‘ভাৰতীয় অন্তৰীক্ষ ষ্টেশ্যন’ (বিএএছ): ২০২৮ চনত ইয়াৰ প্ৰথম ‘মডিউল’ মুকলি কৰাৰ জৰিয়তে বৈজ্ঞানিক গৱেষণাৰ বাবে আমাৰ নিজা মহাকাশ কেন্দ্ৰ স্থাপন কৰা হ'ব

September 18th, 04:38 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটে ‘গগনযান কাৰ্যসূচী’ৰ পৰিসৰ বৃদ্ধি কৰি ‘ভাৰতীয় অন্তৰীক্ষ ষ্টেশ্যন’ৰ প্ৰথমটো গোট নিৰ্মাণৰ প্ৰস্তাৱলৈ অনুমোদন জনাইছে। ‘ভাৰতীয় অন্তৰীক্ষ ষ্টেশ্যন’ (বিএএছ-১)ৰ প্ৰথম ‘মডিউল’-ৰ বিকাশ আৰু ‘বিএএছ’ নিৰ্মাণ আৰু পৰিচালনাৰ বাবে বিভিন্ন প্ৰযুক্তি প্ৰদৰ্শন আৰু বৈধতা প্ৰদান কৰাৰ বাবে অভিযান হাতত লবলৈ কেবিনেটে অনুমোদন প্ৰদান কৰে। ‘বিএএছ’ আৰু ‘পূৰ্বসূৰী অভিযান’ৰ বাবে নতুন বিকাশ, আৰু চলিত গগনযান কাৰ্যসূচী ৰূপায়ণ কৰাৰ বাবে অতিৰিক্ত প্ৰয়োজনীয়তা অন্তৰ্ভুক্ত কৰিবলৈ গগনযান কাৰ্যসূচীৰ পৰিসৰ আৰু পুঁজি সংশোধন কৰা।