ ষ্ট’ৰেজ আঁচনি-গুদাম আঁচনি আৰম্ভ কৰিছোঁ। এই আঁচনিৰ অধীনত দেশৰ চুকে-কোণে হাজাৰ-হাজাৰ গুদাম স্থাপন কৰা হ’ব। আজি ১৮,০০০ ‘পেকছ’ (PACS-Primary Agricultural Credit Societies)ৰ কম্পিউটাৰাইজেচনৰ এক উল্লেখযোগ্য কামো সম্পূৰ্ণ হৈছে। এই সকলোবোৰ প্ৰকল্পই দেশৰ কৃষি আন্তঃগাঁথনিলৈ নতুন উদ্দীপনা যোগাব, কৃষিক আধুনিক প্ৰযুক্তিৰ সৈতে সংযোগ কৰিব। এই গুৰুত্বপূৰ্ণ আৰু সুদূৰপ্ৰসাৰী পদক্ষেপসমূহৰ বাবে আপোনালোক সকলোকে অভিনন্দন জনাইছোঁ আৰু আপোনালোক সকলোকে মোৰ শুভেচ্ছা জনাইছোঁ।

সমবায় খণ্ডৰ বাবে একাধিক গুৰুত্বপূৰ্ণ আঁচনি উদ্বোধন আৰু আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰীৰ

February 24th, 10:35 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত সমবায় খণ্ডৰ বাবে একাধিক গুৰুত্বপূৰ্ণ আঁচনি উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। প্ৰধানমন্ত্ৰীয়ে ১১খন ৰাজ্যৰ ১১খন প্ৰাথমিক কৃষি ঋণ সমিতি (পেকছ)ত চলি থকা ‘সহবায় খণ্ডত বিশ্বৰ সৰ্ববৃহৎ শস্য সংৰক্ষণ পৰিকল্পনা’ৰ পাইলট প্ৰকল্প উদ্বোধন কৰে। এই পদক্ষেপৰ অধীনত প্ৰধানমন্ত্ৰীয়ে সমগ্ৰ দেশতে গুদাম আৰু অন্যান্য কৃষি আন্তঃগাঁথনি নিৰ্মাণৰ বাবে অতিৰিক্ত ৫০০ পেকছৰ আধাৰশিলা স্থাপন কৰে। এই পদক্ষেপৰ লক্ষ্য হৈছে খাদ্য শস্য যোগান শৃংখলৰ সৈতে পেকছৰ গুদামসমূহক নিৰৱচ্ছিন্নভাৱে একত্ৰিত কৰা, খাদ্য সুৰক্ষা সুদৃঢ় কৰা আৰু নাবাৰ্ডৰ সমৰ্থিত আৰু ৰাষ্ট্ৰীয় সমবায় উন্নয়ন নিগম (এনচিডিচি)ৰ নেতৃত্বত সহযোগিতামূলক প্ৰচেষ্টাৰে দেশৰ অৰ্থনৈতিক উন্নয়নক লাভান্বিত কৰা। এই পদক্ষেপ কৃষি আন্তঃগাঁথনি পুঁজি (এআইএফ), কৃষি বিপণন আন্তঃগাঁথনি (এএমআই) আদি বিভিন্ন বৰ্তমানৰ আঁচনিৰ একত্ৰীকৰণৰ জৰিয়তে ৰূপায়ণ কৰা হৈছে যাতে প্ৰকল্পটোত অংশগ্ৰহণ কৰা পেকছে আন্তঃগাঁথনি উন্নয়নৰ কাম হাতত লোৱাৰ বাবে ৰাজসাহায্য আৰু সুদৰ সাহায্যৰ সুবিধা লাভ কৰিব পাৰে। প্ৰধানমন্ত্ৰীয়ে সমবায় খণ্ডক সজীৱ কৰি তোলা আৰু ক্ষুদ্ৰ আৰু প্ৰান্তীয় কৃষকক সবলীকৰণৰ লক্ষ্যৰে চৰকাৰৰ সহকাৰ ছে সমৃদ্ধিৰ দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি সমগ্ৰ দেশৰ ১৮ হাজাৰ পেকছত কম্পিউটাৰাইজেচনৰ বাবে এক প্ৰকল্প উদ্বোধন কৰে।

উত্তৰ প্ৰদেশৰ বাৰাণসীত এলানি প্ৰকল্পৰ আধাৰশিলা স্থাপন, উদ্বোধন, দেশবাসীৰ প্ৰতি উৎসৰ্গা অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ

