নতুন দিল্লীৰ ভাৰত টেক্স ২০২৪ত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
February 26th, 11:10 am
কেবিনেটত থকা মোৰ সহকৰ্মী পীয়ুষ গোৱেলজী, দৰ্শনা জাৰ্দোশজী, বিভিন্ন দেশৰ ৰাষ্ট্ৰদূত, জ্যেষ্ঠ কূটনীতিবিদ, কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ বিষয়া, ফেশ্বন আৰু বস্ত্ৰ জগতৰ সৈতে জড়িত সকলো সহকৰ্মী, যুৱ উদ্যোগী, শিক্ষাৰ্থী, আমাৰ শিপিনী আৰু আমাৰ শিল্পী বন্ধু, মহিলা আৰু ভদ্ৰলোকসকল! ভাৰত মণ্ডপমত চলি থকা ভাৰত টেক্সলৈ আপোনালোক সকলোকে অভিনন্দন! আজিৰ এই অনুষ্ঠানটো নিজেই অতি বিশেষ। বিশেষ এইবাবেই যে ই ভাৰতৰ দুটা বৃহৎ প্ৰদৰ্শনী কেন্দ্ৰ, ভাৰত মণ্ডপম আৰু যশোভুমিত দুয়োটা একেলগে হৈ আছে। আজি, ৩,০০০ ৰো অধিক প্ৰদৰ্শক... ১০০ খন দেশৰ প্ৰায় ৩,০০০ ক্ৰেতা... ৪০,০০০ৰো অধিক বাণিজ্য দৰ্শনাৰ্থী... একেলগে এই অনুষ্ঠানটোৰ সৈতে জড়িত। এই অনুষ্ঠানটোৱে বস্ত্ৰ পৰিৱেশতন্ত্ৰৰ সকলো অংশীদাৰ আৰু সেই লোকসকলক সমগ্ৰ মূল্য শৃংখলাটোৰ বাবে একত্ৰিত হ'বলৈ এখন মঞ্চ প্ৰদান কৰিছে।নতুন দিল্লীত ভাৰত টেক্স ২০২৪ উদ্বোধন প্ৰধানমন্ত্ৰীৰ
February 26th, 10:30 am
এই উপলক্ষে সভাত আগবঢ়োৱা ভাষণত প্ৰধানমন্ত্ৰীয়ে ভাৰত টেক্স ২০২৪লৈ সকলোকে আদৰণি জনাই কয় যে আজিৰ এই অনুষ্ঠানটো বিশেষ কাৰণ ভাৰতৰ দুটা বৃহৎ প্ৰদৰ্শনী কেন্দ্ৰ ক্ৰমে ভাৰত মণ্ডপম আৰু যশোভূমিত এই অনুষ্ঠান অনুষ্ঠিত হৈছে। তেওঁ প্ৰায় ১০০খন দেশৰ ৩০০০ৰো অধিক প্ৰদৰ্শক আৰু ব্যৱসায়ী আৰু প্ৰায় ৪০,০০০ দৰ্শনাৰ্থীৰ সংগঠনক স্বীকাৰ কৰে, কিয়নো ভাৰত টেক্সে তেওঁলোক সকলোকে এক মঞ্চ প্ৰদান কৰিছে৷প্ৰধানমন্ত্ৰীয়ে ২৬ ফেব্ৰুৱাৰীত ‘ভাৰত টেক্স ২০২৪’ উদ্বোধন কৰিব
February 25th, 03:32 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ২৬ ফেব্ৰুৱাৰীৰ পুৱা ১০:৩০ বজাত নতুন দিল্লীৰ ভাৰত মণ্ডপমত দেশত এতিয়ালৈকে অনুষ্ঠিত হোৱা বিশ্বব্যাপী বস্ত্ৰশিল্পৰ অন্যতম বৃহৎ অনুষ্ঠান ‘ভাৰত টেক্স ২০২৪’ উদ্বোধন কৰিব।