February 23rd, 02:45 pm

মঞ্চত উপৱিষ্ট উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথজী, কেন্দ্ৰীয় কেবিনেটত মোৰ সহকৰ্মী মহেন্দ্ৰ নাথ পাণ্ডেজী, উপ মুখ্যমন্ত্ৰী ব্ৰজেশ পাঠকজী, ‘বনাছ ডেইৰী’ৰ অধ্যক্ষ শংকৰভাই চৌধুৰী, ‘ভাৰতীয় জনতা পাৰ্টী’ৰ ৰাজ্যিক সভাপতি ভূপেন্দ্ৰ চৌধুৰীজী, ৰাজ্যখনৰ অন্যান্য মন্ত্ৰী, জনপ্ৰতিনিধি আৰু মোৰ কাশী পৰিয়ালৰ ভাই-ভনীসকল।

প্ৰধানমন্ত্ৰীয়ে বাৰাণসীত ১৩,০০০ কোটি টকাৰো অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰে

February 23rd, 02:28 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বাৰাণসীত ১৩,০০০ কোটি টকাৰো অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে বাৰাণসীৰ কাৰ্খিয়াওঁৰ ইউপিএছআইডিএ এগ্ৰো পাৰ্কত স্থাপিত বানাছকান্থা জিলা সমবায় দুগ্ধ উৎপাদক ইউনিয়ন লিমিটেডৰ এটি দুগ্ধ প্ৰক্ৰিয়াকৰণ ইউনিট বানাছ কাশী সংকুল পৰিদৰ্শনেৰে গো-পালকসকলৰ সৈতে মত-বিনিময় কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে নিয়োগ পত্ৰ আৰু জিআই-কৰ্তৃত্বপ্ৰাপ্ত ব্যৱহাৰকাৰীৰ প্ৰমাণ পত্ৰও প্ৰদান কৰে। আজিৰ উন্নয়ন প্ৰকল্পসমূহে পথ, ৰেল, বিমান পৰিবহণ, পৰ্যটন, শিক্ষা, স্বাস্থ্য, খোৱাপানী, নগৰ উন্নয়নআৰু অনাময় ব্যৱস্থা আদি গুৰুত্বপূৰ্ণ খণ্ডসমূহক সামৰি লয়।

গোৱাত অনুষ্ঠিত ভাৰত শক্তি সপ্তাহ ২০২৪ৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ লিখিত পাঠ

February 06th, 12:00 pm

গোৱাৰ ৰাজ্যপাল শ্ৰীযুত পি এছ শ্ৰীধৰণ পিল্লাই, গোৱাৰ গতিশীল মুখ্যমন্ত্ৰী শ্ৰীযুত প্ৰমোদ সাৱন্ত, মোৰ কেবিনেট সহযোগী হৰদীপ সিং পুৰী আৰু ৰামেশ্বৰ তেলী, বিভিন্ন দেশৰ সন্মানীয় অতিথি, ভদ্ৰমহিলা, আৰু ভদ্ৰলোকসকল!

প্ৰধানমন্ত্ৰীয়ে ভাৰত শক্তি সপ্তাহ ২০২৪ উদ্বোধন কৰে

February 06th, 11:18 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গোৱাত ভাৰত শক্তি সপ্তাহ ২০২৪ উদ্বোধন কৰে। ভাৰত শক্তি সপ্তাহ ২০২৪ হৈছে ভাৰতৰ সৰ্ববৃহৎ আৰু একমাত্ৰ সৰ্বাত্মক শক্তি প্ৰদৰ্শনী আৰু সন্মিলন, যি ভাৰতৰ শক্তি পৰিৱৰ্তনৰ লক্ষ্যক অনুপ্ৰাণিত কৰিবলৈ সমগ্ৰ শক্তি খণ্ডৰ মূল্য শৃংখলাটো একত্ৰিত কৰে। প্ৰধানমন্ত্ৰীয়ে গোলকীয় তেল আৰু গেছৰ মুখ্য কাৰ্যবাহী বিষয়া আৰু বিশেষজ্ঞসকলৰ সৈতে এখন বৈঠকো অনুষ্ঠিত কৰে।

'সেউজ বিকাশ' সন্দৰ্ভত বাজেট-পৰৱৰ্তী ৱেবিনাৰত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

February 23rd, 10:22 am

২০১৪ ৰপৰা ভাৰতৰ প্ৰতিখন বাজেটতে এটা নিৰ্দিষ্ট ধৰণ আছে। তেতিয়াৰেপৰা আমাৰ চৰকাৰৰ প্ৰতিখন বাজেটে বৰ্তমানৰ প্ৰত্যাহ্বানসমূহৰে মোকাবিলাকৰণৰ লগতে নতুন যুগৰ সংস্কাৰ সাধনক উদ্দীপনা যোগাই আহিছে। সেউজ বিকাশ আৰু শক্তি পৰিৱৰ্তনৰ বাবে ভাৰতৰ কৌশলৰ তিনিটা মূল স্তম্ভ আছে। প্ৰথমতে, নবীকৰণযোগ্য শক্তিৰ উৎপাদন বৃদ্ধি; দ্বিতীয়তে, আমাৰ অৰ্থনীতিত জীৱাশ্ম ইন্ধনৰ ব্যৱহাৰ হ্ৰাস আৰু তৃতীয়তে, দেশৰ ভিতৰত গেছ ভিত্তিক অৰ্থনীতিৰ দিশত ক্ষীপ্ৰতাৰে আগবঢ়া। এই কৌশলৰ অংশ হিচাপে পৰৱৰ্তী বাজেটসমূহত একাধিক গুৰুত্বপূৰ্ণ ঘোষণা কৰা হৈছে, সেয়া ইথানল মিশ্ৰণেই হওঁক, পিএম-কুসুম আঁচনিয়েই হওঁক, সৌৰ উৎপাদনৰ বাবে ইনচেনটিভেই হওঁক, ছাদৰ ওপৰত সৌৰ আঁচনিয়েই হওঁক, কয়লা গেছীকৰণেই হওঁক বা বেটাৰী সংৰক্ষণেই হওঁক। এইবাৰৰ বাজেটতো উদ্যোগটোৰ বাবে সেউজ ক্ৰেডিট আছে আৰু কৃষকসকলৰ বাবে পিএম প্ৰণাম আঁচনিও আছে। গাঁওসমূহৰ বাবে গোবৰ ধন যোজনা আৰু চহৰ অঞ্চলৰ বাবে বাহন স্ক্ৰেপিং নীতি আছে। সেউজ হাইড্ৰজেনত গুৰুত্ব প্ৰদানৰ লগতে জলাশয় সংৰক্ষণৰ ওপৰতো সমানেই গুৰুত্ব আৰোপ কৰা হৈছে। সেউজ বিকাশ সন্দৰ্ভত এইবাৰৰ বাজেটত গ্ৰহণ কৰা ব্যৱস্থাৰাজি দৰাচলতে আমাৰ নৱ-প্ৰজন্মৰ এটি উজ্জ্বল ভৱিষ্যতৰ আধাৰশিলা।

বাজেটৰ পিছত অনুষ্ঠিত ৱে’বিনাৰত ‘সেউজ বিকাশ’ সন্দৰ্ভত ভাষণ প্ৰদান কৰিলে প্ৰধানমন্ত্ৰীয়ে

February 23rd, 10:00 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বাজেটৰ পিছত অনুষ্ঠিত ৱে’বিনাৰত 'সেউজ বিকাশ' সন্দৰ্ভত ভাষণ প্ৰদান কৰে। ‘কেন্দ্ৰীয় বাজেট ২০২৩’-ত ঘোষণা কৰা পদক্ষেপসমূহৰ কাৰ্যকৰী ৰূপায়ণৰ বাবে ধাৰণা আৰু পৰামৰ্শ বিচাৰি চৰকাৰে আয়োজন কৰা ‘বাজেটৰ পৰৱৰ্তী পৰ্যায়ত অনুষ্ঠিতব্য’ ১২খনীয়া ৱে’বিনাৰ-শৃংখলাৰ এয়া হৈছে প্ৰথমখন বৈঠক।

আন্তৰ্জাতিক দুগ্ধ ফেডাৰেচন বিশ্ব দুগ্ধ সন্মিলন ২০২২ৰ উদ্বোধনত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

September 12th, 11:01 am

মই সুখী যে আজি সমগ্ৰ বিশ্বৰ বিশেষজ্ঞ আৰু উদ্ভাৱকসকল ভাৰতত একত্ৰিত হৈছে। ভাৰত চৰকাৰৰ হৈ ভাৰতৰ কোটি কোটি নাগৰিকৰ হৈ বিশ্ব দুগ্ধ সন্মিলনলৈ বিভিন্ন দেশৰ সকলো বিশিষ্ট ব্যক্তিক মই হৃদয়েৰে স্বাগতম জনাইছো। দুগ্ধ খণ্ডৰ সামৰ্থ্যই কেৱল গ্ৰাম্য অৰ্থনীতিক ত্বৰান্বিত কৰাই নহয় বৰঞ্চ ই বিশ্বৰ কোটি কোটি লোকৰ জীৱিকাৰ এক মুখ্য মাধ্যমো। মই নিশ্চিত যে দুগ্ধ খণ্ডৰ সৈতে সম্পৰ্কিত ধাৰণা, প্ৰযুক্তি, দক্ষতা আৰু পৰম্পৰাৰ স্তৰত ইজনে সিজনৰ জ্ঞান বৃদ্ধি আৰু ইজনে সিজনৰ পৰা শিকাত এই সন্মিলনে এক বৃহৎ ভূমিকা পালন কৰিব।

PM inaugurates International Dairy Federation World Dairy Summit 2022 in Greater Noida

September 12th, 11:00 am

PM Modi inaugurated International Dairy Federation World Dairy Summit. “The potential of the dairy sector not only gives impetus to the rural economy, but is also a major source of livelihood for crores of people across the world”, he said.

In the last eight years, relations between India and Japan have reached new heights: PM

August 28th, 08:06 pm

PM Modi addressed a programme marking the commemoration of 40 years of Suzuki in India. The Prime Minister said, The success of Maruti-Suzuki also signifies the strong India-Japan partnership. In the last eight years, these relations between our two countries have reached new heights.

গান্ধীনগৰৰ মহাত্মা মন্দিৰত ভাৰতত ছুজুকীৰ ৪০সংখ্যক বৰ্ষপূৰ্তিৰ স্মাৰক অনুষ্ঠানত ভাষণ আগবঢ়ালে প্ৰধানমন্ত্ৰীয়ে

August 28th, 05:08 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতত ছুজুকীৰ ৪০সংখ্যক বৰ্ষপূৰ্তি স্মৰণ কৰি আজি গান্ধীনগৰ মহাত্মা মন্দিৰত অনুষ্ঠিত হোৱা এক কাৰ্যসূচীত ভাষণ প্ৰদান কৰে। এই উপলক্ষে অনুষ্ঠানত ভাৰতস্থিত জাপানৰ ৰাষ্ট্ৰদূত শ্ৰী সাতোশী ছুজুকি, গুজৰাটৰ মুখ্যমন্ত্ৰী শ্ৰী ভূপেন্দ্ৰ পেটেল, সাসংদ শ্ৰী চি আৰ পাটিল, ৰাজ্যিক মন্ত্ৰী শ্ৰী জগদীশ পাঞ্চাল, ছুজুকী ছুজুকী মটৰ নিগমৰ প্ৰাক্তন সভাপতি শ্ৰী অ’ ছুজুকী, ছুজুকী মটৰ কৰ্প’ৰেচনৰ সভাপতি শ্ৰীযুত টি ছুজুকী আৰু মাৰুতি-ছুজুকীৰ অধ্যক্ষ শ্ৰী আৰ চি ভাৰ্গৱ উপস্থিত থাকে৷ হাৰিয়ানাৰ মুখ্যমন্ত্ৰী শ্ৰী মনোহৰ লালে ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে ভাষণ দিয়ে আৰু জাপানৰ প্ৰধানমন্ত্ৰী ফুমিঅ’ কিশিদাইও ভিডিঅ’ বাৰ্তা প্ৰেৰণ কৰে৷

Freebies will prevent the country from becoming self-reliant, increase burden on honest taxpayers: PM

August 10th, 04:42 pm

On the occasion of World Biofuel Day, PM Modi dedicated the 2G Ethanol Plant in Panipat, Haryana to the nation. The PM pointed out that due to the mixing of ethanol in petrol, in the last 7-8 years, about 50 thousand crore rupees of the country have been saved from going abroad and about the same amount has gone to the farmers of our country because of ethanol blending.

PM dedicates 2G Ethanol Plant in Panipat

August 10th, 04:40 pm

On the occasion of World Biofuel Day, PM Modi dedicated the 2G Ethanol Plant in Panipat, Haryana to the nation. The PM pointed out that due to the mixing of ethanol in petrol, in the last 7-8 years, about 50 thousand crore rupees of the country have been saved from going abroad and about the same amount has gone to the farmers of our country because of ethanol blending.

India's role in climate change is negligible: PM Modi at 'Save Soil Movement' programme

June 05th, 02:47 pm

PM Modi addressed 'Save Soil' programme organised by Isha Foundation. He said that to save the soil, we have focused on five main aspects. First- How to make the soil chemical free. Second- How to save the organisms that live in the soil. Third- How to maintain soil moisture. Fourth- How to remove the damage that is happening to the soil due to less groundwater. Fifth, how to stop the continuous erosion of soil due to the reduction of forests.

PM Addresses 'Save Soil' Programme Organised by Isha Foundation

June 05th, 11:00 am

PM Modi addressed 'Save Soil' programme organised by Isha Foundation. He said that to save the soil, we have focused on five main aspects. First- How to make the soil chemical free. Second- How to save the organisms that live in the soil. Third- How to maintain soil moisture. Fourth- How to remove the damage that is happening to the soil due to less groundwater. Fifth, how to stop the continuous erosion of soil due to the reduction of forests.